প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ১ || উপন্যাস || :: অসমীয়া কবিতা - By Assamese Poem

                          প্ৰেম বিচ্ছেদ জীৱন
                                   খণ্ড:- ১ 
(সকলোৰে জীৱনত প্ৰথম ভালপোৱাৰ কথাই সুকীয়া।। কিন্তু এই প্ৰেম যেতিয়া সফল নহয় তেতিয়া জীৱনটোক শেষ কৰি দিওঁ যেন লাগে কিন্তু এইয়া জানো সঁচা প্ৰেমৰ আদৰ্শ।। মোৰ নতুন স্তৰী love breakup zindegi এনে এটা কাহিনী যত জীৱনটোক নতুনকৈ আৰম্ভ কৰিবলৈ সকলো heart break প্ৰেমিক বা প্ৰেমিকাক উৎসাহ দিব আপোনালোকে সকলোৱে ভালপাব বুলি আশা কৰিলো।।)
ৰিয়া আৰু ৰোহনৰ 5 বছৰীয়া প্ৰেমৰ অন্ত পৰিল একমাত্ৰ long distance relation ৰ কাৰনে।। ৰোহনৰ জীৱনত এতিয়া আন এজনী ছোৱালীয়ে স্থান পালে।। কিন্তু ৰিয়া ৰোহনে এৰি যোৱা সেই ঠাইতেই ৰৈ গ'ল।।। সিহঁতৰ last conversation..
ৰিয়া: I can't live without u.. pls জান এনেকৈ মোক এৰি নাযাবা।।
ৰোহন: Its too late…মই আৰু তোমাৰ লগত থাকিব নোৱাৰো।
ৰিয়া: তুমি যেনেকৈ বিচাৰা মই তেনেকৈ থাকিম।। তুমি এৰি গলে মই কেনেকৈ জীয়াই থাকিম।। ইমান বছৰৰ সম্পৰ্ক এটা তুমি শেষ বুলি কলে জানো শেষ হ'ব পাৰে।। মোতকৈ তোমাক কোনো বেছি ভাল পাব নোৱাৰে জান।। মই কি ভূল কৰিলো যাৰ কাৰনে তুমি মোক ইমান ডাঙৰ শাস্তি দিছা।। pls আকৌ এবাৰ ভাবি চোৱা।।
ৰোহন: ভূল তোমাৰ নহয় কিন্তুএতিয়া মই বেলগ কাৰোবাক ভালপাওঁ ।। তুমি মোক পাহৰি যোৱা।। আমাৰ সম্পৰ্ক তো ঘৰত কেতিয়াও মানি নলয়। তুমি মোৰ লগত থাকিলে কষ্ট হে পাবা। গতিকে তুমি মোক পাহৰি যোৱাটোৱেই তোমাৰ কাৰনে ভাল।। মই তাইক কথা দিছো গতিকে আকৌ মই একো ভাবিব নোৱাৰো। আৰু তাই তোমাৰ লগত কথা পাতিব মানা কৰিছে।। মই তাইক কষ্ট দিব নোৱাৰো।। তুমি বুজিবলৈ চেষ্টা কৰা নহলে মই block কৰিবলৈ বাধ্য হম।।
ৰিয়া:  wah।।  এতিয়া সেই নতুন ছোৱালীজনীৰ হে important তোমাৰ life ত। মোৰ কষ্ট বুজিবলৈ তোমাৰ সময় নাই।। মই কেনেকৈ জীয়াই থাকিম তোমাৰ অবিহনে সেইটো ভাবিছা এবাৰ ।। মই তোমাক নিজতকৈ ও বেছি ভালপাওঁ জান।। মই কি পুতলা নেকি তুমি মন গলে ভালপাবা আৰু মন গলে মোক জীৱনৰ পৰা আঁতৰাই দিবা।। মই জানো তোমাৰ family problem  আছে কিন্তু জান তুমি কথা দিছিলা তুমি সকলো ঠিক কৰি দিম।।এতিয়া কিয় এনেকুৱা কৰিছা তুমি।
ৰোহন: Sorry for everything..pls never try to contact me again.. নহলে মই block কৰি দিবলৈ বাধ্য হম।।
ৰিয়াৰ যেন সকলো শেষ হৈ গ'ল।। তাই কান্দি কান্দিয়েই ৰোহন ক কলে..
ৰিয়া: Sorry কলেই সকলো থিক হৈ যায় নেকি? তুমি ইমান নিষ্ঠুৰ কেনেকৈ হব পাৰিলা।। যিজনী ছোৱালীৰ লগত তুমি কথা নপতাকে ১ মিনিট সময় থাকিব নোৱাৰিছিলা , আজি সেইজনী ছোৱালীক তুমি এনেকৈ কব পৰা হলা।। থিক আছে তুমি যদি মই কথা নাপাতিলে সুখী হোৱা তেন্তে সেয়াই হ'ব।। তুমি মোৰ প্ৰথম ভালপোৱা, তুমি কলে তো মই তোমাৰ কাৰনে মোৰ জীৱনটো ও দি দিব পাৰিলো হয় গতিকে তোমাৰ সুখৰ কাৰনে মই কথা নপতাকে থাকিব try কৰিম।। সুখী হোৱা তুমি।। good bye।।
ৰোহন: thanks for understanding me..and সোনকালে বেলেগ ল'ৰা এটা চাই লোৱা।।
ৰিয়া: হমমম।। ৰোহন last এটা request ৰাখিবা মোৰ।।
ৰোহন: কোৱা।।
ৰিয়া: I prmz মই তোমাক কেতিয়াও disturb নকৰো কিন্তু মোক block কৰি নিদিবা।।
ৰোহন: থিক আছে বাই।। তাই call কৰি আছে busy পালে বেয়া হব।।
ৰিয়া: okk।।
ৰিয়া ফোনতো কাটি বিচনাত শুই পৰিল।। তাইৰ দুচকুৱেদি কেৱল চকুপানী বৈ গৈছে।। কি ভাবিছিল তাই কি হ'লগৈ। যদিও খঙত ৰোহন ক তাই কথা নাপাতো কৈছে তাই জানো পাৰিব কথা নপতাকৈ।। আজি৫ বছৰে কেৱল তাৰ লগতেই কথা পাতি আছিলে।। সি বেয়া পাই কাৰনে তাই কাৰো লগত contact নাইৰখা।। এতিয়া সিও যদি কথা নাপাতে তাই কাৰ লগত পাতিব।। কথাবোৰ ভাবি ভাবি তাই শোৱাৰ পৰা উঠি বাথৰুমত সোমাল।। পানীৰ টেপতো অন কৰি তাই মাথোঁ কান্দিছে।। তাই নিজকে চৰিয়াইছে তাইৰ কোমল গাল দুখনত..কিয় প্ৰেম কৰিছিল তাই।। ভালপোৱাই ইমান কষ্ট দিব বুলি জানি শুনি তাই কিয় প্ৰেমত পৰিছিল ৰোহনৰ।। তাই নোৱাৰে তাৰ অবিহনে থাকিব। তাই মৰি গলে হে শান্তি পাব। জীয়াই থাকিলে তাই পাগল হৈ যাব।।
ৰিয়াই blade খন উলিয়াই ললে।। মৃত্যুৱেই একমাত্ৰ পথ এই কষ্টৰ পৰা উপশম পাবলৈ।। তাই লাহেকৈ blade খন nijor হাতৰ মুঠিৰ ওচৰত থৈ চকুযুৰি জপাই দিলে.......
হঠাতে মাকে তাইক মাত লগালে..
মাক: মাজনী.. দেউতাই মাতিছে তোক।। কিনো কৰি আছ'।।
মাকৰ মাত শুনি তাই চক খাই গ'ল।। তাই নিজৰ হাতত blade খন দেখি নিজে ভয় খালে।। যিজনী ছোৱালীয়ে সামান্য অলপ দুখ পালেই ঘৰখন মূৰৰ ওপৰত উঠাই আজি সেইজনী ছোৱালীয়ে নিজে ইমান ডাঙৰ এটা step কেনেকৈ লব পৰিছে।। তাই বাথৰুমত বহি পৰিল।। মাকে ৰিয়াৰ মাতবোল নুশুনি বাথৰুমৰ ওচৰলৈ আহি দৰ্জা খন খটখটালে...
মাক: মাজনী..কি হৈছে তোৰ?? মাতবোল নাই যে??
ৰিয়াই কোনোমতে নিজৰ চকুপানী খিনি মচি কঁপা কঁপা মাতেৰে মাত লগালে....
ৰিয়া: মাত তো শুনা নাছিলো মা।। ৰবা গৈছো।।
তাই মুখ খন ধুই কোনো মতে এটা মিছা হাঁহি লৈ বাহিৰলৈ ওলায় আহিল।।
ৰিয়া: কোৱা মা।।
মাক: মই ভয়েই খাইছিলো মাতবোল নাই কি বা হৈছে।।
ৰিয়াই হাঁহি মাৰি মাকৰ কান্ধৰ ওপৰত দুইখন হাত ৰাখি কলে..
ৰিয়া: তোমাৰ ছোৱালীৰ কি হ'ব পাৰে বাৰু মোক কোৱাচোন।। কিয় ইমান সৰু সৰু কথাত চিন্তা কৰি থাকা।
মাক: হ'ব।। অকল খালি acting ।। তই আমাৰ এজনী ছোৱালী।। তোৰ কিবা হলে দেউতা আৰু মই জানো জীয়াই থাকিব পাৰিম।। দেউতাৰৰ তোক লৈয়েই গোটেই পৃথিৱী খন। সেইকাৰণে সৰু সৰু কথাবোৰতে চিন্তা হয়।।
মাকৰ কথাবোৰ শুনি তাই ৰখাব নোৱাৰিলে নিজকে।। তাই মাকক সাৱটি ধৰি মাথো কান্দিছে।। তাই ভাবিলে কি কৰিব লৈছিল তাই আজি আৰু কাৰ কাৰনে এইবোৰ কৰিব লৈছিলে??? ৰোহনৰ কাৰণে??? যি তাইক সপোন দেখুৱাই আধা বাটত এৰি থৈ গ'ল।। তাইৰ ভূলৰ কাৰনে আজি তাই মাক বাপেকক ইমান ডাঙৰ দুখ দিবলৈ ওলাইছিল । তাইৰ অন্তৰ খন শোকে খুন্দা
 মাৰি ধৰিলে।। মাকে তাইক কন্দা দেখি সুধিলে..
মাক: কি হ'ল মাজনী।। কান্দিছ কিয়??
ৰিয়াই মাকক সকলো কথা ক'ব বিছাৰিও কব নোৱাৰিলে।। তাই জানে যদি মাকক এইবোৰ কথা কয় মাকে বহুত দুখ পাব।। মাকে জানে তাইৰ সম্পৰ্কৰ কথা ।। তাইয়েই কৈছিল মাকক ৰোহনৰ কথা ।। মাকে প্ৰথম অৱস্থাত অমান্তি হৈছিল যদিও  তাইয়েই মাকক ৰোহনৰ বিষয়ে ভালকৈ কৈছিল।। মাকে ৰোহন ভাল লৰা বুলি জানে।। গতিকে তাই মাকক এইবোৰ কব নোৱাৰে।। তাই মাকক কলে..
ৰিয়া: তোমালোকে মোক ইমান ভাল পোৱা যে সেইটো কাৰনে চকুপানী ওলাই গ'ল।।
মাক: তই ও যে আৰু। ব'ল সোনকালে নহলে দেউতাৰে ভাবিব মাক জীয়েক lecture ত বহিল।।
ৰিয়া: উমমম...বলা মা।।
দেউতাক TV ৰুমত বহি TV চাই আছিল।। দেউতাকে তাইক দেখি কলে..
দেউতাক: সোনজনী তোমাৰ গাটো বেয়া নেকি??
ৰিয়া: নাই দেউতা।। ভালেই দেখোন।।
দেউতা: চকুকেইটা ৰঙা পৰি আছে যে??
ৰিয়াই ভাবিলে দেউতাকে চাগে ধৰিব পৰিছে তাইৰ কিবা এটা হৈছে। তাই কলে..
ৰিয়া: নহয় দেউতা।। চাবোন সোমাইছিল চকুত সেইকাৰণে চাগে ৰঙা হৈ আছে।।
দেউতা: উমমম.. এতিয়া পিছে কি কৰিম ভাবিছা।। BA তো complete কৰিলাই। result দিয়াও বহুত দিন হ'ল।। তুমি MA নকৰো কোৱা বাবে জোৰ নাইকৰা।। কিন্তু তুমি কি ভাবিছা সেইটো কোৱা।।
ৰিয়াৰ গাটো ভাল লগা নাছিল।। কিমান acting কৰিব তাই সকলোৰে আগত ।। নোৱাৰিছে তাই তেনেকৈ থাকিবলৈ।। তাইৰ কাৰো লগত কথা পাতিব মন নাইযোৱা।। কিমান যন্ত্ৰণা বুকুত লৈ তাই জীয়াই আছে সেইয়া কেৱল তাই জানে।। মাক বাপেকৰ আগত সুখী হোৱাৰ acting কৰিবলৈ তাইৰ আৰু সাহস নাই।।তাই ভাবিলে তাই  যদি অলপ সময় দেউতাকৰ ওচৰত থাকে তাই ধৰা পৰিব । গতিকে তাই নিজৰ ৰুমত থকাই ভাল।। তাই দেউতাকক কলে..
ৰিয়া: দেউতা.. তোমাৰ লগত কাইলৈ পাতিম ।। বহুত ভাগৰ লাগিছে ।আজি লগৰ কেইজনিৰ লগত বজাৰ গৈছিলো। এতিয়া ভাগৰ লাগিছে।।
দেউতাক: থিক আছে সোনজনী অলপ rest লোৱা।।
ৰিয়া নিজৰ ৰুমলৈ গুছি আহিল।। ৰুম আহি বিচনাখনত পৰোতেই তাইৰ হাতখন বিচনাত থকা ফোনতোলৈ গ'ল।। তাই ফোনতোৰ lock খুলি whatsapp তো অন কৰিলে কিজানি ৰোহনৰ msg আহিছেই।। কিন্তু তাই নাপালে।। তাই status বোৰ চাই থাকোঁতেই হঠাৎ ৰোহনৰ status তো দেখিলে।। status তো দেখি তাইৰ চকুপানী নিগৰি আহিল....

       ৰোহনৰ status তাৰ নতুন gf ৰ সৈতে caption.. my life।। তাইৰ যেন নিজৰ চকুৰ ওপৰতে বিশ্বাস হোৱা নাই।। মাথো চাইছে আৰু কান্দিছে।। তাই ভাবিলে কিমান সোনকালে মানুহ সলনি হ'ব পাৰে।। কেইদিনমানৰ আগলৈকে তাই ৰোহনৰ life আছিল আৰু আজি বেলেগ এজনী ছোৱালীৰ লগত!!! মানুহ সচাকৈ নিষ্ঠুৰ।। ফটো খন চাই তাই নিজকে তুলনা কৰিছে সেই জনী ছোৱালীৰ লগত যি জনী ছোৱালী আজি তাইৰ প্রিয় জনৰ প্ৰেমিকা।। নিজকে প্ৰশ্ন কৰিছে, মোৰ এনেকুৱা কি নাই যিতো তাইৰ গাত আছে? সিটো কৈছিল মই তাৰ জীৱনৰ আটাইতকৈ ধুনীয়া আৰু মূল্যৱান বস্তু।। হঠাতে তাইৰ পুৰণি কথা এটা মনত পৰিল যেতিয়া তাই নিজে কেতিয়াবা অভিমান কৰি ৰোহনক এৰাৰ কথা কৈছিল...
ৰিয়া: মই কিন্তু তোমাৰ লগত থাকিব নোৱাৰো।। everything is over now ।।
ৰোহন: কিয় তেনেকৈ কৈছা ।। তুমি সদায় সদায় কিয় এনেকুৱা কৰা।। তুমি জানানে relationt অহাৰ 1 week ৰ পিছৰ পৰাই তুমি মাজে মাজে breakup য়েই দিয়া সৰু সৰু কথাবোৰত।। মোৰ অলপো ভাল নালাগে।।
ৰিয়া: তুমি মোক সময় নিদিয়া।। ফোন কৰিলে কাটি দিয়া ।। তোমাৰ মন গলে কথা পাতা।। mur কি feelings নাই।। মই তোমাৰ মতে কিয় কথা পাতিম।।
ৰোহন: মা ওচৰত আছিল সেইবাবে হে ।। আৰু অলপ পিছত তো তোমাক call back কৰোঁ মই।।
ৰিয়া: এতিয়া এইবোৰ কৈ লাভ নাই।। আজিৰ পৰা আমাৰ মাজত সম্পৰ্ক শেষ।।
ৰোহন: মই তোমাক বহুত ভালপাওঁ যে সেইকাৰণে এনেকুৱা কৰা ।। চাবা এদিন মই breakup দিম আৰু কেতিয়াও ঘূৰি নাহো।। আজি যেনেকৈ মই কান্দিছো তুমিও কান্দিবা।।
ৰিয়াই ভাবিলে ৰোহনে কোৱা কথাবোৰ তাৰমানে সঁচা আছিল।। কিন্তু তেতিয়া যিমান ডাঙৰ কাজিয়া নহলেও তাইৰ এটা ফোন ত সকলো থিক হৈ যায় ।। ৰিয়াৰ মাতটো ৰোহনৰ অতিকৈ প্রিয়।। তাইৰ মাত শুনিলে সি সকলো পাহৰি আগৰ দৰেই হৈ যায়।। তাঁহাতৰ মাজত সৰু সুৰা কাজিয়া আছিলেই।। কিন্তু কেতিয়াও ৰোহনে বেলেগ ছোৱালীৰ কথা ভবা নাই।। কিন্তু আজি সকলো বোৰ দেখোন বহুত বেলেগ।। এইবাৰো কাজিয়া হৈছিল আগৰ দৰেই।। তাই ভাবিছিল এইবাৰো আগৰ দৰেই থিক হব কিন্তু তাই ভবাতকৈ বহুত বেলেগ হ'ল। 4 years সিহঁতি একেলগে একেখন ঠাইতে আছিল। মাত্ৰ 1 year হে হৈছিল সি বাহিৰত পঢ়িব যোৱা।। চকুৰ আঁতৰ হলে মনৰ আঁতৰ হোৱা কথাষাৰ তাৰমানে সঁচা।। কথাবোৰ ভাবি ভাবি তাইৰ দুচকুৱেদি চকুপানী বৈ গৈছে।। তেনেতে তাইক মাকে ভাতখাবলৈ মাতিলে...
মাক: মাজনী ভাত খোৱাহি।। দেউতা ৰৈ আছে।।
তাইৰ পেটত এতিয়া আৰু ভোক নাই।। জীয়াই থকাৰ হেঁপাহকনো তাইৰ নাইকিয়া হৈছে।। একমাত্ৰ মাক দেউতাকৰ কাৰনে জীয়াই আছে তাই।। তাই মাকক বিচনাৰ পৰা ই কলে..
ৰিয়া: মা তোমালোকে খোৱা।। মোৰ ভোক নাই।। অথনি friend বোৰৰ লগত খাই আহিছিলো।। মই শুইছোঁ এতিয়া ভাগৰ লাগিছে।।
মাক: থিক আছে মাজনী ।।
ৰিয়াই কথাখিনি কিমান কষ্টত কৈছে সেইয়া একমাত্ৰ ৰিয়াই জানে।। লগৰবোৰে তাইৰ মনটো ভাল লাগিব বুলিয়েই দিনত উলিয়াই নিছিল।।কিন্তু তাইৰ একো পৰিবৰ্তন নাছিল। যদিও তাই তাঁহাতৰ লগত আছিল কিন্তু তাইৰ মনটো ৰোহনৰ লগত আছিল ।। এতিয়া তাইৰ বুকুত একুৰা জুই জ্বলি আছে, বেদনাৰ জুই।। তাইৰ কাৰণে এতিয়া যেন সকলো শেষ।। তাই বাৰে বাৰে নিজকে শান্তনা দিয়ে ৰোহন ঘূৰি আহিব তাইৰ ওচৰলৈ।। সি তাইক এৰিব নোৱাৰে।। এদিন নহয় এদিন সি realise কৰিব যে তাৰ life ত ৰিয়াত কৈ কোনো আপোন হ'ব নোৱাৰে।। তাইৰ নিজৰ ভালপোৱাৰ ওপৰত বিশ্বাস আছে।। তাই ৰোহনে বেয়া পোৱা কামবোৰ নকৰে তেতিয়া তাই ৰোহনক আকৌ ঘূৰাই পাব।। এই শান্তনাই ৰিয়াক বেছি দুৰ্বল কৰিছিল।। কাৰণ প্ৰতিদিনে তাই ফোনটোলৈ চাই অপেক্ষা কৰে ৰোহনৰ ফোন আৰু মেছেজ আহিব বুলি।। কিন্তু যেতিয়া নাহে তাই আকৌ পাগলৰ দৰে কান্দে।। চকুপানী খিনিয়েই আজি তাইৰ লগৰী।। কেৱল উজাগৰে  পাৰ কৰে তাই প্ৰতিটো ৰাতি।। চকুযুৰী জপাই দিলেই ৰোহনৰ ছবি খনে তাইক আমনি কৰে।। সেয়েহে তাই শুবলৈ এৰিছে।। এনেকৈয়েই তাই ১মাহ পাৰ কৰিলে।। তাইৰ স্বাস্থ্য লাহে লাহে বেয়ালৈ ঢাল খালে।। তাই depression ৰ স্বীকাৰ হ'ল।। ৰুমটোৰ ভিতৰতে নিজকে আবদ্ধ কৰি ৰাখে।। খাবলৈ মাতিলেও নাযায়।। কেতিয়াবা মাকে জোৰ কৰি মাতিলে টেবুলত বহি দুচামুছ খাই যদিও অলপ পিছতে বমি কৰি দিয়ে।। মনৰ কথা বোৰ মনত ৰাখি ৰাখি তাই এটা প্ৰাণহীন বস্তুৰ দৰে হৈ পৰিছে।। মাক দেউতাকে কথাবোৰ একো বুজি পোৱা নাই।। জীয়েকৰ অৱস্থা দেখি মাক দেউতাকেও সদায় চকুপানী তোকে।। মাকে তাইলৈ সদায় তাইৰ পছন্দৰ বস্তু বনায়।। কিন্তু তাই নাখায়।। দেউতাকে মাকক এদিন কলে..
দেউতাক: তাইক কি হৈছে তুমি সোধাচোন।। মোক কবলৈ বেয়া পাব পাৰে কিজানি তোমাক কয়।ম
মাকে কান্দি কান্দি কলে..
মাক: আপুনি কি ভাবিছে মই নাইসোধা একো।। কিন্তু কবও লাগিব নহয়।। যিজনি ছোৱালীৰ মুখত হাঁহি নুগুচেই সেইজনী ছোৱালীৰ মুখত আজি ১মাহে হাঁহি এটা দেখা নাই।। মই হে জানো মাক জনী হৈ কেনেকৈ আছোঁ।।
দেউতাক: তুমি নাকান্দিবা চোন। মই সুধিম ৰবা।।
দেউতাক ৰিয়াৰ ৰুমলৈ গ'ল।। ৰিয়া তেতিয়া শুই আছিল ।। কান্দি কান্দি চকুবোৰ ফুলি গৈছে।। নিশাটো উজাগৰে পাৰ কৰে।। এতিয়া তাইক শোৱা দেখি জগাবৰ ইচ্ছা নহ'ল।। দেউতাকে ওচৰলৈ গৈ মুৰটোত হাতখন ফুৰাই দিলে।। ৰিয়াই  এখন হাতেৰে ফটো এখন লৈ বুকুত সাৱটি আছে। শুই আছে যদিও উচুপি আছে।। দেউতাকৰ আৰু সহ্য নহ'ল। দেউতাকে ফটো খন তাইৰ বুকুৰ পৰা টানি আনি দেখিলে যে কোনোবা লৰাৰ ফটো।। দেউতাকে ফটো খন লৈ মাকৰ ওচৰলৈ গ'ল......

আগলৈ.....

লেখা:-পল্লৱী দত্ত

Part 2 :- Click here



Post a Comment

0 Comments