গল্প :: প্ৰীতিভৰা আবেলি

"মায়া...মায়া...কি কৰিছা তুমি?"
প্ৰীতম ৰ মাতত চক খাই উঠিলো মই।
বেলকনিতে বহি উপভোগ কৰি আছো প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য।অকলে অকলে কিমাননো সময় পাৰ কৰিম?সেয়ে..

  মই মায়া কলিতা।আমাৰ বিয়া হৈছিল ছমাহ পূৰ্বে।কিন্তু এই বিয়াৰ আজি অন্ত পেলাব খুজিছো মই।নোৱাৰো সহ্য কৰিব মই! প্ৰীতমৰ সৈতে আন কাৰোবাক দেখিব নোৱাৰো।আমাৰ প্ৰেম বিবাহ হোৱা নাছিল।প্ৰীতমৰ দেউতাকৰ মোৰ দেউতাৰ সৈতে বন্ধুত্বৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।বহুত দিনৰ মুৰত এদিন তেখেত আমাৰ ঘৰলৈ আহিছিল পৰিয়ালৰ সৈতে।পৰিয়াল মানে তেওঁৰ পত্নী আৰু পুত্রৰ সৈতে।মাকে মোক দেখিয়েই মোৰ সন্মুখতে দেউতাক মোক তেওঁৰ লৰালৈ বিয়া কৰোৱাৰ কথা জনাইছিল।দেউতাই ফুৰ্টিতে কব নোৱাৰা হৈছিল নিজৰ বন্ধুৰ লৰালৈ মোক বিয়া দিয়াৰ কথা ভাবি।একে আষাৰে কৈছিল তেওঁলোকক যে তেওঁৰ কোনো আপত্তি নাই।মোক সুধিছিল..
-মা..তোমাৰ আপত্তি আছেনেকি কিবা?
-নাই দেউতা।মোৰো একো আপত্তি নাই।
  দেউতাৰ পছন্দক না কৰিব পৰা নাছিলো মই।বিয়াৰ বয়সো হৈছিল মোৰ।এখন হাইস্কুলৰ শিক্ষয়ত্রী মই।গতিকে বিশেষ ভাবিবলগীয়া একো নাছিল আৰু বিয়াত বহিবলৈ মান্তি হলো।প্ৰীতমকো মোৰ সন্মুখতেই সুধিলে মাক-দেউতাকে আৰু প্ৰীতমে সন্মতি জনালে।প্ৰীতম এজন আই আই টি অভিযন্তা।দেউতাক সেইবাবেও অতিকৈ সুখী হৈ পৰিছিল মোৰ বিয়াৰ কথা ভাবি।
  দুমাহৰ ভিতৰতে আমাৰ বিয়াখন হৈ গল।প্ৰীতমৰ সৈতে চিনাকি হলো ভালদৰে ফোনত।কিন্তু অলপ দিন কথা পাতি বুজিব পাৰিছিলো যে তেওঁ মোৰ প্ৰতি সিমান আগ্ৰহী নহয়।কথা পাতে যদিও একেবাৰে সাধাৰণভাবে।এনেদৰেই বিয়াৰ আগলৈকে আমাৰ কথা বতৰা হৈ থাকিল।
   বিয়াখন ধুমধামেৰে পাৰ হৈ গল।গুৱাহাটীৰ মাজমজিয়াত থকা এখন ঘৰ।গাৱলীয়া পৰিৱেশৰ পৰা আহিছো যদিও ঘৰখনৰ লগত মিলিব পাৰিম যেন ধাৰণা হ'ল মোৰ।
      ফুলশয্যাৰ ৰাতি যেতিয়া মই তেওঁৰ বাবে অপেক্ষা কৰি বহি থাকিলো তেওঁ সোনকালেই আহিল কিন্তু মোৰ কাষলৈ আহি এটা কথাই কলে যে"মই আন কাৰোবাক ভাল পাও।তোমাক মা-দেউতাৰ বাবেহে বিয়া কৰালো বেয়া নাপাবা।মই তোমাক কেতিয়াও নিজৰ কৰিব নোৱাৰিম।"
কথাষাৰ শুনি মোৰ দুখ লগা নাছিল।হাঁহিহে উঠিছিল।ভাবিছিলো মনতে।বিয়া পাতি আহিলো যেতিয়া এতিয়া মই আৰু আগলৈ পিছলৈ চাবলৈ নাই।মানুহজনক মোৰ প্ৰতি আকৃষ্ট কৰাটোৱেই হৈ পৰিব মোৰ একমাত্ৰ উদ্দেশ্য।শুই পৰিলো তেওঁৰফালে চাই।পিঠি দি শুই পৰিল তেওঁ।মইও শুই পৰিলো।
     ৰাতিপুৱা সাৰপাই  দেখিলো প্ৰীতম শইকীয়া মোৰফালে মুখকৰি শুই আছে।ইমান যে মৰম লাগিছিল তেওঁক।আন কাৰোবাৰ প্ৰেমিক হল বুলিয়েই মইতো তেওঁৰ প্ৰেমত পৰিব নোৱাৰিম বুলি কতো লিখা নাই।প্ৰেমত টো তেতিয়াই পৰিছিলো যেতিয়া প্ৰথম দেখিছিলো।মুখখন অলপ দীঘলীয়া,বগা বৰণৰ।মোলৈ পিৰিক-পাৰাককৈ চাই অাছিল মাজে মাজে যেতিয়া দেউতাহতৰ মাজত বিয়াৰ কথা ওলাইছিল।প্ৰেমত পৰিলো যি পৰিলো।এবাৰ প্ৰেমত পৰাৰ পিছত জানো কাৰোবাক সহজে এৰি দিব পাৰি!
নিশ্চয় নোৱাৰি।
  মই লাহেকৈ উঠি ৰুমতে সংলগ্ন হৈ থকা বাথৰুমলৈ সোমাই গ'লো।গা ধুই লৰালৰিকৈ বাহিৰলৈ ওলাই গলো আৰু চাহ কৰিলো।মা আৰু দেউতা আগতেই উঠি বহি আছিল।তেওঁলোকক চাহ খাবলৈ দিলো আৰু লগতে কাকু(বনকৰা লৰা) ক মাত লগালো চাহ খাবলৈ।
কাকু লৰাটো ধেমেলিয়া অলপ।চাহ খাই থকাৰ মাজে মাজে সি আমাক হহুৱাই থাকিল।
    মাৰ সৈতে পাকঘৰত ভাত বনাবলৈ সোমালো।আজি মই বনাব লাগিব কলে মায়ে।মই ঘৰতেই ৰন্ধা বঢ়াত পাকৈত আছিলো।বনাব লাগে বুলি কোৱাত ভালেই পালো আৰু চাদৰৰ আচল কক‍ালত খোচ মাৰি লৈ লাগি গলো ভাত বনাবলৈ।মায়ে সকলো দেখুৱাই দিলে, মৰমেৰে বুজাই দিলে সকলো কোনে কেনেকৈ খায় ভাল পায় আৰু মোৰ ওচৰতে ৰৈ থাকিল।
   প্ৰীতম শুই উঠি আহিল মুখত ব্ৰাছডাল লৈ দাঁত ঘহি ঘহি।মোৰফালে কেৰাহীকৈ চালে।মই তেওঁৰ ফালে চাই মিচিকিয়াই হাঁহিলো।কিন্তু তেওঁ কোনো সহাৰি নজনালে।চাহ একাপ কৰি দি আহিলো তেওঁক।থেংকিউ বুলি কলে।মনটোকে ভাল লাগিল অলপ।
    দিনবোৰ,ৰাতিবোৰ পাৰ হৈ গৈ থাকিল।প্ৰতি নিশা লাইটৰ পোহৰত জিলিকি থকা তেওঁৰ মুখখন চাই লও হেঁপাহ পলুৱাই তেওঁ যেতিয়া শুই পৰে গভীৰ নিদ্ৰাত।সম্পুৰ্ণ এমাহৰ পিছত মই জবটো কৰিবলৈ পুনৰ ঘুৰি অাহিলো ঘৰলৈ।নিজৰ গাড়ীৰে থৈ গলহি তেওঁ মোক।বাটতো কাৰো একো মাত নাই।গাড়ীত বাজি যোৱা গানবোৰ শুনি শুনি ১০ ঘন্টাৰ মুৰত ঢকুৱাখনাৰ ঘৰখন  পালোহি ।আহি পায়েই মাক সাৱতি ধৰি এসোতামান কান্দিলো।
   তেওঁ দেউতাৰ লগত কথা পতাত ব্যস্ত হৈ পৰিল।মায়েও গৈ কথা বতৰা পাতিলে আৰু
চাহ খাবলৈ ভিতৰলৈ মাতিলে।ইয়াত চোন তেওঁৰ সম্পুৰ্ণ বেলেগ এটা ৰূপ দেখিবলৈ পালো।মোৰ ফালেও চাই আছে আজি সঘনে।মনটো ভাল লাগিল মোৰ অলপ।
ভাত পানী খাই বৈ শুবলৈ গলো।আমাক দুয়োকে একেটা ৰুমতে থাকিবলৈ কলে মায়ে আজি।ৰুমলৈ সোমাই গৈ শুই পৰিলো তেওঁলৈ পিঠি দি।বুকুখনত যেন কিবা এটাই খোচা বিন্ধা কৰি আছিল।কাইলৈ ৰাতিপুৱাই যাবগৈ তেওঁ ঘৰলৈ।আৰু বহুত দিনলৈ দেখিবলৈ নাপাম।তেওঁৰনো মোলৈ কত মনত পৰিব??এইটোতো কেতিয়াও অাশা কৰিব নোৱাৰিম যে মোৰ মনত পৰিব তেওঁলৈ আৰু তেওঁক কলেই আহি যাব মোৰ ওচৰলৈ!আৰু এতিয়াটো ভালেই পাব তেওঁ প্ৰেয়সীৰ সৈতে সময় পাৰ কৰিব পাৰিব।উচুপি উঠিলো তেওঁৰ কথা ভাবি।
-মায়া..তুমি কান্দিছা?
-মই কান্দো' হাঁহো মোৰ কথা আপোনাৰ কি দৰকাৰ?
-আচ্ছা!শুই থাকা মোৰ দিষ্টাৰ্ৱ হৈছে ন!সেইবাবে সুধিছো তোমাক।
  আচৰিত হলো তেওঁৰ কথাত আৰু খং উঠি বহি দিলো বিচনাতে।
-উঠক আপুনি?
-কি!কিন্তু কিয়?
-উঠক বুলি কৈছো মই!
-ঠিক আছে উঠিলো..এতিয়া কি হল কোৱা?
  তেওঁক সাৱতি ধৰিলো গাৰ সমস্ত জোৰেৰে।
-তুমি পাহৰিলা মই তোমাক কি কৈছিলো!
-মই নাজানো আপুনি কি কৈছিল কি ভাবে মোৰ বিষয়ে নাজানো একোকে।মাত্ৰ এটা কথাই জানো যে মই আপোনাক ভাল পাই পেলাইছো।আপোনাক এৰি মই কেনেকৈ থাকিম ইমানদিন কওক?
  একো নকলে তেওঁ আৰু হুমুনিয়াহ এটা কাঢ়ি লাহেকৈ আতৰাই শুৱাই দিলে বিচনাত আৰু পুনৰ মোলৈ পিঠি দি শুই পৰিল।কি আচৰিত?এনেকুৱা কিয় কৰিছে মোৰ লগত একো ভাবি নাপালো।
   চিন্তা কৰি কৰি ৰাতিটো টোপনি নাহিল।কেতিয়ানো ৰাতিপুৱাল গমেই নাপালো।
তেওঁ উঠিয়েই গা-পা ধুই যাবলৈ ওলাল।মা আৰু মই লগ লাগি ৰুটি ভাজি বনাই দিলো চাহৰ সৈতে।খাই বৈ ওলাই গল।যাবৰ সময়ৰ মাহঁতৰ সন্মুখত কৈ গল"ভালদৰে থাকিবা" বুলি।
   তেওঁ যোৱাৰ পিছত মাহতৰ পৰা লুকাই লুকাই বহুত কান্দিলো আৰু স্কুল যাবলৈ ওলালো।ট্ৰেন্সফাৰৰ বাবে লাগি আছো।অলপ দিন লাগিব।গতিকে তেতিয়ালৈকে তেওঁৰপৰা আতৰিয়েই থাকিব লাগিব।
   আৰম্ভ হল মোৰ দৈনন্দিন জীৱন তেওঁৰ অবিহনে।নায়ায় নুপুৱাই যেন লাগিছিল প্ৰতিতো মুহুৰ্ত।প্ৰতি দিনেই তেওঁলৈ ফোন কৰি খবৰ লৈছিলো মই।মা-দেউতাৰ সৈতেও কথা পাতিছিলো তেওঁলৈ ফোন কৰিয়েই।মায়ে কান্দিছিল প্ৰায়েই"তোমাৰ অবিহনে ঘৰখন উকা উকা লাগে " বুলি কৈ।মোৰো চকুলো বাগৰিছিল।কাৰণ এতিয়াও যাবলৈ চাৰিমাহ বাকী আছিল চাৰিমাহৰ পিছতহে যাম আকৌ গুৱাহাটীলৈ।
   বহু কষ্টেৰে চাৰিমাহ পাৰ হৈছিল।ট্ৰেন্সফাৰ হৈছিল মোৰ গুৱাহাটীলৈ।মা-দেউতাক এৰি যাবলৈ ওলালো পুনৰ।
তেওঁক নামাতিলো মোক নিবলৈ।নিজেই যাবলৈ ওলালো বাছত।
   সন্ধিয়া লগাৰ আগে আগে পালোহি গুৱাহাটী।প্ৰীতম ৰৈ  আছিল এগৰাকী সুন্দৰ যুৱতীৰ সৈতে।বাছৰ পৰা নামিয়েই দেখিলো।কেনেকুৱা লাগিছিল মোৰ কাকো বুজাব নোৱাৰিম।চিনাকি কৰি দিছিল মোৰ সৈতে তেওঁৰ গাৰ্লফ্ৰেন্ড বুলি।নাম 'সংগীতা' ছোৱালীজনীৰ।মইও হাঁহি হাঁহিয়েই চিনাকি হলো বুকুত দুখৰ বোজা যদিও কঢ়িয়াবলৈ কষ্ট হৈছিল।মোলৈ বৰকৈ চাইছিল প্ৰীতমে সেইসময়ত।
    ঘৰলৈ গৈয়েই কন্দা কটা আৰম্ভ হল মাৰ।ইমান যে কান্দিছিল বহুত দুখ লাগিছিল।মনতে ভাবিছিলো মাক সকলো খুলি কম বুলি কিন্তু সেইদিনা ৰাতি যি হল তাৰপিছত নোকোৱাৰ সিদ্ধান্ত লৈ পেলালো।
    সেইদিনা ৰাতি ভাত খাই বৈ উঠি মই বাথৰুমৰপৰা ওলাই আহিলো মুখহাত ধুই আৰু বিচনাখনতে বহি পৰিলো।তেনেকুৱাতে প্ৰীতম সোমাই আহি মোৰ ওচৰত আঁঠুকাঢ়ি বহি পৰিল।
-আই এম ভেৰী চৰী মায়া।তোমাক বহুত কষ্ট দিলো মই।তুমি মোৰ কথাবোৰ ইমান দিনে তোমাৰ আৰু মোৰ মা-দেউতাৰপৰা লুকুৱাই ৰাখিলা।কেনেদৰে পাৰিলা তুমি ইমান সহ্য কৰিব?মই তোমাক কি বুলি ধন্যবাদ দিম ভাবি নাইপোৱা।কোৱা কি কৰিম মই তোমাৰ বাবে??কি দিম তোমাক?
-মই যি কম আপুনি পাৰিব মোক দিব?
-কোৱা কি লাগে তোমাক?
-মোক পত্নীৰ মৰ্যদাখিনি লাগে।অলপমান মৰম বিচাৰো আপোনাৰ পৰা যিখিনি মৰম এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ পৰা আশা কৰে।
-ইমানখিনি জানিও যদি তুমি মোৰপৰা মৰম বিচাৰিছা তেন্তে মই তোমাক দিম কিন্তু তুমি কেতিয়াও কব নোৱাৰিবা সংগীতাক এৰি দিয়াৰ কথা।
-যদি মই সেইটো বিচাৰিলোহেতেন তেন্তে আপোনাক প্ৰথমতে সেইটোৱেই বিচাৰিলোহেতেন।
  তেওঁ ওপৰলৈ উঠি আহি মোৰ কাষত বহিছিল আৰু সাৱতি ধৰিছিল।মই বহুসময় তেওঁৰ বুকুৰ মাজত সোমাই কান্দি ৰৈছিলো।এনেকুৱা লগা নাছিল যেন তেওঁ মোক ভাল নাপায়।বৰঞ্চ তেওঁ পৰশত অনুভৱ হৈছিল যেন তেওঁ মোক বহুত ভাল পায়।
   তেওঁৰ পৰশে শিহৰিত কৰি তুলিছিল মোক।চুম্বনেৰে ওপচাই পেলাইছিল সমগ্ৰ শৰীৰ।মৰমবোৰ যেন বাৰিষাৰ বৰষুণৰ দৰে বৰষিছিল।মিঠা মিঠা লগা মুহুৰ্তবোৰে সাঁচ বহুৱাইছিল মনত।প্ৰীতমৰ ঘন ঘন উষ্ম নিশাহবোৰে মোৰ নাকত চুমিছিল।খামুচি ধৰিছিলো তেওঁক।লাহে লাহে স্তব্ধ হৈ পৰিছিল প্ৰীতম।ভাগৰি পৰাত মোৰ কাষতে শুই পৰিছিল আৰু সাৱতি ধৰিছিল মোক।টোপনিত লালকাল হৈ পৰিছিল লগে লগেই।মই গোটেই ৰাতি তেওঁৰ মুখখনলৈ চাই আছিলো।
   ৰাতিপুৱা শুই উঠি প্ৰীতমক পুনৰ আগৰদৰেই দেখা পাইছিলো।যেন কালি ৰাতি হৈ যোৱা কথাবোৰ তেওঁৰ অলপো মনত নাই তেনেকুৱা ৰিয়েক্ট কৰিছিল।
   দিনবোৰ পাৰ হৈ গৈছিল তেনেদৰেই।স্কুললৈ অহা যোৱা কৰি থাকো মই সদায়।
এইবাৰ অসুবিধা হোৱাৰ তাৰিখ পাৰ হৈছিল মোৰ।এমাহ পাৰ হৈ গল তথাপিও হোৱা নাছিল।উপায়বিহীন হৈ টেষ্ট কৰি চোৱাৰ সিদ্ধান্ত ললো।আগদিনা স্কুলৰ পৰা আহোতে কিট এটা লৈ আহিলো পিছদিনা কৰি চাম বুলি।
      ৰাতিপুৱা শুই উঠিয়েই টেষ্ট কৰিলো।নিজৰ বিশ্বাস হোৱা নাছিল যে মই মা হবলৈ ওলাইছো।ৰিজাল্ট পজিটিভ দেখাইছিল আৰু মই প্ৰীতমক কবলৈ লৰালৰিকৈ বাথৰুমৰ পৰা ওলাই আহি দেখিলো যে তেওঁ কাৰোবাৰ সৈতে ফোনত কথা পাতি আছে।মনটো সেমেকি উঠিল।কাৰণ কথা পতাৰ সুৰটো অলপ বেলেগ ধৰণৰ আছিল।মই গা ধুবলৈ সোমালো পুনৰ।গা ধুই ওলাই আহি দেখিলো ফোনটো চাৰ্জত লগাই বাহিৰলৈ ওলাই গল।সেই চেগতে মই তেওঁৰ ফোনটো চেক কৰিলো।মোৰ সন্দেহ ঠিকেই আছিল।
নাই!..মই সহ্য কৰিব নোৱাৰো আৰু।নোৱৰো তেওঁক আনৰ সৈতে চাব।তেওঁক মই বহুত ভাল পাওঁ সেইটো সচা কিন্তু সেইবুলিয়েই তেওঁ কি মোৰ লগত খেলা কৰি থাকিব সদায়?এতিয়াও তেওঁ প্ৰেয়সীক কি এৰিব পৰা নাই একেবাৰেই?মোৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ় লৈ উঠাৰ পিছতো?
   স্কুলৰ পৰা আহোতে কৰ্টৰ পৰা এখন ডিভৰ্চ পেপাৰ লৈ আহিলো।আৰু আহিয়েই ক্ষোভতে চাইন কৰি দিলো একো নভৱা নিচিন্তাকৈ।আৰু থৈ দিলো বিচনাৰ ওপৰতে কলমটোৰ সৈতে।আৰু ওলাই গলো বেলকনিলৈ।
   আজি আবেলিটো যেন বেছি মোহনীয় হৈ পৰিছে আনদিনাতকৈ।চাই ৰৈছো অপলক।মা-দেউতা ওচৰৰে মানুহ এঘৰলৈ গৈছে বুলি কাকুৱে কৈছে।কিবা আছে বোধহয়।
কিন্তু প্ৰীতমে ইমান উধাতু খাই মাতিছে কিয় আজি? কিবা হোৱা নাইটো?
   -মায়া...মায়া...মায়া...
-কওক কিয় চিঞৰিছে ইমানকৈ?
-মায়া..তুমি কিয় এনে কৰিছা কোৱা?
-কি কৰিলো মই?
-ডিভৰ্চ?তুমি মোক?ৰিয়লি মায়া?আৰ ইউ মেড?
কান্দিছিল তেওঁ।দুচকু ৰঙা হৈ পৰিছিল।
-মই যি সিদ্ধান্ত লৈছো দুয়োৰে বাবে ভাল হব।
-কিন্তু মায়া!
-সঠিক সিদ্ধান্ত লৈছো মই।
-আমাৰ আহিবলগীয়া মাইনাটোৰ বাবে কি ই সঠিক সিদ্ধান্ত হব মায়া? কোৱা?
-আপুনি কেনেকৈ জানিলে?
-এইটো!!
  তেওঁ হাতত লৈ অহা কিটটো মোৰফালে আগবঢ়াই দিলে।মনত পৰিল কিটটো মই ৱাশ্বৰুমতে এৰি আহিছিলো।মোৰ চকুপানী টপটপকৈ পৰিবলৈ ধৰিলে।মোক সাৱতি ধৰিলে প্ৰীতমে জোৰেৰে আৰু কবলৈ ধৰিলে..
-আকৰিজনী!তোমাক ভাল পাও মই।বহুত ভাল পাও মায়া।প্ৰথম দেখাৰে পৰা।মাথো তোমাক জুখি চাইছিলো তুমিনো কি কৰা!
-আৰ ইউ চিঅ'ৰ প্ৰীতম?
-য়া..অফকৰ্চ..
মোৰ দুচকুত চকু থৈছিল তেওঁ।চকুপানী বৈছিল অহৰহ তেওঁৰ দুচকুৰে।
  তুমি প্ৰতিদিনেই গোটেই ৰাতি সাৰে থাকি মোৰফালে চাই থকা,টোপনি নগৈ চটফটাই থকা মই সকলো গম পাইছিলো।তুমি মোৰ যে প্ৰেমত পৰিছা মই তাৰো উমান পাইছিলো।তোমাক ঘৰত থৈ ঘুৰি আহোতে মইও কান্দিছিলো মায়া।বিশ্বাস নহলে মোৰ ডায়েৰী চেক কৰিৱা মায়া।
-আৰু সংগীতা?
-তাই?তাই মোৰ বেষ্টফ্ৰেন্ড।আৰু মোৰ ফোনত যিটো নম্বৰ চেভ আছে সেইটো নম্বৰ মোৰ ফ্ৰেন্ড অসীমৰ।আজি ৰাতিপুৱা কথা পাতি থাকোতে তুমি শুনিবলৈ বুলিয়েই গাৰ্লফ্ৰেন্ডৰ সৈতে পতাৰ দৰে পাতিছিলো মিছাকৈয়ে।আৰু তুমি যেতিয়া সোমাই গৈছিলা মই গম পাইছিলো সেইবাবে মিছাতে ডায়েল কৰি গুচি গৈছিলো।কাৰণ মই জানিছিলো তুমি চেক কৰিবা বুলি।
  ক্ষন্তেকৰ বাবে আতৰি আহিলো তেওঁৰ পৰা।
-প্ৰীতম!য়ু ৰিয়েলি হাৰ্ট মি! ইমান কষ্ট কিয় দিলে আপুনি মোক কওক?
তেওঁৰ চাৰ্টত ধৰি পুনৰ টানি আনিলো মোৰ গাৰ কাষলৈ।
-চৰী মায়া!
-বেয়া পাইছো মই!
-মায়া চৰী..প্লিজ!
-.........
-চৰী..প্লিজ মায়া!
-........
-মায়া!প্লিজ...আই কান্ট লিভ উইদাউট ইউ!
-মিছা কথা!
-আমাৰ হবলগীয়া সন্তানৰ শপত মায়া।
-ঠিক আছে হব দিয়ক।ক্ষমা কৰিলো আপোনাক।কিন্তু নেক্স্ট টাইম  এনেকুৱা যাতে কোনোদিন নকৰে আপুনি!
-অকে বেবী!!
-হু!!বেবী!!হা??ইমান দিন কষ্ট দি এতিয়া বেবী কব আহিছে??
-ব'লা দুয়ো কৰবাত যাও।সংগীতাক মাতি দিওনেকি তোমাৰ কনফিউজন ভাঙিবলৈ।
-নালাগে...মই বিশ্বাস কৰিছো আপোনাক!
-ইমান বিশ্বাস কৰা মোক?
-নাজানো।কিন্তু মই জানিছিলো মোৰ বিশ্বাস আছিল আপুনি এদিন মোৰ হব বুলি।
-আৰু এতিয়া হৈ গলো ন!
-হম্...
-বলা..অলপ ওলাই যাওঁ..
-বলক...
   প্ৰীতমে এযোৰ কাপোৰ বাছি দিলে তেওঁৰ ভাল লগা সেউজীয়া ৰঙৰ।
ওলাই আহিলো দুয়ো।আবেলিটো যেন আজি আমাৰবাবে হৈ পৰিছে প্ৰীতিভৰা।
                ** সমাপ্ত**

লেখা:- লেখিকা বৰা গগৈ

Post a Comment

0 Comments