প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ৭ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

ৰিয়া: am srry নীল।। নাজানো কি হৈছিল মোৰ ।। তুমি মোক ভূল নুবুজিবা।।
নীল: its okk তুমি অলপ fresh হৈ লোৱা।। মই বেলেগ একো ভবা নাই।।
ৰিয়া: okk
নীল: নিশা তাইক বাথৰুম লৈ যোৱা।।
নিশাই একো বুজি পোৱা নাই।। তাই ৰিয়াক বাথৰুম লৈ গ'ল।।ৰিয়াই মুখখন ধুই দিছে ।। তাইৰ মূৰটো কিবা কিবি লাগিছে। নিশাই ৰিয়াক লক্ষ্য কৰি আছে ।। একোবত তাই ৰিয়াক সুধিলে...
 নিশা: ৰিয়া তই নীলক srry কিয় কৈছিলি।।
ৰিয়া: am sry নিশা মই আজি drinks কৰিছিলোঁ।। নাজানো কি হৈছিল মই আৰু খাব বিচাৰিছিলোঁ।। কিন্তু নীলে দিয়া নাছিল।। খোৱাৰ লগত টনা আজুৰা কৰোঁতে মই নীলৰ গাত সৰি পৰিলোঁ আৰু....
নিশা: আৰু কি??
ৰিয়াই নিশাৰ চকুত খং দেখিছে।। ৰিয়াই ভাবিলে মই drinks কৰাটো নিশাই ভালপোৱা নাই।। ৰিয়াই একো নোকোৱা দেখি নিশাই আকৌ কলে..
নিশা: তোক কিবা এটা সুধিছো।।
ৰিয়া: মই তাক.... মানে,….তাক মই...
নিশা: কিনো গাই আছ অ' ভালকে ক'।।
ৰিয়াই নিজৰ চকুযুৰি জপাই দিলে আৰু কলে...
ৰিয়া: মই নীলক kiss কৰিবলৈ লৈছিলোঁ।।
কথাখিনি শেষ হৈছিল হে ৰিয়াৰ গালত এটা প্ৰকাণ্ড চৰ মাৰিলে নিশাই।। ৰিয়াই কি হ'ল একো ভাবি নাপালে..
নিশা: are u stupid...কি কৰিব উলাইছিলি হা।। commonsense নাই নেকি তোৰ।। কি কৰিছ কি কৰা নাই একো নাজান যে।। তই তো ৰোহনক ভালপাৱ তেন্তে বেলেগ ল'ৰাৰ লগত এইবোৰ কেনেকৈ হা।। তোক মই অকলে এৰিবই নালাগিছিল।। কলকাতাত এইবোৰ কৰিব আহিছ।।
বাথৰুমত হুলস্থুল শুনি নীল আৰু মানস সেইখিনি পালেগৈ...
মানস: what happened নিশা???
ৰিয়াই নীলক দেখি আৰু মনটো মাৰি পেলালে।। তাই মাথোঁ কান্দিছে।। নীলে লক্ষ্য কৰিলে তাইৰ গুলপীয়া গালখনত আঙুলিৰ সাঁচ।। তাৰ আৰু বুজিবলৈ বাকী নাথাকিল যে নিশাই তাইৰ ওপৰতো যে হাত উঠালে।। নীলে কিবা এটা ক'ব লওঁতেই ৰিয়াই কান্দি কান্দি বাথৰুমৰ পৰা ওলাই গ'ল।। নিশাও খঙতে বিচনাত আহি বহিল।। মানসে নিশাক বুজাবলৈ তাইৰ পিছে পিছে আহিল।। নীল তাতেই ৰৈ গ'ল।। সি ভাবিলে এইবোৰ মোৰ কাৰণে হৈছে।। তাই নতুনকৈ life তো আৰম্ভ কৰিব লৈছিলে।। সকলো শেষ হৈ গ'ল চাগে।। সি ৰিয়াক সান্তনা দিবলৈ আহিল কিন্তু ৰিয়াক কোনো এটা ৰুমতে বিচাৰি নাপালে।। যি দেখিলে বাহিৰৰ দৰ্জা খন খোল খাই আছে।। তাৰ ভয় হ'ল।। ৰিয়া ৰাতিখন বাহিৰলৈ ওলাই যোৱা নাইতো।। সি মানস আৰু নিশাক চিঞঁৰিলে।। তাৰ মাতত দুইটা দৌৰি আহিল..
মানস: কি হৈছে নীল??
নীল: ৰিয়া কতো নাই।।
নীলৰ কথা শুনি নিশাৰ মূৰত যেন সৰগ খন ভাঙি পৰিল..
নিশা: নাই মানে ক'ত গ'ল তাই।।
নীল: নাজানো ।। may be বাহিৰলৈ ওলাই গৈছে।।
নিশা: কি???? তাই একো চিনি নাপায় আৰু ৰাতিখন ওলাই যোৱাটো safe নহয়।।
নীল: এইবোৰ সকলো তোমাৰ কাৰণে হৈছে।। তোমাৰ কথা শুনিবলৈ বেলেগৰ সময় থাকে জানো।।। যদি ৰিয়াৰ কিবা হয় মই কেতিয়াও তোমাক মাফ নকৰো নিশা।।
নিশাৰ যেন এতিয়া হে অনুসূচনা আহিছে।। তাই ও কান্দিছে।। মানসে কলে...
মানস: তোমাৰ এই short temper টোৱে সকলো শেষ কৰিব।।
নীল: এতিয়া এইবোৰ পাতি লাভ নাই।। আমি তাইক সোনকালে বিচাৰিব লাগিব।। ব'ল মানস।।
নিশা: মইও যাম।।
নীল: তুমি নালাগে।। তোমাক দেখিলে হয়তো তাই বেছি দুখ পাব।।
নিশা: উমমম থিক আছে।। pls তাইক সোনকালে লৈ আহা।।
নীল: okk
নীল আৰু মানস ৰিয়াক বিচাৰি গ'ল....

নীলে মানসক কলে...
নীল: আমি যদি একেটা side ত যাওঁ তেন্তে বিচাৰিব দিগদাৰ হ'ব।। তাই ক'ত গৈছে আমি নাজানো।। গতিকে তই এইফালে যা আৰু মই এইফালে যাওঁ।। পালে ফোন কৰিবি।।
মানস: থিক আছে।।
মানস আৰু নীল দুইটাই দুটা বিপৰীত দিশত ৰিয়াক বিচাৰি গ'ল।।  নিশাৰ ঘৰত অলপো মন বহা নাই।। অজানিতে তাই বহুত ডাঙৰ ভূল কৰিলে।। তাই এনেকৈ ৰিয়াৰ গাত হাত উঠাব নালাগিছিল।। ইফালে ৰিয়াক বিচাৰি নাপায় নীলৰ বহুত বেছি চিন্তা হ'ল।। নতুন ঠাই নতুন পৰিবেশ ইফালে ফোনতো ও লৈ যোৱা নাই কেনেকৈ contact কৰিম।। পুলিচক খবৰ দিব লাগিব আৰু যদি ৰিয়াক বিচাৰি নাপাওঁ।। ৰিয়া নীলৰ ৰুমৰ পৰা ওলাই তো আহিছিল কান্দি কান্দি কিন্তু তাই নাজানে তাই এতিয়া ক'ত।। বহুত দূৰ যোৱাৰ পিছত পিছলৈ ঘূৰি চাই তাই অনুমান কৰিব পাৰিলে যে তাই বহুত দূৰ আহিছে।। তাইৰ বুকুখন ভয়ত কঁপিব ধৰিলে। তাই কাক ফোন কৰিব তাই ফোন ও অনা নাই।  কলকাতা চহৰ সদায় ব্যস্ততাৰে ভৰা চহৰ।। কিন্তু ৰিয়া আজি যিটো সময়ত ওলাই আহিল সেইটো সময়ত কলকাতাৰ পথ জনশূন্য।। ৰাস্তাত দুই চাৰিটামান কুকুৰ ঘূৰি ফুৰিছে।। তাইৰ বেছি ভয় লাগিছে।।ৰিয়াই কুকুৰলৈ বহুত ভয় কৰে।। তাই কি কৰিব ভাবি পোৱা নাই ওচৰতে এখন বেঞ্চ দেখিলে তাই।। সেইখনতে তাই বহিলে।। আৰু আগলৈ যাব নোৱাৰে তাই ইয়াতে বহি থকাই ভাল হ'ব।। তাই জানে নিশা, নীল আৰু মানস কোনোবাইটো বিচাৰি আহিব তাইক।। তাই ভাবিছে সিঁহতিও চাগে তাইক বিচাৰি হাবাথুৰি খাইছে।।। তেনেতে ৰাস্তাৰ কাষেদি বাইকত ল'ৰা কেইটামান পাৰ হৈ গ'ল।। তাই ভয় খাইছিল যদিও সিহঁতি আঁতৰি যোৱা কাৰণে তাই সকাহ পালে।। কিন্তু তাইৰ এই সকাহ বেছি সময় নাথাকিল।। ল'ৰা কেইজন আকৌ উভতি আহিল।। সিহঁতি সুৰাত মগ্ন।। সিহঁতি ৰিয়াৰ ওপৰত বেয়া comements দিছে।। তাই একো মতা নাই।। তাই জানে  তাই যদি এইটো সময়ত কিবা কয় তেতিয়াহলে কি হব থিক নাই।। চকুৰ সন্মুখত আহিবলগীয়া বিপদৰ উমান পায় তাই কঁপিব ধৰিছে।। লৰা কেইজন বাইকৰ পৰা নামি আহি তাইৰ গাত গা লগায় বহিল।। তাই তাৰ পৰা উঠি আহিবলৈ লওঁতেই এজনে তাইৰ হাতত ধৰিলে।। তাই ভয়তে কান্দিবলৈ ধৰিলে।। তাই বুজি উঠিছে যে তাইৰ সতীত্ব এতিয়া বিপদৰ সন্মুখত।। তাই সিহঁতক বহুত request কৰিলে এৰি দিবলৈ কিন্তু সুৰাৰ ৰাগীত মগ্ন পিশাস কেইটাই ৰিয়াৰ কথা শুনা নাই ।। ৰিয়াৰ ধুনীয়া চেহেৰা দেখি সিহঁতৰ মাজত প্ৰথমে কোনটোৱে তাইক চুব তাক লৈ কাজিয়া লাগিল ।। সেইটো চেগতে তাই একোবত হাতত ধৰি থকা লৰাটোৰ হাত খন কামুৰি তাৰ পৰা পলাই আহিলে।। সিঁহতিও তাইৰ পিছে পিছে খেদি আহিল।। ৰিয়াই প্ৰাণ খুলি দৌৰিছে।। তাই নাজানে তাই নিজক বচাব পাৰিবনে কিন্তু তাই আপ্ৰাণ চেষ্টা কৰিছে।। তাই দৌৰি গৈ থাকোঁতে বিপৰীত দিশৰ পৰা আহি থকা গাড়ী এখনৰ আগত খুন্দা মাৰিলে।। তাই উফৰি গ'ল।। ল'ৰা কেইটা পলাই দিলে।। তাইৰ মূৰৰ পৰা তেজ ওলাবলৈ ধৰিলে।। তাই চটফটাই আছে ৰাস্তাত পৰি।। মাক দেউতাক ৰোহন, নিশা, নীল সকলোৰে ছবি বোৰ তাইৰ চকুত আগত ভাঁহি আহিছে।। উশাহ বোৰ চুটি হৈ আহিছে ৰিয়াৰ।। গাড়ীখনৰ পৰা মানুহ এজন ওলাই আহি তাইক তুলিবলৈ লওঁতে নীলে দেখিলে যে ছোৱালী এজনী পৰি আছে ৰাস্তাত।। তাৰ বুকুখন অজানিতে কঁপিব ধৰিছে।।। সি নাজানে ছোৱালীজনী কোন।। সি নামিব বিছাৰিও গাড়ীৰ পৰা নানামিল।। কাৰন তাৰ লক্ষ্য ৰিয়াক বিচৰা।। সি ছোৱালীজনী থিক হওঁক বুলি ভগৱানৰ ওচৰত সেৱা কৰি আকৌ গাড়ী start দিলে.....

হঠাতে নীলৰ চকু back গ্লাছলৈ গল। সি মুখ খন দেখা নাই কিন্তু মানুহ জনে দাঙি আনোতে সি পিন্ধি থকা কাপোৰ জোৰ দেখিলে।। তাৰ উশাহ বোৰ যেন বন্ধ হৈ আহিছে।। যিমানে সি ওচৰ চাপিছে সিমানে তাৰ বুকুখন কঁপি উঠিছে।। যদিও সি ৰিয়াক দেখা নাই তথাপিও ৰিয়াৰ কাপোৰ জোৰ দেখি  সি অনুমান কৰিব পৰিছে সেইয়া যে ৰিয়া।।  সেয়ে সি অলপো সময়  পলম নকৰি মানুহজনৰ দিশে আগুৱাই গৈছিল।।।। মানুহজনে নীলক তেওঁৰ ফালে দৌৰি আহি থকা আঁচৰিত হ'ল।। তেওঁ অলপ ৰৈ দিলে।। নীল আহি মানুহজনৰ ওচৰ চাপিল।। তাৰ বুকুত এটাই শব্দ.. ধক.. ধক.. ধক... ৰিয়াৰ মুখ খন তেজেৰে লুতুৰী পুতুৰী হৈ আছে ।। তাইৰ চুলি খিনি মুখত পৰি আছে।। নীলে লাহেকৈ চুলি খিনি আঁতৰাই দিলে।। ৰিয়াক দেখি নীলৰ চকুপানী ওলাই গ'ল। সি মানুহজনৰ পৰা ৰিয়াক নিজৰ কুচলৈ আনিলে।। মানুহজনে বুজিব পাৰিছে ছোৱালীজনীৰ কোনোবা আত্মীয় বুলি।। তেওঁ কোনো প্ৰতিবাদ কৰা নাই।। নীলে তাইক আশ্বাস দি কবলৈ ধৰিলে..
নীল: ৰিয়া তোমাৰ একো নহয়।। মই তোমাক একো হবলৈ নিদিওঁ ।। ৰিয়া চকু মেলা।।।
ৰিয়াৰ কোনো মাত নাই।। মানুহজনে জনে কলে আপুনি কোন হয় মই নাজানো কিন্তু ইয়াত আৰু দেৰি নকৰিব।। সোনকালে হস্পিতেল নিব লাগিব।। নহলে বহুত দেৰি হ'ব।। already বহুত blood গৈছে।। নীলৰ এতিয়া একো কবলৈ ধৈৰ্য্য নাই।। সি ৰিয়াক নিজৰ গাড়ীলৈ লৈ আহিল।। নীলে পিছৰ ছিটত ৰিয়াক শুৱাই দিলে।। নীলৰ গাটো তেজেৰে ৰঙা হৈ পৰিছে।। সি তাইক hospital লৈ গ'ল।। ৰিয়াক ICU ত ভৰ্তি কৰোৱা হ'ল।। নীলে মানসক সকলো কলে।। মানসে তাক কলে..
মানস: তই চিন্তা নকৰিবি। মই নিশাক লৈ গৈছোঁ।।
ইফালে নীল, মানসে বহুত দেৰি ৰিয়াৰ খবৰ নিদিয়াত নিশাৰ বহুত ভয় হ'ল।। তাই মাথোঁ প্ৰাৰ্থনা কৰিছে ৰিয়াক যাতে সোনকালে বিচাৰি পায়।। তেনেতে কলিং বেল বাজি উঠিল।। তাই ভাবিলে ৰিয়াক লৈ সিহঁতি আহিছে চাগে।। তাই ঢপলিয়াই আহিল খুলিবলৈ।। দৰ্জা খন খুলি অকল মানসক দেখি তাই আঁচৰিত হ'ল...
নিশা: মানস, নীল আৰু ৰিয়া ক'ত??
মানস: আমি এতিয়া hospital যাব লাগিব।।
নিশাৰ বুকুখন চিৰিং কৈ গ'ল..
নিশা: কিন্তু কিয়??
মানস: ৰিয়াৰ বহুত ডাঙৰ accident হৈছে।। বহুত critical condition।। নীলে ফোন কৰিছিল।।
নিশা: কিন্তু কেনেকৈ হ'ল??
মানস: সেইবোৰ নাজানো ।।এতিয়া ব'লা।।
নিশাই কথাটো শুনি কি কব ভাবি পোৱা নাই।। তাইৰ দুচকুৱেদি চকুপানী বৈ গৈছে।। অলপো সময় নষ্ট নকৰি সিহঁতি hospital গ'ল।। hospital পাই মানসে নীল ক ফোন কৰিলে..
মানস: ক'ত আছ।।
নীল: counter ত আছোঁ আহ।। formalities বোৰ পুৰাই আছোঁ।।
নিশা আৰু মানস ভিতৰলৈ সোমাই গ'ল।।। নিশাই যেতিয়া নীলক দেখিলে তাইৰ মূৰটো ঘূৰাই গ'ল।। নীলৰ গোটেই গাত তেজ।। তাই বুজি উঠিছে এইয়া হয়তো ৰিয়াৰ তেজ।। তাইক মানসে ধৰি ওচৰৰ চকী এখনত বহাই দিলে ।। নিশাই মাথোঁ কান্দিছে।। অলপ আগলৈকে সকলো ঠিক আছিল  কিন্তু হঠাতে যে কি হ'ল।।।
মানস আৰু নীল ও তাইৰ কাষত বহিছে।। মানসে সান্তনা দিছে। সকলোৰে এতিয়া চিন্তা হৈছে।। ৰিয়া  যাতে  সোনকালে থিক হলেই হয় সেইটোয়েই সকলোৰে প্ৰাৰ্থনা।। নিশাই নীলক সুধিলে..
নিশা: তুমি তাইক ক'ত পালা।। আৰু এইবোৰ কেনেকৈ হ'ল।।
নীল: নাজানো মই একো।। মই তাইক মাথোঁ পৰি থকা দেখিছিলোঁ।। মই তো আঁতৰি আহিবই লৈছিলোঁ কিন্তু ভগৱানৰ কি লীলা যে আহিব সময়ত তাইক চিনি পালোঁ। বেলেগ মানুহ এজনে পাইছিল ৰিয়াক ।। তেখেতে doctor ওচৰলৈ আনিবলৈ লৈছিল তেনেকুৱাতে মই পালোঁ আৰু লৈ আহিলোঁ।।
নিশা: মোক ক্ষমা কৰি দিয়া নীল।। নাজানো কি হৈছিল মই ৰিয়াক তেনেকৈ দেখি যি টি ভাবিলোঁ।।
মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছে ।।
নীল: এতিয়া এইবোৰ বাদ দিয়া।। মইও ভাবি থকা নাই।। ৰিয়া থিক হলেই হ'ল।।
তেনেতে doctor আহি তাঁহাতৰ ওচৰ পালেহি।। doctor য়ে সিহঁতক blood ৰ যোগাৰ কৰিব দি গ'ল।। তাইৰ বহুত bleeding হৈছিল সেইবাবে ডক্টৰয়ে সোনকালে যোগাৰ কৰিব কলে।। ৰিয়াৰ blood group O positive আছিল।। নিশাই সেইকথা জানিছিল।। তাই মানস আৰু নীলক কলে ৰিয়াৰ blood group O positive বুলি।। নীলৰ ও blood group same সেয়েহে নীলে ৰিয়াক blood দিবলৈ গ'ল।। নিশাই ভাবিলে ৰিয়াৰ ঘৰত কোৱাটো ভাল হ'ব।। তাই ৰিয়াৰ ঘৰলৈ ফোন লগালে.…..

আগলৈ....

লেখা:- পল্লৱী দত্ত

Part 8 :- Click here


Post a Comment

0 Comments