অসমীয়া কবিতা :: মোৰ জীৱনৰ অন্তিম ঠিকনা

মোৰ জীৱনৰ অন্তিম ঠিকনা
মাথোঁ তোমালৈ
জীৱনটো যেন শেষ হৈ গল
নিস্তব্ধ হৈ ৰল ঊষা
শেষ হৈ গল জীৱনৰ সকলো ৰং
ৰৈ গল মোৰ নিষ্ঠুৰ দেহা,,।।
         
      হতাশ মই!! ভাঙি গল মোৰ হেঁপাহ
      নিমিশতে শেষ হৈ গল সকলো
      হেৰাই যোৱা স্মতিয়ে বাৰুকৈ
      কন্দুৱাই থৈ গল
      নিমিষতে হেৰাই গল মুখৰ মাত
      হেৰাই গল বিশ্বাস,,।।

হেৰুৱাৰ বেদনাই বাৰুকৈ দুখ দি গল
মোৰ কুমলীয়া অন্তৰ খনক
এতিয়া মাথোঁ জীৱনৰ অন্তিম
 সময়ছোৱা মৃত্যুৰ ক্ষন গণি আছো
হেঁপাহ নাই আৰু মোৰ জিৰাবলৈ
নাই নাই মই এতিয়া নিৰুপাই,,।।
         
   মোৰ এতিয়া এই কংকাল জঁকা টোৰ
   কোনো কাম নাই
  নিষ্ঠুৰ জীৱন টো ইমানতে স্তব্ধ হৈ ৰল
  শেষ হৈ গল দেহৰ ৰং
 এয়াই মোৰ জীৱনৰ অন্তিম ঠিকনা।।

     
 ✍️ Suraj Bora




Post a Comment

0 Comments