অসমীয়া দুখৰ কবিতা :: জীৱন বৰ অনুপম | Assamese Sad Poem | অসমীয়া কবিতা

জীৱন বৰ অনুপম

সঁচাই জীৱন বৰ অনুপম
যদিহে কৰা তাক লাঞ্চনা / তিৰস্কাৰ
তেনে'হলে নাপাবা আৰু তাক দুনাই ঘূৰাই
কোনোয়ে  কোনোয়ে কয়
জীৱন হেনো দুদিনীয়া ।
হয় , জীৱন দুদিনীয়াই
সেয়ে যি পাইচা যি হেৰুৱাইছা
তাক লৈ সদায় সুখী হ'বলৈ চেষ্টা কৰা যদিহে, নকৰা চেষ্টা তেনেহ'লে জীৱন হ'ব বেথা ।
পোৱা নোপোৱাৰ হিচাপ কৰি থাকি কি লাভ ?
যদিহে সকলোয়ে  সকলো বস্তু পাই তেন্তে বস্তুবোৰৰ মাদকতাই বা ক'ত?
সুখ-দুখে হয় জীৱনৰ এক অপৰিহাৰ্য্য অংগ  ।
যদিহে নাথাকে জীৱনত দুখ
তেনেহ'লে সুখৰ মূল্যই বা ক'ত ?
পোহৰ আছে বাবেইটো আন্ধাৰ হয় ।
ঠিক তেনেকৈ সুখ আছে বাবেইটো
দুখৰ অনুভৱ হয়‌ ,
তেন্তে দুদিনীয়া জীৱনত
কাৰোবাৰ লগত শত্ৰুতা অথবা
হিংসা বিদ্ৰোহ  কৰি লাভ?
 এদিনটো সকলো মৰিবই লাগিব ।
সেইবাবে যিমান দিন জীয়াই থকা
সদায় সকলোৰে লগত হাঁহি ধেমালি কৰি মিএতাৰজুহাতেৰে জীৱনটো উপভোগ কৰি চোৱা
দেখিবা জীৱনটো কিমান সুমধুৰ
 কিমান অনুপম ।
সঁচাই জীৱন বৰ অনুপম ।


✍️ভাগ্যশ্ৰী কাশ্যপ



উপলব্ধি

দুখ আৰু যন্ত্ৰণাবোৰ
এখন নদীৰ দৰেই
বৈ যায় সাগৰ ধিয়াই,

কেতিয়াবা সৌম্যতাৰ ৰূপেৰে
হৃদয় ভৰাই
আশাৰ পৰিধি বঢ়াই ৷

একেজাক দুখৰ বৰষুণতে
নিজস্ব সত্বা হেৰুৱায়,
পাৰভাঙি উফন্দি বৈ যায় ৷

জীৱনটোৰ দৰেই
নিৰবিচ্ছন্ন ভাৱেই
থাকে মাথোঁ বৈ,

অশান্ত মন
প্ৰশান্ত কৰাৰ লক্ষ্যৰে
বৈ যায় সাগৰমুখী হৈ ৷

পোৱা-নোপোৱাৰ
সুখ-দুখৰ সমাহাৰে
চকামকা কৰে মনৰ আকাশ,

শূন্য এটাকে
দুয়োহাতে সাবতি
আশাবোৰ হয় বিকাশ ৷

আহিনৰ কহুঁৱাৰ দৰে
বাৰিষাৰ ভগ্নহৃদয়ৰ
যন্ত্ৰণাক কাটিকৰি থৈ,

বাসনাৰ সাৰ-পানীৰে
আশাবোৰক প্ৰেৰণা দিয়ে
বাঢ়িব দিয়ে লহপহকৈ ৷

নদীয়ে সাগৰ বিচাৰে
শান্তহয় সাগৰ সংগমত
অস্তিত্বক দিয়ে বিসৰ্জন,

জীৱনেও হেৰুৱাই
নিজৰ অস্তিত্ব
শেষ সীমনাত কৰি আৰোহণ ৷
----------------------------------
✍️ড°ৰমেশ কুমাৰ কাকতি
লক্ষীমপুৰ, উত্তৰ লক্ষীমপুৰ

Post a Comment

0 Comments