প্ৰেম বিচ্ছেদ জীৱন |। খণ্ড ১১ উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

মাকৰ লাহে লাহে খং উঠি আহিছে।। মাকে একো কবলৈ পোৱাই নাই।। ৰিয়াই টেপ টেপাই আছে non stop।। মাকৰ খং উঠাটো স্বাভাৱিক কাৰণ পুতেকৰ ওচৰলৈ আহিছে মাক তাতে তেওঁ এগৰাকী Doctor আৰু এজনী অচিনাকি ছোৱালীয়ে তেওঁক কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিছে।। মাকে এইবাৰ অলপ খং ত সুধিলে..
মাক: তুমি কোন??
ৰিয়া: মই কোন সুধিছে যে?? নীলেতো আপোনাক মোৰ কাৰনে আনিছে।।
মাক আঁচৰিত হ'ল..
মাক: কি কৈছা এইবোৰ।।
ৰিয়াই উত্তৰ দিবলৈ লওঁতে নীলৰ ফোন আহিল।। তাই ফোনটো rcv কৰি কলে...
ৰিয়া: নীল ভালেই কৰিলা ফোন কৰিলা মানুহজনী আহিল কিন্তু তুমি ইমান ডাঙৰ মানুহ কিয় মাতিলা।। আৰু মানুহজনীয়ে মোক উল্টা পুল্টা কথা সুধি আছে।। মই কোন হয়।। তুমি একো নাইকোৱা নি???
নীল: তুমি কাৰ কথা কৈছা??
ৰিয়া:  তুমি যে caretaker কথা কৈছিলা।। মানুহজনী আহিল।।
নীল: সেইটো কেনেকৈ সম্ভৱ।। ছোৱালীজনীয়ে মোক আজি নাযাওঁ কলে সেইকাৰণে মই ফোন কৰিছোঁ।।
ৰিয়া: ছোৱালী!!!ক'ৰ ছোৱালী?? এইগৰাকীতো মোৰ মাৰ বয়সৰ।।
নীল: কোন আহিছে থিক নাই তুমি bedroom ত সোমাই থাকা দৰ্জা খন lock কৰি ।। মাতিলে ওলাই নাহিবা।। মই গৈ আছোঁ।।
ৰিয়া: উমমম সোনকালে আহা।।
নীলৰ কথাবোৰ শুনি ৰিয়াই ভয় খালে।। তাই bedroom ত সোমাই দৰ্জা খন lock কৰি ললে।। নীলৰ মাকে তাইক বিচাৰি bed ৰুম পালেগৈ।। মাকে বহুতবাৰ মাত মাতিলে কিন্তু ৰিয়াই একো উত্তৰ নাইদিয়া।। মাকে ৰিয়াক অলপ psycho ভাবিলে।। মাকে ভাবিলে ইমান অভদ্ৰ ছোৱালী মই বাহিৰত আছোঁ আৰু নিজে দৰ্জা মাৰি ভিতৰত সোমাই আছে।। আহক নীল সুদাই নেৰু। মৰম কৰি মূৰৰ ওপৰত উঠালোঁ।। এনেকুৱা ছোৱালী এজনী ৰাখিছে manners নজনা।। ইফালে নীলৰ চিন্তা বাঢ়িবলৈ ধৰিলে কোন বা আছেহি।। কোনোবা বেয়া মানুহ নহলেই ৰক্ষা।। সি লৰালৰিকৈ ঘৰ আহিল।। সোমাই মাকক দেখি সি আঁচৰিত হ'ল।। বহুত দিনৰ মুৰত মাকক দেখিছে সি মাকক গবা মাৰি ধৰিলে..
নীল: মা তুমি কেতিয়া আহিলা?? মোক ফোন কৰিব লাগিছিল মই airport পা লৈ আহিলোঁ হেঁতেন।।
মাক: আগতে কোৱা সেইজনী ক'ৰ ছোৱালী।। ইমান অভদ্ৰ ছোৱালী।। আহি পাইছোহি বহিব ও দিয়া নাই কামৰ হিচাপ দিছে।। তাৰ পিছত bedroom ত দৰ্জা lock কৰি সোমাই আছে।।
মাকৰ কথা শুনি নীলৰ বহুত হাঁহি উঠিল।। সি মাকক কলে..
নীল: তাই ৰিয়া।। মোৰ friend ।। তাই বহুত ভাল ছোৱালী তুমি ভূল বুজিছা।। ৰুমত সোমাবলৈ ময়েই কৈছিলোঁ।।
মাক: কিয়?
নীল: বেলেগ কোনোবা আহিছে বুলি।। ভয় লাগে তাইৰ যদি কিবা এটা হয়।।
মাক: সেইকাৰণে তুমি সোনকালে আহিলা।।
নীল: উমম।।
মাক: অকল friend নে gf??
নীল: friend অ মা।। কি যে ভাবা।।
মাক:  মই একো নাইভবা just সুধিছো।।
নীল: পাপা নাহিলে মা।।
মাক: ভালেই হ'ল পাপা নাইঅহা। এইবোৰ দেখি কম দুখ পালে হেঁতেন নে??
নীল: মা তুমি এনেকৈ কৈছা যে।। তুমি তো modern thinking ৰাখা।।
মাক: হ'ব হ'ব।।
নীল: তাইক লৈ আহোঁ ৰবা চিনাকি হোৱা দুইজনী।।
মাক: মইও গৈছোঁ ব'লা।।
নীল: আহা।।
নীল গৈ bed room ৰ ওচৰ পালেগৈ ।। সি দুৱাৰত টকটকাই দিলে...
নীল: ৰিয়া দৰ্জা খোলা ।। মই আহিলোঁ।।
ৰিয়াই বহুত ভয় খাইছিল।। নীলৰ মাততো শুনিহে তাইৰ অলপ ভাল লাগিল।। তাই দৰ্জা খন খুলিয়েই নীলক সাৱতি ধৰিলে।। নীল গোটেইটো ৰঙা পৰি গ'ল আৰু নীলৰ মাকৰ চকু থৰ হৈ গ'ল.....

ৰিয়াৰ সময় নাই বেলেগলৈ চাবলৈ।। তাই তাক সাৱতি য়েই কলে...
ৰিয়া: নীল তুমি সোনকালে আহিলা বহুত ভাল কৰিলা।। মোৰ বহুত ভয় লাগিছিল নীল।।
নীলে কি ক'ব ভাবি পোৱা নাই। মাকৰ আগত সি লাজ পাইছে।। সি ৰিয়াক গাৰ পৰা আঁতৰাই কলে..
নীল: ৰিয়া মা।।
ৰিয়াই একো ধৰিব পৰা নাই।।। তাই সুধিলে…
ৰিয়া: কাৰ মা??
নীল: মোৰ মা।। তুমি যাক caretaker ভাবিছা সেইয়া মোৰ মা।। ৰবা মাৰ লগত চিনাকি কৰাই দিছোঁ।।
নীলে মাকলৈ চাই কলে..
নীল: মা এইয়া ৰিয়া।।
মাক: হমমম।।।
মাক পাকঘৰলৈ গ'ল চাহ বনাবলৈ।। মাকৰ মনত বহুত প্ৰশ্ন কিন্তু তাই ৰিয়াৰ উপস্থিতিত মাকে নীলক একো সুধিব নোৱাৰে।। মাকে ভাবিলে নীলে ফোনত কোৱা ছোৱালী জনী এয়াই চাগে।। কিন্তু নীলে কৈছিল যে friend কিন্তু মাকে এতিয়া যিবোৰ দেখিছে কেনেকৈ ভাবিব অকল friend  বুলি। উফফ একো ধৰিব পৰা নাই।। বাদ হে দিওঁ মোৰ মূৰটো বিষাই গৈছে।।
ৰিয়া লাজতে ৰঙা চিঙা পৰি গৈছে। কি কৰিলে তাই এইয়া। মাকে চাগে কি ভাবিছে।।। তাই নীলক কলে….
ৰিয়া: নীল কি হ'ব এতিয়া।। মায়ে কি ভাবিছে চাগে।।
নীল: একো নাভাবে আৰু ভাবিছে যদিও মই বুজাই দিম।।
ৰিয়া: তুমি আগতে কিয় নকলা মা আহিব??
নীল: মই নিজেও গম নাপাওঁ।। মায়ে খবৰ নিদিয়াকৈ য়ে আহিল।
ৰিয়া: উমমম ।। মাক এবাৰ sry কৈ আহোঁ নেকি??
নীল: নকলেও হ'ব কিন্তু তোমাৰ মন গৈছে যদি কোৱা আৰু।।
তেনেতে নীলৰ মাকে দুইটাকে চাহ খাবলৈ মাতিলে।। নীল আৰু ৰিয়া দুইটা গৈ মাকৰ ওচৰত বহিল।। ৰিয়াৰ মাকক দেখি মুখৰ মাতবোল নাইকিয়া হৈ গ'ল।। তাই মাথোঁ সেমেনা সেমেনকৈ বহি থাকিল। ৰুমটোত তিনিটা মানুহ কিন্তু কাৰো মুখত মাত নাই।।এটা নিস্তব্ধ পৰিবেশ।। নীলে পৰিবেশতো অলপ ভাল কৰিবলৈকে নিজেই কথা পতা আৰম্ভ কৰিলে...
নীল: মা তোমাৰ হাতৰ চাহ কাপ যেন কিমান miss কৰিছিলোঁ।। এতিয়াহে ভাল লাগিছে।।
মাক: হ'ব তুমি কিমান miss কৰা মোক জানো।। ৰিয়া তুমি এতিয়া ঠিকেই আছা নহয়।। নীলে কৈছিল তোমাৰ accident ৰ কথা।।
ৰিয়া: উমমম এতিয়া অলপ ভাল পাইছোঁ।। নীলে বহুত care লয়।।
ৰিয়াই কোনবোৰ কথা কাৰ আগত ক'ব লাগে সেইটো নাজানে।। মনত যি আহে তাই কয়।। মাকে ৰিয়াৰ কথা শুনি খাই থকা চাহ মুখৰ পৰা ওলাই গ'ল।। নীলে একো ভাবি পোৱা নাই কি ক'ব।। ৰিয়া মাকৰ কাৰনে কাপোৰ এখন আনিব গ'ল।। মাকে নীললৈ চাই কলে..
মাক: কেতিয়াবা আমাৰো এনেকৈ care লবাচোন সোন।।
নীল: হ'ব চোন মা।।চাহ খোৱা।। মা তুমি অলপ rest লোৱা ইমান দূৰৰ পৰা আহিছা ।। মই আবেলি ওলাই যাম bed এখন আনিব এখন bed হে আছে।।
মাক: মই অহা কাৰনে problem হোৱা নাইতো।।
নীল: হে কি যে কোৱা মা।।
তেনেকুৱাতে ৰিয়া সোমাই আহিল।।  ৰিয়াই মাকক কাপোৰ খন দিলে।। তাই নীলৰ মাকক কলে..
ৰিয়া: aunty m sry.. মই আপোনাক ধৰিবই পৰা নাছিলোঁ।। নীলে কাম কৰা মানুহ আহিব বুলিহে কৈছিল।। সেইবাবে..
মাক: হ'ব মই বেয়া পোৱা নাই।। মানুহৰ ভূল হয়েই।।
ৰিয়া: আপুনি অলপ rest লওঁক aunty ।। বহুত দূৰ আহিছে নহয় ভাগৰ লাগিছে চাগে।।
মাক: থিক আছে।।
মাক fresh হৈ বিচনাত শুই দিলে।। ৰিয়া আৰু নীল ড্ৰয়িং ৰুমতে বহি আছে।। ৰিয়াই নীলক সুধিলে..
ৰিয়া: নীল মই ৰিয়াৰ ৰুমলৈকে যাওঁ নেকি ।। এতিয়াতো মই ভাল পাইছোঁ আগতকৈ বহুত।।
মা থাকোঁতে মই কেনেকৈ এনেকৈ থাকিম বাৰু।। মায়ে কি ভাবিব।।
নীল: একো নাভাবে মায়ে।। তোমাক দেখোঁতেই মায়ে গম পাইছে তুমি মোৰ লগত থাকা বুলি।। মায়ে জানো কিবা কৈছে তোমাক।।
ৰিয়া: তথাপিও।।
নীল: তুমি চিন্তা কৰিব নালাগে।। মা বহুত free হয়।। দেখিবলৈহে তেনেকুৱা।। কথা পাতা তাৰ পিছত দেখিবা।।আৰু মই বিচনা আনিব যাম অলপ পিছত ।। so শোৱাৰ tension লব নালাগে।।
আবেলি নীল ওলাই গ'ল বিচনা আনিবলৈ ।। মাক শুই থকাৰ কাৰণে সি নজগালে।। নীল যোৱালৈকে ৰিয়া সাৰ পায়েই আছিল কিন্তু পিছত তাই sofate শুই থাকিল।। মাকে সাৰ পাই বিচনাৰ পৰা উঠি আহি ৰিয়াক sofa ত শুই থকা দেখিলে।। ৰিয়াক শুই  থাকিলে বহুত মৰম লাগে।। নীলে জানে সেইটো কথা আজি মাকেও ৰিয়াৰ মৰমলগা মুখ খন দেখিলে।। মাকৰ মনটো ভাল লাগিল।। যি নহওঁক নীলৰ মুখত ৰিয়াৰ কাৰনে হাঁহি আহিছে।। পুতেকৰ সুখতকৈ এজনী মাকক আৰু কি লাগে।। মাকে ভিতৰৰ পৰা আহি  ৰিয়াৰ গাত কাপোৰ এখন আৰু মূৰটো দাঙি গাৰু এটা দি দিলে।। মাকৰ হাতৰ স্পৰ্শত ৰিয়া উচপ খাই উঠিল....

ৰিয়া: aunty আপুনি!!! কিবা লাগে নেকি??
মাক: ধেৎ তেৰি তোমাক কাপোৰ খন দিবলৈ আহি তোমাক জগাই হে দিলোঁ।। ৰিয়া বেয়া নাপাবা।।
ৰিয়া: একো নাই aunty ।। টোপনি কেতিয়া আহিল ধৰিবই নোৱাৰিলোঁ।। নাজানো কি হৈছে মোৰ এইকেইদিন টোপনি আহি থাকে anytime।।
মাক: দৰৱ খোৱাৰ কাৰনে হৈছে।। লাহে লাহে ঠিক হৈ যাব।। চিন্তা নকৰিবা।।
ৰিয়া: হয় চাগে।।আজিকালি টেবলেট বোৰ ইমান strong দিয়ে।। কিন্তু উপায়ো নাই খাবই লাগিব।।
মাক: উমমম ।। atcha ৰিয়া কথা এটা  সোধো?? বেয়া নাপাবা দেই।।
মাকে ভাবিলে নীল নাথাকোঁতেই ৰিয়া কেনেকুৱা জানি লওঁ।। এনেই তো ভালেই লাগিছে কিন্তু আগৰ বাৰৰ দৰে যদি এইবাৰো নীলৰ কষ্ট হয়।। ৰিয়া যদি ভাল ছোৱালী মোৰ কোনো প্ৰব্লেম নাই।। কিন্তু জীয়াৰ দৰে নীলৰ জীৱনটো ধংশ কৰিব দিব নোৱাৰো আকৌ বেলেগক।।
ৰিয়া: aunty কি ভাবিছে ?? শুধক আকৌ মই বেয়া নাপাওঁ নহয়।।
মাক: তুমি নীলক কেনেকৈ চিনি পোৱা মানে ক'ত লগ পালা।।
ৰিয়া: actually নীলক লগ পোৱা মোৰ বেছি দিন নাইহোৱা ।। নীল মোৰ friend এজনীৰ মানে নিশা ৰ friend।। মোক airport ৰ পৰা আনিব যাওঁতে চিনাকি হৈছিলোঁ।। তাৰ পিছত আমি ভাল friend ।।
মাক: তেন্তে ইমান কম সময়ৰ ভিতৰত তুমি নীলৰ লগত থাকিবলৈ আহিলা যে।। সোধা কাৰণে বেয়া নাপাবা।। মানে আজিকালি দিনকাল বোৰ জানাই দেখোন।। সকলো ল'ৰা একে নহয়।। যদি কিবা বেয়া ঘটনা ঘটিলহেঁতেন??
ৰিয়া: মই বেয়া নাইপোৱা।। আপুনি বুলিয়েই নহয়  আন কোনোবা হোৱা হলেও আঁচৰিত হ'লহেঁতেন।।  কেতিয়াবা মইয়ো আঁচৰিত হওঁ ইমান সোনকালে নীলৰ লগত কেনেকৈ close হলো।। মই আগতে ল'ৰা লগত কথা নাপাটোৱেই বেছি।। মোক adjust হবলেও বহুত সময় লাগে।। কিন্তু নীলক লগ পোৱাৰ পিছত সকলো সলনি হৈ গ'ল।। নাজানো এইয়া কিয়, কেনেকৈ হৈছে।। নীলক প্ৰথম দেখাৰ পৰাই বিশ্বাস নিজে নিজে গাঢ় লৈ উঠিলে।। নীলক মোৰ দুদিনৰ চিনাকি গতে লগাই নাই।। নীলক মোৰ বহুত আপোন গতে লাগে।। আপুনি বহুত lucky aunty নীলৰ দৰে ল'ৰা এজন পাইছে।। মই আৰু এটা কথাৰ বাবে ইয়াত আছোঁ।। আপুনিতো নীলৰ অতীতৰ কথা সকলো জানে মানে জীয়াৰ কথা।।
মাক: উমমম জানো।
ৰিয়া: নীলে কাকো নকয় কিন্তু মই জানো সি নিজকে এতিয়াও অকলশৰীয়া বুলি ভাবে।। জীয়াৰ স্মৃতি সি পাহৰিব নাইপৰা।। কিন্তু মই তাক তাৰ অতীত তোক পাহৰাই তাৰ বৰ্তমানতো সুন্দৰ কৰিব বিচাৰিছো।। জীয়াক পাহৰিবলৈ নীলে drinks কৰিছিল।। কিন্তু মই নীলক মানা কৰাৰ পৰা সি নাইকৰা।। নীলক কাৰোবাৰ মৰমৰ প্ৰয়োজন আৰু মই নীলক এজনী বান্ধৱী হিচাপে এই মৰমবোৰ দিব বিচাৰো।। সি মোৰ কথা প্ৰথম দিনাই শুনিছে আশা কৰোঁ আগলৈও শুনিব।। যেতিয়ালৈকে নীলে সম্পূৰ্ণ ভাবে জীয়াক পাহৰিব নোৱাৰে মই ইয়াতে তাৰ লগত থাকিম ভাবিছো।। তাৰ চকুত দুখ বোৰ মই দেখিবলৈ পাওঁ...
ৰিয়াৰ কথাবোৰ শুনি নীলৰ মাকৰ চকুপানী ওলাই আহিল।। মাকে ৰিয়াক সাৱতি ধৰিলে।। মাকক তেনেকৈ কন্দা দেখি ৰিয়াই সুধিলে..
ৰিয়া: aunty কিয় কান্দিছে।। মই কিবা নকব লগা কলো নেকি??
মাক: তুমি একো নকব লগা নাইকোৱা ।। তোমাক কি বুলি ধন্যবাদ দিম ৰিয়া।। তুমি নীলৰ কাৰণে ইমানবোৰ ভাবিছা।।।।
ৰিয়া: মই একো কৰাই নাই aunty।। নীলে মোৰ জীৱনটো বচাইছে।। তাৰ তুলনাত মই একো কৰা নাই।।
মাক: নীলৰ সেইটো অৱস্থা কথা মনত পৰিলে গাৰ নোম শিয়ৰী উঠে।। তাক এইটো অৱস্থাত দেখিম বুলি আমি আশাই কৰা নাছিলোঁ।।
ৰিয়া: aunty চিন্তা নকৰিব নীল এতিয়া আগৰ দৰে হৈ থকা নাই বহুত chng হৈছে।।।
তেনেতে নীলৰ ফোন আহিল মাকলৈ..
নীল: মা শুনা না।। ৰিয়াৰ দৰৱ খাব সময় হৈছে ।। তুমি soup বনায় দিয়া না পাকঘৰত আছে।। মোৰ যোৱা দেৰি হ'ব।।
মাক: হ'ব ।। মই বনাইছো।।
মাকে ফোনটো কাটি কলে..
মাক: ৰিয়া তুমি বহা মই soup বনাও তোমাৰ দৰৱ খাব সময় হৈছে ।। নীলে ফোন কৰিছিলে।।
ৰিয়া: দেখিলে aunty আপোনাৰ লৰাই কিমান care লয়।।
মাকে হাঁহি পাকঘৰত সোমালে।। ৰিয়াই ফোনটোত গান এটাকে লগালে।। তেনেকুৱাতে মাকলৈ এটা ফোন আহিল....

আগলৈ...

 Part 12 :- Click here

লেখা:- পল্লৱী দত্ত
           (Photo credit:- pixabay.com)

Post a Comment

6 Comments