উপন্যাস :: প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ২ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

দেউতাক: হেৰা ক'ত আছা।।
মাক: কি হ'লনো।। মই পাকঘৰত কাম এটা কৰি আছো।।
দেউতাক আহি পাকঘৰ পালেহি.. দেউতাক: এই লৰাজনক চিনি পোৱা নেকি?? কোন হয় লৰাটো??
মাক অলপ আচৰিত হ'ল।। মাকে ফটো খন দেউতাকৰ হাতৰ পৰা টানি লৈ সুধিলে…
মাক: ক'ত পালে এইখন??
দেউতাক: তাৰ মানে তুমি সকলো গম পোৱা।।
মাক : নাই মই একো নাজানো।।
দেউতাক : নজনা হলে কোন হয় সুধিলা হেঁতেন কিন্তু তুমি ক'ত পালা সুধিছা।। মাজনীয়ে ফটো খন বুকুত সাৱটি আছিল।। তাই টোপনি যোৱা কাৰনে মই আনি তোমাক সুধিছো।।
মাকে কি উত্তৰ দিব ভাবি পোৱা নাই।। মাকে ভাবিলে তাৰমানে জীয়েকৰ দুখৰ কাৰন ৰোহন।। মাকে ভাবিলে দেউতাকক সকলো কথা কোৱা ভাল হ'ব।। মাকে কলে..
মাক: লৰাটোৰ নাম ৰোহন।। মাজনীৰ কলেজত পঢ়িছিল ।। একেলগৰে আছিল।। মাজনীয়ে ভাল পাই তাক সিও পায়।। তাই মোক কৈছিল সিহঁতৰ সম্পৰ্ক ৰ কথা।।
দেউতাকৰ বহুত খং উঠিল।। দেউতাকে মাকক গালি পাৰিলে...
দেউতাক: তাই সৰু ছোৱালী কি ভাল কি বেয়া নাজানে কিন্তু তুমি তো তাইক মানা কৰিব পৰিলাহেঁতেন।। আজি তাইৰ দুখৰ কাৰন একমাত্ৰ তুমি।। তুমি নাজানা আজিকালিৰ প্ৰেম আমাৰ সময়ৰ দৰে নহয়।।
মাকৰ চকুপানী ওলাই আহিল..
দেউতাক: এতিয়া কান্দি কি লাভ।। সোধা কি হৈছে তাইক।।
মাক: তাই কথাবোৰ কওঁতে বহুত সুখী আছিল আৰু লৰাটো ভাল বুলি কৈছিল সেইবাবে মই মানা নকৰিলো।। গাভৰু ছোৱালী এজনীক জবৰদস্তি জানো কৰিব পাৰি।।প্ৰথমতে মইও মানা কৰিছিলো। কিন্তু তাইৰ মুখ খনলৈ চাই মই আৰু একো নোকোৱা হলো।।
দেউতাক: যি হ'ল হ'ল এতিয়া কিন্তু তাইৰ লগত ভালকৈ কথাবোৰ পাতা। শুই উঠিলেই কথাবোৰ আলোচনা কৰিবা।
মাক: থিক আছে।।
ৰিয়া শুই উঠাৰ পিছত মাক ৰিয়াৰ ৰুমলৈ গ'ল।।
মাকে দেখিলে ৰিয়াই কিবা বিচাৰিছে ।। মাকে তাইক সুধিলে..
মাক: মাজনী কি বিচাৰি আছ'??
ৰিয়াই মাথোঁ বিচাৰিছে এবাৰ বিচনাৰ তলত এবাৰ দুৱাৰ চুকত এবাৰ টেবুলৰ তলত। তাই যেন মাকৰ কথা শুনাই নাই।। মাকে ভাবিলে ৰোহনৰ ফটো খন বিচাৰিছে নেকি বাৰু।। মাকে সুধিলে..
মাক: ৰোহনৰ ফতো খন বিচাৰিছ নেকি??
ৰোহনৰ নাম শুনি তাই ৰৈ গ'ল।। মাকৰ মুখত ৰোহনৰ নাম শুনি তাইৰ বুকুখন চিৰিং কৈ উঠিল।। তাই মাকলৈ চাই কলে..
ৰিয়া: তুমি কেনেকৈ গম পালা মা।।
মাক: তই নোকোৱা হলে কি আমি কথাবোৰ গম নাপালোঁ হেঁতেন নেকি? মোকো কব নোৱাৰাহলি কথাবোৰ।। মই তোক সদায় মোক নিজৰ best friend ভাবিব কওঁ যাতে তই সকলো কথা মোক কব পাৰ'।।
মাকৰ কথাবোৰ শুনি ৰিয়াই দৌৰি গৈ মাকক সাৱতি ধৰি কান্দিলে।। মাকে তাইক সান্তনা দিছে কিন্তু তাই নিজকে চম্ভালিব পৰা নাই।। তাই মাকক কথাবোৰ কলে কিন্তু মাকে যাতে ৰোহন ক বেয়া নাপায় সেইকাৰনে তাই সঁচা কথাবোৰ নকলে।। তাই মাথোঁ কলে..
ৰিয়া: মাfamily problem ৰ কাৰনে আমি দুইটাই breakup কৰিলোঁ।। কিন্তু মই চোন তাৰ অবিহনে থাকিবই পৰা নাই।।
মাক: সকলো থিক হৈ যাব মাজনী।।
ৰিয়া: সচাকৈ সকলো থিক হ'বনে।।
মাক: উমমম.. হব।। এইবোৰ সকলো ভগৱানে কৰিছে গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখ।। ভগৱানে যি কৰে ভালেই কৰে।।
ৰিয়া: I Hope So।।
মাক: মাজনী।। তই এনেকৈ মন মাৰি নাথাকিবি।। দেউতাই বহুত কষ্ট পায়।।
ৰিয়াৰ মাকৰ লগত কথা পাতি মনটো অলপ পাতল লাগিল।। তাই কলে..
ৰিয়া: থিক আছে মা।। মই আগৰ দৰেই থাকিম।। sorry মা মোৰ কাৰনে তোমালোকে কষ্ট পাইছা।।
মাক: এনেকৈ থাকিলেহে ভাল লাগে। আমাৰ তোৰ বাহিৰে কোন আছে।।
ৰিয়াই মাকৰ কপালত চুমা আঁকি কলে..
ৰিয়া: এতিয়াৰ পৰা তোমালোকে যেনেকৈ ভালপোৱা তেনেকৈ থাকিম।।
মাক: এবাৰ দেউতাৰ ওচৰ পা আহিবি।। ৰোহনৰ ফতো খন দেউতাই পাইছিল।।
ৰিয়া: দেউতাই সকলো গম পালে নেকি মা।।
মাক: উমমম।। গতিকে তই এবাৰ নিজে গৈ পাতিবি দেউতাৰ লগত।।
ৰিয়া: থিক আছে।।
ৰিয়া দেউতাকৰ ৰুমলৈ গ'ল ।। দেউতাকক দেখি তাই অলপ অস্বস্তি অনুভৱ কৰিছে কিয়নো আজি দেউতাকে তাইৰ সম্পৰ্ক ৰ কথা গম পাইছে।। তাই দেউতাকক কলে..
ৰিয়া: I am really sorry দেউতা।। মই বহুত দুখ দিছো ন' তোমালোকক।।
দেউতা: মাজনী মই দুখ পাইছো এইকাৰনে নহয় যে তুমি মোৰ পৰা কথা লুকুৱাইছা।। কিন্তু তুমি ইমান কষ্টত থকাটোহে মোৰ সহ্য হোৱা নাই সোনজনী।। আমি কেতিয়াও তোমাৰ চকুত চকুপানী চাব নোৱাৰো।
ৰিয়া: don't worry দেউতা।। তোমাৰ সোনজনী এতিয়া আগৰ দৰেই হৈ যাব।।
ৰিয়াই যদিও কথাবোৰ মাক দেউতাকক সহজ ভাবে কৈছিল কিন্তু তাই ইমান সহজ হব পৰা নাছিল।। নিজৰ মাজতেই পুহি ৰাখিছিল সকলো দুখ, বেদনা।। তাই জানে তাইৰ কাৰনে যে ঘৰ খনৰ বাকী মানুহবোৰে কষ্ট পাইছে সেয়েহে তাই নিজকে storng বনাব বিচাৰিছে।।
তাই নিজৰ ৰুমলৈ গৈ ৰোহন য়ে দিয়া প্ৰতিটো gift উলিয়াই ললে...

Gift বোৰ ৰিয়াই হেঁপাহ পলুৱাই চাইছে।। কিমান মৰমত তাইক সি দিছিল এইবোৰ।।চাকৰি নথকা স্বত্তেও পকেট money বচাই সি তাইক সেইবোৰ দিছিল।। তাই কেতিয়াও ৰোহনক তাৰ মৰমৰ বাহিৰে একো বিচৰা নাছিল।। কিন্তু সি বহুত হেঁপাহেৰে সেইবোৰ তাইক দিয়া বাবেই তাই সযতনে ৰাখিছে সকলো বোৰ।। সি দিয়া taddy তো তাইৰ আটাইতকৈ মৰমৰ।। সকলো সময়তে সৰু ছোৱালীৰ দৰে তাই সেইটোকে লৈ থাকে। ৰোহনৰ সলনি তাই এতিয়া সকলো কথা taddy তোক কয়।। এনেকৈয়ে তাই আৰু 2 মাহ পাৰ কৰিলে।। কিন্তু তাই আশা বাদ দিয়া নাই।। ৰোহন ঘূৰি আহিব বুলি তাইৰ দৃঢ় বিশ্বাস।। মাক দেউতাকৰ আগত হাঁহি মাতি থাকিলেও নিশা হোৱাৰ লগে লগে তাই বিচনাত পৰি ৰয় এটা নিথৰ দেহ হৈ।। যেতিয়াই তাৰ কথাবোৰ মনত পৰে তেতিয়াই তাইৰ দুচকু চকুপানীৰে ভৰি পৰে ।।। প্ৰথম প্ৰেমক পাহৰা সহজ নহয় যেতিয়া এই প্ৰেম বহুত গভীৰ হৈ যায়। তাইও নোৱাৰে ৰোহনক পাহৰিব।। আচলতে তাই ৰোহনক পাহৰিবই বিচৰা নাই।। নিজকে বহুত অকলশৰীয়া অনুভৱ কৰে তাই।। কিন্তু কাকো কব নোৱাৰে।। নিজৰ best friend বোৰক ও তাই একো নকয়।। কাৰন সকলোৱে তাইক move on কৰিব কয় কিন্তু তাইতো ৰোহনৰ কাৰনে wait কৰিছে গতিকে তাই কিয় move on কৰিব।। আৰু move on কৰাতো জানো ইমান সহজ।। আনে পৰামৰ্শ দিবলৈ ভাল কিন্তু নিজৰ লগত হলেহে বুজি পায় প্ৰকৃততে কিমান কঠিন প্রিয় জনক পাহৰি থকা।। সি contact কৰিব মানা কৰাৰ বাবে তাই contact নাই কৰা।। কিন্তু মনটোক জানো সদায় তাই ধৰি ৰাখিব পাৰিব।। তাই  এদিন ৰোহনলৈ ফোন লগালে।। তাই কেৱল এটাই উত্তৰ পালে... the number u have call is currently busy.. pls call it later..
তাইৰ মনটোৱে মানিব পৰা নাই কিয় ফোন তো লগা নাই আৰু কিহত busy।। তাই পুনৰ ফোন লগালে কিন্তু উত্তৰ একেই।। তাইৰ অশান্তি লাগিল।। তাই লাহেকৈ ৰোহনক whatsapp ত msg দিলে।। তাই ৰৈ আছে সি msg দেখিলে নিশ্চয় reply দিব।। এটা দুটা কৈ তাই কেইবাটাও msg দিলে ৰোহনক কিন্তু উত্তৰ নাই।। তাই মন কৰিলে তাইৰ msg বোৰ দেখোন সি seen কৰাই নাই।। ইমান সময় তো সি ফোনটো নোচোৱাকৈ নাথাকে।। হঠাতে তাইৰ চকু গ'ল ৰোহনৰ whatsapp ৰ dp লৈ।। তাই দেখোন তাৰ dp খন নাইদেখা।। এইয়া কেনেকৈ সম্ভৱ।। তাই ৰোহনলৈ ফোন ৰ ওপৰত ফোন লগালে কিন্তু সেই একেই উত্তৰ।। তাই এতিয়া হে বুজিছে আচলতে তাইক ৰোহনে block কৰি থৈছে।। সেয়ে তাইৰ call , msg একো দেখা নাই সি।। তাই পাগলৰ দৰে কান্দিব ধৰিলে।। আকৌ যেন তাইৰ সপোনবোৰ ভাঙি গ'ল।। ইমান খিনি হোৱাৰ পিছতো তাই আশা কৰি আছিল সি ঘূৰি আহিব কিন্তু সকলোবোৰ খেলি মেলি হে হৈছে। তাই taddy তোৰ ফালে চাই  ক'লে...
ৰিয়া: কি ভূল আছিল মোৰ কোৱা মোক।।তোমাক সঁচা ভালপোৱাৰ উচিত মূল্য দিলা মোক।। তুমি আঁতৰি যোৱাৰ পিছতো এবাৰো মই তোমাৰ কথা বেয়াকৈ ভবা নাই।। ভাবিছিলো সকলো থিক হব ।তুমি ঘূৰি আহিবা কিন্তু তুমি তো মোক block কৰি দিলা।। এটাই last prmz বিচাৰিছিলো যে মোক ব্লক নকৰিবা কিন্তু তুমি সেইটো prmz ও ব্ৰেক কৰি দিলা।। কিয় এনেকুৱা কৰিলা.…..
তাই কান্দি কান্দি ভাগৰি পৰিছে।। জীৱনত তাই বেছি একো বিচৰা নাছিল।। তাৰ ভালপোৱাই তাইৰ কাৰনে সকলো আছিল। বহুত সুখী আছিল সিহঁত।। কাৰ চকু লাগিল তাঁহাতৰ এই মধুৰ সম্পৰ্কত?? কথাবোৰ ভাবি ভাবি তাই লেবেজান হৈ পৰিল।। নোৱাৰে তাই এনেকৈ থাকিব।। তাই বাথৰুম যাবলৈ ও যেন শক্তি নাই।। বিচনাৰ পৰা উঠি বাথৰুমত যাবলৈ লওঁতেই তাই বেহুচ হৈ সৰি পৰিল।। মাকে ধুমকৈ হোৱা শব্দ শুনি ৰিয়াৰ ৰুমলৈ দৌৰি আহিল।। ৰিয়াক তলত পৰি থকা দেখি মাকৰ যেন জিও তো উৰি গ'ল।। মাকে দৌৰি গৈ তাইক উঠাবলৈ চেষ্টা কৰিছে।। মাকে ভয়তে কান্দি কান্দি দেউতাকক চিঞৰিলে...
মাক: হেৰি কত আছে আপুনি সোনকালে আহক।। মাজনী ৰ কি হৈছে চাওক চোন।।
মাকৰ মাতত দেউতাকো উধাতু খাই আহিল।। দেউতাকে তাইক দেখি হতবাক হ'ল।। দেউতাকে কি কৰিব যেন একো ভাবি পোৱা নাই ।। মাকে কলে..
মাক: কি চাইছে ধৰক ছোৱালীজনীক বিচনালৈ তুলি দিওঁ।।
দেউতাক: অ'.. ধৰা ধৰা।।
মাক দেউতাকে ধৰি ৰিয়াক বিচনালৈ তুলিলে। দেউতাকে তেওঁলোকৰ family doctor ক ফোন লগালে।। কিছুসময়ৰ পিছত Doctor আহি পালে।। Doctor য়ে চাই কলে..
ডক্টৰ: আপোনাৰ ছোৱালী বহুত দিনৰ পৰা depression ত আছে।। তাইক এতিয়াই admit কৰিব লাগিব।। বহুত weak হৈ আছে।। BP low হৈ যোৱাৰ কাৰনে বেহুচ হৈ পৰি গ'ল।।
মাক দেউতাকৰ আগত যেন এজাক ধুমুহা আহি পৰিছে।। দিনটো হাঁহি থকা ছোৱালী জনীয়ে যে ভিতৰি ইমান কষ্টত আছে মাক দেউতাকে জনাই নাছিল।। ৰিয়াক admit কৰা হ'ল।। ৩ দিনৰ পিছত হে তাইৰ sense আহিল।। চকুৰ গুৰি বোৰ কলা পৰি গৈছে।। চকুকেইটা মেলি চকুৰ সন্মুখত মাক দেউতাকৰ কন্দনামুৱা ৰূপ দেখি তাইৰ দুচকুৱেদি চকুপানী নিগৰি আহিল । কিয় তাই নিজৰ লগতে তাইক ভালপোৱা মানুহবোৰক কষ্ট দিছে।। কি কৰি আছে তাই আচলতে। তাই নিজকে প্ৰতিজ্ঞা কৰিলে তাই আৰু ৰোহনৰ কথা নাভাবে।। আজি তাইৰ কিবা হোৱা হলে মাক দেউতাকৰ কি হ'লহেঁতেন।। মাকে আহি তাইক সাৱতি ধৰিলে আৰু কান্দি কান্দি কলে...
মাক: আজি ৩ দিনৰ পিছত তুমি সাৰ পাইছা মাজনী।। এই ৩ দিন দেউতা আৰু মই কেনেকৈ জীয়াই আছো কেৱল আমিহে জানো।। তুমি সোনকালে থিক হৈ লোৱা।। তুমি নাথাকিলে ঘৰ খন একেবাৰে উৰুঙা উৰুঙা লাগে অ'।।।
ৰিয়াই মাকৰ চকুপানী খিনি মোহাৰি দিলে।। তাই মাকক কলে..
ৰিয়া: সকলো থিক হৈ যাব মা।। মোৰো ইয়াত থাকি ভাল নালাগে মই সোনকালে ঘৰ যাব বিচাৰো।।
দেউতাক: কাইলৈ তোমাক ঘৰ লৈ যাম সোনজনী তুমি অলপ strong হৈ লোৱা।।।
ৰিয়া: দেউতা মোৰ কাষলৈ আহা।।
দেউতাক ৰিয়াৰ কাষলৈ আহিল।। তাই এখন হাতে দেউতাকক আৰু এখন হাতে মাকক সাৱতি কলে..
ৰিয়া:  I am sorry and I love u both
ৰিয়াৰ কথা শুনি দেউতাকৰোঁ চকুপানী ওলাই আহিল।দেউতাকে তাইৰ কপালত চুমা দি কলে..
দেউতাক: তুমি থিক হৈ লোৱা।।Doctor uncle ৰ লগত পাতি  তোমাক ইয়াৰ পৰা কাইলৈ লৈ যাম।।
ৰিয়া: উমমম....

ৰিয়াক ঘৰলৈ অনা হ'ল। doctor য়ে তাইক rest লব দিছে।। তাই বিচনাত শুই আছে।। শুই শুই তাই ঘটি যোৱা ঘটনা বোৰ ভাবি আছে।। তাইৰ নিজৰ ওপৰত আজি ঘৃণা উপজিছে।। তাই নিজকে সেইদিনা শেষ কৰি দিয়া হলে মাক দেউতাকৰ কি হলহেঁতেন।। বহুত ডাঙৰ পাপ কৰিব ওলাইছিল তাই।। ভগৱানে কেতিয়াও তাইক ক্ষমা নকৰিলে হেঁতেন আৰু এইবোৰ কাৰ কাৰনে যি তাইৰ ভালপোৱা এৰি এতিয়া বেলেগৰ লগত সম্পৰ্কত আছে।। সঁচাই এই পৃথিৱীত মাক দেউতাকৰ বাহিৰে কোনো আপোন নহয়।। মাক দেউতাকৰ ভালপোৱা ই একমাত্ৰ ভালপোৱা যত কোনো স্বাৰ্থ নাথাকে আৰু এই ভালপোৱা চিৰস্থায়ী।। তাই কেতিয়াও আৰু ৰোহনৰ কাৰনে নাকান্দে।। এটা বেয়া সপোন বুলি তাই সকলো পাহৰি যাব।। কিন্তু সচাকৈ বাৰু পাৰিবনে?? নাই তাই পাৰিবই লাগিব।। তাইৰ কাৰনে নহলেও মাক দেউতাকৰ কাৰনে।। তাই আৰু জীৱনত কেতিয়াও প্ৰেম নকৰে।। এইবোৰৰ পৰা দূৰত থাকিব তাই।।।  লাহে লাহে ৰিয়া সুস্থ হৈ আহিল।। ৰোহনৰ লগত তাইৰ কোনো contact নাই এতিয়া।। তাই ৰোহনৰ কথা ভাবি উজাগৰী নিশা পাৰ নকৰে।। কেতিয়াবা মনত পৰিলে তাইৰ দুচকুৱেদি চকুপানী বৈ আহে।। কিন্তু  আগৰ দৰে তাই এতিয়া weak নহয়।। মনৰ মাজত এতিয়াও তাই ৰোহনক ৰাখি থৈছে গোপনে।। মাথোঁ ভগৱানক সদায় প্ৰাৰ্থনা কৰে সি যাতে সোনকালে ঘূৰি আহে।। কিন্তু কাকো এই কথা জানিবও নিদিয়ে তাই যে এতিয়াও তাৰ বাবে wait কৰি আছে।। এনেদৰে ২ বছৰ পাৰ হ'ল।। ৰিয়াৰ জীৱনলৈ বহুত ল'ৰা আহিল কিন্তু ৰোহনৰ ঠাই কোনেও লব নোৱাৰিলে।। আচলতে তাই কাকো দিবই নিবিচাৰিলে।।। তাইৰ বান্ধৱী এজনীয়ে কলকাতা ত fashion designing ৰ course কৰি আছিল।। তাইৰো সপোন আছিল fashion designer হোৱা।। কিন্তু ৰোহনে তাইক যাবলৈ দিয়া নাছিল।। সি কৈছিল চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়।। তাইও তাক কষ্ট দিব বিচৰা নাছিল সেয়েহে তাই নোযোৱাৰ সিদ্ধান্ত লৈছিল।। কিন্তু এতিয়া তাই নিজৰ সপোন বোৰ আকৌ জীপাল কৰি তুলিব বিচাৰিছে।। তাই দেউতাকক কবলৈ গ'ল তাইও কলকাতা গৈ fashion designing কৰিব বুলি..
ৰিয়া: দেউতা মই কলকাতা যাব বিচাৰিছো।। তাত fashion designing ৰ course এটা কৰিম ভাবিছো।।
দেউতাক: কিন্তু তুমি অকলে পাৰিবা জানো।।
ৰিয়া: দেউতা তাত মোৰ বান্ধৱী এজনীও আছে।। তাইৰ লগত পাতিছো।। তাই সকলো arrange কৰি দিব।। তাইও কৰি আছে।।
দেউতাক: থিক আছে।। তুমি যি ভাল দেখা।। মই কাইলৈ flight ৰ ticket book কৰি দিম কেতিয়া যাবা তুমি??
ৰিয়া: 3 days ৰ পিছৰ ticket book কৰা।। মোৰ পেকিং বোৰ কৰি লওঁ।।
দেউতা : থিক আছে।।।
ৰিয়াই আহি মাকক আহি কলকাতা যোৱা কথাটো কলে। মাকে প্ৰথমে আপত্তি কৰিছিল কিন্তু জীয়েকৰ সপোন ভাবি যাবলৈ দিলে।।
এটা নতুন দিগন্তৰ সন্ধানত ৰিয়াই উৰা মাৰিলে কলকাতালৈ।। Airport ত land কৰাৰ পিছত য়ে তাই বান্ধৱী নিশা লৈ ফোন লগালে..
ৰিয়া: hey নিশা ।। where are u??? মই এই just land কৰিলো।।
নিশা: come to the front of the gate we are waiting for you.
ৰিয়া: okk dr...
ৰিয়াক welcome কৰিবলৈ নিশাৰ লগতে নিশাৰ bf আৰু তাৰ বন্ধু নীল ও আহিছিল।। ৰিয়াক লগ পোৱাৰ পিছত নিশাই সকলোকে ৰিয়াৰ লগত চিনাকি  কৰাই দিলে...
নিশা: welcm to Kolkata swtheart..ummah.. তোক বহুত miss কৰিছিলো ।। তই মোৰ লগতে আহিব পাৰ'।। 2 yrs ৰ পিছত আহিছ।। ohh sry তোক চিনাকী কৰি দিয়াই নাই নহয়।।
নিশাই তাইৰ bf লৈ দেখুৱাই কলে..
নিশা: এইয়া মানস মোৰ bf।।
ৰিয়া: hii..
আৰু এইবাৰ নীল লৈ দেখুৱাই কলে..
নিশা: এইয়া মানসৰ বন্ধু নীল।
ৰিয়া: hii
আটাইকেইটা গৈ নিশাৰ flate পালেগৈ।।  নিশাই ৰিয়াক fresh হৈ লব কলে। ৰিয়া বাথৰুম যোৱাৰ পিছত নীল য়ে নিশা ক সুধিলে..
নীল: who is the preety girl?
নিশা: অলপ আগতে intro কৰাইছিলোঁতো ।
নীল: অকল নামটো.. other details..
নিশা: hey dude she is not your type।। and  don't try to flirting with her..
নীল: what my type??
নিশাই কিবা কোৱাৰ আগতেই ৰিয়া আহি সিহঁতৰ ওচৰ পালেহি..

আগলৈ....

লেখা:- পল্লৱী দত্ত

Part 3 :- Click here




Post a Comment

0 Comments