অসমীয়া ৰোমাণ্টিক কবিতা | Assamese Romantic Poem | বৰষুণৰ কবিতা | অসমীয়া কবিতা

বৰষুণ ভালপোৱা ছোৱালী জনি

তাই বৰষুণ খুব  ভালপাইছিল
বৰষুণ তাইৰ খুব প্ৰিয়‌ ।
সেয়ে বৰষুণ দিলেই তাই চোতাললৈ
 দৌৰ মাৰে বৰষুণত তিতিবলৈ ।
কিমান যে এটা ৰোমান্তিক মন  তাইৰ বাবে।
তাই যে সেই বৰষুণজাকৰ মাজত
তাৰ   হাতত হাত ধৰি  তাৰ লগত
 এখন্তেক  নাচিব  আৰু বিলীন হৈ ৰব।
 আৰু তাৰ তালে তালে সুমধুৰ জুবিন দাৰ সেই  বাৰিষাৰে বৰষুণত তুমি ম ই একেলগে থাকিম জনমে জনমে .......গীতটি
উস্ কি যে মাদকতা  ভাবিলেই ভাল লাগি যায়
কিন্তু সি যে আকৌ  বৰষুণ ভাল নাপায় ।

কাৰণ বৰষুণ  দিলেই তাৰ এটাই চিন্তা মূৰত সোমাই  ফুটফাতত পৰি থকা সেই মানুহবোৰৰ কি হ'ব ?কত থাকিব ?কেনেকৈ কত ?
 ভাবিলেই তাৰ বুকুখন চিৰিং মাৰি উঠে

এনে নহয়  যে তাই অকল
 নিজৰ সুখবোৰ পূৰণত ব্যস্ত
তাইও   চিন্তা হয় সেই মানুহবোৰৰ
 কিন্তু সি বা তাই কোৱাৰ  বাহিৰে
 কৰিবই  বা পাৰে কিটো?
  কাৰণ সিহত বোৰ যে এটি
 মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী
তদুপৰি সিহতৰ তো নিজৰ  বুলিবলৈ একো নাই
 সেইবাবে সেইবোৰ ভাবিও তাই নিৰবে থাকে 
আৰু অকন বৰষুণ তিতি  আমেজ ল'ব বিচাৰে
কিন্তু সি তাইক সদায় মানা কৰে
বেমাৰ হোৱাৰ ভয়ত
কিন্তু তাই যে আকৌ কাৰোৰে কথা নামানে
কাৰণ বৰষুণ তাইৰ সৰুৰে পৰা খুব প্ৰিয়
বৰষুণ আৰু তাইৰ মাজত যেন এক ওতপ্ৰোত এৰাব নোৱাৰা   সম্বন্ধ আছে।

লেখা:- ভাগ্যশ্ৰী কাশ্যপ





             বৰষুণ - কবিতা

অ, মোৰ আদৰৰ বৰষুণ জাক,
শেৱালি ফুলৰ সুবাস কঢ়িয়াই লৈ অনা...
বুকুখনি ভৰাই তোলা স্নিগ্ধ, কোমল সুবাসেৰে !

চিপ চিপ কৈ... আৰু, মই তোমাৰ সৈতে দিনটো কথা পাতিম,
আমি মাকৈ খাম,অলপ মিঠা অলপ টেঙা ভিন্নস্বাদৰ...হবনে?
তুমি বৰষিব লাগিব নিশ্চয়কৈ...কিন্তু কিনকিন কৈ।

আস্, ইমান জেদী কিয় তুমি!
কলহৰ কাণ ঢালাকৈ, মূষলধাৰে বৰষিবলৈ...
হৃদয় নাই নেকি তোমাৰ... প্ৰেমত পৰিবলৈ?
তুমিটো নাছিলা কোনো পাষাণ হৃদয়!!

তথাপিও বাৰে বাৰে তোমাৰ প্ৰেমত পৰোঁ,
মইটো নহওঁ তোমাৰ প্ৰেয়সী কিম্বা ডাৱৰৰ কোমল চাদৰ...
যক মন গলেই তুমি কৰি দিবা ভূলুণ্ঠিত...
কিন্তু স্বাভিমানি মইযে অপৰাগ ,
কোনোপধ্যেই
নিজৰ সন্মান ধূলিসাৎ কৰিব দিব পৰাকৈ...
তথাপিও বৰষুণ তুমি মোৰ ভালপোৱা....
বুকুৰ মাজত কলিজাৰ ধপধপনি তুমি।

(কবিতা হৈছে নে নাই নাজানোঁ, কিন্তু ভাৱবোৰ শব্দৰ ৰূপত ছাগে এনেকুৱাই হব।)


                              ✍️ইলোৰা।

Post a Comment

0 Comments