অসমীয়া কবিতা দুখৰ :: প্ৰেম হয়টো এনেকোৱাই

প্ৰেম হয়টো এনেকোৱাই

হয়তো ঠিকেই কয়,
সকলো বস্তুৰে আৰম্ভ আৰু শেষ থাকে !
প্ৰথম দেখাপোৱা
প্ৰথম লগপোৱা
প্ৰথম কথাপতা
তাৰ পাছত এতিয়া মাথোঁ স্মৃতি আৰু স্মৃতি ।
মনৰ অনুভৱবোৰ, সপোনবোৰ
কিমান যে সুমধুৰ আছিল ।
 তুমি পাহৰি গলা ন' ?
আমি যে সচাঁ কৰাৰ সপোন দেখিছিলো ।
তুমি কাষত থাকিলে
সদায় এপাহ কৈ বেলি ফুল ফুলিছিল ।
কিন্তু, আতৰি যোৱাৰ পাছত
অনুভৱৰ অৱশিষ্ট হে থাকি গ'ল !

কেতিয়াবা ভাৱো,,
প্ৰেম কৰাতোনো কি ডাঙৰ কথা ?
সম্পক শেষ হোৱাৰ পাছত
পাহৰি যোৱাটোহে ডাঙৰ কথা !

✍️নিৰ্বিচাৰ



Post a Comment

0 Comments