প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ৪ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

ৰিয়া: family problem।।
নীল: atcha.. একেবাৰে contact নাইনেকি??
ৰিয়া: উমহো….
নীল: সি এতিয়া কি কৰি আছে??
ৰিয়া: নাজানো।। সি মোক block কৰি থৈছে।।তাৰ gf য়ে বেয়া পায় মোৰ লগত পাতিলে।।
নীল: তাৰ gf আছে জানিও তুমি wait কৰি আছা যে??? সি তো আগবাঢ়িলে বহুত।।
ৰিয়া: নাজানো ।। মনটোৱে দেখোন মানিবলৈ নিবিচাৰে।। এনেকুৱা লাগে সি ঘূৰি আহিব।।
নীল: তুমি এতিয়াও তাক বহুত ভালপোৱা????
ৰিয়া: উমমম।।
নীল: তাক আকৌ ঘূৰাই পাব বিচৰা!!!
ৰিয়া: উমমম।।
নীল: মই তোমাক help কৰিব পাৰিম তাক তোমাৰ life লৈ অনাত। কিন্তু তুমি মই কোৱা মতে কৰিব লাগিব।।
ৰোহন ক ঘূৰাই পোৱাটো ৰিয়াৰ এক সপোনৰ দৰে ।। তাই সকলো কৰিব পাৰিব তাক পাবলৈ।। নীল ৰ কথাবোৰত তাই যেন ৰোহনক পোৱাৰ আশাৰ ৰেঙণি জাগি উঠিছে।। তাই নীল ক কলে..
ৰিয়া: সচাকৈ সম্ভৱনে ৰোহনক ঘূৰাই পোৱা।। মই যিকোনো কৰিব পাৰিম তাক পাবলৈ ।। তুমি মাথোঁ মোক কোৱা মই কি কৰিম।।
নীল: সকলো কম আগতে কোৱা কিবা খালা নে??
ৰিয়া: নাই নিশাই soup বনাই আছে খাম অলপ পিছত।।
নীল: মোৰ কাম এটা আছে কৰি লওঁ তুমি খাই লোৱা ।। মই ফোন কৰিম ।। তুমি save কৰি লোৱা number তো।।
ৰিয়া: থিক আছে।।
ৰিয়াই নীলৰ কথাবোৰ শুনি বহুত ভাল পালে।। একমাত্ৰ নীলেই সেইটো যি তাইক এই ক্ষেত্ৰত support কৰিছে।। বাকী কোনেও বুজি পোৱা নাই তাইৰ কথা।। কেৱল নীলে বুজিছে।। তাইৰ কাৰণে নীল ভগৱানৰ দৰে ।। সি তাইক নিজে help কৰিম কৈছে।। কথাবোৰ ভাবোঁতেই  নিশা তাইৰ ওচৰলৈ আহিল।। নিশাই তাইক soup খাবলৈ দিলে।। নিশাই লক্ষ্য কৰিলে ৰিয়াৰ মুখ খন ত বেলেগ এটা উজ্জ্বলতা। নিশাই সুধিলে..
নিশা: কোনে ফোন কৰিছিল??
ৰিয়া: নীলে।।
নিশাই ভাবিলে এদিন কথা পাতোঁতে ইমান chng ।। নীলে কি কৈছে তাইক এনেকুৱা।।
নিশা: ৰোহনে আকৌ msg কৰিছে নেকি??
ৰিয়া: নাই সেয়া ৰোহন নাছিল।। নীল আছিল।। মইহে ৰোহন ভাবিলোঁ।।
নিশা: তাৰমানে ৰোহনে msg নাইদিয়া।।
ৰিয়া: উমহো।।
নিশাৰ মনটো অলপ শান্তি লাগিল।। ৰোহনে আকৌ msg দিয়া কথাটো তাই একেবাৰে ভাল পোৱা নাছিল।। কিন্তু ৰিয়াক doctor য়ে tension দিব মানা কৰিছে সেইবাবে তাই বেছি একো কোৱা নাছিল।। তাই ৰিয়াক নীলে কি কলে নুসুধিলে।। তাই নীলৰ লগত নিজেই পাতিব।। তাই ৰিয়াক কলে..
নিশা: তই খা।। মোৰ office ৰ কাম অলপ আছে।।
ৰিয়া : okk
ৰিয়াই soup খাই নীলৰ ফোনটোৰ বাবে অপেক্ষা কৰি আছে।। তাই যেন থাকিবই পৰা নাই wait কৰি।। তাই নিজেই নীল লৈ ফোন লগালে কিন্তু নীল ৰ number তো busy আছে।। নীলে তেতিয়া নিশাৰ লগত পাতি আছিল।। ৰিয়াৰ ফোন অহা দেখি নীলে নিশাক কলে..
নীল: ৰিয়াই ফোন কৰি আছে।। তোমাক পিছত কৈ আছো মোৰ বাকী plan।।
নিশা: okk।।
নীলে ৰিয়ালৈ call লগালে।। নীলৰ ফোন তো অহা দেখিহে ৰিয়াৰ মুখলৈ হাঁহি আহিলে।। তাই ফোনটো rcv কৰিয়েই কলে..
ৰিয়া: তুমি busi আছা নেকি?? মই ফোন কৰিছিলোঁ।।
নীল: লগৰ এটাৰ ফোন আহিছিল কথা পাতি আছিলোঁ।। কোৱা..
ৰিয়া: তুমি কৈছিলা তুমি মোক help কৰিবা।।
নীল: atcha... সেইটো কথা।।। সেইবোৰ কথা ফোন ত নহয়।। আবেলি উলাবা আমি Eco Park যাম ।।তোমাৰ ফুৰাও হব আৰু আমি কথা পাতিম।। তুমি অকলে আহিবা।।
নিশাক মাথোঁ কবা মোৰ লগত যোৱা।। কিয় যোৱা সেইবোৰ কোনো দৰকাৰ নাই।।
ৰিয়া: থিক আছে।।কিন্তু মই যে চিনি নাপাওঁ।
নীল: মই আনিব যাম ।। তুমি ready হৈ থাকিবা।। 4 pm late নকৰিবা।।
ৰিয়া: okk।। মই তোমালৈ ৰৈ থাকিম।।
ৰিয়াই তালৈ ৰৈ থাকিম কোৱা কথাটো তাৰ বহুত ভাল লাগিল।। ৰিয়াক প্ৰথম দেখোঁতেই তাৰ ভাল লাগিছিল।। সি কেতিয়াবা ভাবে।। ৰোহনৰ দৰে মূৰ্খ চাগে কোনো নাই। তাক ইমান ভালপোৱা ছোৱালীজনীক সি এৰি দিলে।। সঁচা ভালপোৱা পইচা থাকিলেও পাবলৈ নাই।। সি পাইও হেৰুৱাইছে।। যি কি নহওঁক সি যদি এতিয়া তাইক তাইৰ ভালপোৱা পাবলৈ সহায় কৰিব পাৰে  তেন্তে তাৰ সমান সুখী কোনো নাথাকিব।।
ৰিয়া ওলাই মেলি ready হৈ আছে ।। তাই 1  hour ৰ আগতেই ওলাই মেলি ready।। তাইৰ কাৰণে এক মিনিট সময়ো বহুত মূল্যৱান।। কোনোবাই তাইৰ সপোন বোৰ দিঠক কৰিব ওলাইছে।। তাই বহুত সুখী।। নীলক লগপোৱা বেছিদিন হোৱা নাই।। কিন্তু তাইও নাজানে কিয় তাৰ ওপৰত বিশ্বাস হৈছে।। এটা অচিনাকী লৰাৰ লগত অকলে যাবলৈ এখন অচিনাকী ঠাইত সহজ নহয় এজনী ছোৱালীৰ কাৰনে।। কিন্তু নীলৰ লগত যাবলৈ তাই ৰ ভয় লগা নাই।। তাই ওলাই মেলি ঘড়ীটোলৈ চাই আছে কেতিয়া 4 তা বাজিব আৰু কেতিয়া নীল আহিব।। ৰিয়াক তেনেকৈ ওলাই থকা দেখি নিশাই সুধিলে..
নিশা: ক'ত যাৱ তই??
ৰিয়া: Eco park.. নীল আহিব নিবলৈ।।।
নিশা: অকলে plan কৰিলি যে।। মোকো ক'ব পাৰিলিহেঁতেন।।
ৰিয়াই কি উত্তৰ দিব ভাবি পোৱা নাই।। তাই মনে মনে থাকিল।। নিশা ই বুজি পালে কিয় ৰিয়াই উত্তৰ দিয়া নাই।। তাই কলে..
নিশা: ধেমালি কৰিছোঁ পাগলী।। মই মানসৰ লগত ওলাই যাম আবেলি।। ভালেই হৈছে তইও ওলাই গৈছ নহলে ৰুমত অকলে থাকিব লাগিলেহেঁতেন।। মই বেয়া নাপাওঁ।।  তই নীলৰ লগত গৈছ কাৰণে মোৰ চিন্তা নাইহোৱা।। কিন্তু বেলেগৰ লগত নাযাবি  অকলে ।। সকলো তই ভবাৰ দৰে নহয়।।
ৰিয়া : থিক আছে।। next time কৰবাত যোৱাৰ আগতে তোক কৈ যাম।।
নিশা: হ'ব।। নিজৰ care লবি।। চাবি লৈ যা মোৰ অহা দেৰি হ'ব।।
ৰিয়া: okk।।
অলপ পিছতে নীল আহি পালেহি।। সি ভিতৰলৈ নাহিলে।। সি ফোন কৰি ৰিয়াক তললৈ মাতিলে।। ৰিয়াই নিশাক মাত লগাই তললৈ গ'ল.....

ৰিয়াক দেখি নীলৰ হৃদয়ত এজাক বতাহ বলিবলৈ ধৰিলে।। ৰঙা কুৰ্তীটোত ৰিয়াক সৰগৰ পৰি জনীৰ গতেই লাগিল।।  সি মাথোঁ চাই ৰৈছে তাইৰ সেন্দুৰীয়া মুখ খনলৈ।। ৰিয়াই আহি নীলক কলে...
ৰিয়া: sorry নীল অলপ দেৰি হ'ল।।
নীল: its okk।। এতিয়া যাওঁ বলা।।
ৰিয়া: উমমম বলা।।
নীলে গাড়ী চলাই আছে।। তাই খিৰিকীৰে বাহিৰৰ পৃথিৱী খন চাই আহিছে।। মাজে মাজে নীলে তাইলৈ চাই আছে।। বগা দুপাত্তা খন বতাহত উৰি আহি নীলৰ মুখত পৰিছেহি।। ইফালে গাড়ীত ৰোমান্টিক song Hawayein বাজি আছে।। সি যেন গানটোৰ প্ৰতিটো শব্দই অনুভৱ কৰিছে।। তাৰ বুকুৰ ধপধপনি বাঢ়িব ধৰিছে।। সি এখন হাতেৰে দুপাত্তা খন তাৰ মুখৰ পৰা আঁতৰাব লওঁতেই ৰিয়াই দেখিলে।। ৰিয়াই লগা লগ নিজৰ দুপাত্তা খন তাৰ মুখৰ পৰা আঁতৰাই আনি নিজৰ হাতেৰে খামুচি ধৰিলে।। ৰিয়াই দুপাত্তা খন আঁতৰাব লওঁতে তাইৰ নীলৰ হাতত হাত খন লাগি গ'ল। ৰিয়াই একো feel কৰা নাই তাই মাথোঁ নীলক sorry কলে কিন্তু নীলৰ বুকুত ৰিয়াৰ হাতৰ কোমল স্পৰ্শই খলকনি তুলিলে।।। কিন্তু সি নাজানে সেইয়া যে আৰম্ভণি তাৰ প্ৰেমৰ।। সিহঁতি গৈ পার্ক পালেগৈ।। পার্ক ত couple বোৰক বহি থকা দেখি ৰিয়াৰ মনটো অলপ বেয়া লাগিল। তাইও এনেকৈ ৰোহনৰ লগত হাতত হাত ধৰি সময় পাৰ কৰিছিল।। কিমান যে ভাললগা সময় আছিল সেইবোৰ।। কিন্তু হঠাতে যে কি হৈ গ'ল। তাই সপোনটো ভবা নাছিল ৰোহনৰ অবিহনেও যে তাই কেতিয়াবা থাকিব লাগিব।। ৰিয়াৰ mood দেখি নীলে বুজিলে তাই কি ভাবিছে।। সি কলে..
নীল: hey..what happened??
নীলৰ মাতত তাই চকখাই গ'ল।। তাই কথাবোৰত ইমান বিভোৰ হৈ গৈছিল যে তাই পাহৰিলেই কাৰ লগত ক'ত আছে।। তাই কলে...
ৰিয়া: নাই একো হোৱা নাই।।
নীল: মোক তুমি সকলো খুলি কব পাৰা। I know u missing ur ex...
নীলক তাইৰ সকলো খুলি কবলৈ মন যায়।। নাজানে কিয় নীলক তাইৰ আপোন গতে লাগে। তাই নীলক সঁচাকথাটোৱেই কলে...
ৰিয়া: উমমম অলপ অলপ।।
নীল: কিন্তু তুমি এনেকৈ থাকিলে ৰোহনক নোপোৱা কেতিয়াও।।
ৰিয়া: মানে???
নীল: তুমি এনেকৈ মন মাৰি থাকিলে নহব।। তুমি নিজকে chng কৰা।।
ৰিয়া: কিন্তু কেনেকৈ..
নীল: সেইটোৰ কাৰনে তুমি এটা সৰু lovestory শুনিব লাগিব।।
ৰিয়া: lovestory কিন্তু কাৰ।।
নীল: মোৰ
ৰিয়া অলপ আঁচৰিত হ'ল..
ৰিয়া: তোমাৰ ??
নীল: উমমম মোৰেই।। bdw তুমি তোমাৰ কথা একো কোৱা ই নাই নহয়।। মানে ঘৰত কোন কোন আছে ।। কি পঢ়িছিলা।। etc মই সকলোকে মোৰ lovestory শুনাই নাথাকো।। মই আগতে জানিব লাগিব তোমাক ক'ব পাৰি নে নোৱাৰি।।
নীলৰ কথাবোৰ শুনি ৰিয়াই নিজৰ হাঁহি ৰখাব নোৱাৰিলে।। তাই এনেকৈ চাগে breakup ৰ পিছত প্ৰথম হাঁহিছে।। নীল ও আঁচৰিত হল।। নীলে তাইক চাই আছে হেঁপাহ পলুৱাই।। হাঁহিলে ৰিয়াক কিমান যে ধুনীয়া লাগে।। কত আছিল এই ধুনীয়া হাঁহিতো।। সি লগালগ নিশালৈ ফোন কৰিলে ৰিয়াই নেদেখাকৈ।। নিশাই ফোনটো rcv কৰি যেতিয়া তাইৰ হাঁহিটো শুনিলে তাইৰ মনটো বহুত ভাল লাগিল।। তাই বুজিছে নীলে চাগে হাঁহিটো শুনাবলৈ call কৰিছিল।। সেয়ে তাই ফোনটো কাটি নীলক msg কৰিলে...
নিশা: thank u so much নীল।। তোমাক কি কম  একো ভাষা বিচাৰি পোৱা নাই।। keep it up।।
নীলে msg তো দেখিলে যদিও reply নাইদিয়া।। এতিয়া তাৰ একমাত্র focuss হ'ল ৰিয়া। সেয়েহে সি ফোনটো side কৰি থলে।। ৰিয়াই কলে..
ৰিয়া: তুমি বহুত funny নীল।। don't worry u can tell me.. muk trust কৰিব পৰা তোমাৰ story বেলেগক নকওঁ।।
নীলে হাঁহিলে।।।
নীল: এতিয়া কোৱা তোমাৰ Introduction.
ৰিয়া: okk।। মোৰ নাম ৰিয়া সেইটো জানা কিন্তু introduction আকৌ complete নহয় যে নাম নোকোৱাকৈ so কৈ দিছোঁ।।
এইবাৰ দুইটাই হাঁহিলে।।
ৰিয়া: ঘৰত মা দেউতা আৰু মই।। দেউতাই ONGC ত কৰে মা housewife।। মই BA complete কৰিলোঁ।। তাৰ পিছত এতিয়া বেকাৰ।। ইয়ালৈ fashion designing কৰিব আহিছোঁ নামত কিন্তু actually মই তাত বহুত অশান্তি পাইছিলোঁ।। so ইয়ালৈ গুছি আহিলোঁ।। এতিয়া কোৱা তোমাৰ কথা।।
নীল: মোৰ নাম নৱনীল।। কিন্তু সকলোৱে নীল বুলিয়ে মাতে।। মোৰ ঘৰ গুৱাহাটীত ইয়ালৈ অহা ৫ বছৰেই হ'ল।। মা-পাপা Doctor।। মই ঘৰৰ একমাত্ৰ ল'ৰা।। ইয়াত TCS ত job কৰি আছো।। মানসক ইয়াতে লগ পালোঁ।। তাৰ পিছত মানসে কলে নিশাৰ কথা তাই কলকাতা আহিব  fashion designing course ৰ বাবে।। তাই অহাৰ পিছত সিহঁতি living ত থাকিল।। মই মোৰ flate ত অকলে।।
ৰিয়া: তাৰমানে নিশা living ত আছিলে।। কিন্তু তাইতো মোক এইবোৰ কোৱা নাই।।
নীল: oh ho.. এতিয়া মই কৈ দিলোঁ কি হ'ব।।
নীলে কথাটো কৈ হাঁহিলে।। তুমি কিয় ইমান serious হৈছা।। livingt থকা তো crime নহয়।। বহুতে living concept তো বেয়াকৈ লয়।। তুমিও তেনেকৈ ভাবিবা বুলি নাইকোৱা আৰু।।সেইবোৰ বাদ দিয়া... এতিয়া মোৰ love story শুনা।।
ৰিয়া: উমমম কোৱা...

নীল: মই B.Com কৰি থাকোঁতে এজনী ছোৱালীক ভালপাইছিলোঁ।। তাইৰ নাম জীয়া আছিল।। তাই দুখীয়া মানুহৰ ছোৱালী আছিল।। বহুত simple আৰু বহুত cute।। তাইক মই কোনো ধৰণৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিলো।। তাইক financially ও বহুত help কৰিছিলোঁ।। আমাৰ 5 yrs য়ে relation আছিল।। তাইক মই মোৰ family লগত ও চিনাকি কৰাইদিছিলোঁ।। সকলো ঠিকেই আছিল কিন্তু হঠাতে মোৰ জীৱনলৈ এজাক ধুমুহা আহিল।। কয় নহয় সুখবোৰ ক্ষন্তেকীয়া বুলি।। তাইক মই পাগলৰ দৰে ভাল পাইছিলো আৰু trust ও কৰিছিলোঁ ।। কিন্তু সেইখিনিতে মোৰ ভূল হ'ল।। মানুহে কেতিয়াও নিজতকৈ বেছি আন কাৰোবাক ভাল পাব নালাগে আৰু trust ও কৰিব নালাগে।।
নীলৰ কথাৰ মাজতে ৰিয়াই মাত মাতিলে..
ৰিয়া: এনেকুৱা কি হৈছিল তোমালোকৰ।।
নীল: কৈ আছোঁ শুনা.. তাই পঢ়িবৰ কাৰনে out of dirstrict যাওঁ কলে।। মইও যাব দিলোঁ।। admission থকা-মেলা সকলো মই থিক কৰি দিলোঁ।।  তাইৰ ঘৰত মোৰ কথা জানিছিল সেয়ে ময়েই তাইক থব গৈছিলোঁ।। দেউতাকৰ গা ও ভাল নাছিল সেয়ে তাইৰ লগত যাবলৈ অসুবিধা। so ময়েই গলো তাইক থবলে।।  first কেইমাহমান আমাৰ মাজত সকলো ঠিকেই গৈছিল।। আমি প্ৰায়ে ফোন আৰু msg ত কথা পাতিছিলোঁ।। কিন্তু তাৰ পিছত তাই লাহে লাহে contact কমাই দিলে।। মই সুধিলে কয় কথা পাতি থাকিলে পঢ়িব নোৱাৰিব আৰু তাইতো তালৈ পঢ়িব হে গৈছে।। মাক দেউতাকৰ বহুত সপোন আছে তাইক লৈ সেয়ে তাই এতিয়া পঢ়াত মন দিব।। মই ও কথাটো সহজ ভাবেই লৈছিলোঁ।। মই কথা নপতাকে 1 মিনিট ও থাকিব নোৱাৰিছিলোঁ কিন্তু তাইৰ সুখৰ কাৰণে আৰু তাইৰ future ৰ কাৰনে মই নিজকে বুজালো।। কিন্তু কেইদিনমানৰ পিছত তাইৰ একেবাৰে ফোন আৰু msg নহা হ'ল। মই কৰিলেও কেৱল busy পাওঁ।। কিন্তু সুধিলে কয় friend ৰ লগত পাতিছোঁ।। মোৰ মনত অলপ ভয় লাগিল কিন্তু একো নকলো।। তেনেকৈয়ে গৈ থাকিল।। এদিন ভাবিলো মই তাইক surprise দিওঁগৈ।। মই গুৱাহাটীৰ পৰা ডিব্ৰুগড় গলো।। তাই ডিব্ৰুগড়ত পঢ়ি আছিলো।। যিহেতু মই থকা মেলা নিজে ঠিক কৰি আহিছিলোঁ সেইবাবে মোৰ তাইৰ ৰুমলৈ যোৱাত প্ৰব্লেম হোৱা নাছিল।। বহুত সুখী আছিলোঁ কিমান দিনৰ মূৰত যে তাইক লগ পাম।। কিন্তু যেতিয়া door bell বজালো তাইৰ ঠাইত লৰা এটাই হে দৰ্জা খন খুলি দিলে। তাক দেখি মই অনুমান কৰিব পাৰিলোঁ ভিতৰত যে কিবা হৈ আছে।। মই তাক ঠেলি সোমায় গলো ভিতৰলৈ।। ভিতৰত মই যি দেখিলো সেয়া মোৰ কল্পনাৰ বাহিৰত আছিল।। তাই বিছনাত শুই আছিল গাত একো নাছিল।। মোক দেখি তাই নিজৰ শৰীৰ তো ঢাকিবলৈ চেষ্টা কৰিছিল।। মই তাইক তেনেকৈ চাই থাকিব নোৱাৰিলোঁ।। চকুৰ সন্মুখতে মোৰ সকলো সপোন ভাঙি চুৰমাৰ হ'ল।। মই আৰু তাত ৰৈ থাকিব নোৱাৰিলোঁ মই ঘৰ গুচি আহিলোঁ।। কিন্তু ঘৰ আহি মোৰ situation বেছি worst হৈ গ'ল।। মই drinks কৰিব ললোঁ ।। লাহে লাহে মোৰ health condition বেয়া হৈ আহিল।। মই suicide attempt কৰিলোঁ।। 6 month মই hospital ত আছিলোঁ।। মা পাপাৰ বহুত reputation বেয়া হ'ল মোৰ কাৰনে।। সেইবাবে মোক ইয়ালৈ পঠালে।। ইয়াত মোৰ পাপাৰ ভনীয়েক থাকে so first তাতে আছিলোঁ।। মানস ক লগ পোৱাৰ পিছত মই flate ললোঁ।। লাহে লাহে কষ্ট বোৰ কমিল ।। মই চাকৰিত মন দিলোঁ।। কিন্তু drinks কৰাতো কমাব নোৱাৰিলোঁ।। দিনত থিকেই থাকে ৰাতি বহুত কষ্ট পাওঁ অকলশৰীয়া feel কৰোঁ so খাই শুই থাকোঁ।। এতিয়াও খাওঁ কিন্তু আনক জানিব নিদিওঁ মই কি feel কৰোঁ।। আচলতে আনক নিজৰ দুখৰ কথা কৈ একো লাভ নাই।। মানুহে যে সান্তনা দিয়ে সেইবোৰ মিছা শান্তনা।। তোমাৰ জীৱনত সুখ দুখ যিয়েই নাহক তেওঁলোকৰ কোনো matter নকৰে।। আৰু এটা কথা জীৱনত শিকিলোঁ কাকো জোখত কৈ বেছি একো দিব নালাগে সেইয়া লাগিলে মৰমেই নহওঁক কিয়।। মানুহে জোখতকৈ বেছি পালে কদৰ নকৰে।।
নীলৰ কথাবোৰ শুনি ৰিয়াৰ চকুপানী ওলাই গ'ল।। তাই মনতে ভাবিলে তাইৰ দুখতকেও দেখোন নীলৰ দুখ বহুত বেছি।। তাইৰ দুখবোৰ তাৰ আগত একো নহয়।।তাইক কন্দা দেখি নীলে ৰিয়াক কলে...
নীল: হেই... তুমি কিয় কান্দিছা
ৰিয়া: তোমাৰ কথাবোৰ শুনি বহুত দুখ লাগিছে।।
নীল: তোমাক মই কান্দিবলৈ মোৰ কাহিনী নাইকোৱা। তুমি মোৰ story পা শিকিব লাগিব।।
ৰিয়া: মানে???
নীল: আগতে কাহিনীটো complete শুনি লোৱা।।
ৰিয়া: উম কোৱা..

আগলৈ....

লেখা:- পল্লৱী দত্ত

Part 5 :- Click here


Post a Comment

0 Comments