প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ৬ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

ৰিয়া আহি নীলৰ ওচৰ পালেহি।। নীলৰ তাইক দেখি চকু থৰ হ'ল।।। সি কেতিয়াও ভবা নাছিল তাইক তেনেকুৱা dresh ত দেখিব বুলি।। তাইক দেখিলে নীলৰ heartbeat বাঢ়ি বাঢ়ি গৈ আছে।। তাই যিমানে নীলৰ ওচৰ চাপিছে তাৰ বুকুখনে এটাই শব্দ কৰিছে.... ধক.. ধক.. ধক..।। সি নিজকে ৰখাব নোৱাৰিলে।। সি তাই আহি গাড়ীত বহাৰ লগে লগে কৈয়েই দিলে...
নীল: u looking hot।।
ৰিয়া: thank u।। u know what নীল , এইটো মোক ৰোহনে দিছিল।। তাৰ choice বহুত ভাল।। black তাৰ fav ৰং।।। সি বিচাৰিছিল মই তাইৰ ৰং তো আপোন কৰি লওঁ।। how romentic naa।।
নীল: একো romantic নহয়।। তুমি আনৰ কাৰণে যদি নিজৰ ভালপোৱা ৰং সলনি কৰিব লগা হৈছে সেইটো ভালপোৱা নহয়।। কেতিয়াও নিজক আনৰ কাৰনে সলনি নকৰিবা।। তুমি সলনি হলে সিহঁতৰ ভালপোৱা হাবিয়াস কমিব তোমাৰ প্ৰতি কাৰন সিহঁতে নিজৰ মতেহে তোমাক ready কৰিছে।।
সঁচা প্ৰেমে তোমাক সলনি হবলৈ নিদিয়ে তুমি যেনেকুৱা তেনেকৈ accept কৰিব।।
ৰিয়া: কিন্তু adjustment তো কৰিব লগা হয়েই।।
নীল: adjustment বুলি নহয় ।। প্রিয় জনক যেনেকুৱা তেনেকৈ accpet কৰিব লাগে।। তেওঁৰ ভাল গুণ বেয়া গুণ দুইটা গ্ৰহণ কৰি আগবাঢ়িলে সম্পৰ্ক বোৰ স্থায়ী হয়।। সলনি মানুহ মনৰ পৰা হ'ব যেতিয়া তেওঁ নিজে বুজিব তেওঁৰ সেইটো কামে তেওঁৰ প্ৰিয় জনক কষ্ট দিছে।। কিন্তু বাধ্যত পৰি যেতিয়া কোনোবা সলনি হয় তেতিয়া সময়বোৰৰ লগে লগে আকৌ প্ৰকৃত ৰূপবোৰ আহিয়েই যায়।। তুমি সলনি হৈ কি পাইছা কোৱাচোন।। তুমি তো সকলো কথাই শুনিছিলা তাৰ।।
ৰিয়াৰ মনটো অলপ বেয়া লাগিল।। কিন্তু নীলৰ কথাবোৰত তাই যুক্তিও পাইছিল।। তাই কলে..
ৰিয়া: তুমি কোৱা কথাবোৰ সঁচা কিন্তু কিয় জানো বাস্তৱত তাৰ প্ৰয়োগ সম্ভৱ যেন নালাগে।।
নীল: হব বাদ দিয়া এইবোৰ।। তুমি মোক কোৱা এনেকুৱা কি wish আছে তোমাৰ তুমি পূৰন কৰিব বিচৰা।।
ৰিয়া: মোৰ তো বহুত wish আছে।। তোমাক কম কিন্তু তুমি হাঁহিব নোৱাৰিবা।। আগতে prmz কৰা।।
নীল: prmz কোৱাচোন এতিয়া ।।
ৰিয়া: মোৰ এটা wish কি জানা .. I want to drinks..
ৰিয়াৰ কথা শুনি নীলে হাঁহিলে আৰু কলে...
নীল: R u sure।।
ৰিয়া: জানিছিলো হাঁহিবা সেইকাৰণে কাকো নকওঁ।।
নীল: okk sry... so  আজি মই তোমাৰ এইটো wish পূৰ কৰিম।।
ৰিয়া: কেনেকৈ।।
নীল: ৰুমত আকৌ এতিয়া যাওঁতে লৈ যাম।।
ৰিয়া: কিন্তু মইতো first time খাম।। sense যদি নাথাকে।।
নীল: তেনেকুৱা একো নহয়।। তুমি নাইখোৱা কাৰনে ভয় কৰিছা।
ৰিয়া: নিশাই গম পালে।।
নীল: তাইও drinks কৰে so কি হ'ব।।
ৰিয়া: কি????
নীল: এনেকুৱা reaction দিব নালাগে।। কেতিয়াবা খালে একো নহয়।। আৰু জীয়াই থাকোতে মানুহে মন যোৱা কাম বোৰ কৰিব লাগে।। মৰাৰ পিছত দুখ কৰিবা নেকি??
ৰিয়া: okk তেন্তে ।। মই ready।।
নীলে ৰাস্তাত গাড়ী ৰখায় beer বটল  এটা কিনি ললে।। সি জানে first time যেতিয়া তাই এনেও খাব নোৱাৰিব।। সিহঁতি গৈ নীলৰ ৰুম পালেগৈ।। নীলে সকলো ready কৰি আছে।। ৰিয়াই নীলৰ ৰুমটোকে চাই আছে।। নীলে ৰিয়াক bed ৰুমলৈকে মাতিলে।। বিচনাত বহি নীলে ৰিয়াৰ হাতত beer এগিলাচ দিলে....
নীল: লোৱা।।
ৰিয়া: মই পাৰিম নে??
নীল: পাৰিবা just try কৰা বেয়া পালে নালাগে খাব।।
ৰিয়াই প্ৰথম সোঁহাটো মাৰিয়েই  আৰু নাখাওঁ বুলি কলে..
ৰিয়া: চি কি টেষ্ট পাইছা ইমান বেয়া।।
নীল : first ত তেনেকুৱা লাগেই লাহে লাহে হে টেষ্ট আহিব।। তুমি চিপছ খোৱা।।
ৰিয়া: আকৌ খাওঁ।।
নীল: খোৱা আকৌ।।
ৰিয়াই আকৌ মুখ দিলে ।। কিন্তু এইবাৰ তাই বেয়া পাইছোঁ নাইকোৱা ।। তাই খাওঁতে খাওঁতে কেতিয়া গিলাছ তো শেষ কৰিলে নাজানে।। নীলত কৈও আগতহে তাই শেষ কৰিলে।। নীল অলপ আঁচৰিত হল।। সি ভাবিলে তাইক নিচা ধৰিছে চাগে।।  সি তাইক কলে..
নীল: ৰিয়া তুমি ঠিকে আছা।।
ৰিয়া: yaa.. m fine।। আৰু দিয়া।।
নীল: নালাগে আৰু খাবলৈ প্ৰথম হিচাপে বেছিয়েই খালা।।
ৰিয়াৰ তেতিয়ালৈ নিচাত কব নোৱাৰা হ'ল।। সৰু ছোৱালীৰ গতে তাই zid কৰিবলৈ ধৰিলে।। তাইক মাথোঁ লাগে।।। তাই বটল তো আনিবলৈ চেষ্টা কৰিলে।। কিন্তু নীলে দিয়া নাই নীলে বটল তো গ্লাছ সকলো নি টেবুলত থবলৈ গ'ল।। ৰিয়াই আনিবলৈ বিচনাৰ পৰা উঠি যায় মানে নীলে ইতিমধ্যে থলেগৈ।। তাই উঠি আনিব যাওঁতে নীলে তাইক বাধা দিলে।। নীলে বাধা দি থাকোতেই ৰিয়া ই নীলক গতা মাৰি দিলে নীল বিচনাত সৰি পৰিল।। যিহেতু নীলে তাইক ধৰি আছিল সেইবাবে নীল পৰাৰ লগে লগে তাইও নীলৰ গাতে সৰি পৰিল।। তাই মাথোঁ নীলৰ দুচকু লৈ চাই আছে......

নীলে একো ধৰিব পৰা নাই।। সি ও মাথোঁ চাই ৰৈছে ৰিয়াৰ পদুম চকুজুৰীলৈ।। নীলে যিমানে তাইৰ চকুযুৰীলৈ চাইছে সিমানে যেন সি ডুব গৈছে এক অজান ভাৱনাত।। নিলে ভাবিছে আচলতে ৰিয়াৰ ইমান নিচা কিয় লাগিছে?? তাইতো এগিলাচহে খাইছে মাথোঁ। আচলতে তাই আজিলৈকে খোৱা নাই,, এয়ে প্ৰথম যে,, সেয়ে চাগে তাইৰ মনলৈ ধাৰণা আহি গল যে তাইৰ নিচা হৈছে। সঁচাকৈয়ে এই ধাৰণাটোৱে মানুহৰ নিচা দুগুন কৰি তোলে। নীলৰ অলপ নিচা লাগিছে যদিও সিমান নহয়। কিন্তু এতিয়া অশান্তি হৈছে নীলৰ। তাৰ দেহত ৰিয়াৰ কোমল শৰীৰ।।।  সি ধৰিব বিছাৰিও যেন ধৰিব পৰা নাই।। বহুত ছোৱালীৰ লগত তাৰ শাৰীৰিক সম্পৰ্ক স্থাপন হৈছে কিন্তু আজি সি যি feel কৰিছে সেইয়া সি আগতে কৰা নাই।। সি কি কৰিব একো ভাবি পোৱা নাই।। তাৰ এনে লাগিছে যেন ৰিয়াৰ দেহৰ কোমলতাই তাক হাত বাউলি মাতিছে প্ৰেমৰ আলিংগন বিচাৰি। ৰিয়াই নীলৰ চকুত চকু থৈ একেৰাহে চাইছে নীলৰ বিষাদ লুকাই থকা এধানমানি কোমল মুখলৈ। ৰিয়াই বুজিব বিচাৰিছে আচলতে কি লুকাই আছে এই মুখখনৰ আঁৰত। ভালপোৱাৰ মিঠা অনুভৱবোৰে তেজত বিলাতী সুৰাৰ সুগন্ধি পাই তীব্ৰ গতিত সঞ্চালন হৈছে। নিলে আৰু সহ্য কৰিব পৰা নাই। সি যেন এতিয়াই তাইক সাৱটি ধৰি হিয়াৰ সকলো মৰমে লিখি দিব তাইৰ জীৱনৰ দিনলিপি। কিন্তু সি সাহস কৰিব পৰা নাই। কাৰণ ৰিয়া নিচাত মগন। সি বাৰে বাৰে ভাবিছে এই সময়ত যদি সি তেনে কিবা ভুল কৰে তেন্তে হয়তো সুবিধা লোৱা বুজাব। ৰিয়াৰ চকুত হয়তো সি বহুত সৰু হৈ পৰিব। কিন্তু ৰিয়া নিচাত মগন। তাই কি কৰিছে নিজে নাজানে। তাই কেৱল জানে যে এজন লৰাৰ বুকুত পৰি আছে তাই। যৌৱনৰ মিঠা শিহৰণ বোৰেও সুৰাৰ সহায় পাই তাইক উন্মাদিনী যৌৱনা গাভৰু কৰি তুলিছে।। তাইক প্ৰেমৰ মিঠা বতাহজাকে হাউলাই নিছে নীলৰ বুকুৰ মাজলৈ। তাই যেন নীলক আঁকোৱালি লৈ সমস্ত সঁপি দিব হৃদয়ৰ ভালপোৱাবোৰ। কিন্তু তাই অনুভৱ কৰিছে যে একোছাকৈ বান্ধি থোৱা তাইৰ চুলিকোচাই নীলৰ মৰমলগা মুখখনত আমনি কৰিছে। সেই কথা নিলেও জানে। কিন্তু সি চুলিকেইডালো আঁতৰাই দিব বিচৰা নাই। যদি অলপ লৰচৰ কৰিলেই এই সুখবোৰে নাইকিয়া হৈ যায়। তাই চুলিখিনি নিজে নীলৰ মুখৰ পৰা আঁতৰাই দি তাই আগবাঢ়ি গল নীলৰ মুখৰ ওচৰলৈ। ৰিয়াৰ মনত পুহি ৰখা  ভালপোৱাই আজি চোনামি ৰূপ লৈছে। সীমাহীন মৰম আজি মুকলি হৈ ঢাপলি মেলিব খুজিছে কামনাৰ বেদীলৈ। সন্মুখত নীল। আজি সেইবোৰ একো ভাবিব পৰা নাই তাই। লাহে লাহে আৰু ওচৰ চাপি গৈছে। নীলৰ চকুত চকু থৈ আৰু ওচৰ পালেহি। তাইৰ মুখৰ গৰম উশাহবোৰে নীলৰ নাকত খুন্দা মাৰি বতাহত মিলি গৈছে। এতিয়া আৰু নীল ৰৈ থাকিব নোৱাৰি আলফুলে মৰমত সাৱটি ধৰিলে তাইক। নীলৰ সহায় পাই ৰিয়াৰ সাহস বাঢ়ি আহিল। ক্ৰমান্বয়ে সিহঁতৰ মাজত ব্যৱধাম কমি আহিল। এতিয়া যেন উশাহ বোৰো ঘূৰিবলৈ ঠাই নাইকিয়া হৈ আহিল। দুয়ো দুচকু জোপাই অনুভৱ কৰিব লৈছে প্ৰেমৰ মিঠা অনুভৱ।।। ৰিয়াই নীলৰ ওঁঠত তাইৰ উঠযুৰী লগাব বিচাৰোঁতেই হঠাতে দুৱাৰৰ কলিং বেলটো বাজি উঠিল।। ৰিয়াৰ কাণত কোনো শব্দই পৰা নাই।। কিন্তু নীলে শুনিছে।। সি বুজিলে যে নিশাহঁত  আহিছে।। সি দৰ্জা খুলিবৰ বাবে  উঠিবলৈ প্ৰয়াস কৰিছে।। কিন্তু ৰিয়াই তাক উঠিবলৈ দিয়া নাই।। নীলে অলপ জোৰ দি তাইক গাৰ পৰা আঁতৰাই দিলে আৰু নিজে উঠি গ'ল।। সি দৰ্জা খন খুলি লে..
নিশা: ইমান সময় লগালা নীল..
নীল: কাম এটা কৰি আছিলোঁ।।। আহা  ।।
নিশা: ৰিয়া ক'ত।।।
নীলে কি ক'ব একো ভাবি পোৱা নাই।। তথাপিও সি কলে..
নীল: তাই মোৰ bedroom ত আছে।।
নিশা: কি কৰি আছে।। মই তালৈকে গৈছোঁ হব দিয়া।। তুমি কাম কৰা।।
নীলৰ ভয় লাগিল।। নিশাই কি বুলি বা react কৰিব এতিয়া।। তাই মোক ভূল নুবুজে তো।।
নীশা গৈ bedroom পালেগৈ।। নীল ও পিছে পিছে গৈছে।। নিশাই ৰিয়াক দেখি অলপ আঁচৰিত হ'ল।। ৰিয়াই গাৰ কাপোৰ বোৰ থিক নাছিল। চুলি খিনিও আউলি বাউলি হৈ আছিল। নিশাৰ অলপ ভয় লাগিল।। ৰিয়া তেতিয়ালৈ টোপনি গৈছিল।। তাই ৰিয়াক শুই থকা অৱস্থাত দেখি বেছি ভয় খালে।। তাই ৰিয়াক জগাব চেষ্টা কৰিলে কিন্তু ৰিয়াৰ একো মাতবোল নাই।। নিশাই নীলক সুধিলে...

নীশা: whats going on নীল।।
নীল: নিশা relax.. তাই drinks কৰিছিলে so out of control হৈ গ'ল।।
নিশাৰ বহুত খং উঠিল।। তাই নীলৰ ওচৰলৈ আহি নীলক এক থাপৰ লগাই দিলে...
নিশা: how dare u নীল।। মই জানো নিশাই drinks নকৰে।। now I know u want to use her like other girls।। shame on u নীল।।
নীল: তুমি ভূল বুজিছা নিশা ।। মই কেতিয়াওঁ ৰিয়াৰ লগত সেইবোৰ কথা ভাবিবও নোৱাৰো।।
নিশা: stop it নীল।।। বন্ধ কৰা তোমাৰ নাটক।। মই বুজিছোঁ তুমিয়েই চাগে তাইক জবৰদস্তি drinks কৰোৱাই দিলা।। she trust u damn it..
নিশাই কথাবোৰ কৈ ৰিয়াক জগাবলৈ চেষ্টা কৰিছে।। কিন্তু সুৰাৰ ৰাগীত মাতাল ৰিয়াই টোপনিত ক'ব নোৱাৰা হৈ আছে।। তাই একো নাজানে কি হৈছে।। ৰিয়াক তাই গালত থপৰিয়াই জগাবলৈ চেষ্টা কৰিছে কিন্তু ৰিয়াৰ সাৰ সুৰ নাই।। ৰিয়াক তেনেকৈ শুই থকাত disturb দিয়াত নীলৰ খং উঠিল..
নীল: stop it নিশা।। কি কৰিছা তুমি তাই শুই আছে সেইটো দেখা নাই তুমি।।
নিশা: তোমাৰ কথা কিবা শুনিব আছে বুলি মই নাভাবোঁ।। মই মানসক ফোন কৰিছোঁ ।। সি আহিলেই আমি ইয়াৰ পৰা যাম।।
নিশাই মানসলৈ ফোন লগালে....
মানস: কোৱা।।
নিশা: তুমি এতিয়াই নীলৰ ৰুম আহা।।
মানস: কি হৈছে নোকোৱা কিয়??
নিশা: সেইবোৰ ফোনত কবলৈ সময় নাই।। its urgent।।
মানস: okk মই গৈ আছোঁ।।
নীলে একো পাত্তা পোৱা নাই।। সি মাথোঁ ৰিয়াক চাই আছে।। কিমান যে শান্তিত শুইছে তাই।।।
অলপ পিছত মানস আহি পালে।। নিশাই মানসক সকলো কথা কলে তাই যি দেখিলে। কিন্তু মানসে সেইতো মানি লোৱা নাই।। সেইকাৰনে নিশা আৰু মানসৰ মাজত কাজিয়া আৰম্ভ হ'ল।। নীলে কি কৰিব একো ভাবি পোৱা নাই।। সি বুজাব বিচাৰিলেও নিশাই একো শুনিবই নিবিচাৰে।। তথাপিও সি গৈ নিশাক কলে...
নীল: নিশা pls try to understand..তুমি যেনেকুৱা ভাবিছা তেনেকোৱা একো নাইহোৱা।। মোক এনেই ভুল বুজিছা।।
নিশাই নীলৰ একো কথাই শুনিব নিবিচাৰে।। তাই মানসক কলে..
নিশা: আমি যাওঁ তুমি নীলক কোৱা আমাক থৈ আহিবলৈ।।
নীল: ৰিয়া শুই আছে আৰু মই তাইক তেনেকৈ লৈ যাব নিদিওঁ।।
নিশা: নীল don't cross your limit..
মানস: নিশা কিয় তুমি বুজিব নিবিচৰা কথাবোৰ ।। তাই শুই আছে।। কাইলৈ গুছি যাবা mrng।। তাইক এতিয়া তেনেকৈ লৈ গলে ৰাস্তাত পুলিচে পালে কথাবোৰ এনেই বাঢ়িব।।
নিশা: okk fine।। but নীল stay out of her
নীলৰ মনটো বহুত বেয়া লাগিলেও সি নিশাক একো নকলে।। নিশা দৰ্জা খন মাৰি ৰিয়াৰ লগত আছে।। নীলে মানসক সকলো কথা কলে।। মানসে নীলক শান্তনা দিলে।। কাৰো খোৱা বোৱা নাইহোৱা  সকলো কেৱল মন মাৰি বহি আছে।।। ৰিয়াই 11 তা মান বজাত সাৰ পালে।। সাৰ পাই তাই নীলক বিচাৰিলে।। কিন্তু নিশাক বিচনাত বহি থকা দেখি তাই অলপ আঁচৰিত হ'ল।। তাই নিশাক সুধিলে..
ৰিয়া: তই কেতিয়া আহিলি আৰু নীল ক'ত??
নিশা: সি বাহিৰত।।
ৰিয়াৰ মূৰটো অলপ অলপ বিষাই আছে ।। তাই  নিজৰ মূৰটো পিটিকিছে।। নিশাই সুধিলে..
নিশা: মাথা বিষাইছে নেকি।।
ৰিয়া: অলপ অলপ..
নিশা: কি হৈছিল ৰিয়া তই সকলো কব পাৰ'।।
নিশাই কি হৈছে বুলি সোধাত ৰিয়াই কথাবোৰ মনত পেলাবলৈ ধৰিলে।। তাই যেতিয়া কথাবোৰ মনত পৰিল তাইৰ নিজৰ ওপৰতে বিশ্বাস নোহোৱা হ'ল..
ৰিয়া: how can I do this ।।। নীল ক'ত আছে।। নীলে মোক কি ভাবিছে চাগে।।
নিশাই একো বুজি পোৱা নাই।। ৰিয়াই এনেকৈ নীলক কিয় বিচাৰিছে?? ৰিয়াই খোজ বোৰ ভালকৈ দিবই পৰা নাই।। তেনেকৈয়ে তাই নীলক বিচাৰি গ'ল।। ৰিয়াক তেনেকৈ যোৱা দেখি নিশাও পিছে পিছে গ'ল।। ৰিয়া তেনেকৈ ঢপলিয়াই অহা দেখি নীল ও অবাক হ'ল।। সি তাইক ধৰিবলৈ গ'ল।। নীলে তাইক আনি sofat বঢ়াই দিলে।। ৰিয়াই কলে...

আগলৈ.....

লেখা:- পল্লৱী দত্ত

Part 7 :- Click here


Post a Comment

0 Comments