প্ৰেমৰ গল্প :: ভগ্ন হৃদয়ৰ ভাষা

       ইমান ধুনীয়াকৈ সাজিছা আকৰ্ষণ  নোহোৱাৰ কথাই নাহে । খুব সহজতে প্ৰেমত পৰিব পৰাকৈ ধুনীয়া । ইমান আটোম-টোকাৰিকৈ কথা কোৱা ভিতৰ চোৱা যে ইমান সস্তিয়া ভাবিবই নোৱাৰি ।

     তোমাৰ হৃদয়ে চাহিদা বিছাৰে নেকি ? বিজ্ঞাপনৰ জনপ্ৰিয়তাৰে হৃদয় বিকিব খোজিছা । কিমান মূল্য তোমাৰ হৃদয়ৰ ??

            টকাৰ মূল্যৰে হৃদয় দিব খোজা জনকটো বিক্ৰেতা বুলিহে কয় ।

     মোৰ হৃদয়ত প্ৰেম নামৰ স্বগানুভূতি আছিল । কিন্তু তুমি আজি টকাৰ জোখাৰে নিজক বিক্ৰী কৰি মোৰ প্ৰেমক নৰক যন্ত্ৰণালৈ ৰূপান্তৰিত কৰিলা ।

   কি নাছিল মোৰ -- সচাঁ প্ৰেম , সচাঁ মৰম নে ঘৰ-দুৱাৰ  ? সকলোতো আছিল মোৰ ।।

    BMWত উঠাই হয়তো টাউন খন ঘূৰাব নোৱাৰিব পাৰো । কিন্তু তুমি ইচ্ছা কৰা হ'লে মোৰ দুচকীয়া বাহনখনতে উঠাই গোটেই অসমখন ঘূৰাই ফূৰালো হেতেন ।

   নামী-দামী গাড়ীত উঠি , বৃহৎ বৃহৎ অট্টালিকাত থাকি ,  সন্তান জন্ম দিয়াটোয়েই প্ৰেম নেকি ?----সচাঁ অৰ্থত আজি প্ৰেমৰ সংজ্ঞা মোৰ খেলি মেলি ।

    (হৃদয় এক বিজ্ঞাপন । বিক্ৰীৰ দৰ-দামেৰে চাহিদাৰ শীৰ্ষত হৃদয় ।বিজ্ঞাপনৰ জনপ্ৰিয়তাৰে অধিক মূল্যত হৃদয় বিক্ৰী ।)

লেখা:- নিৰ্বিচাৰ  বিধংসী



Post a Comment

0 Comments