প্ৰেম বিচ্ছেদ জীৱন | খণ্ড ১২ | অসমীয়া কবিতা - By Assamese Poem

মাকে ফোনটো চাই দেখিলে নীলৰ দেউতাকৰ ফোন।। মাকে ফোনটো rcv কৰিলে..
মাক: hello..কওঁক।
দেউতাক: তুমি কাইলৈ morng গুৱাহাটী আহিব লাগিব।।
মাক: কিন্তু কিয়?? আহিছোহে।। লৰাটোৰ লগত ভালকৈ কথা এষাৰি ও ভালকৈ পতা নাই।।
দেউতাক: আকৌ যাবা পিছত কিন্তু কাইলৈ আহিব লাগিবই emergency case।।
মাক: উমমম হ'ব আৰু।। লৰাতকৈ duty ডাঙৰ।।
দেউতাক: আমাৰ occupation টোৱেই তেনেকুৱা অ'... সোনক কৈ দিবা ticket book কৰিবলৈ।।
মাক: থিক আছে।।।
মাকে ফোনটো কাটি ৰিয়াৰ ওচৰলৈ গ'ল ।। মাকৰ অলপো মন নাই যাবলৈ কিন্তু বাধ্য তেওঁ।। কাৰোবাৰ জীৱন এটা ৰৈ আছে তেওঁৰ কাৰণে।। মাকে ৰিয়াক ক'লে..
মাক:  মই কাইলৈ mrng পোৱাকে যাব লাগিব।।
ৰিয়া: কিন্তু কিয় aunty??? আহিছেহে আপুনি।।
মাক: আমাৰ কামবোৰ তেনেকুৱাই।। Doctor ৰ জীৱন বৰ সহজ নহয়।। নিজৰ familyত কেও বেছি important দিওঁ কিন্তু তাৰ পিছতো যদি কেতিয়াবা কাৰোবাৰ জীৱন বচাব নোৱাৰো বহুত কথা, গালি শুনিব লগাঁও হয়।।
ৰিয়া: মোৰ বেয়া লাগিছে।। নীল ইমান সুখী আছিলে আপোনাক দেখি।। এতিয়া তাৰ মনটো বহুত বেয়া লাগিব আপুনি যাওঁ কলে।। কিবা এটা manage কৰিব নোৱাৰি নে??
ৰিয়াৰ কথাবোৰ শুনি মাকৰ ভাল লাগিল।। তাই অকল নীলৰ কথা ভাবে জীয়াৰ দৰে selfish নহয় ৰিয়া।। সদায় যেন ইহঁতি এনেকৈ সুখত থাকক।।। মাকে মনতে প্ৰাৰ্থনা কৰিলে ৰিয়া আৰু নীলৰ বন্ধুত্ব ৰ সম্পৰ্কতো যাতে এটা বেলেগ নাম পায়।। মাকে মনতে ভাবিলে মই যিটো কামৰ কাৰণে আহিছোঁ সেইটোতো মই গম পালোয়েই।।ৰিয়া ভাল ছোৱালী বিশেষকৈ নীলৰ জীৱনত এনেকুৱা এজনী ছোৱালীৰ প্ৰয়োজন যি নীলক অতীতটোক পাহৰাই তাৰ বৰ্তমান তো সুন্দৰ কৰে।। কোনো সম্পৰ্ক নাই যদিও ৰিয়াই নীলৰ কথা চিন্তা কৰিছে যদি ৰিয়াই নীলক ভালপাই তেনেহলে আৰু কিমান care লব।। সচাকৈ সম্পৰ্ক হলেহে যে এটাই আনটোৰ care লব তেনেকুৱা নহয়।। নীল আৰু ৰিয়াৰ সম্পৰ্ক ভালপোৱা সম্পৰ্কত কৈও বহুত বেছি ওপৰৰ।। ইমান সময় মাক চুপচাপ থকা দেখি ৰিয়াই মাকক সুধিলে...
ৰিয়া: aunty কি হ'ল।।
মাক: নাই একো হোৱা নাই ।। তুমি কোৱাটোকে ভাবিছো মানে নীলে যে দুখ পাব মই কাইলৈ যাওঁ কলেই।।
ৰিয়া: উমমম।। সেইকাৰণে কৈছোঁ দুদিনমান থাকক aunty।।।
মাক: মনটো মোৰো গৈছে কিন্তু মই ইয়াত থকাটোতকৈ  যোৱাটো বেছি important।। atcha ৰিয়া তোমাক কথা এটা সোধো ।। মানে তোমাৰ ঘৰৰ কথা, কোন কোন আছে গমেই পোৱা নাই নহয়।।
ৰিয়া: মোৰ ঘৰ শিৱসাগৰত...ঘৰত মা, দেউতা আৰু মই।। দেউতাই ONGC ত কৰে।। মা housewife।।
মাক: তুমি তাৰ মানে ঘৰৰ একমাত্র।।
ৰিয়া: উমমম।।
মাক: তোমাৰ কোনোবা আছে নেকি মানে bf??
মাকৰ কথা শুনি অলপ আঁচৰিত হ'ল ।। কাৰন মাকৰ agr ৰ কোনোৱে তাইক এইষাৰ কথা সোধা নাই।। তাই ভাবিলে নীলে কোৱাৰ দৰে মাক চাগে বহুত free।। তাই মাকক কলে..
ৰিয়া: আগতে আছিল এতিয়া নাই মানে breakup হ'ল।।
ৰিয়াই কথাষাৰ কৈ মনটো মাৰি পেলালে।।মাকে বুজিছে তাই কিয় তেনেকুৱা কৰিছে ।। কথাষাৰ পাতল কৰিবলৈকে মাকে ক'লে..
মাক: হ'ব দিয়া চিন্তা নকৰিবা।। ভগৱানে যি কৰে ভালেই কৰে।। তুমি নীলক ফোন এটা কৰি দিয়া চোন ticket book কৰিবলৈ।।
ৰিয়া: okk aunty..
মাক পাকঘৰলৈ গ'ল।। ৰিয়াই নীললৈ ফোন লগালে..
নীল: কোৱা ৰিয়া।।
ৰিয়া: মা কাইলৈ যাবগৈ ।। তুমি সোনকালে আহা আৰু মাৰ কাৰণে mrng flight ৰ ticket book কৰি দিয়া।।
নীল: কি?? কিয় যাবগৈ?? আহিছিল হে..
ৰিয়া: নাজানো ফোন এটা আহিছিল মায়ে যাম কলে কিবা emergency আছে বোলে।।
নীল:  মই গৈ আছোঁ ৰবা।।
ৰিয়া: উমমম আহা...

নীল আহি ঘৰ পালেহি।। সোমায়েই সি মাকক বিচাৰিলে।। ৰিয়াই মাক পাকঘৰত আছে বুলি ক'লে।। সি মাকক বহুত জোৰ কৰিলে থাকিবলৈ কিন্তু মাকৰো উপায় নাই।। মন গলেও থাকিব নোৱাৰে।। আচলতে মাক এগৰাকী বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ।। মানুহৰ জীৱন কিমান মূল্যৱান তেওঁ ভালকৈয়ে জানে।। সৰু হৈ থাকোতেই দেউতাক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।। তেতিয়াই তেওঁ এই বিভাগত ভালকৈ পঢ়ি মানুহক সেৱা কৰাৰ কথা প্ৰতিজ্ঞা কৰিছিল।। আৰু এতিয়া তেখেত নামজ্বলা বিশেষজ্ঞ।। বহুত মানুহৰ জীৱন ৰক্ষা কৰিছে তেওঁ।। সেয়েহে তেওঁ আৰু থাকিব নোৱাৰে।। সময় পালে আকৌ আহিব লাগিলে।। মাকৰ কথা বোৰ নীলে বুজিলে।। সি মাকক আৰু জোৰ নকৰিলে।। মাকৰ ৰিয়াৰ প্ৰতি পুতেকৰ কি ভাৱ আছে জানিব মন গ'ল।। সেয়েহে মাকে পুতেকক bed ৰুমলৈ লৈ গ'ল।। ৰিয়াই tv চাই আছে।। মাকে নীলক সুধিলে...
মাক: সোন ৰিয়াক তোমাৰ কেনেকুৱা লাগে??
নীল: হঠাতে এইবোৰ সুধিছা যে কি হ'ল??
মাক: একো হোৱা নাই মাথোঁ জানিব মন গৈছে।।
নীল: মোৰ ভাল লগা বেয়া লগা সেইবোৰ matter নকৰে মা।। ৰিয়াই বেলেগক ভালপায়।।
মাক আঁচৰিত হ'ল কাৰন অলপ আগতে ৰিয়াই কোনো নাই বুলি কৈছিল ।। তাই মাকক মিছা কিয় কলে??মাকে নীলক সুধিলে..
মাক: কিন্তু তাইক মই সোধোতে নাই বুলিয়েই কৈছিল।।
নীল: তুমি তাইক আকৌ কি সুধিলা?? কি ভাবিছে চাগে।।
মাক: সুধিলোঁ আকৌ তাতে নো কি হ'ল কিন্তু মোক মিছাকে কিয় ক'লে..
নীল: তোমাক মিষাকে নাইকোৱা।। তাইৰ জীৱনত কোনো নাই মানে relationt নাই কিন্তু এতিয়াও তাই তাইৰ ex bf ক ভালপাই আৰু মই তাইক তাইৰ ex bf ক আনি দিয়াত help কৰিম কোৱা কাৰণে তাই ইয়াত আছে।।
মাকে নীলৰ কথাবোৰ মানি লব পৰা নাই ।। তাইৰ চকুত নীলৰ প্ৰতি বেলেগ এটা ভাৱ আছে।। কেৱল এইটো কাৰণে তাই নীলৰ লগত নাইথকা ।। তাইতো মোক অথনি বেলেগ কথা হে কৈছিল ইয়াত থকাৰ।। মাকে নীলক কলে..
মাক:,তুমি ভূল বুজিছা ৰিয়াক তাই কেৱল তুমি তাইৰ ex ক  ঘূৰাই আনি দিবা কাৰণে নাইথকা।। তাইৰ চকুত তোমালৈ মৰম দেখিছোঁ।। সেইবোৰ মিছা নহয়।। আচলতে তোমালোকে বুজিবই পৰা নাই তোমালোকৰ মাজত কি হৈছে।। এইয়া আৰম্ভণি সোন।। অতি সোনকালে তোমালোকে ইটোৱে সিটোক বুজি পাবা ।। আৰু সোন ৰিয়া বহুত ভাল ছোৱালী তাইক নিজৰ পৰা আঁতৰি যাব নিদিবা।। তুমি তাইৰ দৰে ছোৱালী এজনী কেতিয়াও নোপোৱা।।
নীল: মা মই তাইক কথা দিছোঁ সহায় কৰিম বুলি মই কৰিম।। তাই যদি কেতিয়াবা মোক ভালপাই  তাই মোৰ কাষলৈ আহিব পাৰিব।। তাইৰ কাৰণে মোৰ হৃদয়ৰ দুৱাৰ সদায় খুলি থম।। কিন্তু কোনোদিন জোৰ নকৰোঁ।। ভাগ্যত থাকিলে তাই মোৰ হবই।। জোৰ কৰি কাকো ৰাখিব নোৱাৰি মা।।
মাকৰ মনটো সেমেকি গ'ল।। সপোনবোৰ যেন মাকৰ শেষ হৈ গ'ল।। কিয় বাৰু এনেকুৱা কৰিছে ভগৱানে।। ৰিয়াক পাই নীলৰ জীৱনটোলৈ এক প্ৰাণ আহিছিল।। মাকে ভাবিলে নীল আৰু ৰিয়া দুইটাৰে যেন জীৱনটো সুখৰ হওঁক।  হে ভগৱান দুইটাকে সঠিক পথ দেখোৱাবা।।। নীল আৰু পাৰিলে একেলগ কৰি দিবা।। কি লিখিছা মোৰ লৰাটোৰ কপালত নাজানো মই কিন্তু সি আকৌ কষ্ট পোৱাটো সহ্য কৰিব নোৱাৰিম।। মাকে কথাবোৰ ভাবি থাকোতে ৰিয়া সোমাই আহিল।। মাকক মনটো মাৰি থকা দেখি ৰিয়াই কলে..
ৰিয়া: aunty মন মাৰি নাথাকিব ভাল নালাগে নহয়।। নীল মাক যাব দিয়া তেওঁৰ কাম আছে কাৰণেহে ।। তুমি ticket বুক কৰিলা নাই??
নীল: কৰিমহে ৰবা।।
ৰিয়াৰ মনলৈ কথা এটা আহিল ।। তাই নীলক সুধিলে..
ৰিয়া: তোমাৰ ছুটি কিমান দিনৰ??
নীল: 1 week কিন্তু কিয়??
ৰিয়া: great.. তুমি 3 তা ticket book কৰা।। তোমাৰ মোৰ আৰু মাৰ।
ৰিয়াৰ কথা শুনি নীল আৰু নীলৰ মাক দুয়ো থৰ লাগি ৰিয়ালৈ চাই থাকিল।।
ৰিয়া: এনেকৈ চাইছে যে সকলোৱে।।
নীল: কি কৈছা এইবোৰ তুমি?? তোমাক doctor য়ে rest লব দিছে।। কতো যাব নালাগে।।
ৰিয়াই জানে নীলক কৈ লাভ নাই তাই মাকৰ ওচৰত গৈ বহি ললে..
ৰিয়া: আপুনি আহিছিলে নীলৰ লগত অলপ সময় কতাও বুলি কিন্তু আপোনাৰ emergency কাম আহিল গতিকে আপুনি যাবই লাগিব।। কিন্তু নীলৰ ছুটি গতিকে আমিও যাওঁ গুৱাহাটী।। আপুনি নীলৰ লগত time spent কৰিব পাৰিব।। আৰু মোৰ গুৱাহাটীত friend এজনী থাকে মই তাতে থাকিম।। এনেও ৰুমত থকা হে ইয়াত তাত একেই কথা।।
ৰিয়াৰ কথা শুনি মাকে ভালেই পালে। নীল বহুত দিন যোৱা নাই ঘৰ।। দেউতাকে বহুত ভাল পাব।। মাক মান্তি হ'ল ৰিয়াক বেলেগৰ ঘৰত থাকিব নিদিয়ে লগতেই ৰাখিব।। মাকে ভাবিলে এই এসপ্তাহ ৰ ভিতৰত ময়েই কিবা এটা কৰিব লাগিব যাতে নীল আৰু ৰিয়াই মনৰ কথাবোৰ বুজে।। মাকে ৰিয়াক ক'লে..
মাক: থিক আছে হ'ব কিন্তু তুমি friend ৰ থাকিব নোৱাৰা আমাৰ ঘৰত থাকিবা।।
ৰিয়া: কিন্তু aunty...
মাক:কোনো কিন্তু নাই।। যদি তুমিও আমাৰ ঘৰত থাকা তেতিয়াহে ব'লা।।
নীল: ৰিয়া আমি কতো নাযাওঁ।। তুমি rest লোৱা।। মই তোমাক ঘূৰাই ফুৰিবলৈ rest লোৱা নাই।।
নীলৰ কথাত ৰিয়াৰ খং উঠিল তাই মুখ ফুলাই বাহিৰলৈ গুছি গ'ল।। তাইক তেনেকৈ যোৱা দেখি মাকৰ বৰ বেয়া লাগিল ।। মাকে নীলক কলে..
মাক: কৰিলানে তুমি তাইক upset।। কি বেয়াটো কৈছিল বাৰু তাই।।
নীল: মা তুমিও।। ৰবা তাইৰ দৰৱ খাব হৈছে মই তাইক মনাই লম।। তুমি tension নলবা।।
নীল ৰিয়াৰ ওচৰলৈ গ'ল।। মাকে ভাবিলে খং অভিমান বোৰ সেইজনৰ ওপৰতেই কৰা হয় যাক নিজৰ ভবা হয়।। ৰিয়াৰ মনটো নীল আছে কিন্তু তাই বুজিব পৰা নাই।। লৈ যাব পৰা হলে ভালেই আছিল। কিন্তু নীলক জানো বুজাব পাৰি।। নিজৰ গা বেয়া হলেও ইমান care নলয় কিন্তু ৰিয়াৰ কাৰণে ছুটিও লৈছে।। মাকৰ মনটো ভাল ও লাগিল যি নহলেও সলনি হৈছে সি।। কাৰো যেন চকু নালাগে এই মধুৰ সম্পৰ্কতোৰ।।  মাকে কাপোৰ কেইযোৰ উলিয়াইছিল হে সেইকেইযোৰকে জাপি সোমোৱাবলৈ ধৰিলে।। নীল আহি ৰিয়াৰ ওচৰ পালেহি।। ৰিয়াৰ মুখ খন ফুলা লুচীৰ দৰে ফুলি আছে।। ৰিয়াৰ এইটো nature য়েই কাকো একো নকয় নিজে মুখ ফুলাই থাকে।। নীল আহি তাইৰ কাষত বহিল।। তাই নেদেখা ভাওঁ জুৰিলে.….

নীল: তোমাৰ দৰৱ লোৱা।।
ৰিয়া: huuh..নাখাওঁ মই নিজে খোৱা।।
নীল: doctor য়ে তোমাক হে খাব দিছে ।। মই কিয় খাম।।
ৰিয়া: নাখাওঁ বুলি কৈছোঁ নহয়।।
নীল: এনেকৈ খং কৰিব নাপায়।। doctor য়ে rest লব দিছে তোমাক আৰু ছুটি মই তোমাৰ যাতে ভালকৈ care লব পাৰোঁ সেইকাৰণে লৈছোঁ।। ঘূৰি ফুৰিবলৈ নহয়।। পিছত লৈ যাম ঘৰ এতিয়া নাযাওঁ।।
ৰিয়া: মোৰ কাৰো লগত কথা পতাৰ ইচ্ছা নাই।।
ৰিয়া নীলৰ কাষৰ পৰা উঠি bedroom পালেগৈ ।। মাকে কাপোৰ ভৰাই আছে ।। ৰিয়া গৈ বিচনাত পৰি দিলে।। তাইক তেনেকৈ শুই দিয়া দেখি মাকে সুধিলে..
মাক: কি হ'ল ৰিয়া ।। গাতো বেয়া নেকি??.
ৰিয়া: (ৰিয়াই সৰুকৈ কলে নীলে নুশুনাকৈ) নহয় aunty।। আপুনি বিচাৰে নাই নীল আপোনাৰ লগত যোৱাটো।। মই তাক কেনেকৈ ready কৰোঁ চাই থাকক।। সি মান্তি হবলৈ বাধ্য হবই।। আপুনি মাথোঁ নীলক মাতক ৰিয়াৰ গাটো বেয়া লাগিছে বুলি।।
মাকে ৰিয়াৰ কথাবোৰ শুনি হাঁহি ৰখাব পৰা নাই।। দেখাত হে ডাঙৰ কিন্তু এতিয়াও সৰু ছোৱালীৰ দৰে ।। ৰিয়াৰ কথা মতে মাকে নীলক চিঞৰী মাতিলে।। মাকৰ চিঞৰ শুনি নীল উধাতু খাই আহিল...
নীল: কি হৈছে মা??
মাক: মোৰ একো হোৱা নাই ৰিয়াৰ হেনো গাটো বেয়া লাগিছে।।
নীল গৈ ৰিয়াৰ কাষত বহিল ।। সি হাত খনে তাইৰ কপাল খন চালে সকলো থিক আছে গৰম নহয়।। সি ৰিয়াক সুধিলে..
নীল: তোমাৰ গাটো বেয়া লাগিছে নি  ৰিয়া?
ৰিয়া: উমমম।।
নীলে মাকলৈ চাই ক'লে..
নীল: মা তুমি ৰিয়ালৈ গাখীৰ লৈ আহা।।।
মাক ৰিয়ালৈ গাখীৰ আনিব গ'ল। সি ৰিয়াক আকৌ কলে...
নীল: ৰিয়া দৰৱ নাইখোৱা সেইবাবে গাটো বেয়া লাগিছে ।।দৰৱ খাই তুমি শুই দিয়া।।
ৰিয়া: মই নাখাওঁ।।
নীল: সৰু ছোৱালী গতে জিদ ধৰি নাথাকিবা।।
ৰিয়া: নাখাওঁ বুলি কৈছোঁ নাই ।। কিয় লাগি থাকা।।
নীল: অথনিৰ কাৰনে sorry ।। মই খঙত ক'ব নালাগিছিল।। মোক মাফ কৰি দিয়া।।
ৰিয়া: নকৰোঁ মাফ।। ..I Hate U..।।
নীল:  oh ho কি কৰোঁ এনেকুৱা তুমি যাতে মোক মাফ কৰা।।
ৰিয়া: একো কৰিব নালাগে।।
ৰিয়াই এইবাৰ গাটো বেছি বেয়া কৰাৰ acting কৰিলে। মাকে সকলো চাই আছে কিন্তু হাঁহিবও নোৱাৰে।। পুতেকে এইবোৰ ৰিয়াৰ খেল বুলি গম পাব। ইফালে নীলৰ চিন্তা বাঢ়িবলৈ ধৰিলে।। সি বহুত request কৰিলে কিন্তু ৰিয়া নিজৰ মতত অটল।। অৱশেষত উপায়হীন হৈ নীলে তাইক মাকৰ লগত লৈ যাম কলে।। কিন্তু ticket book কৰাৰ আগতে তাইক দৰৱ খাব লাগিব বুলি ক'লে।।তাইও মান্তি হ'ল।। নীল bedroom ৰ পৰা ওলাই গৈ বাহিৰত বহি ticket book কৰাত লাগিল।। নীল উঠি যোৱাৰ পিছত ততাই মাকক সাৱটি ধৰি ক'লে..
ৰিয়া: কাম হৈ গ'ল।।
মাকে মাথোঁ হাঁহিলে।। ৰিয়াৰ কাপোৰবোৰ packing হৈয়ে আছিল সেয়ে তাই বিশেষ packing কৰিব লগা নাইহোৱা।। নীলে ticket book কৰি আহি নিজৰ কাপোৰৰ packing কৰিলে।। কাইলৈ morng 5 তাত flight গতিকে সোনকালে খাই বৈ শুব লাগে।। মাকে পাকঘৰত খোৱাৰ যোগাৰ কৰিব গ'ল। ৰিয়াই হাতত দুখ পাই থকাৰ বাবে তাই সহায় কৰিব নাইপৰা।। তাই বিচনাত বহি আছে ।।। নীল  ৰিয়াৰ ওচৰলৈ গ'ল...
নীল: তোমাৰ packing হ'ল।।
ৰিয়া: উমমম সকলো হ'ল।।
হঠাতে নীলৰ চকু গ'ল bed box ৰ ওপৰত থকা ৰিয়াৰ দৰৱবোৰলৈ।। সি ৰিয়াক কলে..
নীল: তোমাৰ দৰৱ ল'লা??
ৰিয়া: উমমম ভৰালোঁ।।।
নীল: তোমাৰ পিছফালে কি ?
তাই পিছলৈ ঘূৰি চাই দেখিলে দৰৱবোৰ ইয়াতে আছে ।। তাই নো কি সোমোৱালে।।  তাই নীলৰ আগত লাজ পাই সেমেনা সেমেনি কৰিলে।। নীলে তাইক দেখি গম পালে  তাই যে লাজ কৰিছে। সি ৰিয়াক ক'লে..
নীল: হ'ব ।। এতিয়া ভৰাই লোৱা।। তললৈ মূৰ কৰিব নালাগে।।
ৰিয়া: থিক আছে।।। atcha নীল তুমি bed আনিব গৈছিলা কি হ'ল।।
নীল: order দি থৈ আহিলোঁ।। মানে বনাই থোৱা বোৰ বৰ এটা থিক নহয়।। মই তোমালৈ মাক অলপ খিছিৰি বনাব কওঁ ।। তুমি খাই শুই থাকিব লাগিব।। কাইলৈ সোনকালে উঠিব লাগিব।।
ৰিয়া: থিক আছে কিন্তু তুমি আজি কত শুবা।। মা আছে নহয়।।
নীল: মোৰ  কাৰণে চিন্তা কৰিব নালাগে মই বাহিৰত শুম তুমি নিজৰ চিন্তা কৰা।।
নীলে ৰিয়াক খিছিৰি খোৱাই দৰৱ খোৱাই শুৱাই দিলে।। মাকে নীলৰ কামবোৰ দেখি বহুত সুখী হ'ল।। পুতেকৰ অন্য এটা ৰূপ হে যেন দেখিছে আজি মাকে।। মাক আৰু নীলেও খাই বৈ শুলে।। মাক ৰিয়াৰ লগতে শুইছে।। নীল sofate শুইছে।। তেনেকৈয়ে ৰাতিটো পাৰ হ'ল।। ৰাতিপুৱা নীল আৰু মাক সোনকালে উঠি সকলো কাম কৰিলে।। মাকে খাবলৈও বনালে।। কিন্তু ৰিয়া উঠাই নাই।। মাকে নীলক ৰিয়াক জগাবলৈ কলে।। নীল ৰিয়াৰ কাষলৈ গ'ল।। নীলে জগাব খুজিছিল যদিও শুই থকা ৰিয়াক জগাব লওঁতেই তাৰ হাত খন ৰৈ গ'ল।। ৰিয়াক দেখি তাৰ এনে লাগিছে যেন সি পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তু এটা দেখি আছে।। তাইৰ মুখ খন দেখিলে তাৰ চকু থৰ হৈ যায়।। কেনেকৈ কোনোবা ইমান ধুনীয়া হ'ব পাৰে?? ৰিয়াৰ গাল দুখন পকা বিলাহী ৰ দৰে।। সকলো সময়তে ৰঙা পৰি থাকে।। খুলি থোৱা খিৰিকী খনেৰে এছাটি কোমল বতাহ আহি ৰিয়াৰ গাত পৰিছে।। সেই বতাহে ৰিয়াৰ পাতল ক'লা চুলিখিনি উৰুৱাই ৰিয়াৰ মুখত পেলালেহি।। নীলে লাহেকৈ হাতে দি চুলিখিনি ৰিয়াৰ কাণত গুজি দিলে।। শুই থকা ৰিয়াই অজানিতে নীলৰ হাতখন টানি নিজৰ বুকুৰ ওচৰলৈ লৈ গ'ল।। ৰিয়াৰ স্পৰ্শত নীলৰ গোটেই শৰীৰ সাত পৰি গ'ল।। তাৰ উশাহ বোৰ ছুটি হৈ গৈছে।। লাহে লাহে তাৰ শৰীৰত এক উত্তেজনাৰ সৃষ্টি হ'ল।। যি উত্তেজনাই তাৰ শৰীৰৰ উত্তাপ বঢ়াই তুলিলে।। তাৰ মনত এক  অবুজ সিঁহৰন ।। তাৰ এনে লাগিল সি যেন এতিয়াই ৰিয়াক বুকুত সাৱটি সেই উত্তেজনা বোৰ পূৰ কৰিব।। কিন্তু সি সাহস কৰিব পৰা নাই।। সি যিমানে হাত খন আঁতৰাব বিচাৰিছে তাই সিমানে হাত খন তাইৰ বুকুৰ ওচৰলৈ টানি নিছে।। সি নোৱাৰিছে আৰু নিজক controll কৰিব।। উপায়হীন হৈ সি ৰিয়াক মাত লগাই দিলে...
নীল: ৰিয়া..ৰিয়া উঠা।। দেৰি হৈছে।।
প্ৰথমতে তাই সাৰ পোৱা নাছিল কিন্তু নীলৰ মাতত পিছত তাই সাৰ পালে।। তাই নীলৰ হাতখন নিজৰ বুকুৰ ওচৰত পাই নিজে আঁচৰিত হ'ল।।তাই লৰালৰিকৈ হাত খন আঁতৰাই দিলে ।। কি ক'ব নীলক ভাবি পোৱা নাই।। তেনেকুৱাতে নীলৰ মাক সোমাই আহিল ।। মাকে ৰিয়াক সোনকালে ওলাই আহিব কলে আৰু নীলক ও ওলাব কলে ।।। সকলোৱে ওলাই মেলি ব্ৰেকফাষ্ট কৰি airport লৈ গমন কৰিলে।। ৰিয়া বহুত সুখী আছিল।। কিন্তু কয় নহয় সুখবোৰ ক্ষন্তেকীয়া।। তাইৰ কাৰণে যে এজাক ধুমুহা ৰৈ আছে তাই সেই কথা জনাই নাছিল।। সকলো সুখী আছিল।। নীল ও আৰু নীলৰ মাক ও কিয়নো কোনেও নাজানিছিল আহিবলগীয়া সেই বিপদৰ কথা......

আগলৈ....
Part 13 :- Click here

লেখা:- পল্লৱী দত্ত
               (Photo credit:- pixabay.com)

Post a Comment

7 Comments

  1. Please please please please khokale diok na bakikhini

    ReplyDelete
  2. Apunar likhani khini bohut dhunia apuni aru future t bohut aguai jabo please baki khini dibo moi আধিৰ আগ্ৰহহেৰে বাট চাই আছো

    ReplyDelete
  3. একেবাৰে শেষ কৰি হে এৰিলোঁ কিন্তু next plz......


    ReplyDelete
  4. Please khonkale pare jadi next khini likhak

    ReplyDelete
  5. Rati 2 bajil Aponar likhoni pohi next part please

    ReplyDelete