প্ৰেম বিচ্ছেদ জীৱন | অন্তিম খণ্ড

ৰিয়াই কথাবোৰ ভাবি  থাকোঁতে কেতিয়ানো কলকাতা পালেহি তাই নিজেই নাজানে।। অলপ পিছত flight খন landing হ'ব।। আকৌ নীলক লগ পোৱাৰ উচাহত তাইৰ মনটো চিৎপখিলীৰ দৰে নাচিব ধৰিছে।। তইৰ মন আউলি বাউলি হৈ পৰিছে নীলৰ মৰম পাবলৈ।। তাই মনতে ভাবিলে নীল কিমান সুখী হ'ব তাইক দেখি।। প্ৰথমতে তাই কিন্তু নীলক অভিমান কৰিব।। তাইক কিয় তেনেকৈ এৰি আহিল।। সিটো সদায় তাইৰ লগত থাকিম কৈছিল।। আৰু এতিয়া কি কৰিছে, নিজে.. কথাবোৰ ভাবি থাকোতেই এটা প্ৰচণ্ড জোকাৰণিয়ে তাইৰ গাটো হিলাই গ'ল।।। এই জোকাৰণি আন একো নহয়।। flight ৰ landing ৰ শব্দ।। ৰিয়াই ভাবিলে সময় বোৰ যে ইমান সোনকালে গৈছে ।। ভগৱানেও চাগে ৰৈ আছে তাইৰ আৰু নীলৰ মিলন চাবলৈ।।
তাই airport ৰ পৰা চিধা নিশাৰ ৰুম গ'ল..
নিশা: আৰে ৰিয়া তই আহিলীয়েই নেকি।। তহঁততো পৰখিলে অহা কথা আছিল।।
ৰিয়া: সেইবোৰ বাদ দে মোৰ কথা এটা শুন।। তোক বহুত ডাঙৰ কথা কবলৈ আছে।।
নিশা: ক'..কিন্তু নীল ক'ত তোক থবলৈ আহি নোসোমালে যে ইয়াত।।
ৰিয়া: সি নাইঅহা..মই অকলে আহিছোঁ।। মানে সি কালিয়েই আহিল মোক এৰি থৈ..
নিশা: what...কিন্তু কিয়??
ৰিয়া: সকলো কম তোক আগতে পানী এগিলাচ দে।।
নিশা: ৰ'... তই বহ , মই আনি আছোঁ।।
নিশাই ভিতৰৰ পৰা পানী এগিলাচ লৈ আহিল..
নিশা: ল'..আৰু এতিয়া ক'..
ৰিয়া: I am fell in love with Neel.. and I want to propoze him।।
নিশাই ৰিয়াৰ কথা শুনি তবধ মানিলে..
নিশা: আৰে এইবোৰ কেতিয়া হ'ল মানে ghy ত কি হ'ল।। OMG মোৰ যে বহুত ভাল লাগিছে শুনি।। মই এইটো দিনলৈকে ৰৈ আছিলোঁ।। oh ৰিয়া কিমান ধুনীয়া খবৰ দিছ তই।। I am so happy for u ..নীল বহুত ভাল ল'ৰা ।। ৰোহনৰ কাৰনে wait কৰি একো লাভ নাই।।
ৰিয়া: ৰোহন ঘূৰি আহিছিল।।
নিশা: কি??.
ৰিয়া: কিন্তু মই তাক accept কৰিব নোৱাৰিলোঁ।।
নিশা: কিনো এটাৰ পিছত এটা shocking news দিছ ভালকৈ কচোন।।
ৰিয়াই গোটেই কথাবোৰ যেনে ৰোহনক লগপোৱাৰ পৰা ৰোহনক বিদায় দিয়া লৈকে সকলো কলে ।। ..
নিশা: তোৰ love story নে film ৰ স্তৰী একো পাত্তা নাইপোৱা।। বাৰু জিকি নহওঁক তই যে ৰোহনক accept নকৰিলি বহুত ভাল কৰিলি।। accpet কৰা সুখী হলি হেঁতেন অলপ দিনৰ কাৰনে  হেৰাই যোৱা প্ৰেম উভতি আহিছে বুলি কিন্তু পিছত কান্দি থাকিলি হেঁতেন। পিছে নীলক ইমান দেৰি কিয় কোৱা নাই।।। সি গম পালে কিমান সুখী হ'ব।। সি কলকাতা আহি মনে মনে সোমাই আছে মোক নাইকোৱা আঁচৰিত।।
ৰিয়া: নীলে মোক ভূল বুজি আছে সেয়েহে সি গুছি আহিল মোক এৰি।। নীলে ভাবিলে মই ৰোহনৰ ওচৰলৈ ঘূৰি গলোঁ।। মই তাক propoze কৰিব বিচাৰোঁ কিন্তু তই মোক help কৰিব লাগিব।। নিশা: anytym swtheart.. কিন্তু লৰাই হে propoze কৰে তই কৰিবি যে।।
ৰিয়া: লৰাই কৰিব লাগে বুলিটো কথা নাই ।। কোনোবা এজন মহাপুৰুষে কৈছিল যদি আপোনাৰ কাৰোবাক ভাল লাগে তেন্তে সঠিক সময়লৈ অপেক্ষা নকৰিব কাৰন সঠিক সময় বুলি একো নাথাকে।। এইবোৰ সকলো আমাৰ মনে সাজি লোৱা কথা।। আপুনি যিয়েই result নাপাওঁক কিয় মনৰ কথাবোৰ কৈ দিব লাগে।। rejection ৰ ভয়ত বা friendship break ৰ ভয়তে যদি নোকোৱাকৈ থাকে তেতিয়া লাভ একো নহয়।। সময়ৰ লগে ভালপোৱা বোৰ বাহে।। মনৰ মাজৰ কথাবোৰে মানুহক বেছিহে উদান্ত প্ৰেমিক কৰি তোলে।। Onesided love best fellings নহয়।। ই ভিতৰি শেষ কৰি দিয়ে।। one sided love কৰি থকাতকৈ মানুহজনক কথাটো কৈ দিয়াই ভাল নিজৰ feelings।। যদি তেওঁ accept কৰে তেতিয়া কোনো সমস্যাই নাই আৰু নকৰিলেও আপুনি সত্যৰ সন্মুখীন হ'ব আৰু এই যে মনতে ভাবি এদিন মোৰ হ'ব এদিন মোৰ হ'ব সেইটো নাইকিয়া হ'ব।। যিটো health ৰ কাৰনে বহুত ভাল।।
নিশা: আৰু এই মহাপুৰুষ জনৰ নাম কি??
ৰিয়া: ৰিয়া আকৌ।।।
দুয়োজনীয়ে বহুত হাঁহিলে।। সঁচাকৈয়ে onesided লাভ বহুত কষ্টকৰ।।। আপুনি যাক লৈ সপোন ৰছে সেই ব্যক্তি জনে আকৌ বেলেগৰ লগত নিজৰ সপোন দেখে।। গতিকে onesided কে rejection better।। শুনিব বেয়া কিন্তু এয়াই বাস্তৱ।।
ৰিয়া: তই নীলক ফোন কৰি ইয়ালৈ মাতিবি।। এনেই খবৰ লবি ।। ৰিয়াক দিব কবি তেতিয়া সি কবই কলকাতাত আছে।। বাকী তোৰ ৰুমটো সজাই দে ধুনীয়া কৈ একদম cinema ত দেখুৱাৰ দৰে।।
নিশা: হ'ব বাৰু। আগতে নীলক ফোন কৰোঁ।।
ৰিয়া: okey।।।
নীলৰ অৱস্থা ইমান ভাল নহয়।। ৰিয়াৰ কথাবোৰে তাক আমনি কৰিছে। মদৰ বটলটো লৈ সি বহি আছে কিন্তু খাব পৰা নাই কাৰন ৰিয়াই তাক মানা কৰিছিল।। কান্দি কান্দি তাৰ চকু ফুলি গৈছে।। নিজানতা যেন তাৰ প্রিয় সি ৰুমৰ এচুকত ঘটি যোৱা ঘটনাবোৰ লৈ চিন্তা কৰি আছে।। হঠাতে তাৰ ফোনটো বাজি উঠিল।। সি দেখিলে নিশাৰ ফোন।। সি ফোনটো rcv কৰিলে...
নিশা: hey neel কি কৰিছা।।
নীল: একো কৰা নাই ৰুমতে আছোঁ।।
নিশা: ৰিয়াক দিয়াচোন তাইৰ ফোন off পাইছোঁ।
নীলে ভাবিলে এতিয়া কি কৰিব সি।। কথাবোৰ দেখোন জনাবই লাগিব।। সি ঘৰত আছোঁ কলে ৰিয়াক ফোনটো কেনেকৈ দিব। কোৱাই ভাল হ'ব।।
নীল: মই কালি kolkata ahilu নিশা ghy ত আছে।।
নিশা: oh হয় নেকি।। থিক আছে দিয়া।। মই তাইলৈ ফোন কৰিম।। কিন্তু তাইক এৰি কিয় আহিলা।।
নীল: সেইবোৰ লগ পালে কম।।
নিশা: থিক আছে evng আহিবা সৰুকে পাৰ্টি এটা কৰিম।।
নীল: মোৰ মন নাই নিশা তোমালোকে কৰা।।
নিশা: নাই আহিবা ৰুমত অকলে হে।।
নিশাৰ নেৰানেপেৰা চেষ্টাত অৱশেষত নীল মান্তি হ'ল।। নিশাই ফোন কটাৰ পিছত ৰিয়া আৰু নিশা দুইজনী decorationt লাগিল  ।।। অৱশেষত সেই ক্ষণতো আহি পালে।। নীল আহি নিশাৰ ঘৰ পালেহি।। নীলে calling bell tu বজাই দিলে....

ৰিয়া ওলাই আহি দৰ্জা খন খুলি দিলে কিন্তু নীলে ৰিয়াৰ মুখ খন দেখা নাই গোটেই খন আন্ধাৰ ।। সি  ৰিয়াক নিশা বুলিয়েই ভাবিলে।। সি ৰিয়াক সুধিলে...
নীল: নিশা ইমান আন্ধাৰ কিয়??
ৰিয়াই কিন্তু একো উত্তৰ দিয়া নাই।। তাই যদি কিবা কয় তেন্তে  নীলে গম পাব তাই যে ৰিয়া।। তাই ভিতৰলৈ সোমাই আহিল।। নীলে নিজৰ ফোন তোৰ flasslight তো on কৰি ললে।। ৰিয়াৰ পিছে পিছে নীল সোমাই আহিল।। নীল সোমাই অহাৰ লগে লগে দেখিলে সৰু সৰু candle কিছুমান জ্বলি আছে আৰু তলত ৰং বিৰঙৰ বেলুন ।। তাৰ ভৰিত লাগি বেলুন বোৰে নাচিব ধৰিছে।। নীলে একো বুজি পোৱা নাই।। সি যিমানেই খোজ বোৰ আগুৱাইছে সিমানেই আঁচৰিত বস্তু বোৰ দেখিবলৈ পাইছে।।। নীলে দেখিলে ৰুমটোত কিছুমান কাৰ্ড আৰি থোৱা আছে।। সি এখন এখন কৈ কাৰ্ড বোৰ পঢ়ি গ'ল...
# I fell in love with the way you touched me without using your hand❤️❤️
প্ৰথম কাৰ্ড খন পঢ়িয়েই তাৰ  বুকুৰ heart beat বাঢ়ি গ'ল।। কোনে লিখিছে এইবোৰ আৰু কাৰ কাৰনে।। নিশাই তাৰমানে কিবা plan কৰিছে।। নীল next কাৰ্ড খনৰ পিনে আগবাঢ়ি গ'ল...

# I feel in love with u not for how you look.. just for who u are❤️❤️

# U r d Sunshine in my day and the moonlight in my night ❤️❤️

# I love u and I don't want to lose u bcz my life hasbeen better since the day I found u ❤️❤️

# If I had my life to live over again..
Next time I would find u sooner so that I could love u longer..❤️❤️

# without u I am nothing, with you I am something, together we are everything ❤️❤️

# I just wanna walk with u in my whole life
❤️❤️
# You r without a doubt my other half❤️❤️

# Thinking of you keep me awake , dreaming of you keep me asleep, being with u keeps me alive ❤️❤️

কথাবোৰ পঢ়ি যাওঁতে নীলৰ বুকুৰ ধপ ধপনি বঢ়ায় তুলিলে।। প্ৰতিটো শব্দই তাক ৰিয়াৰ স্মৃতি সোঁৱৰাই দিছে।। এইবোৰ শব্দ যেন কেৱল শব্দ নহয় প্ৰিয়জনৰ প্ৰতি অসীম ভালপোৱাৰ চিন।। নীলে যেতিয়া অন্তিম খন কাৰ্ড শেষ কৰি পিছলৈ ঘূৰিব লওঁতেই তাৰ ফোনৰ flasslight তো ৰিয়াৰ মুখত পৰিল।। অলপ সময়ৰ কাৰণে সি হতবাক হৈ পৰিল।। তাৰ চকুৰে যেন বিশ্বাস কৰিব পৰা নাই একো।।  সপোন নে দিঠক সি একো ধৰিব পৰা নাই সি মাথোঁ চাই ৰৈছে ৰিয়াৰ মুখ খনলৈ.. গোলাপৰ দৰে গুলপীয়া তাইৰ গাল দুখন চাই থাকিলে চাই থাকিবই মন যায়।।  কজলা চকুযুৰীয়ে নীলৰ হৃদয়ত উখল মাখল লগাইছে।। নীলৰ মুখত মাত নাই সি কোনোবা সপোন পুৰী পালেগৈ।। নীলে একো নোকোৱাত ৰিয়াও আঁচৰিত হ'ল।। তাই দিনটো কষ্ট কৰি এইবোৰ কৰিছে আৰু নীলে একো কোৱা নাই।। তাই নীলৰ গাটোত ধৰি জোকাৰি দিলে।। ৰিয়াৰ হাতৰ স্পৰ্শত নীল চকখাই উঠিল।। সি অনুভৱ কৰিলে তাৰ সন্মুখত থকা ছোৱালী জনী ৰিয়াই হয় কোনো ভ্ৰম নহয়।।
সি কিবা কবলৈ লওঁতেই ৰিয়াই কলে..
ৰিয়া: তুমি মোক ইয়াত দেখি সুখী হোৱা নাই নেকি?? ভাবিলোঁ তোমাক surprise দিওঁ কিন্তু তোমাৰ একো reaction নাই যে।।
নীল: ৰিয়া... তুমি ইয়াত ?? কিন্তু তুমি ইয়াত কেনেকৈ আৰু এইবোৰ কি??
ৰিয়াই নিজৰ আঙুলি তো নীলৰ ওঁঠত লগাই দি কলে...
ৰিয়া: চুপ... আৰু অলপ সময় ৰোৱা।। মোক মোৰ মনৰ কথা বোৰ কব দিয়া তাৰ পিছত তোমাৰ সকলো উত্তৰ দিম।।
ৰিয়া নীলৰ সন্মুখত আঁঠু কাহি বহি ললে.. তাইৰ হাতত এপাহ ৰঙা গোলাপ ।। তাই নীললৈ গোলাপ ফুল পাহ দি কলে....
ৰিয়া: নীল মই তোমাক বহুত বহুত বহুত ভালপাওঁ।। মই মোৰ গোটেই জীৱনটো তোমাৰ লগত কটাব বিচাৰো।। মই তোমাক কেতিয়াও দুখ নিদিওঁ নীল । মোৰ কাৰনে বহুত কষ্ট পালা মই জানো।। আমাৰ সম্পৰ্কতোক মই এটা নাম দিব বিচাৰোঁ নীল।। নীল  Will you marry me???
নীলৰ মুখৰ মাতবোল বন্ধ হৈ গ'ল । গোটেই বোৰ তাৰ সপোন যেন লাগিল।। সি ৰিয়াক তলৰ পৰা উঠাই সাৱটি ধৰিলে।। তাৰ দুচকুৱেদি চকুপানী বাগৰি গৈছে।।ছোৱালী এজনীক বহুত লৰাই prpz কৰে কিন্তু সাধাৰণতে বহুত কম ছোৱালীয়েহে সাহস কৰে এই কাম কৰিবলৈ।। ছোৱালীৰ দৰে লৰাবোৰৰ ও মন যায় এনেকুৱা প্ৰস্তাৱ পাবলৈ।। নীলৰ এইটো সপোন আছিল আৰু ৰিয়াই নজনাকৈয়ে তাৰ এই সপোনটো পুৰা কৰিলে।। নীল বহুত সুখী ।। নীলে ৰিয়াক সাৱটিয়েই কলে..
নীল: মই তোমাক বহুত ভালপাওঁ ৰিয়া।। তুমি ৰোহনৰ ওচৰলৈ গুছি যোৱা বুলি শুনি মোৰ উশাহ নাইকিয়া হৈ গৈছিল।।এতিয়া তোমাক দেখি হে মনটো ভাল লাগিছে ৰিয়া।। কেতিয়াও মোক এৰি নাযাবা ৰিয়া।। তুমি নহলে মই জীয়াই থাকিব নোৱাৰিম।
ৰিয়া: মই ৰোহনক তোমাক ভালপাওঁ বুলি কবলৈহে গৈছিলোঁ তুমি আকৌ মোকেই এৰি গুছি আহিলা।।
নীল: মই কেনেকৈ চালো হেঁতেন তুমি আনৰ হোৱা সেইবাবে মই নিজে গুছি আহিলোঁ।।
ৰিয়া: উমমম..
ৰিয়াই কিবা কব বিচাৰিছিল যদিও নীলে তাৰ হাতৰ আঙুলি দি তাইৰ ওঁঠ খন বন্ধ কৰাই দিলে।। নীলৰ আঙুলিৰ স্পৰ্শ পাই ৰিয়াৰ হৃদয়ত আউল লাগি গ'ল।। নতুন প্ৰেমৰ দৰেই ৰিয়াৰ যৌৱনে কিবা প্ৰাপ্তিৰ সন্ধান বিচাৰিছে।। ৰুমটোত অলপ অলপ পোহৰ মাথোঁ।। দুটা মতলীয়া যৌৱন একেলগে একেটা কোঠাত তাতে আকৌ প্ৰেমৰ অনুভৱ দুয়োটা ৰৈ থাকিব পৰা নাই।। নীলে  ৰিয়াৰ উৰি থকা চুলি খিনি তাৰ হাতেৰে কপালৰ পৰা সামৰি আনি গুজি দিছে ৰিয়াৰ কাণত।। নীলৰ স্পষ্ট ত ৰিয়াৰ মনত এক অবুজ সিঁহৰন জাগিছে প্ৰেমৰ।। লাহে লাহে নীল ৰিয়াৰ কাষলৈ চাপি আহিল। নীলৰ উঠযুৰী আহি ৰিয়াৰ ওঁঠত লাগিলহি।। ৰিয়াই আৰু ৰব নোৱাৰিলে।। তাই ও নীলৰ মৰমত  আউলি বাউলি হৈ পৰিল  আৰু এনেকৈয়ে আৰম্ভ হ'ল নীল আৰু ৰিয়াৰ  প্ৰেমৰ সুবাসৰ....

                          .....সমাপ্ত.....
( স্তৰী তো লিখাৰ উদ্দেশ্য লৈ।।  life তো আমি এবাৰেই পাওঁ তেনেহলে কিয় আমি সেইবোৰ মানুহৰ কাৰনে কান্দি পাৰ কৰোঁ যি আমাক বুজিয়েই নাপালে।। কাৰোবাক হেৰুৱালে জীৱন শেষ নহয়।। হয়তো আপোনাৰ কাৰনেও someone special আহিব।। সকলোৰে কাৰনে ভগৱানে কাৰোবাক নহয় কাৰোবাক থিক কৰি থৈছে।। সঠিক সময়ত সেই  সঠিক মানুহজন বা মানুহজনী আহিব।। অপেক্ষা কৰক তেতিয়ালৈকে আৰু বিশ্বাস ৰাখিব নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত।। যদি আপুনি কাৰো লগত বেয়া কৰা নাই ভগৱানে আপোনাৰ লগত ও বেয়া হ'ব নিদিয়ে।। যিজন মানুহক আপুনি হেৰুৱাইছে সেই মানুহজনে আপোনাক deserve নকৰে।। আপুনি আপোনাৰ future নেদেখিব পাৰে কিন্তু ভগৱানে দেখে সেয়ে পিছত বেছি কষ্ট পোৱাতকৈ আপোনাক সোনকালে সেই কষ্ট বোৰ ভোগ কৰিব দিয়ে।। যাতে আপুনি নিজকে strong বনাব পাৰে।। সঁচাকৈয়ে এবাৰ ভাবিব চোন আপোনালোকে যে কয় মোক সি বহুত ভালপাইছিল।। সঁচাকৈ বাৰু পাইছিল নে?? পোৱা হেঁতেন জানো আপোনাৰ ঠাই বেলেগক দিব পাৰে।। প্ৰেম সকলোৱে কৰে কিন্তু কিমানে বুজে প্ৰেমৰ সঁচা অৰ্থ।। অলপ কথা পাতি ভাল লগাৰ পিছতেই prpz কৰে যেতিয়া কথা পাতি আমনি লাগে ভালপোৱা শেষ।। সচাকৈ প্ৰেম জানো এনেকুৱা।। আঁতৰি যোৱা মানুহজন ঘূৰি আহিব বিচাৰিলে যদি আপুনি2 second chance দিব পাৰে তেন্তে কিয় নোৱাৰে নিজৰ জীৱনটোক এটা chance দিব সুখী হবলৈ।। এবাৰ try কৰিব গোটেই জীৱন সুখৰ হৈ পৰিব।। নিজকে ভালপাবলৈ শিকক দেখিব সকলোৱে আপোনাক ভাল পাব লৈছে।।।)
Stay positive and stay Happy ❤️❣️❤️

Thank you 🙏🙏

লেখা:- পল্লৱী দত্ত
               (Photo credit:- pixabay.com)

Post a Comment

1 Comments

  1. Apunar glp tu phri bahut val lagil aru jate (dhuniya )✓ glp likhi apuni aguai jai tare kamona karilo,

    ReplyDelete