কবিতা :: ভালপোৱাবোৰ অভিমানী

যি  দুচকুৱে এদিন ভালপোৱাৰ ঠিকনা বিচাৰিছিল,
সেই দুচকুত আজি জ্বলে কেৱল ঘৃণাৰ জুই!
যি যোৰ হাতেৰে এদিন বুকুত সাৱতি ৰাখিব খুজিছিল,
সেই হাত আজি উঠে ভালপোৱাবোৰ বৈ থকা হৃদয়খনত জ্বলাবলৈ ঘৃণাৰ জুই!
ভালপোৱাবোৰ অভিমানী,
কান্দি উঠে সেই দুহাতে যেতিয়া দি যায় চাপ সেই অতীতত কৰা ভুলৰ।
কৰবাত বাৰু ভুল হৈ গ'লনেকি?
পদে পদে হেৰাই যায় আশ্বাস,বিশ্বাস!
আনক কবলৈ মন যায়..
"জীৱনত কেতিয়াও কাকো ভাল নাপাবা।
ভালপোৱাবোৰ অভিমানী।বৰ দুখ পাবা।"

লেখা:- লেখিকা বৰা গগৈ
               (Photo credit:- pixabay.com)

Post a Comment

0 Comments