প্ৰেম বিচ্ছেদ জীৱন | খণ্ড ১৩ |অসমীয়া কবিতা - By Assamese Poem

নীলৰ মাকে flight ত নুঠাৰ আগতেই নীলৰ দেউতাকলৈ ফোন কৰি তেওঁ অহাৰ খৱৰ তো দিলে ।। কিন্তু মাকে নীল আৰু ৰিয়াৰ কথা নকলে।। নীলে দেউতাকক surprise দিম বুলি কোৱাৰ কাৰনে মাকে দেউতাকক নজনালে। কিছু সময় journey ৰ পিছত নীলহ'ত আহি গুৱাহাটী পালেহি।। দেউতাক airport ত আহি ৰৈ আছেহি।। চকুৰ সন্মখুত নীলক দেখি দেউতাক আনন্দত আত্মহাৰা হৈ পৰিল।। কিমান বছৰৰ মূৰত দেউতাকে নীলক দেখিছে তাক দেউতাকে বুকুত সাৱটি ললে।। ৰিয়াই মাথোঁ চাই আছে সেই মধুৰ ক্ষণতো।। তাই ভাবিছিল ল'ৰাবোৰক দেউতাকতকৈ মাকে হে বেছি মৰম কৰে কিন্তু মাকতকৈও আজি তাই দেউতাকৰহে বেছি মৰম দেখিছে।। নীল দেউতাকৰ অতিকৈ মৰমৰ।। নহবনো বা কিয় নীল একমাত্ৰ ল'ৰা।। তেনেতে মাকে মাত লগালে..
মাক: আপোনালোকৰ মিলন হ'ল যদি এইফালেও চাওঁক।। (মাকে ৰিয়াৰ ফালে দেখুৱাই কলে) এইয়া ৰিয়া সোণৰ বন্ধু তাইক ও লৈ আহিলোঁ।।
দেউতাক: ভালনে মাজনী।।
ৰিয়া: ভাল uncle।।
দেউতা: মোক আকৌ নাইকোৱা নহয় তোমালোক আহিবা বুলি ঘৰখন বৰ খেলি মেলি হৈ আছে।।
ৰিয়া: হ'ব uncle মই আলহী নহয়।।
মাক: তাই ঘৰৰ ছোৱালীয়েই আৰু।। ব'লা এতিয়া।।
সকলো গাড়ীত উঠি ঘৰৰ অভিমুখে ৰাওনা হ'ল।। ৰাস্তাত যাওঁতে দেউতাকে ৰিয়াক ঠাইবোৰ চিনাকী কৰি দিছে ।। airport ৰ পৰা নীলৰ ঘৰলৈ অলপ দূৰ।। তাইৰ গাড়ীত বহিও আমনি লাগিছে।। তাই উছপিচাই থকা দেখি নীলে বুজিলে তাইৰ যে অশান্তি লাগিছে।। সি দেউতাকক কৈ অলপ গাড়ীখন ৰখাই resturent এখনত চাহ খাবলৈ সোমাল।। গাড়ীৰ পৰা ওলাই আহিহে তাইৰ যেন উশাহ তো ঘূৰাই পোৱাৰ দৰে লাগিছে।। অলপ সময় তেনেকৈয়ে থাকি সিহঁতি আকৌ যাত্ৰা আৰম্ভ কৰিলে।। ঘৰ পাই সকলো fresh হবলৈ গ'ল।। নীলৰ দেউতাকে সকলোৰে কাৰনে ভাত বনাইছে।। ৰিয়াই কথাটো দেখি আঁচৰিত হ'ল পেছাত এজন Doctor তথাপিও ইমান simple living ।। তাই বুজিলে আচলতে নীলে এইবোৰ গুণ কাৰ পৰা পাইছে।। ৰিয়াৰ কাৰনে নীলৰ দেউতাকে guest room তো থিক কৰি দিছিল । তাই ৰুমৰ পৰা ওলাই আহিয়েই পাকঘৰত দেউতাকক খানা বনাই থকা দেখিলে।। তাই মাত লগালে..
ৰিয়া: uncle আপুনিও cooking জানে নেকি??
দেউতাক: নাজানিলে কোনে ভাত দিব মোক।। নীলৰ মাকে মোক ভাত নিদিয়ে মোক বেয়া পাই।।
ৰিয়াই কথাবোৰ শুনি খুব হাঁহিলে।। তাই ভাবিলে তাৰমানে নীলে এইটো গুণ ও দেউতাকৰ পৰাই পাইছে।। তেনেকুৱাতে মাক সোমাই আহিল।। মাকে বুজিছে নিশ্চয় দেউতাকে চাগে মোৰ কথা কিবা কৈছে।। মাকে ৰিয়াক কলে....
মাক: তুমি এখেতৰ কথা blv নকৰিবা।। এনেই এনেই মোক বদনাম কৰিব।। হেৰি মই কি ভাত নিদিওঁ আপোনাক।।
নীলৰ দেউতাক আৰু ৰিয়াই আকৌ হাঁহিলে।।  হাঁহিৰ মাত শুনি এইবাৰ নীলো পাকঘৰ পালেহি।। নীলে সুধিলে..
নীল: কি হৈছে অ'..
মাক: কি হ'ব তোমাৰ দেউতাৰে মোৰ বদনাম গাই হাঁহিছে।।
নীল: দেউতাৰ কথা মিছাকে নকবা দেই।। দেউতা তেনেকুৱা নহয়।।
মাক: শুনিছা নহয় ৰিয়া এইখন ঘৰত তিনিটা মানুহ কিন্তু যিকোনো কথাতে নীলে দেউতাকক হে support কৰে । মোৰ ফালে মাতিবলৈ কোনো নাই।। বোৱাৰী আহিলেহে চাগে মোৰ ফালে মাতিব পৰা মানুহ ওলাব।।
ৰিয়া: চিন্তা নকৰিব aunty আপুনি ভবাৰ দৰেই হ'ব ।।
মাকে মনতে বৰ ভাল পালে কাৰন মাকে ৰিয়াকেই নিজৰ বোৱাৰী কৰিব বিচাৰিছে।। মাথোঁ সকলো থিকেই গ'লে হয়।।  মাকে নীলক ৰিয়াক ঘৰটো দেখাবলৈ কলে।। নীলে ৰিয়াক গোটেই ৰুমবোৰ দেখুৱাইছে এটা এটা কৰি।। সি ৰিয়াক নিজৰ ৰুমলৈ দেখুৱাবলৈ নিবলৈ লওঁতেই সিহঁতি ছোৱালীৰ মাত এটা শুনিলে..নীল দা ক'ত আছা??
সি তললৈ আহি দেখে  সেইজনী পূজা... নীলক দেখি পূজাই নীলক দৌৰি গৈ সাৱটি ধৰিলে..
পূজা: oh নীল দা তোমাক যে কিমান মিছ কৰিছিলোঁ।।
ৰিয়াই একো ধৰিব পৰা নাই কোন হয়।। কিন্তু নীলক তেনেকৈ কোনোবা ছোৱালীয়ে সাৱটি ধৰাটো তাই সহিব পৰা নাই।। তাইৰ নীলৰ ওপৰত বহুত খং উঠিছে কিয় সি তাইক মানা কৰা নাই।। jealousy , another symptoms of Love..কিন্তু নাজানে ৰিয়াই কিয় তাইৰ খং উঠিছে।। কিন্তু নীলৰ বুকুত বেলেগক তাই চাই থাকিব পৰা নাই। তাই যেন এতিয়াই নীলৰ গাৰ পৰা তাইক টানি উলিয়াব......

ৰিয়াই খঙতে জ্বলি পকি গৈছে।। কি কৰিব কি নকৰিব একো ভাবি পোৱা নাই।। তাই আৰু চাই থাকিব নোৱাৰিলে ।। তাই নীলক সুধিলে..
ৰিয়া: কোন হয়???
নীল: মোৰ মাহীৰ ছোৱালী।।
ৰিয়া: উফফ ৰক্ষা।।( ৰিয়াই লাহেকৈ কলে)
ৰিয়াৰ যেন এতিয়া হে উশাহ তো ঘূৰি আহিছে।। মনক এক কৌতুহল জাগি আছিল ছোৱালী জনীক মাহীয়েকৰ জীয়েক বুলি জানি তাই অলপ শান্ত হ'ল।। নীলে ৰিয়াক আৰু পূজাক দুইজনীকে এজনীক সিজনীৰ লগত চিনাকি কৰাই দিলে।। তেনেকুৱাতে ৰিয়ালৈ নিশাৰ ফোন আহিল।। তাই সিহঁতক কথা পাতিব দি নিশাৰ লগত কথা পাতিবলৈ ৰুমলৈ গ'ল।। নীলে পূজাক কলে..
নীল: তোক কোনে কলে মই আহিছোঁ বুলি।।
পূজা: কিয় তুমি নকলে মোক কোৱা মানুহ নাই নেকি এইখন ঘৰত।।
নীল: সেইটো কোৱা নাই কোনে কলে সেইটো সুধিছো।।
পূজা: জেঠুয়ে কলে... bdw বৌ কিছু ধুনীয়া কিন্তু।।
নীল: কোন বৌ??
পূজা: হ'ব নজনা acting কৰিব নালাগে।। তুমি ভালকৈ গম পাইছা কাৰ কথা কৈছোঁ।। বৌ সঁচাই বহুত ধুনীয়া ।। তোমাৰ আগৰ জনী যে সেইজনীতকে বহুত বেছি ধুনীয়া।।
নীলৰ মনটো ভাল লাগি গ'ল।। কিন্তু সি প্ৰকাশ নকৰিলে।। সি মাথোঁ কলে....
নীল: তাইৰ আগত নকবি বেয়া পাব ও পাৰে।।
পূজা: হ'বদে নকওঁ।। atcha শুন না তোমাৰ কিবা plan আছে নি কাইলৈ।।
নীল: নাই কিয়??
পূজা: কাইলৈ হোটেলত আমাৰ anniversarry পাৰ্টি দিছোঁ।। তুমি আহিবা আৰু বৌ ক ও লৈ আহিবা।। একেলগে time spent হৈ যাব তোমালোকৰ।। মোৰো ভাল লাগিব।। তোমাৰ কথা কৈয়েই থাকোঁ যে এইবাৰ হে পাইছোঁ মোৰ লগৰ বোৰো তোমাক চাব বিচাৰিছে।।
নীল: মই কি bollywood ৰ hero নি ?? মোক চাব বিচাৰিছে যে?? আৰু শুন ৰিয়াৰ গাতো থিক নহয় তাইক নিব নোৱাৰিম।। তাইক doctor য়ে rest লব দিছে। আৰু তোৰ anniversary party আমি কি কৰিম।। বেলেগে ককায়েকলৈ ভয় কৰে আৰু তই মোক মাতিছ।।
পূজা: তুমি বেলেগৰ ককায়েকৰ দৰে নহয়।। আৰু বৌ ক কামত নলগাও বহি থাকিব বৌ।। pls নীল দা ।। তুমি মনা কৰিলে কিন্তু মই বৌক কৈ দিম।।
নীল: হ'ব বাৰু মই যাম কিন্তু ৰিয়াৰ কথা নকওঁ।।
পূজা: নহ'ব বৌ ক লগত লৈ আহিবা।। মই একো নুশুনো।।
নীল: হ'ব লৈ যাম বৌ বৌ কৈ নাথাকিবি।।
পূজা: উমমম হ'ব ।। জেঠাই ক'ত??
নীল:পাকঘৰত..
পূজা: থিক আছে মই পাকঘৰলৈ যাওঁ।।
পূজা পাকঘৰলৈ গ'ল।। নীল ও ৰিয়াৰ ৰুমলৈ আহিল।। সি ৰিয়াক ফোন ত পাতি থকা দেখি উভতি আহিব লওঁতেই ৰিয়াই তাক ভিতৰলৈ মাতিলে...
ৰিয়া: সোমাই আহা নীল।।
নীল: পিছত আহিম।। তুমি কথা পাতি লোৱা।।
ৰিয়া: নিশা হে আহা loud speaker ত দিছোঁ।। নিশা নীল ও আছে ক'...
নিশা: মোক নুসুধিবা দেই তোমাৰ friend ক সোধা।। মই নাহো কলত দৰৱয়েই নাখাওঁ বাইদেউয়ে।।
ৰিয়া: হ'ব এতিয়া মোৰ কথা কৈ থাকিব নালাগে।।
নীল আৰু নিশাই হাঁহিলে।। এনেদৰে অলপ সময় পাতি ৰিয়াই ফোনটো থৈ নীলৰ লগত নীলৰ ৰুম গ'ল।। নীলৰ ৰুমটোত নীল নাই যদিও দেউতাক মাকে বহুত ধুনিয়াকৈ থৈছে।। ৰুমৰ wall ত নীলৰ এখন ডাঙৰ painting। ৰিয়াৰ চকু থৰ হৈ গ'ল painting খনলৈ চাই....
ৰিয়া: woooow... কোনে আঁকিছে ইমান ধুনীয়া হৈছে।।
নীল: মই আঁকিছিলোঁ ।।
ৰিয়াই আঁচৰিত হৈ নীললৈ চালে।। তাইৰ বিশ্বাস কৰিব টান হ'ল।। তাই নীলক কলে..
ৰিয়া: মই নামানো।।
নীল: তুমি নামানিলে যে এতিয়া উপায় নাই আৰু।। কিন্তু ময়েই আঁকিছিলোঁ।।
ৰিয়া: নাজানো আৰু সঁচাই কৈছা নে।।
নীল: হেহে...সঁচা অ'.. শুনা কাইলৈ আমি এফালে ফুৰিব যাম ।।
ৰিয়া: ক'ত??
নীল: অথনি যে পূজা আহিছিল তাইৰ anniversary মাতি থৈ গৈছে।। bf ৰ লগত চিনাকীও কৰি দিব বোলে।।
ৰিয়া: আমিনো গৈ কি কৰিম ?? মই যে নাযাওঁ চিনিয়েই নাপাওঁ কি বুলি যাম।
নীল: তাই সেইবোৰ নুবুজে কিন্তু নগলে বেয়া পাব।। আমি সোনকালে ঘূৰি আহিম।।
ৰিয়া: থিক আছে হ'ব।।
মাকে সিহঁতক ভাত খাবলৈ চিঞঁৰিলে।। পূজা ও আছে ।। সকলোৱে একেলগে মিলি ভাত খালে।। অলপ সময় থাকি পূজা গুছি গ'ল।। সকলো নিজৰ নিজৰ ৰুমলৈ গ'ল অলপ rest লবলৈ।। ৰিয়া বিচনাত পৰি নীলৰ কথাকে ভাবি আছে।। নীল কিমান টেলেন্টেড ল'ৰা।। ইমান ধুনীয়া ছবি আঁকে।। আৰু নীলৰ দেউতাক মাক একেবাৰে friend ৰ দৰে।। আজি প্ৰথম লগ পাইছোঁ কিন্তু অলপো লগা নাই প্ৰথম চিনাকি বুলি।। কথাবোৰ ভাবি ভাবি ৰিয়া শুই পৰিল।। ইফালে দেউতাকে মাকক ৰিয়াৰ বিষয়ে সুধিলে..
দেউতাক: ৰিয়া ছোৱালীজনী বৰ মৰম লগা তাইক তুমি ক'ত লগ পালা।।
মাক: ক'ত লগ পালো বাদ দিয়ক  আঁচল কথাটো হ'ল নীলৰ মনত তাইৰ প্ৰতি কিবা এটা আছে।। ভালপায় ইটোৱে সিটোক কিন্তু এটাইও বুজি পোৱা নাই সিহঁতৰ সম্পৰ্কতো।। বন্ধুত্বৰ নাম দি থৈ দিছে কিন্তু মই দেখিছোঁ সিহঁতৰ চকুত।।
দেউতাক: তুমি doctor নহৈ CID হ'ব পাৰিলা হেঁতেন ।। সিহঁতি নাজানে তুমি হে জানা সকলো।।বাদ দিয়া rest লোৱা অলপ পিছত হস্পিটেল যাবই হ'ব।
মাক: শুহ ...আপোনাক কৈ একো লাভ নাই।।
মাক-দেউতাকৰ সম্পৰ্ক বহুত বেলেগ ।।কাজিয়াও লাগি থাকিব আৰু ভালও পাব।। ১০ বছৰীয়া প্ৰেমক তেওঁলোকে বিবাহৰ নাম দিলে আৰু প্ৰেমৰ চিন হিচাপে নীল।। কিন্তু আজিও gf bf ৰ দৰে কাজিয়া কৰিয়েই থাকে.....

অলপ rest লৈ নীলৰ মাক দেউতাক হস্পিটেল গ'ল।। ৰিয়া শুই আছিল সেয়ে গম নাপালে।। নীলে ৰিয়াৰ painting এখন আঁকিবলৈ যোগাৰ কৰিলে।। সি ভাবিলে ৰিয়াক তাইৰ ফটো এখন gift দিওঁ বুলি।। বহুত দিন অঁকা নাই যদিও সি পাহৰা নাই তাৰ এই কলা তো।। সি আঁকিবলৈ আৰম্ভ কৰিলে।। দৰ্জা খন বন্ধ কৰি থৈছে যাতে ৰিয়াই নেদেখে।।অলপ সময় অঁকাৰ পিছত ৰিয়া আহি নীলৰ ৰুম পালেহি।। ৰিয়াই নীলৰ দৰ্জাখন বন্ধ দেখি দুৱাৰত তকটকালে ..
ৰিয়া: নীল শুই আছা নেকি??
নীল: নাই নাই ৰবা খুলিছোঁ।।
সি লৰালৰিকৈ drawing board khn কাপোৰ এখনেৰে ঢাকি দি দৰ্জা খন খুলি দিলে।। ৰিয়া সোমাই আহি drawing board খন দেখি নীলক সুধিলে এইখন কি?? কিন্তু তাই কি অঁকা আছে সেইটো নাইদেখা।। নীলে ছবি অঁকা stand বুলি কলে যদিও তাই সেইডাল খালি stand বুলিয়েই ভাবিলে।। তাই নীলক কলে...
ৰিয়া: মোৰ কাপোৰ বোৰ উলিয়াই দিয়া চোন বেগটো খুলিব পৰা নাই এণ্ড ওপৰত তুলিব ও পৰা নাই ।।
নীল: ব'লা।।
নীল  ৰিয়াৰ ৰুমলৈ গৈ ৰিয়াৰ কাপোৰ বোৰ উলিয়াই দিলে।।  সি ৰিয়াক সুধিলে..
নীল: দৰৱ খালা তুমি।।
ৰিয়া: নাই খাম হে।।
নীল: সেইটোৱেই বেয়া পাওঁ ।। সময়ৰ কাম সময়ত নকৰা তুমি।।। ৰবা মই গাখীৰ লৈ আহোঁ।।
নীল গাখীৰ আনিবলৈ গ'ল।। ৰিয়াই মাথোঁ চাই ৰ'ল নীল যোৱাৰ ফালে।। তাই ভাবিলে.. ইমান caring নীল।। জীয়াই কে কেনেকৈ এইটো ল'ৰাক এৰিব পাৰে।। বহুত ভাগ্যৰ মূৰত হে চাগে নীলৰ দৰে ল'ৰা এটা জীৱন সংগী হিচাপে পোৱা যায়।। এইখন ঘৰলৈ যিয়েই বোৱাৰী হৈ আহিব বহুত ভাগ্যৱান হব।। নীলক মোৰ ভাল লাগে কিন্তু নীলৰ মনততো এনেকুৱা একো নাই।। সিটো মোক friend বুলিয়েই ভাবে নহ'লে সি মোক ৰোহনক ঘূৰাই পোৱাত সহায় নকৰিলে হেঁতেন ।। সিও যদি মোক ভাল পালেহেঁতেন???? Oh God কি ভাবিছোঁ মই এইবোৰ।। ৰোহনৰ বাদে বেলেগৰ কথা ভবাওঁ পাপ।। নাই মই কেৱল ৰোহনৰ আন কাৰোৰে হ'ব নোৱাৰো।। তেনেকুৱাতে নীল সোমাই আহিল।। সি ৰিয়াক দৰৱ খুৱাই দিলে।। ৰিয়াই মাথোঁ চাই আছে তাৰলৈ।। একোবত নীলৰ চকু ও তাইৰ চকুকেইতাত পৰিল।।  ৰিয়াই নিজৰ চকুযুৰি তললৈ নমাই দিলে।। নীল ৰুমৰ পৰা ওলাই নিজৰ ৰুমলৈ গ'ল।। এনেকৈয়ে অলপ সময় গ'ল ।। ৰাতি মাক-দেউতাক  আহিলত সকলোৱে ভাত খাই শুবলৈ গ'ল।। মাক ৰ দেৰি হোৱা কাৰণে নীলে নিজেই বনালে সকলো। ৰিয়া হেল্প কৰিব আহিছিল যদিও নীলে নিদিলে।। ৰিয়া প্ৰায় সুস্থ হৈ উঠিছে।। নীলৰ extra care ত ৰিয়া অতি সোনকালেই ভাল হ'ল।। তাইৰ fracture হৈছিল অলপ সেইয়াও থিক হ'ল ।। মাথোঁ অলপ দিনলৈ গধুৰ বস্তু ডাঙিব মানা কৰিছে।। ৰাতিপুৱা শুই উঠি সকলোৱে মিলি ব্ৰেকফাষ্ট কৰিলে।। ৰিয়াক নীলে routine chekup ৰ কাৰণে হস্পিটেল লৈ গ'ল।। report বোৰ সন্ধিয়া দিব সেয়েহে দেউতাকে report লৈ যাম ক'লে।। নীল আৰু ৰিয়া ঘৰলৈ গুছি আহিল।। আবেলি দুইটা সাজু হৈ পূজাৰ পাৰ্টি লৈ ওলালে।। ৰিয়াই ক'লা saree এখন পিন্ধি ল'লে।।ৰিয়া বহুত বগা আছিল সেয়ে ক'লা ৰংটোতো তাইক অপ্সৰা যেন দেখাইছিল।। নীল বাহিৰত গাড়ী লৈ ৰৈ আছে।। নীলেও black clr suit এযোৰ পিন্ধিছে।। নীলক bolywood ৰ hero তো দৰেই লাগিছে।। চকুত sunglass জোৰে  আৰু বেছি ধুনীয়া কৰি তুলিছে তাক।। ৰিয়া অহাৰ লগে নীলৰ বুকু খন ধকধকাই উঠিল।। তাইক দেখি নীলৰ বুকুত এছাটি মলয়া বতাহে ভুমুকি মাৰিলে।।। ৰিয়াই পিন্ধা শাৰীখনত তিৰবিৰাই থকা চুমকি বোৰে ৰিয়াৰ সুন্দৰতা দুগুন বহাই তুলিছে। এই ধুনীয়াৰ ৰহস্য বিচাৰি বিচাৰি নীলৰ চকু ৰিয়াৰ পেটত পৰিল। শাৰীখনেও আজি ৰিয়াৰ গাত নিজকে দেখি গৌৰৱ কৰিছে। সামান্য বতাহত বাউলি হৈ নাচি উঠিছে পাতল শাৰীখন,,,, বাৰে বাৰে নীলৰ দুচকু ৰৈ পৰিছে বেইমানি শাৰীখনে উদঙাই দিয়া ৰিয়াৰ পেটৰ অংশ।। ৰিয়াত পেটটো ঢাকিব খুজিছে,, কিন্তু বতাহে তাইক সফল হবলৈ নিদিলে।। উফ কি সুন্দৰতাৰে গঢ়িছে ৰিয়াক ভগৱানে।  ৰিয়াৰ এই যৌৱনৰ গাথঁনিত নিজকে হেৰুৱাই পেলাইছে। তাইৰ ৰঙা ওঁঠ যুৰীয়ে  তাৰ উতনুৱা যৌৱনক বাৰে বাৰে আঘাত কৰিছে।। সি মাথোঁ তাইৰ সুন্দৰ আকৰ্ষণীয় ওঁঠ যুৰীলৈ চাই আছে।। ৰিয়াই নীলক মাত দি আছে কিন্তু শুনা নাই নীলে।। সি নিজকে কোনোবা সপোন পুৰি পোৱালেগৈ।। ৰিয়াই গাড়ীৰ glass খন ধকীয়াই দিলত হে তাৰ জ্ঞান ঘূৰি আহিল।। সি মনতে ভাবিলে কি যে ভাবি আছে সি।। নীলে গাড়ীৰ দৰ্জা খন খুলি দিলে।। ৰিয়া বহি ললে আৰু party লৈ গ'ল।। পূজাই সকলোকে কৈছিল যে তাইৰ ককায়েক আৰু বৌয়েক আহিব।। সিহঁতি অহাৰ লগে লগে  সকলো নীল আৰু ৰিয়াৰ লগত চিনাকি হবলৈ গ'ল।।  সকলোৰে মুখত কেৱল ৰিয়াৰ সুন্দৰ্য্যৰ কথা।। পূজাই বৰ ভাল পাইছে তাইৰ বৌয়েকৰ কথা সকলোৱে তেনেকৈ কোৱা কাৰনে।।তেতিয়ালৈকে পূজাৰ bf আহি পোৱাই নাই।। ৰিয়া নীলৰ লগত কথা পাতি আছে।। লৰাটো আহিলেই যাব তাই।। সকলোৱে কেৱল wait কৰি আছে পূজাৰ bf লৈ।। অৱশেষত পূজাৰ bf আহি পালে।। পূজাই তাক তলৰ পৰা আনিব গ'ল।। সকলোৰে অপেক্ষাৰ অন্ত পেলাই পূজাৰ bf আহি পালেহি।। সকলোৱে তাক wish কৰিছে।। নীলেও তাক গৈ wish কৰিলে।। ৰিয়া মাথোঁ জঠৰ হৈ পৰিল।। তাইৰ চকুৱেদি চকুপানী ওলাই আহিল।। পূজাই তাইৰ bf ক ৰিয়াৰ ওচৰলৈ লৈ আহিল।। ৰিয়াই কোনোমতে নিজৰ চকুপানী খিনি মোহাৰি ললে কোনেও নেদেখাকৈ....

আগলৈ….

Part 14:- click here 

লেখা:- পল্লৱী দত্ত
             (Photo credit:- pixabay.com)

Post a Comment

0 Comments