প্ৰেম বিচ্ছেদ জীৱন | খণ্ড ১৬

 ৰিয়া গৈ ৰোহনৰ ওচৰ পালেগৈ।। ৰিয়াক দেখি ৰোহন পাগলৰ দৰে হৈ গল।। সি ৰিয়াক গবা মাৰি ধৰিলে।। সি ৰিয়াক কলে..
ৰোহন: মই জানিছিলো তুমি মোৰ ওচৰলৈ ঘূৰি আহিবা।। মোৰ সমান  তোমাক কোনেও ভাল পাব নোৱাৰে।। We r made for each other...
ৰিয়া: ৰোহন এৰি দিয়া মানুহে চাই আছে।। আমি বহি কথা পাতো ব'লা।।
ৰোহনে গবা মাৰি ধৰাত ৰিয়াই uncomfortable feel কৰিছিল।। সেয়েহে তাই কথাটো সলাই দিছিল।।
ৰোহন: okey sry.. আঁচলতে তোমাক পাইছোঁ যে excitement ত ৰবই নোৱাৰিলোঁ।। ব'লা বহি লওঁ কিমান বছৰৰ মূৰত আমি এনেকৈ বহিম মোৰ ভাবি ভাল লাগিছে।।
ৰোহন আৰু ৰিয়া পুখুৰীৰ পাৰত থকা বেঞ্চ এখনত গৈ বহিল।।ৰিয়াই বহুত সময় পুখুৰীটোৰ ফালেই চাই থাকিল।। তাইক মনে মনে থকা দেখি ৰোহনে সুধিলে..
ৰোহন: ইমান গভীৰকে কি ভাবি আছা।।
ৰিয়া: মোৰ তোমাৰ লগত অলপ কথা আছে ।।
ৰোহন: কোৱা ৰিয়া।। মই শুনিবলৈ ৰৈ আছোঁ।। ৰিয়াই পুখুৰীৰ ফালে চাইয়েই কথাবোৰ আৰম্ভ কৰিলে..
ৰিয়া: মই নাজানোঁ কি কৰিব ওলাইছোঁ কিন্তু তোমাক হেৰুৱাই মই বহুত ভাগি পৰিছিলোঁ।। মৃত্যুৰ দৰে কঠোৰ সিদ্ধান্ত ও লৈ পেলাইছিলোঁ।। কিমান যে উজাগৰী নিশা পাৰ কৰিছিলোঁ তোমাৰ কথা ভাবি।। সদায় পোহৰ ভালপোৱা মই জনীয়ে আন্ধাৰবোৰ ভাল পাবলৈ লৈছিলোঁ।। নিশা বোৰ হে মোৰ প্ৰিয়া হৈ পৰিছিল।। মনৰ দুখ বোৰ তেতিয়াইতো উলিয়াব পাৰিছিলোঁ।। শিতানৰ গাৰুতো তিতি জুৰুলা হৈ গৈছিল মোৰ চকুপানীৰে।। সকলোৱেই কলে তোমাক পাহৰিবলৈ , move on কৰিবলৈ কিন্তু মই পৰাই নাছিলোঁ।। মোৰ বিশ্বাস আছিল তুমি এদিন ঘূৰি আহিবা আৰু সেই দিনটোৱেই মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন হ'ব।। তুমি যেতিয়া আকৌ মোৰ হবা তেতিয়া মই গোটেই পৃথীৱীক চিঞৰি চিঞঁৰি কম মোৰ ভালপোৱাৰ জয় হ'ল, মোৰ সঁচা ভালপোৱাৰ জয় হ'ল।। True love never dies quotes তো মোৰ বৰ প্ৰিয় আছিল কাৰণ সেইটোৱেই মোক প্ৰেৰণা দিয়ে তুমি ঘূৰি অহাৰ..
ৰিয়াৰ কথাবোৰ সমাপ্ত হোৱাই নাছিল ৰোহনে ঘপকৈ মাত লগালে..
ৰোহন: তোমাৰ ভালপোৱাই মোক ঘূৰাই আনিলে।। মই তোমাক বহুত ভালপাওঁ।। এনেকুৱা কেতিয়াও নহয়।। আমি নতুনকৈ আৰম্ভ কৰিম।। যিবোৰ হ'ল তাৰ বাবে sry।।
ৰিয়া: মোৰ কথা শেষ হোৱা নাই ৰোহন।। এতিয়ালৈকে মই যিবোৰ কথা কৈছো সেইবোৰ নীলক পোৱাৰ আগৰ কথা আছিল।। মই তোমাৰ বাবেই wait কৰিছিলোঁ । নীলে মোক কথা দিছিল সি মোক সহায় কৰিব।। সি সহায় ও কৰিছিল।। আজি যি জনী ৰিয়াক তুমি দেখিছা সেইজনী তোমাৰ আগৰ ৰিয়া নহয়।। এইজনী ৰিয়াই তোমাক নিবিচাৰে ৰোহন ।। এইজনী ৰিয়াৰ মনৰ মানুহজন নীল এতিয়া।। তোমাক সেইদিনা দেখোঁতে মই সুখী হ'ব লাগিছিল কাৰণ তোমাক চাবলৈ মই বহুত আগ্ৰহেৰে ৰৈ আছিলোঁ ইমান দিনে  কিন্তু মোৰ দুখ লাগিছিল।। আৰু এই দুখ কিয় লাগিছিল জানা নীলক হেৰুৱাম বুলি।। first love বহুত special বুলি কয় তুমিও বহুত special মোৰ জীৱনত কিন্তু নীল মোৰ কাৰণে special ত কৈও special ।।
ৰোহন: কি কৈছা ৰিয়া এইবোৰ ?? তুমি তাৰমানে নীলক..
ৰোহনে কথাষাৰ complete কৰিব নোৱাৰিলে।। ৰিয়াই বুজিলে ৰোহনে কি ক'ব বিচাৰিছে।। সেয়ে তাই নিজে কথাষাৰ কৈ দিলে...
ৰিয়া: মই নীলক ভালপাওঁ বহুত বেছি ভালপাওঁ।। মোৰ জীৱনত নীলৰ স্থান বহুত ওপৰত।। true love never dies কথাষাৰ মই এতিয়াও মানো।। true love যে এজনৰ লগত হয় সেইটো নহয়।। আমি যাকেই ভাল নাপাওঁ লাগিলে তেওঁক আমি সঁচাকৈয়ে ভাল পাব লাগে।। প্ৰথম প্ৰেমিকৰ স্থান ওপৰত ৰাখি দ্বিতীয় জনক তলত ৰখাটো সঁচা ভালপোৱা নহয়।। আমি যাকেই ভাল নাপাওঁ লাগিলে সঁচা অন্তৰেৰে ভাল পাব লাগে।। breakup হলে আমি বহুত কষ্ট পাওঁ ।। এনেকুৱা লাগে নিজকে শেষ কৰি দিওঁ।। এইয়া সঁচা প্ৰেম হবই নোৱাৰে।। আৰু সঁচা ভালপালে কেতিয়াও প্ৰিয়জনক এৰি যাবই নোৱাৰে।।। এবাৰ আঁতৰি গৈ ঘূৰি অহাটো সঁচা প্ৰেম নহয় ।।  সঁচা প্ৰেম আজীৱন লগত থাকে।।
ৰোহন: তাৰমানে তুমি কব বিচাৰিছা মই তোমাক ভালপোৱা নাছিলোঁ।।
ৰিয়া: পাইছিলা কিন্তু মই তোমাৰ ভাললগা আছিলোঁ আৰু তুমি মোৰ ভালপোৱা।। ইমানদিনে মোক নেদেখাকৈ পূজাৰ লগত সুখত আছিলা।  মোক দেখি আকৌ মোলৈ মনত পৰিল।সেইদিনা লগ নোপোৱা হলেতো আজি আমি ইয়াত বহি  নাথাকো।।
ৰোহনৰ খং উঠি আহিল।। কিয়নো তাৰ ego hurt হৈছিল।। সি ৰিয়াৰ দুবাহুত জোৰকৈ ধৰি কলে..
ৰোহন: How could you do this to me?? তুমি সেইদিনা খনৰ লৰাটোৰ কাৰনে মোক reject কৰিছা...

ৰিয়া: Its not a rejection .. its all about my happiness ৰোহন।। তোমাক এতিয়া মই নীলক ভালপাওঁ কওঁতে তোমাৰ ইমান খং উঠিছে কিন্তু মোৰ কি হৈছিল ভাবি চাইছা। মই কোনো পুতলা নহয় ।। তোমাৰ মন গ'ল মোক ভাল পাবা আৰু মন গ'ল মোক এৰি দিবা।। তোমাক বহুত বিশ্বাস কৰিছিলোঁ কিন্তু তুমি মোক বিশ্বাসৰ উচিত মূল্য দিলা।। There is no second chance in love ৰোহন।। মানুহে কয় সকলোৰে এজন soulmate থাকে যাক ভগৱানে দিয়ে আৰু যেতিয়া তুমি সেই right person ক পাবা তুমি ভিতৰৰ পৰা automatically strong feel কৰিবা।। প্ৰথম বাৰ দেখোঁতেই বহুত দিনৰ চিনাকি গতে লাগিব। আৰু তুমি তেওঁৰ লগত যিকোনো stage তে comfortable হবা and Neel is my soulmate।।  সি লগত থাকিলে মই সাহস পাওঁ বহুত , সি নোকোৱাকৈয়ে মনৰ কথাবোৰ বুজি পাই।। একো সম্পৰ্ক নথকাৰ পিছতো সি মোক যিদৰে care লয় সেইয়া আন কোনো ল'ব নোৱাৰে, আনকি তুমিও নোৱাৰা।। মই তোমাক বহুত ভালপাওঁ কিন্তু আজি যিটো situationt মই আছোঁ সেইটো situation তুমি নিজে বনাইছা।। life তো এবাৰেই পাম কিয় মই বৰবাদ কৰোঁ এনেকুৱা এজন লৰাৰ লগত যি মোৰ ভালপোৱা বুজিয়েই নাপালে।। যি ঘৰৰ অজুহাত দি মোক এৰি দি মোক মৰিবলৈ এৰি দিলে ।। আজি ৰিয়া যে তোমাৰ ওচৰত আছে সেইয়া একমাত্ৰ নীলৰ কাৰণে।। আমি দুয়োটাই এটাই আনটোৰ অতীতক জানো কিন্তু সেই অতীতে আমাৰ ভালপোৱা কমোৱা নাই।।  কিছুমান সম্পৰ্ক নাম নথকাকৈয়ে বহুত মহান।। নীল আৰু মোৰ সম্পৰ্ক থিক তেনেকুৱাই।। মই নীলৰ লগত নতুনকৈ আৰম্ভ কৰিব বিচাৰোঁ সেয়েহে তোমাক কথাবোৰ কলো।। পূজা বহুত ভাল ছোৱালী কিন্তু তুমি তাইকো সুখী কৰিব নোৱাৰিলা।। সময় থাকোতেই ক্ষমা খুজি লোৱা।। কিন্তু কিছুমান ভূলৰ কোনো ক্ষমা নাথাকে ৰোহন।।  মই তোমাক তেতিয়াও বেয়া পোৱা নাছিলোঁ আৰু আজিও নাইপোৱা।। তোমাৰ সুখ এতিয়াও matter কৰে মোৰ।। কিন্তু এতিয়া মই তোমাক সুখী কৰিব গৈ নীলক দুখ দিব নোৱাৰো।।
ৰোহন: I am really sry Riya... Pls এনেকুৱা নকৰিবা।। মই জানো মোৰ ভূল হৈছিল।। তোমাক বহুত দুখ দিলোঁ কিন্তু মোক এবাৰ সুযোগ দিয়া মই আকৌ তোমাৰ আগৰ ৰোহন হৈ যাম।।
ৰিয়া: আগতেও কৈছোঁ there is no second chane in love।। যদি মই ঘূৰি যাওঁ মোৰ মূৰ্খামি হব।। already 2 yrs lost কৰিছোঁ তোমাৰ অপেক্ষাত আৰু নোৱাৰো।। ভগৱানে যি কৰে ভালেই কৰে। তুমি বহুত পলম কৰিলা মোক বুজোঁতে আৰু চোৱা ভগৱানে মোক নীলৰ দৰে লৰা এটা দিলে যি মোক আৰম্ভণিৰ পৰাই বুজি আহিছে।। মোৰ সপোন বোৰৰ ঠিকনা মই বিচাৰি পালোঁ আৰু সেইয়া নীল।। ৰোহন তুমি মোক পাহৰি যোৱা বুলি নকওঁ কাৰণ সেইটো সম্ভৱ নহয় কিন্তু নিজে আগবাহা নিজৰ জীৱনত।। এটা কথা বুজিলোঁ সুখ বোৰ আমাৰ ওপৰত নিৰ্ভৰ কৰে ।। worst situation এটাত আমি কেনেকৈ নিজক সুখী ৰাখিব পাৰো সেইটো নিৰ্ভৰ কৰে আমি নিজক কিমান ভালপাওঁ।। নিজক ভালপাব শিকিলে গোটেই পৃথীৱী খনেই ধুনীয়া দেখি।। আগতে মোৰ পৃথীৱী খন কেৱল তুমি আছিলা সেয়ে বাকী সুখবোৰ মই দেখাই নাছিলোঁ।। । আমি যেতিয়ালৈকে দুখবোৰক প্ৰশ্ৰয় দিওঁ তেতিয়ালৈকে দুখ বোৰে আমাৰ লগনেৰে।। মই এতিয়া নিজক দুখী কৰিব নোৱাৰো।। sry ৰোহন মই যাব লাগিব এতিয়া।। কোনোবা মোৰ কাৰণে ৰৈ আছে।।।।।
ৰোহনে কথাবোৰ বুজি পালে।। সি আজি তাৰ কামৰ বাবে অনুতপ্ত।। কিন্তু এই অনুশোচনৰ এতিয়া কোনো অৰ্থ নাই।। সি ৰিয়াক কলে...
ৰোহন: মই তোমাক force নকৰোঁ।। সকলো মোৰ গাতেই দোষ।। মই তোমাক এৰি যাবই নালাগিছিল।। ৰিয়া শেষ বাৰৰ বাবে কথা এটা ৰাখা।। আজিৰ পৰা মই কেতিয়াও তোমাক মোৰ মুখ নেদেখাও।।
ৰিয়া: কোৱা..
ৰোহন: আজি দিনটো মোৰ লগত time spent কৰা ।। মই আমাৰ পুৰণা স্মৃতি বোৰ সজীৱ কৰিব বিচাৰিছোঁ।।
ৰিয়া: কিন্তু...
ৰোহন: pls ৰিয়া মানা নকৰিবা।।
ৰিয়াৰ মন নাছিল যদিও ৰোহনৰ কথা ভাবি তাই মান্তি হ'ল।। তাই নীলক কথাটো কবলৈ বহুত ফোন কৰিলে কিন্তু নীলৰ ফোন off।। তাই ভাবিলে ঘৰ গৈয়েই কথা পাতিম।। গোটেই দিনটো তাই ৰোহনৰ লগত থাকিল, বহুত কথা পাতিলে সুখৰ দুখৰ।। আবেলি তাই নীলৰ ঘৰলৈ আহিল।। ৰিয়াই calling বেলতো বজাই দিলে।। নীলৰ মাকে আহি দৰ্জা খন খুলি দিলে।। মাক ৰিয়াক দেখি আঁচৰিত হ'ল...
মাক: ৰিয়া...তুমি!!!!!!!!!

ৰিয়া: aunty নীল ক'ত আছে।। মোৰ তাৰ লগত বহুত কথা আছে।।
মাক: সি গ'লগৈ।। তুমি ক'ত আছিলা ৰিয়া অথনিৰ পৰা আমি তোমাক কিমান বিচাৰিছিলোঁ।। আমাক কৈ তো যাব পাৰা।।
ৰিয়া: নীল ক'ত গ'ল  aunty।। আৰু নীলক মই ইমান ফোন কৰিছিলোঁ কিন্তু তাৰ ফোন switch off আছিল।।
মাক: সোন কলকাতালৈ গুছি গ'ল।। তুমি ৰোহনৰ লগত যোৱা কথাটো সি মানি লব পৰা নাছিল।। আমি বহুত জোৰ কৰিছিলোঁ আজি থাকিবলৈ কিন্তু সি নুশুনিলে।। emergency flight বুক কৰি গুছি গ'ল।।
মাকৰ কথা শুনি ৰিয়া আঁচৰিত হৈ গ'ল।। তাই ভাবিলে নীলেও তাইক ভূল বুজিলে নেকি বাৰু।। কিন্তু কালি ইমানবোৰ হোৱাৰ পিছত সি কেনেকৈ ভাবিব পাৰিলে মই তাক এৰি ৰোহনৰ ওচৰলৈ যাম। কিয় সি মোক এবাৰো নুসুধিলে মই ক'ত আছোঁ।। কিয় জানিব নিবিচাৰিলে মই কলৈ গৈছোঁ। সি শুই থকাৰ বাবেইতো মই তাক নোকোৱা কৈ আহিলোঁ কিন্তু মই তাক ঘূৰি আহি মনৰ কথা বোৰ কম ভাবিছিলোঁ। কিন্তু নীলে কিয় wait নকৰিলে।। আৰু মই ৰোহনৰ হ'ব খুজিলে কি সি মোক এৰি দিব নেকি??? এইটো জানো যে সি সকলোৰে সুখৰ কথা চিন্তা কৰে কিন্তু সেইবুলি নিজৰ সুখ বোৰ কি তাৰ??
কথাবোৰ ভাবি ভাবি ৰিয়াৰ চকুপানী বৈ গৈছে।। মাকে ৰিয়াক ভিতৰলৈ লৈ গ'ল।। মাকে ৰিয়াক সকলো কথা সুধিলে...
মাক: তুমি কান্দিছা কিয়? নীল গ'লত তোমাৰ কিয় বেয়া লাগিছে ৰিয়া ।। তুমিতো ৰোহনক ভালপোৱা।। নীল তোমাৰ জীৱনত থাকে বা নাথাকে তোমাৰতো একো অসুবিধা নহয়।। তুমি নীলক সকলো কোৱা দেখোন আজি যাওঁতে কিয় নকলা নীলক ৰোহনৰ ওচৰলৈ গৈছা।। সি আজি বহুত কষ্ট পাইছে ৰিয়া।। তোমাক সি face কৰিব নোৱাৰে কাৰণেই গুছি গ'ল ইয়াৰ পৰা।।  তুমি আহিবা বুলি জানিছিল সি সেয়েহে তুমি থাকিবলৈ কে নিজে গুছি গ'ল।। তুমি চাগে বেগবোৰ নিবলৈ আহিছা ।। অলপ সময় ৰোৱা এখেত পাবহি তোমাক থৈ আহিব ৰোহনৰ ওচৰত।। কিন্তু তোমাক মই অকলে যাব দিব নোৱাৰো ।। সি মোক কৈ থৈ গৈছে তুমি আহিলে তোমাক থৈ আহিবলৈ।।
ৰিয়া:  মই জানো আপোনাৰ লৰাক মই বহুত দুখ দিছোঁ কিন্তু মই তাক এৰি যোৱাৰ কথা কেতিয়াও ভাবিব নোৱাৰো aunty।। নাজানো কেনেকৈ গম পালে মই ৰোহনৰ ওচৰলৈ গৈছিলোঁ কিন্তু মই ৰোহনক ভালপাওঁ কাৰণে যোৱা নাছিলোঁ।। ৰোহন মোৰ অতীত আৰু নীল মোৰ বৰ্তমান।। নাজানো ক'ত, কেতিয়া, কেনেকৈ মই নীলক ভালপাই পেলালোঁ ।। কিন্তু মই এতিয়া নীলক বহুত ভালপাওঁ।। মোৰ অতীতে যাতে মোৰ বৰ্তমানক বেয়া নকৰে তাৰ কাৰনে মই ৰোহনক লগ কৰিবলৈ গৈছিলোঁ।।
ৰিয়াৰ কথা শুনি মাকে কান্দিব নে হাঁহিব একো ভাবি পোৱা নাই ।।। এই ক্ষণ তোৰ কাৰনেই তো মাক ৰৈ আছিল ইমানদিনে।। মাকে ভগৱানক মনৰ ভিতৰতে ধন্যবাদ জনালে।। মাকে ৰিয়াক সুধিলে..
মাক: ৰিয়া তুমি সঁচাকৈ কৈছা নে??
ৰিয়া: উমমম।। আঁচলতে আউন্টয়4 কালি যেতিয়া নীল আৰু ৰোহনৰ কাজিয়া লাগিছিল তেতিয়াই মই বুজিছিলোঁ যে ৰোহনক যদি মই ফোনত reject কৰোঁ তেতিয়া হয়তো তাৰ ego ত লাগিব আৰু হয়তো নীলৰ ক্ষতি কৰিব সি ।। সেয়েহে মই তাক লগ কৰি ভালদৰে কথাবোৰ বুজালো।। মই ভবাৰ দৰে সি বুজিলেও কিন্তু নীলে মোক নুবুজিলে।।।
মাক: নীলে তোমাক বহুত ভালপায় ৰিয়া।। আজি মই বহুত সুখী ।। ৰবা মই এতিয়াই ফোন কৰোঁ তালৈ।। সি কিমান যে ভাল পাব।।
ৰিয়া: নালাগে aunty ।। আজি থাকক মানে কাইলৈ মই নিজে কলকাতা যাম আৰু মই তাক কথাবোৰ নিজে ক'ব বিচাৰিছোঁ।।
মাক: থিক আছে তুমি নিজেই কবা বাৰু।। তুমি বহুত ভাগৰে যুগৰে আহিছা চাগে অলপ rest লৈ লোৱা।। মই নীলক ফোন এটা কৰি লওঁ।। চিন্তা নকৰিবা মই একো নকওঁ।।
মাকে ফোন কৰিবলৈ গ'ল।। তাইও ৰুমলৈ গৈ fresh হৈ ললে।। ৰাতিটো কোনোমতে পাৰ কৰি ৰাতিপুৱাই ৰিয়া কলকাতাৰ অভিমুখে যাত্রা কৰিলে।।। flight ত আহোঁতে তাই নিজৰ হাতৰ খাৰু জুৰলৈকে চাই আহিলে।। সেইজোৰ তাইক নীলৰ মাকে আহিব সময়ত দিছিল।। তাইৰ সেই মধুৰ ক্ষণতোলৈ মনত পৰি গ'ল..
মাক: তোমাৰ হ'ল ৰিয়া।।
ৰিয়া: হ'ল aunty।।
মাক: ৰিয়া কথা এটা কওঁ বেয়া পাবা নেকি??
ৰিয়া: কওঁক aunty
মাক: মোক aunty বুলি নকবা।। মা বুলি কবা মোৰ ভাল লাগিব।। তুমি নীলক কথাবোৰ কোৱাৰ pist
তোমাৰ মা দেউতাৰ লগত আমি কথা পাতিম।। তুমি মানা নকৰিবা ৰিয়া।।
ৰিয়া: থিক আছে aunty।।
মাক: আকৌ aunty।।
ৰিয়া: sry মা ।।
মাক: তোমাৰ হাত খন দিয়া চোন।।
ৰিয়া: কিয় মা??
মাক: এইযোৰ খাৰু মই নীলৰ বোৱাৰীলৈ বনাইছিলো।। এতিয়া বোৱাৰী পালোঁ যেতিয়া পিন্ধাই দিছোঁ।।
ৰিয়াই নীলৰ মাকক গবা মাৰি ধৰিলে..ৰিয়াৰ চকুত চকুপানী কিন্তু সেইয়া দুখৰ নহয় সুখৰ চকুপানীহে।।
ৰিয়া: thank u so much মা।। মই বহুত happy আপোনাৰ দৰে শাহু মা এজনী পাই।।
মাক: হ'ব দেই এতিয়া আৰু মোৰ গুণ নাগাবা।। মই ফুলি যাম।। পাই মোলৈ ফোন কৰিবা।।
ৰিয়া: থিক আছে মা।।....

আগলৈ...

লেখা:- পল্লৱী দত্ত
               (Photo credit:- pixabay.com)

Post a Comment

0 Comments