প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ৫ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

নীল: মোৰ breakup ৰ খবৰটো শুনি লগৰ বোৰে সান্তনা দিছিল । সিহঁতি কলে ছোৱালীজনী ভাল নাছিল ইয়াত থাকোতেও বেলেগৰ লগত ৰাতি ঘূৰে ।। তই ভালপাৱ যেতিয়া আমাৰ কবলৈ বেয়া লাগিল।। আমাক ভুলহে বুজিলি হেঁতেন।। মই এটা কথা বুজি নাপাওঁ। মানুহবোৰে breakup ৰ পিছত এইবোৰ কিয় কয়। যদি সঁচাকৈয়ে মোৰ কাৰনে চিন্তা কৰিলে হেঁতেন কথাবোৰ আগত কবও পাৰিলেহেঁতেন।। হয়, বিশ্বাস কৰিব টান হলহেঁতেন কিন্তু  কিবা এটা তো react কৰিলোহেঁতেন।। বাৰু বাদ দিয়া পিছৰ খিনি শুনা।। কলকাতালৈ মই আহিলোঁ কিন্তু ইয়াত মোৰ অলপো মন বহা নাছিল।। কি কৰোঁ কি নকৰোঁ একো ভাবি নাইপোৱা।। তাইক মই পাহৰিব পৰা নাছিলোঁ।। মানুহৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰিছিলোঁ।। মদৰ বটলটোৱেই একমাত্ৰ লগৰী আছিল দুখ বোৰ পাতল কৰাৰ।। নিজকে ধংশ কৰি দিব মন গৈছিল but মা পাপাৰ কাৰনে সেইটো কৰিব নোৱাৰিলোঁ।। মই এটা বেয়া লৰা হৈ পৰিলোঁ.......
নীলে কথাবোৰ কৈ ৰৈ গ'ল। ৰিয়াই লক্ষ্য কৰিলে নীলৰ চকুৱেদি চকুপানী বৈ গৈছে।। তাই চাই থাকিব নোৱাৰিলে তাই নিজৰ হাতখনে নীলৰ চকুপানী মচি দিলে...
ৰিয়া: নাকান্দিবা নীল।।
নীলে ৰিয়াৰ হাত খন ধৰি কলে….
নীল: Can I Say Something..
ৰিয়া: কোৱা..
নীল: তুমি মোক ভূল নুবুজিবা.. I slept with many girls..
নীলৰ কথাবোৰ শুনি ৰিয়া চকখাই গ'ল।। ৰিয়া 5 years relation ত আছিল যদিও তাইৰ ৰোহনৰ লগত physical relation নাছিল।। সেয়েহে নীলৰ মুখত সেইটো শুনি তাই কিবা হৈ গৈছিল।।
তাই নিজৰ হাত খন নীলৰ হাতৰ মাজৰ পৰা উলিয়াই আনিলে...
ৰিয়া: এইবোৰ তুমি কি কৈছা? এজনী ছোৱালীয়ে তোমাৰ life spoil কৰিলে বুলি তুমি বাকীবোৰ ছোৱালীৰ জীৱনটো বৰবাদ কৰিবলৈ অধিকাৰ কত পালা।
 নীল: মই জানো তুমি মোক ভূল বুজিবা কিন্তু আজিলৈকে মই এইবোৰ কাকো কোৱা নাই।। নাজানো তোমাক কিয় কবলৈ মন গ'ল।। সঁচা কথাবোৰ জানিলে কোনো ভাল ছোৱালী মোৰ লগত নাথাকে সেইয়া মই জানো।। সেয়েহে মই কেতিয়াও বিয়া নাপাতো।।।
ৰিয়াৰ মনটো অলপ বেয়া লাগিল..
ৰিয়া: চোৱা নীল তোমাৰ লগত যি হল সেইটোত মোৰো বেয়া লাগিছে কিন্তু সেইবুলি এইবোৰ কৰা জানো ভাল হৈছে।।
নীল: ৰিয়া মই কাকো force কৰা নাই সিহঁতি নিজেই relationt থাকিও মোৰ লগত থাকিব বিচাৰে so মইও একো নকওঁ।। আৰু সিহঁতি নিজই আঁতৰি যায় মোৰ জীৱনৰ পৰা কাম হোৱাৰ পিছত মই কাকো এইবোৰ হোৱাৰ পিছত এৰি দিয়া নাই।। আৰু  এইবোৰৰ মাজতে নিজৰ দুখবোৰ পাতল কৰোঁ।। কিন্তু জিয়াক কেতিয়াও পাহৰিব পৰা নাই।। মই এইবোৰ কৰি নিজকে chng কৰিলোঁ।। সম্পূৰ্ণ move on নহলেও অলপ হলো।। 4 yrs ৰ পিছত জীয়াৰ ফোন আহিছিল মোলৈ ।  তাই কান্দিছিল মোক ক্ষমা বিচাৰিছিল।। কিন্তু মই ক্ষমা নকৰিলো।। কিয়নো তাই relaize কৰি মোক ফোন কৰা নাছিল।। তাইক সেই লৰাটোৱে এৰি দিছিল।। তাই pregnent আছিল so মোলৈ বিয়া হব বিচাৰিছিল।। কিন্তু মই ডিব্ৰুগড়ৰ পৰা ঘূৰি অহাৰ পিছত তাই মোক এবাৰো call msg কৰা নাছিল।। মই কেনেকৈ আছোঁ কি কৰিছোঁ সেইবোৰ যেন matter কৰা নাছিল তাইৰ।। এবাৰো চেষ্টা নকৰিলে তাই সম্পৰ্ক তো থিক কৰিবলৈ।। মই ইয়াত ভালকৈ settled হলো বুলি জানি তাই মোৰ লগত contact কৰিছিল।। যেতিয়ালৈকে মই তাইৰ কাৰণে কান্দি আছিলোঁ তাই মোৰ ওচৰলৈ ঘূৰি অহা নাছিল।। কিন্তু যেতিয়া মই chng হলোঁ।। বেলেগৰ লগত ফটো upload দিবলৈ ললোঁ।। তাই জ্বলিবলৈ আৰম্ভ কৰিলে। হয়তো তাই ভাবিছিল মই কেতিয়াও move on কৰিবই নোৱাৰো।। মোক তেনেকুৱাত দেখি তাই ভবাবোৰ খেলিমেলি হৈ গ'ল।। so তাই ঘূৰি আহিলে।।। তুমিও chng হোৱা মোৰ দৰে বেয়া হব নাইকোৱা মাথোঁ সলনি হোৱা অলপ।। নিজৰ সপোন বোৰ পূৰ কৰা।। কিবা wish আছে যদি সেইবোৰ পূৰ কৰা।। ভাললগা কামবোৰ কৰা।। তোমাক যেতিয়া life তো enjoy কৰি থকা দেখিব সি ভাবিবলৈ বাধ্য হব ।। আৰু সি হয়তো ঘূৰি আহিব তোমাৰ ওচৰলৈ।। মাথোঁ choice তোমাৰ accept কৰিবা নে reject কৰিবা।।
ৰিয়া: উমমম বুজিলোঁ।। কিন্তু নীল তুমি মোৰ এটা কথা ৰাখিবা???
নীল: কোৱা.. Everything for u..
ৰিয়া: pls তুমি আগৰ কামবোৰ এৰি দিবা।। i mean ছোৱালী লগত।।
নীল: হ'ব হ'ব মই এৰি দিম সেইবোৰ।।
ৰিয়া: good।। আচলতে তুমি এনেকৈ থাকিলে কাকো ভালপাব নোৱাৰিবা।। তুমি নতুনকৈ life তো আগবঢ়োৱা।। মই আছোঁ তোমাৰ লগত।। লাহে লাহে drinks তো ও কমাই  দিবা।। আৰু বহুত ভাল কৰিলা তুমি তাইক accept নকৰি।। তুমি বহুত better deserve কৰা।। মই pray কৰিম তোমাৰ জীৱনলৈ অতি সোনকালে কোনোবা যাতে আহে যি তোমাৰ জীৱনটো সুখেৰে ভৰাই তোলে।।
ৰিয়াৰ কথাবোৰত নীল আঁচৰিত হ'ল।। সকলো কথা জানিও তাই মোক কেনেকৈ ভালকৈ behave কৰিছে।। সঁচাই ৰিয়া নিশাই কোৱাৰ দৰে বহুত ভাল।।।
ৰিয়া: hey... কি ভাবিছা?? যাওঁ ব'লা ।। দেৰি হ'ল।।
নীল: নাই একো হোৱা নাই।। কোনেও আজিলৈক ইমান মৰমত বুজোৱা নাই যে so আঁচৰিত লাগিল।। bdw.. ব'লা যাওঁ।। নিশা ৰৈ আছে চাগে।।
ৰিয়া: নিশা নাই মানসৰ লগত কৰবাত গৈছে।।
তুমি বেয়া নোপোৱা যদি অলপ time থাকিবা নেকি??
নীল: ইয়াত বেয়া পাবলৈ কি আছে।। ব'লা।।
ৰিয়াই মিচিকিয়াই হাঁহিলে।। সিহঁতি নিশাৰ ফ্লেটলৈ গ'ল।। ৰিয়াই নীলক বহিব দি fresh হ'ব গ'ল।।
নীলে নিশালৈ ফোন লগালে...
নিশা: কোৱা নীল।। সকলো ঠিকেই আছে নহয়।। ৰিয়া ক'ত??
নীল: তাই fresh হব গৈছে।। আমি এইমাত্ৰ আহি পাইছোহি।। তাই থিকেই আছে।। তাইৰ হাঁহিটো শুনিছিলাই নহয়।।
নিশা: উমমম শুনিলোঁ।। মনটো বহুত ভাল লাগিছে ।।যিমান সোনকালে তাই ওলাব পাৰিব সিমানেই তাইৰ কাৰনে ভাল।
নীল:  সকলো থিক হৈ যাব ।।মই কথা দিছোঁ।। ৰবা তাই আহিছে পিছত পাতিম।।
নিশা: okk।। আমিও অলপ পিছতে যাম তুমি তাইৰ লগতে থাকা অলপ সময়।।
নীল: okk
ৰিয়া fresh হৈ নীলৰ ওচৰ পালেহি।। তাই আহি নীলক সুধিলে..
ৰিয়া: coffee খাবা নে চাহ??
নীল: coffee কিন্তু মই বনাম।। লৰাৰ হাতৰ coffee খাই চোৱা ।। নিজে বনাই তো খোৱাই সদায়।।
ৰিয়া:wah.. তুমি coffee বনাবও জানা নেকি??
নীল: কি নাজানো সেইটো সোধা।।
দুইটাই হাঁহিলে..
ৰিয়া: থিক আছে আজি তোমাৰ test এটাকে লওঁ।। মই drawing ৰুমতে আছোঁ তুমি বনাই আনা।।
নীল: যি হুকুম।।
ৰিয়া: হেহে.. বহুত funny তুমি..
ৰিয়া kitchen ৰ পৰা ওলাই আহি drawing ৰুমত বহিল।। তাই আলোচনী এখন চাই আছে।। নীল coffee লৈ আহিল....

নীল: ৰিয়া.... এইয়া লোৱা coffee হৈ গ'ল।।
ৰিয়া: ৱাহ.. good।।
নীল: এতিয়া সোনকালে খাই কোৱা কেনেকুৱা হৈছে...
ৰিয়া: okei…
ৰিয়াই cofee taste কৰি কলে..
ৰিয়া: ৱাহ..নীল তুমি কিন্তু ধুনীয়া coffee বনোৱা।।
নীল: দেখিলা মোৰ হাতৰ যাদু।।
ৰিয়া: আৰু কি কি জানা?
নীল: সকলো যিবোৰ ছোৱালীয়ে বনাব জানে।।
ৰিয়া: মই তো একো নাজানো।।
নীল: ধেমালি কৰিছা।।
ৰিয়া: সচাকৈ মই কেৱল coffee, sah, maggi, সেইবোৰ হে জানো।। বাকীবোৰ অলপ অলপ জানো।। কিন্তু মাৰ help লাগেই।।
নীল: ohh then I am expert in comparison to you in cooking..
ৰিয়াই হাঁহিলে।।। নিশা আৰু মানস আহি পালেহি ।। নিশাই doorbell বজালে।। ৰিয়াই হাঁহি হাঁহিয়েই দৰ্জা খন খুলি দিলে ।। নিশা আৰু মানস ৰিয়াক দেখি অলপ আঁচৰিত হ'ল।। নিশাই ৰিয়াক সুধিলে..
নিশা: কি হৈছে ইমান ফূৰ্তি যে।।
ৰিয়া: নীলৰ কথাবোৰ শুনিলে তয়ো হাঁহি পাগল হবি।।
নিশা: আমাকো কোৱাচোন নীল কি পাতিছা।।
নীল: এনেই যি টি আৰু।।
ৰিয়া: নিশা তই জাননে নীলে বোলে বৰ ধুনীয়া খানা বনাই।।
নিশা: উমমম জানো।। সঁচাকৈ সি ভাল বনায়।। এবাৰ নীলে বনোৱা খাইছিলো।। আকৌ কেতিয়া খুৱাই আৰু।।
নীল: খুৱাম খুৱাম।। এটা কাম কৰা কাইলৈ dinner মোৰ তাতে কৰা তোমালোকে।।
মানস: এইটো বেয়া নহয়।। নিশা তুমি office ৰ পৰা বাহিৰে বাহিৰে গুছি যাবা নীলৰ ৰুমলৈ।।
নিশা: মই বাৰু গুছি যাম ৰিয়াৰ কি হ'ব।। তাইতো চিনি নাপায়।। so কাইলৈ নালাগে sunday যাম।।
ৰিয়া: মোৰ কোনো আপত্তি নাই, যেতিয়াই যায়।। মাথো নীলৰ হাতেৰে বনোৱা খাবলৈ পালেই হ'ল।।
সকলোৱে ৰিয়াৰ কথা শুনি হাঁহিলে।।নীলে কলে..
নীল: মই ৰিয়াক office ৰ পৰা যাওঁতে লৈ যাম।।নিশা তুমি office ৰ পৰাই গুছি আহিবা।।
নিশা: তেতিয়াহলে থিকেই আছে।।
মানস: মোৰ অলপ দেৰি হ'ব।।
নিশা:  কিন্তু কিয়???
মানস: কাম অলপ আছে কৰি আহিব লাগিব।।
নিশা: থিক আছে।। পাৰিলে সোনকালে আহিবা।।
মানস: okk মই try কৰিম।।
নীল: okk এতিয়া আমি গৈ থাকোঁ।। কাইলৈ লগ পাম।।
নিশা: bye..
মানসে যোৱাৰ আগত নিশাক hug কৰি থৈ গ'ল।। ৰিয়াই নীললৈ চাই থাকিলে।। নীলে ভাবিলে ৰিয়া চাগে comfortable নাইহোৱা।। সেইকাৰণে চাগে ৰিয়াই তাক চাইছে।। সিহঁতি ওলাই গ'ল।। ৰিয়াই দৰ্জা খন ভিতৰৰ পৰা বন্ধ কৰি দিলে। নিশা fresh হ'ব গ'ল।। ৰিয়াই বিচনাত পৰি নীলৰ কথাবোৰ ভাবিব ধৰিলে...
ৰিয়া: নীলক দেখিলে একেবাৰেই নালাগে তাৰ যে জীৱনত ইমান ডাঙৰ ঘটনা ঘটিছে।। লৰাবোৰক যে বুজিবলৈ বহুত টান হয় কেতিয়াবা।। মই ভাবিছিলোঁ drinks কৰা লৰাবোৰ ভাল নহয়। কিন্তু      সিহঁতৰ drinks কৰাৰ অন্তৰালত যে এনেকুৱা কথাও থাকিব পাৰে মই আজিহে গম পাইছোঁ। আমি আমাৰ দুখবোৰ কান্দি হলেও প্ৰকাশ কৰোঁ।। কিন্তু লৰাবোৰে কান্দিব বেয়া পায় সেইকাৰণে চাগে drinks কৰি কথাবোৰ পাহৰিব try কৰে।। সঁচা ভালপোৱা ত কিয় ইমান কষ্ট হয়।। যদি লৰা এজনে ছোৱালী এজনীক সঁচা ভাল পাই তেতিয়া ছোৱালীজনীয়ে এৰি দিয়ে আৰু যেতিয়া ছোৱালী এজনীয়ে লৰা এটাক সঁচা ভালপায় লৰাজনে এৰি যায় আৰু যেতিয়া দুইটাই ইটোৱে সিটোক বহুত ভাল পায় তেতিয়া আকৌ family problem।। কিয় ইমান complicated প্ৰেম।। কিয় আমি সদায় ভূল ব্যক্তিৰ লগত প্ৰেম কৰোঁ।। হে ভগবান মানুহে কয় jodi uparwalai বনায়।। তুমি যদি সঁচাকৈ বনোৱা pls যি যাৰ ভাগ্যত আছে তেওঁৰ লগতেই প্ৰেম কৰিব দিবা।। সঁচা প্ৰেম কৰি আঁতৰি গলেগৈ বহুত কষ্ট হয়।। নহলে মানুহে প্ৰেম কৰিবলৈ ভয় কৰিব।।
তেনেতে নিশা ৰুমলৈ সোমাই আহিল...
নিশা: কি ভাবিছ ইমানকৈ।।
ৰিয়া: ভাবিছোঁ আৰু যি টি।।
নিশা: হব দে কব বিচৰা নাই যদি নালাগে।।
ৰিয়া: তেনেকুৱা একো নাই অ'..
নিশাও বিচনাত পৰিলে।। তাই ৰিয়াক সুধিলে..
নিশা: তহঁত কত গৈছিলি।। আৰু কি কি কৰিলি??
ৰিয়া: কি কি কৰিলি মানে?
নিশা: আৰে বাবা ওলাই গৈছিলি যে নীলৰ লগত কি কি খালি কত গলি সেইবোৰ সুধিছো।।
ৰিয়া: তেনেকৈ কতো ঘূৰি ফুৰা নাই।। আমি Eco Park গলো।। নিশা জাননে নীলে আজি তাৰ love story তো কৈছিল।। বহুত বেয়া লাগিল।। তাৰ দুখবোৰৰ তুলনাত মোৰ দুখবোৰ একোৱেই নহয়।।
নিশা: উমমম মোৰো বহুত বেয়া লাগিল যেতিয়া তাৰ কথাবোৰ শুনিছিলোঁ।। তাৰ হাঁহি থকা মুখখন দেখিলে তাৰো যে ইমান দুখ থাকিব পাৰে ধৰিবই নোৱাৰি।।
ৰিয়া: মই এটা কথা ভাবিছোঁ।।
নিশা: কি??
ৰিয়া: মই তাক সহায় কৰিব বিচাৰোঁ।। মানে সি নকলেও বুজি পাইছোঁ সি যে বহুত কষ্টত আছে গতিকে মই তাক সেই দুখবোৰৰ পৰা একেবাৰে বাহিৰ কৰিব বিচাৰোঁ যাতে সি নতুনকৈ জীৱন তো আৰম্ভ কৰে।।
ৰিয়াৰ কথা শুনি নিশা আঁচৰিত হ'ল।। দুইটাৰে মাজত একো সম্পৰ্ক নাই।লগ পোৱাতো বেছি দিন হোৱা নায়েই অথচ দুইটাই ইটোৱে সিটোক অতীতক পাহৰাত সহায় কৰিব বিচাৰিছে।। ভগবানৰো যে কি লীলা।। এনেকৈ ইটোৱে সিটোৰ সহায় কৰি আগবাহিলেই হল আৰু।। দুইটাৰে হৃদয় ভাগিছে।। দুইটায়ে সেয়েহে ইটোৱে সিটোৰ কষ্ট ও বুজিব।। তাইৰ মনত পৰিলে এখন web series ৰ কথা "Broken But Beautiful" ।। এই story তো ৰিয়াৰ জীৱনৰ লগত কিছু মিলে।। ৰিয়াই সুখত থকাটোয়েই বিচাৰে সকলোৱে।। আগৰ ৰিয়া জনী ঘূৰাই পাওঁ যাতে।। নিশাৰ উত্তৰ নাপায় ৰিয়াই নিশাক সুধিলে..
ৰিয়া: কি ভাবি আছ'।। কিবা এটা কৈছিলোঁ।।
নিশা: খুব ভাল ভাবিছ।। তাৰ লগত কথা পাতিবি time দিবি সি সোনকালে নতুনকৈ আগবাঢ়িব পাৰিব অতীতক পাহৰি।
ৰিয়া: উমমম।। বেয়া অতীত বোৰক মনত পেলাই কি লাভ past is past।। past ৰ কাৰণে present তো বৰবাদ কৰিব নালাগে কেতিয়াও।। এতিয়া bye মোৰ টোপনি ধৰিছে।।
আজি প্ৰথম বাৰৰ বাবে ৰিয়াক শুবলৈ sleeping tablet ৰ প্ৰয়োজন হোৱা নাই।। এনেকৈ হলে অতি কম সময়ৰ ভিতৰতে তাই সুস্থ হৈ উঠিব।। আৰু তাই নিজে অতীতক পাহৰাৰ কথা কৈছে।। নিশাৰ মনটো ভাল লাগিল।। ৰাতিপুৱা duty আছে যোৱাৰ আগতে ৰিয়াক ব্ৰেকফাষ্ট দি যাব লাগিব।। একো তো বনাব নাজানে তাই।।। ঘৰখনৰ আলসুৱা।। এতিয়া শুই থকাই ভাল হ'ব।। কথাবোৰ ভাবি নিশা শুই পৰিল।। ইফালে নীলৰ চকুত আজি টোপনি নাই।ৰিয়াৰ হাঁহিটো তাৰ কাণত এতিয়াও  ভাঁহি আছে....

হাঁহিলে তাইক বৰ ধুনীয়া লাগে।। তাইৰ যেন হাঁহিটো সদায় এনেকৈ থাকে।। ৰিয়া বহুত innocent ছোৱালী।। হে ভগৱান মোৰ লগত তুমি বহুত অন্যায় কৰিলা।। কিন্তু কেতিয়াও মই তোমাক বেয়াকৈ কোৱা নাই।। মই বিচৰাবোৰ কেতিয়াও নাপালোঁ।। কিন্তু তাই যি বিচাৰিছে তাইক দিয়া।। নীলে তাইৰ কথাবোৰ ভাবি ভাবি টোপনি গ'ল।। ৰাতিপুৱা নিশা অলপ সোনকালেই ওলাই গ'ল।। ৰিয়া শুই থকা কাৰনে তাইক নুঠালে।। ৰিয়াই শুই উঠি নিশাক নেদেখি office লৈ গ'ল বুলি গম পালে।। তাই গা-মুখ ধুই নিজৰ ৰুমলৈ আহোঁতেই তাইৰ ফোনটো বাজি উঠিল।। তাই ভাবিলে নিশ্চয় চাগে নীলে ফোন কৰিছে।। তাই যেতিয়া ফোনটো হাতত তুলিলে তাইৰ মনটো ভাল লাগি গ'ল, সঁচাকৈয়ে ফোনটো নীলৰ আছিল।। তাই ফোনটো rcv কৰিলে...
ৰিয়া: নীল কি কৰিছা।।
নীল: office গৈ আছোঁ।। তুমি উঠিলা??
ৰিয়া: উমম.. তোমাৰ লগত মোৰ important কথা আছিল।।।
নীল: কোৱা।।
ৰিয়া: তুমি যে কৈছিলা মোক chng হোৱাৰ কথা ।। মই first কি chng হম ভাবি পোৱা নাই।।
নীলৰ মনে মনে হাঁহি উঠিল ৰিয়াৰ important কথাটো শুনি।। সি কলে..
নীল: atcha এইটো important কথা আছিলে তোমাৰ।।
ৰিয়া: উমমম..কোৱানা।।
নীল: তুমি আজি কেইখনমান ফটো মাৰা।। যিখন best pic হ'ব সেইখন fb ত দি দিবা।। তোমাৰ profile চাইছিলোঁ বহুতদিন একো upload দিয়া দেখা নাপালোঁ।।
ৰিয়া: উমমম বহুতদিন একো দিয়া নাই।। কিন্তু মই কেনেকৈ গম পাম মোৰ কোনখন best pic।।
নীল: এটা কাম কৰিবা ।। ফটো বোৰ মাৰি মোলৈ send কৰিবা মই চাই দিম কোনখন ভাল হৈছে।।
ৰিয়া: okk।।
নীল: এতিয়া বাই ।। মই কাম কৰোঁ।। আবেলি ready হৈ থাকিবা। মই আনিমগৈ।।
ৰিয়া: okk.. bye।।
ৰিয়াৰ মনটো ভাল লাগিছে।। তাই ৰোহনক পাবলৈ সকলো কৰিব।। তাইৰ প্ৰথম step আজি ৰোহনক পোৱাৰ।। তাই ফোনৰ কেমেৰাটো অন কৰি ললে..2 বছৰৰ পিছত প্ৰথম আজি তাই নিজৰ ফটো তুলিব ওলাইছে।। তাইৰ অলপ আঁচৰিত লাগিল নিজকে।। ফোনটোৰ কেমেৰা অন কৰি তাই নিজৰ মুখ খন চাইছে।। কিমান দিন যে তাই নিজক এনেকৈ চোৱা নাই।। তাই এখন দুখনকৈ 20 খন মান ফটো মাৰিলে সকলোতে বেলগ বেলেগ pose।। তাই নিজেই নাজানে কিমান ফটো মাৰিছে।। তাই সকলো ফটো নীললৈ send কৰিলে।। কিন্তু নীল কামত busy বাবে চাব পৰা নাছিল।। তাইৰ wait কৰি কৰি আমনি লাগিছে..
ৰিয়া: কেতিয়া যে চাব নীলে।। ফোন এটা কৰি দিওঁ নি?? নাই নাই অফিচ ত busy থাকিবও পাৰে।। কিন্তু মই দেখোন ৰবই পৰা নাই।।
নীলৰ উত্তৰ নাপায় ৰিয়া চটফটাই আছে।। তাই ফোনটোৰ পৰা এক চেকেণ্ডৰ কাৰণেও আঁতৰি যোৱা নাই।। অৱশেষত নীলৰ msg আহিল।। নীলে  ফতো এখন select কৰি ৰিয়া লৈ পঠাইছে। ৰিয়াই লগালগ ফটোখন upload দিলে।। বহুত দিনৰ পিছত ৰিয়াই ফটো upload কৰাৰ কাৰনে তাইৰ পুৰণা friend বোৰে comment ৰ ওপৰত comment কৰিছে।। তাই নীলক thank u কৈ সকলোৰে comment ৰ reply দিয়াত লাগিল।। fb ত তাই ইমানেই busy হৈ গ'ল যে তাই খাব ও পাহৰিলে।। নিশাই lunch break ত ৰিয়া লৈ ফোন কৰিলে..
নিশা: ৰিয়া কি কৰিছ?? Breakfast কৰিলি।।
ৰিয়া: নাই কৰিমহে।। মই কাম এটা কৰি আছিলোঁ।।
 নিশা: এনেকুৱা কি কৰিছ খাবলৈ পাহৰিলি।।
ৰিয়া: fb ত post কৰিছিলোঁ।। তই ছা আকৌ।।
নিশা: মই চাম তই খাই ল'।। এতিয়া lunch কৰিব হ'ল আৰু তই ব্ৰেকফাষ্ট ও কৰা নাই।।
ৰিয়া: okk বাবা কৰিছোঁ।।
ৰিয়াই খাই বৈ অলপ জিৰালে। নীলে 4 তা বজাত ৰিয়ালৈ ফোন কৰিলে..
নীল: মই অলপ পিছতে যাম তুমি ready হৈ থাকিবা।।
ৰিয়া: কিন্তু মই যে ready হোৱাই নাই।।
নীল: এতিয়া হোৱা আকৌ ।। মই পাওঁ মানে হৈ যাব।।
ৰিয়া: থিক আছে।।
ৰিয়াই আজি কুৰ্তী পিন্ধা নাই । তাই আজি black clr dress এটা পিন্ধিছে।। তাই নিজকে ধুনীয়াকৈ সজাইছে।। আজি বহুত দিনৰ মূৰত তাইৰ নিজকে ধুনীয়া হব মন গৈছে।। সেয়ে তাই আইনাৰ মুখৰ পৰা নিজক আঁতৰাব পৰাই নাই।। তাই নিজকে চাই আছে।। Dress তো তাইক ৰোহনে gift দিছিল birthday ত ।। তাইৰ মন আছিল তাৰ আগত পিন্ধিবলৈ কিন্তু breakup হৈ গ'ল।। মৰমেৰে সাঁচি ৰাখিছিল তাই ড্ৰেছযোৰ। কিন্তু আজি তাইৰ পিন্ধিবলৈ মন গ'ল।। সেয়ে তাই পিন্ধি ললে।। নীল আহি তাইলৈ ফোন লগালে..
নীল: ৰিয়া আহা.. মই ৰৈ আছোঁ।।
ৰিয়া: 5 mints ।।
নীল: okei...

আগলৈ....

লেখা:- পল্লৱী দত্ত

Part 6 :- Click here


Post a Comment

0 Comments