প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ৯ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

নীল: যদি তোমাৰ একো problem নহয় তেন্তে মই ৰিয়াক মোৰ ৰুমলৈ লৈ যাওঁ ভাবিছোঁ।। মোৰ leave আছে so 1 week মান মই তাইৰ ভালকৈ care কৰিব পাৰিম।। বাকী পিছৰ কথা পিছত ভাবিম।
নিশাই এইবাৰ নীলক মানা কৰিব বিচৰা নাই।। কাৰণ care taker ললেও সেইধৰণে নাচাব যেনেকৈ নীলে চাব ।। তাইও সময় দিব নোৱাৰিব গতিকে নীলৰ লগত থকাটো বেয়া নহয় তথাপিও তাই নীলক কলে...
নিশা: মোৰ আপত্তি নাই কিন্তু এবাৰ ৰিয়াক সুধি লোৱা।। তাই বা এনেকৈ তোমাৰ লগত থাকিবনে।। মানে তোমালোকৰ বেছি দিন নাইহোৱা চিনাকি হোৱা ।।
নীল: সেইটো বাৰু মই ৰিয়াক সুধিম।।
নিশা: উমমম তাই মান্তি হলে মোৰ problem নাই।। পিছে তুমি আগতে ৰুম গৈ dress তো chang কৰি লোৱা নীল।। গোটেই চোলাটো তেজেৰে ৰঙা হৈ আছে।।
নীল: হ'ব মই মানসক কৈছোঁ লৈ আহিবলৈ মই একেবাৰে যাম।।
নিশা: ৰিয়াৰ কাপোৰ বোৰ বেয়া হৈ গ'ল।। মই লৰালৰিকৈ অনিবই পাহৰিলোঁ।। আজিয়েই তাইক release দিব ভবা নাছিলো।। কিনো কৰোঁ জানো।।
নীল: তুমি চিন্তা নকৰিবা মানস আহি লওঁক তাৰ পিছত ৰিয়া লৈ তুমি আৰু মই গৈ কাপোৰ কিনি আনিম।। তোমাৰ ৰুমলৈ গলে দেৰিহে হ'ব।।
নিশা: থিক আছে।।
নীল: তুমি যোৱা তাই চিন্তা কৰিব।।
নিশা: মই ৰৈছোঁ বাহিৰতে ।। তুমি এবাৰ গৈ আহা।।
নিশাই নীলৰ মনৰ কথা বুজিব পাৰিছিল।। সি যে ৰিয়াৰ ওচৰতে থাকিব বিচাৰিছে।। সেয়েহে সি কাপোৰ chang কৰিবও যোৱা নাই।। তাই নীলক ভিতৰলৈ যাবলৈ কৈ নিজে বাহিৰতে বহিল।।
নীল সোমাই যাওঁতে ৰিয়া শুই আছিল।। সি গৈ তাইৰ ওচৰত অলপ সময় বহিল। সি আলফুলে ৰিয়াৰ মূৰত হাত বুলাই দিলে ।। এনেকৈয়ে অলপ সময় সি তাইৰ মুখখনলৈ চাই থাকিল।। চাই থাকিলে চাই থাকিব মন যোৱা তাইৰ বগা মুখনত দাগ কিছুমানে ঠাই ললে ।। সি জানে সেইয়া তাই দুখ পোৱাৰ চিন।। তাৰ এনে লাগিল মৰমেৰে যেন সি নাইকিয়া কৰি দিব সি চিন বোৰ।। ৰিয়াৰ বুকুৰ ভিতৰত জ্বলি থকা জুইকুৰা সি নকলেও বুজে।। কিমান কষ্ট হয় যেতিয়া আশা বোৰ নিৰাশাত পৰিণত হ'ব।। সি ভাবিলে পাৰিব নে সি আনি দিব ৰোহনক তাইৰ জীৱনলৈ।। আহিলে তাই বহুত সুখী হ'ব কিন্তু ৰোহনে তাইক deserve নকৰে।। সি আকৌ যদি তাইক এৰি যায় তেতিয়া তাই একেবাৰে ভাঙি পৰিব।। মই ভূল কৰিলোঁ নেকি বাৰু তাইক ৰোহনক ঘূৰাই আনি দিম কৈ?? আৰু যদি মই help নকৰোঁ কলে তাই মোৰ জীৱনৰ পৰা আঁতৰি যায়।। নাই মই সেইটো হব দিব নোৱাৰিম।। তাই যেনেকৈ নহওঁক মোৰ লগতে থাকক।।। পিছত ৰোহন ঘূৰি আহিলে  কি হ'ব মই নাজানো।। কিন্তু এতিয়া মই তাইক নিজৰ পৰা দূৰ কৰিব নোৱাৰো।। নীলে কথাবোৰ ভাবি উঠি আহিব লওঁতেই ৰিয়াই তাৰ হাতখন ধৰিলে।। তাৰ খোজ বোৰ তাতেই ৰৈ গ'ল।। ৰিয়াৰ কোমল আঙুলিৰ স্পৰ্শ ই তাৰ মন মগজুত এক অবুজ সিঁহৰণৰ সৃষ্টি কৰিছে।। সি পিছলৈ ঘূৰি তাইলৈ চালে।। তাই ও নীলৰ চকুযুৰীলৈ চাই আছে।।
চকুযুৰি হৈছে মৰম ভালপোৱা বোৰ সোমাই যোৱাৰ বাট আৰু দুচকুৰ মিলনে হৈছে প্ৰেমৰ মিলন।। এইয়া কোনো অবাস্তব কথা নহয়।। এই যে আমি কাৰোবাক প্ৰথম দেখোঁতেই ভাল পাই পেলাওঁ সেইয়া আচলতে কেৱল একমাত্ৰ চকুযুৰিৰ কাৰনে হে সম্ভৱ।। love is blind বুলি কয় কিন্তু সচাকৈ বাৰু আমি নেদেখাকৈ প্ৰেমত পৰিব পাৰোঁ নে।। অৱশ্যে কিছুমান এনে প্ৰেমিক আছে যি নেদেখাকৈ প্ৰেমত পৰে ।। সেইয়া কিন্তু মোৰ অভিধান ত নাই ।। দেখা মানে এইটো নহয় যে দেখিবলৈ ধুনীয়া হ'ব লাগে কিন্তু দুচকুৱে যেতিয়া কাৰোবাক ভাল লাগিব তেতিয়াই প্ৰেম হ'ব।। সেইয়া বাহ্যিক হওঁক বা আভ্যন্তৰীণ সুন্দৰতাই হওঁক।।
ৰিয়াই নীলক বহিবলৈ কলে..
ৰিয়া: নীল তোমাৰ লগত কথা আছে।।
নীল: কোৱা ৰিয়া।।।
ৰিয়া: thank u so much নীল।। তুমি মোৰ কাৰনে যিবোৰ কৰিছা মই কেতিয়াও পাহৰিব নোৱাৰোঁ।।
নীল: সেইবোৰ একো কথা নহয় ৰিয়া।। thank u কব নালাগে।।
ৰিয়া: নিশাই সকলো কৈছে তাইৰ হৈ মই sorry কৈছোঁ নীল।। তাইক ভূল নুবুজিবা।।
নীল: সেইবোৰ মই ধৰি নাইথকা ।। তুমি lucky ৰিয়া এনেকুৱা friend পাইছা যি তোমাক বহুত ভাল পাই।।আজিকালি যুগত এনেকুৱা বন্ধুত্ব পোৱাটো টান।। তাই মোক যি কৈছে তোমাৰ কথা ভাবিয়েই কৈছে ।। মই তাইক বেয়া পোৱা নাই।। ৰিয়া তোমাক কথা এটা কওঁ।।
ৰিয়া: কোৱা।।।।
নীল: মই ভাবিছো তোমাক মোৰ ৰুমলৈ লৈ যাওঁ।। যদি তুমি বেয়া নোপোৱা......

ৰিয়া: কিন্তু মই জানো থকাটো ভাল হ'ব।।
নীল: আচলতে নিশা office ৰ কামত ব্যস্ত অলপ ।। so মই তোমাক মোৰ ৰুমলৈ লৈ আহিম কলো।। এজনী care taker থিক কৰি দিম পিছত।। এতিয়া  মোৰ ৰুমতে থাকা অলপ ভাল হৈ গুছি যাবা।। Don't worry একো অসুবিধা নোপোৱা ৰিয়া।। নিজৰ ঘৰ গতে থাকিবা।। এইকেইদিন Doctor য়ে তোমাৰ ভালকৈ care লব কৈছে সেইবাবে মই তোমাক মোৰ লগত ৰাখিম ভাবিলো।।
ৰিয়া: উমমম থিক আছে বাৰু কিন্তু তোমাৰ office???
নীলে ভবা নাছিল ৰিয়া ইমান সোনকালে মান্তি হ'ব।। কিন্তু তাই মান্তি হোৱাত তাৰ মনটো ভাল লাগিল।। সি তাইক কলে..
নীল: মই 1 week ছুটি লম।। মোৰ বহুত leave আছে।। নিশাৰ international fashion show এটা আছে তাই অলপ busy সেইকাৰনে।। তাত থাকিলে তোমাক চাবলৈ কোনো নাথাকিব।। মই নিবিচাৰো তোমাৰ কিবা কষ্ট হোৱা।। সেয়ে তোমাক মোৰ ৰুমত ৰাখিম ভাবিলোঁ।।
ৰিয়া: তুমি মোৰ কাৰনে এইবোৰ কিয় কৰিছা নীল??
নীল: তুমি মোৰ কাৰণে বহুত special যে।।
নীলে মিচিকিয়া হাঁহি মাৰি কলে।। ৰিয়া অলপ আঁচৰিত হ'ল...
ৰিয়া: মানে।।
নীল: এইবোৰ বাদ দিয়া।।। অলপ পিছত আমি ইয়াৰ পৰা লৈ যাম তোমাক।। অলপ rest লোৱা।। ইমান কথা পতা ভাল নহয়।।
নীলে কি উত্তৰ দিব ভাবি পোৱা নাছিল সেয়ে সি কথাটো সলনি কৰি দিলে।। কিয় special ৰিয়া তাৰ জীৱনত সি নাজানে।। কিন্তু ৰিয়া তাৰ বাবে সকলো এতিয়া । সি যে আকৌ প্ৰেমৰ দুৱাৰ দলিত খোজ দিলে সি গমেই নাইপোৱা।। ভালপোৱা বোৰ এনেকুৱাই কেতিয়া কাৰ লগত হৈ যায় কোনো নাজানে। প্ৰথম প্ৰেমে দিয়া দুখবোৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে।। সঁচা ভালপোৱাৰ বিনিময় যেতিয়া প্ৰতাৰণা হয় তেতিয়া বহুত কষ্ট হয়।। কিন্তু জীৱনটোক জানো তেনেকৈ মৰি থাকিব দিব পাৰি।। যাৰ কাৰণে আমি কষ্টত থাকোঁ সিহঁতি বহুত সুখত থাকে।। জীৱনটো এবাৰেই পোৱা যায় সেয়ে জীৱনটোৰ পৰা দুখ বোৰ delete কৰি সুখ বোৰক আঁকোৱালি ল'ব লাগে।। ভগৱানে সদায় চকু মেলি চাবই মাথোঁ তেওঁৰ ওপৰত বিশ্বাস ৰাখিব লাগে।। নীলৰ জীৱনলৈও এতিয়া সুখ আহিছে।। যি সুখে তাক তাৰ অতীতত পাহৰাই তুলিছে সি নজনাকৈয়ে।। সি drinks কৰা নাই আৰু কোনো বেলেগ ছোৱালীৰ লগত আকৌ flirt কৰা নাই।। সি সলনি হৈছে কিন্তু এইবোৰ সি নজনাকৈয়ে হৈ আছে।। নীলে ৰিয়াক rest লব কৈ ওলাই আহিল।। আহি সি মানসক দেখি কলে..
নীল: তই আহিলি নেকি?? মোৰ shirt ক'ত??
মানস: এইটো ল'।।
নীল: মই chng কৰি আহোঁ।।
নীল chng কৰিব গ'ল।।
নিশাই মানসক নীলে কোৱা কথাবোৰ কলে...
নিশা: মানস, নীলে কৈছে ৰিয়াক সি তাৰ ৰুমলৈ লৈ যাব।।
মানস: তুমি কি কলা??
নিশা: কিনো কম মানে সি কোৱা কথাবোৰ দেখোঁন ঠিকেই পালোঁ।। মই ও busy থাকিম।। তাইক ইমান care লব নোৱাৰিম।। সি পাৰিম বুলি কৈছে যেতিয়া..
মানস: ভালেই কৰিলা।। সি বহুত ভাল ল'ৰা।। তুমি মিছাতে এনেই চিন্তা কৰা।।
নিশা: নীলৰ বাৰু ৰিয়াৰ প্ৰতি কিবা feelings আছে নেকি??
মানস: নাজানো মোক একো কোৱা নাই।। মই কথাটো সুধিম বাৰু তাক।।
নিশা: নাজানো কিয় এনেকুৱা লাগিছে সি যেন ৰিয়াক ভালপাইছে।। সি যিমানবোৰ কৰিছে আগতে কাৰো কাৰণে দেখা নাই কৰা।।
মানস: সেইটো মইও লক্ষ্য কৰিছোঁ।। ৰবা মই সুধিম তাক এই বিষয়ে।।
নিশা: উমমম।।
তেনেতে নীল আহি সিহঁতৰ ওচৰ পালেহি ।। নীলে নিশাক লৈ ৰিয়াৰ বাবে কাপোৰ কিনিবলৈ গ'ল।। সি নিশাক কলে...
নীল: তুমি তাইৰ কাৰণে কিনা চোন।। মই বেলেগ বজাৰ অলপ কৰি আহোঁ।।
নিশা: থিক আছে।।
নিশাই ৰিয়ালৈ কাপোৰ কিনিলে।। কিন্তু নিশাই নজনাকৈয়ে নীলে ৰিয়ালৈ বহুত কিবা কিনিলে।। সিহঁতি কাপোৰ লৈ আহি ৰিয়াক দিলেহি।।
ৰিয়া: মোৰ কাপোৰ বহুত আছে কিনিব কিয় লাগে।।
নিশা: নীলে কলে মানে ঘৰ গৈ অনালে দেৰি হে হ'ব।। সেয়ে আমি কিনি আনিলোঁ।।
নিশাৰ help ত ৰিয়াই কাপোৰ জোৰ পিন্ধি ললে।। ৰিয়াক নতুন কাপোৰযোৰত পৰী জনী গতেই লাগিছিল।। নীলে যেতিয়া তাইক দেখিলে তাৰ চকু থৰ হৈ গ'ল।। তাইক দেখি তাৰ এনে লাগিল যে  তাৰ  হৃদয়ত এছাটি প্ৰেমৰ বতাহ পাৰ হৈ গৈছে।। তাইৰ চুলিখিনিয়ে বাৰে বাৰে তাইৰ চকু আগলৈ আহি তাইৰ ধুনীয়া মুখখন ঢাকি দিছে।। তাৰ এনে লাগিছে যেন সি গৈ তাইৰ চুলি খিনি ঠিক কৰি দিব।। ৰিয়াৰ হাত এখন অলপ fracture হৈছে সেয়ে তাই নিজেও থিক কৰিব পৰা নাই।। তাইও অশান্তি পাইছে কিন্তু কাকো ক'ব পৰা নাই।।নীলে ৰিয়াৰ মনৰ কথা বুজি পালে সি নিশাক কলে..
নীল: নিশা ৰিয়াৰ চুলিখিনি বান্ধি দিয়া।তাই কষ্ট পাইছে।।
ৰিয়া আঁচৰিত হ'ল কেনেকৈ নীলে বুজি পালে কথাবোৰ।। আচলতে সঁচা ভালপোৱাত মনৰ কথা বোৰ নোকোৱাকৈ য়ে বুজিব পাৰি। নীলৰো থিক তেনেকুৱাই হৈছিল।। নীলৰ ভালপোৱা ৰিয়াৰ প্ৰতি বহুত গভীৰ আছিল সেইটো সি নাজানে কিন্তু  সেইবাবেই  সি ৰিয়াৰ মনৰ কথাবোৰ বুজি পাই।।
নিশাই ৰিয়াৰ চুলি খিনি বান্ধি দিলে।। সিহঁতি সকলো নীলৰ ৰুমলৈ যাবলৈ গাড়ীত উঠিল।। নীল আৰু ৰিয়া একেলগে গৈছে আৰু মানসৰ লগত নিশা।। ৰিয়াই গাড়ীত বহি নীলক কলে...
ৰিয়া: thank u.....

নীল: তুমি ইমান thank u কৈ থাকিলে মই বেয়া পাম কিন্তু।।
ৰিয়াই হাঁহিলে।। নীল আৰু ৰিয়া গৈ আছে নীলে সুধিলে...
নীল: তোমাৰ accident কেনেকৈ হ'ল??
ৰিয়া: মই ওলাই আহি বহুত দূৰ যে  পালোহি সেই কথা মই বহুত দেৰিকৈ পিছলৈ ঘূৰি চাইহে গম পালোঁ।। মোৰ বহুত ভয় লাগিছিল জানা নীল।। তাতে আকৌ ফোনটো ও নাছিল কি কৰিম একো ভাবি নাপালোঁ।। ওচৰতে বেঞ্চ এখন দেখি বহিলোঁ।। জানিছিলো তোমালোকে মোক বিচাৰি আহিবা।। তেনেকুৱা তে ল'ৰা কেইটামান আহি মোৰ ওচৰত ৰলহি।। সিহঁতি মদ খাই আছিল।। তাৰে দুটামান আহি মোৰ গাতে গাত লগায় বহিল।। মই বহুত ভয় খালোঁ।। মই উঠি আহিব লওঁতেই....
ৰিয়াৰ কথা শেষ নহওঁতেই নীলে গাড়ীখন জুৰছে ব্ৰেক মাৰি ৰখালে।। সি তাইক কলে
নীল: সিহঁতি তোমাক misbehave কৰিছিল নেকি?? আৰু তুমি জানিব লাগে যে এনেকৈ ৰাতি ওলাই অহাটো safe নহয় ছোৱালী কাৰণে।। তোমাৰ কিবা এটা হোৱা হলে কি হলহেঁতেন?? সিহঁতক মই সুদাই নেৰোঁ।।
ৰিয়াই নীলক এনেকৈ খং কৰা নাইদেখা।। আজি তাই নীলৰ বেলেগ ৰূপ দেখিলে।। তাই নীলক সান্তনা দিবলৈ কলে....
ৰিয়া: relax নীল।। সিহঁতি মোক তুমি ভবাৰ দৰে একো কৰিব নাপালে।। মই কেতিয়াও আৰু এনেকৈ নাহো ওলাই।। তুমি শুনা পিছৰ খিনি।।
ৰিয়াৰ কথাত নীল অলপ relax হ'ল ।। সি কলে..
নীল: কোৱা..
ৰিয়া: মই উঠি আহিব লওঁতে এটাই মোৰ হাতত ধৰিছিল।। মই বহুত request কৰিছিলো মোক এৰি দিবলৈ কিন্তু সিহঁতে শুনাই নাছিল।।  মোক লৈ সিহঁতৰ মাজত কাজিয়া হৈছিল।। সেইটো চেগতে মই মোক ধৰি থকাটোৰ হাতত কামুৰি পলাই আহিছিলোঁ।। কিন্তু আহি থাকোঁতে গাড়ী এখনে খুন্দা মাৰিলে।। গাড়ীখনৰ গাত দুখ নাছিল মই পিছলৈ চাই চাই দৌৰি আহিছিলো।। মই যে বাছিম ভবাই নাছিলোঁ।। তোমালোকৰ কথাবোৰ বহুত মনত পৰিছিল।। কিন্তু তুমি আহি মোক বচাই দিলা।।
নীল: মই এনেকুৱা হৈছে বুলি জনাই নাছিলোঁ। মই তোমাক ৰাস্তাত পৰি থকা দেখিছিলোঁ কিন্তু মই তুমি বুলি জনা নাছিলো।। মানুহজনে তোমাক দাঙি আনোতে হে মই back ৰ glass ত তোমাৰ কাপোৰযোৰ দেখি তুমি বুলি গম পালোঁ আৰু তোমাক লৈ আহিলোঁ।।
ৰিয়া: যদি তুমি back glass ত মোক নেদেখিলা হেঁতেন তেতিয়া কি ৰাস্তাত পৰি থকা ছোৱালী এজনীক help নকৰিলা হেঁতেন নীল।।
নীল: মই গাড়ী ৰখাইছিলোঁ।। কিন্তু সেইসময়ত মোৰ তোমাক বিচৰাটো বহুত জৰুৰী আছিল সেয়ে মই নামি যোৱা নাছিলোঁ আৰু মানুহ জনক তোমাৰ ওচৰত দেখিছিলোঁ সেইবাবে মই গুচি আহিব লৈছিলোঁ।।
ৰিয়া: কেতিয়াও এনেকুৱা নকৰিবা নীল।। তোমাৰ যিমান important কাম নহওঁক তুমি সদায় মানুহক সহায় কৰিবা।।
নীল: থিক আছে কৰিম এতিয়া যাওঁ বলা।। মানসহঁত পাবগৈয়ে ।।
ৰিয়া: okk।।
নীলে পুনৰ গাড়ী ষ্টাৰ্ট কৰিলে।। 15 মিনিট ৰ পিছত সিহঁত গৈ ৰুম পালেগৈ।। মানস হঁত already ভিতৰত সোমাইছে।। নীলে ৰিয়াক bed ৰুমলৈ লৈ গ'ল।। নিশা পাকঘৰত সোমাল কিবা খাবৰ বাবে যোগাৰ কৰিবলৈ।। নীল ৰিয়াক থৈ পাকঘৰত সোমাল।। মানস TV চাব বহিল।। নীলে নিশাক কলে...
নীল: কালি চিকেন আনি থৈছোঁ ।। ফ্ৰীজত আছে তুমি বনোৱা।। মই ভাত তো উঠাই দিম।।
নিশা: নালাগে নীল মই বনাই দিম।। এনেও এইকেইদিন তুমিয়েই কৰিব লাগিব।।
নীল: হেহে একো নাই হ'ব মই পাৰিম।। তুমি তো জানাই মই expert cooking ত।
নিশাই হাঁহিলে।। নীল আহি মানসৰ লগতে বহিলেহি।। মানসে কলে..
মানস: মই তো নিশাৰ লগত থাকিম।। তই তাইক আনিছ হয় তই ক'ত শুবি।। বিচনা দেখোন এখন।।
নীল: কাইলৈ অফিচ যাম চুটি লৈ আহিব লাগিব।। আহোঁতে bed এখন লৈ আহিম ভাবিছো।। তেতিয়া নিশা আৰু তয়ো ইয়াতে থাকিব পৰিবি মন গলে।। আজি sofa ত manage কৰি লম।।
মানস: তোক কথা এটা সোধো।।
নীল: সোধ।।
মানস: তোৰ ৰিয়াৰ প্ৰতি কিবা feelings আছে নি?? মানে মই ক'ব বিচাৰিছোঁ are u feel something for her..
নীল: সেইটো মই নাজানো।।কিন্তু কেতিয়াবা এনেকুৱা feel হয় তাইক যেন নিজৰ কৰি লম।। তাইক দেখিলে মনটো ভাল লাগি থাকে।। নাজানো এইয়া কি?? কিন্তু সদায় মই তাইৰ লগত এনেকৈয়ে থাকিব বিচাৰোঁ।। কিন্তু কেতিয়াবা ভয় লাগে ৰোহন যদি ঘূৰি আহে কি হ'ব।।
মানস: বেছি চিন্তা নকৰিবি যি হৈছে ভালৰ কাৰণে হৈছে আৰু যি হব সেয়াও ভালৰ কাৰণে হ'ব।।
মানস আৰু নীলে কথা পাতি কেতিয়ানো সময় বোৰ পাৰ কৰিলে সিহঁতি অনুভৱ কৰিবই নোৱাৰিলে।। নিশাই খাবলৈ মাতিলত হে সিহঁতি গম পালে বহুত time lecture দিলে বুলি।। নিশাই সিহঁতক খাবলৈ দি ৰিয়াক soup খোৱাব গ'ল।। Doctor য়ে তাইক যি টি খোৱাব মানা কৰিছে।। নিশাই তাইক খুৱাই নিজেও খাই বাচন বৰ্তন সকলো ধুই ৰিয়াৰ ওচৰলৈ গ'ল...
নিশা: মই আৰু মানস যাওঁ।। evng আকৌ আহিম তোৰ কাপোৰ বোৰ দিবলৈ।। তই কিবা লাগিলে বা খাব মন গলে নীলক কবি।। নিজে উঠি নাযাবি।।
ৰিয়া: থিক আছে।।
এইবাৰ নিশাই নীলক চাই কলে..
নিশা: তাইক সময়মতে দৰৱ বোৰ খুৱাই দিবা।। 7 তাত আছে এটা আমি অলপ অহা দেৰি হবও পাৰে।।
নীল: হ'ব তুমি চিন্তা নকৰিবা।।
নিশা আৰু মানস গুছি গ'ল।। নীলে দুৱাৰখন lock কৰি ৰিয়াৰ ওচৰলৈ আহিল।।সি ৰিয়াক কলে...
নীল: অলপ শুই দিয়া।।
ৰিয়া : তুমি???
নীল: মইও শুম ।।
ৰিয়া: ক'ত শুবা।।
নীল: sofate শুই যাম ।। তুমি চিন্তা নকৰিবা মই নাহো তুমি শোৱা।।
ৰিয়া: মই সেইটো চিন্তা নাইকৰা।। তুমি কষ্ট পাবা সেইটো হে ভাবিছো।।
নীল: হ'ব একো নাই কাইলৈ bed এখন আনিম আজিহে কষ্ট কৰিব লাগে হৈ যাব।।
ৰিয়া: নালাগে...
নীল: কি নালাগে??
ৰিয়া: তুমি ইয়াতে শোৱা।।
নীল: কিন্তু তুমি??
ৰিয়া: মইও ইয়াতে শুম।। মাজত গাৰু দি লম sofar pillow বোৰ লৈ আহা....

আগলৈ....

লেখা:- পল্লৱী দত্ত

Part 10 :- Click here
    ( Photo credit:- pixabay.com )

Post a Comment

0 Comments