প্ৰেম বিচ্ছেদ জীৱন | খণ্ড ১৪

পূজাই bf ক ৰিয়াই চিনাকি কৰি দিলে..
পূজা: ৰিয়া বা এইয়া ৰোহন মোৰ bf।।
ৰোহন এইয়া ৰিয়া বা। মই যে কৈছিলোঁ তোমাক কালি।।
ৰিয়াই কেনেকৈ react কৰিব একো ভাবি পোৱা নাই।। সন্মুখত তাইৰ উশাহটো ৰৈ আছে কিন্তু এতিয়া তাইৰ নহয় বেলেগ কাৰোবাৰ bf।। তাইৰ উশাহ বোৰ চুটি হৈ আহিল।। বুকু খন বিষত খুন্দা মাৰি ধৰিলে।। তাই একো কব পৰা নাই কি বুলিনো ক'ব তাই।। তাই নীলৰ ফালে চাইছে।। নীলে জানো বুজিব তাইৰ বেদনা।। যিটো ল'ৰা কাৰণে তাই wait কৰি আছে সেইটো ল'ৰা আজি বেলেগৰ bf হিচাপে তাইৰ সন্মুখত থিয় হৈ আছে।। ৰোহনক লগ পোৱাৰ প্ৰবল ইচ্ছা আছিল তাইৰ কিন্তু এনেকৈ লগ পাব তাই সপোনটো ভবা নাছিল। সন্মুখত মনৰ মানুহজনক বেলেগৰ লগত দেখি তাইৰ অন্তৰে কান্দি গৈছিল।। ইফালে ৰোহনে প্ৰথম অৱস্থাত ৰিয়াক দেখি আঁচৰিত হৈছিল যদিও পূজাৰ আগত সি ৰিয়াক অচিনাকি মানুহৰ দৰে ব্যৱহাৰ কৰিলে।। সি কলে..
ৰোহন: তোমাৰ কথা পূজাৰ মুখত শুনিয়েই আছিলোঁ।। লগ পাই ভাল লাগিল।।
ৰিয়া বহুত আঁচৰিত হ'ল কেনেকৈ যে মানুহ সলনি হ'ব পাৰে।। ৰিয়াই নীলক ঘৰ যাওঁ বুলি কলে...
ৰিয়া: নীল গাটো ভাল লগা ঘৰ যাওঁ বলা।।
নীল: বেছি বেয়া লাগিছে নেকি??
নীলে ৰিয়াৰ কঁপালখন চুই চালে।। নীলে ৰিয়াক চোৱা দেখি ৰোহনৰ খং উঠিল।। ৰিয়াই uncomfortable feel কৰিলে।। এফালে নীলৰ মৰম আনফালে চকুৰ সন্মখুত তাইৰ প্ৰথম প্ৰেম।। নীলে ৰিয়াৰ চকুযুৰীলৈ লক্ষ্য কৰিলে।। ৰিয়াৰ চকুযুৰী ৰঙা পৰি গৈছে। সি ভাবিলে তাইৰ গাটো বেছি বেয়া লাগিছে ।। সেয়ে সি পূজাক যাওঁ বুলি কলে।। পূজাই ও মানা নকৰিলে।। নীলে ৰিয়াক লৈ গুচি গ'ল কিন্তু ৰিয়াৰ বেগটো থাকি গ'ল টেবুলত।।  পূজাই বেগটো দেখি কলে...
পূজা: oh ho বৌ ৰ বেগটো থাকি গ'ল।। মই দি আহোঁ দেই।।
ৰোহন: তুমি নালাগে মই দি আহিছোঁ।।
পূজা: oww how sweet ... love u
ৰোহন: love u too..
ৰোহনৰ intention বেগ ঘূৰাই দিয়া নাছিল ।। সি ৰিয়াক লগ কৰিব আহিছিল।। ৰিয়া আগফালে ৰৈ আছে।। নীল গাড়ী উলিয়াব গৈছে।। ৰোহন আহি ৰিয়াৰ ওচৰ পালেহি।। সি বেগটো ৰিয়াক দিলে..
ৰোহন: এইটো লোৱা তোমাৰ বেগ।।
ৰিয়া অলপ আঁচৰিত হ'ল।। অলপ আগলৈকে অচিনাকী মানুহৰ দৰে behave কৰা লৰাটোৱে তাইক বেগ দিব আহিছে।। তাই মুখ খন ঘূৰাই দিলে।।
ৰোহন: মোক বেয়া পাই আছা।। I am sry
ৰিয়া: sry for what Rohan.. তাই খঙতে ৰোহনৰ shirt ৰ কলাৰটো ধৰিলে.. কি ভূল আছিল মোৰ হা।। তোমাক ভালপোৱাটো।।
ৰিয়াই মাথোঁ কান্দিছে।। আশাবোৰৰ যেতিয়া মৃত্যু হয় তেতিয়া কেনেকুৱা অনুভৱ হয়। সেইয়া একমাত্ৰ ভুক্তভোগীয়েহে বুজে।।
ৰোহনে তাইক কোনো সান্তনা দিয়া নাই মাথোঁ কলে..
ৰোহন: নীলৰ পৰা আঁতৰত থাকিবা।। মই নাজানো নীলক কত লগ পালা তুমি কিন্তু তোমাৰ আৰু নীলৰ সম্পৰ্ক মই ভাল দেখা নাই।।
ৰিয়া: what do you mean?? নীল আৰু মোৰ মাজত একো নাই we r just friend।। আৰু মোক নীলৰ পৰা আঁতৰত থাকিবলৈ কবলৈ তোমাৰ কোনো অধিকাৰ নাই।।
কথাষাৰ কৈ ৰিয়া আঁতৰি আহিল।ৰিয়াই তেনেকৈ কোৱাত ৰোহনৰ খং উঠিল সি ৰিয়াৰ হাতখন পিছফালৰ পৰা ধৰি ৰিয়াক টানি আনিলে।। সেই সময়তে নীল আহি পালেহি।। নীলে ৰোহনে ৰিয়াৰ হাতত ধৰা দেখি আঁচৰিত হ'ল।। ৰিয়াৰ চকুত চকুপানী দেখি সি লৰালৰিকৈ গাড়ীৰ পৰা নামি আহিল।। নীলক দেখি ৰোহন তাৰ পৰা আঁতৰি গ'ল।। নীল আহি ৰিয়াৰ কাষত থিয় থ'ল।। সি ৰিয়াক সুধিলে..
নীল: ৰিয়া কি হৈছে এইবোৰ।। তুমি কান্দিছা কিয়??? আৰু ৰোহনে তোমাক হাতত ধৰিছিলে কিয়??
ৰিয়াই নিজক ৰাখিব নোৱাৰিলে তাই নীলক সাৱটি ধৰিলে ।। নীলক সাৱটি তাই হুকহুকাই উঠিল।। অথনিৰে পৰা বুকুত সাঁচি থোৱা যন্ত্ৰণা বোৰ, মনৰ ক্ষোভ বোৰ তাই চকুপানীৰে উলিয়াই দিছে।। তাইৰ চকুপানী য়ে নীলৰ কামিজতো তিয়াই তুলিছে।। তাই ভাবিলে কেনেকৈ বুজাব তাই নীলক কথাবোৰ ।  নীলে ভূল নুবুজেটো তাইক।। তাই মাথোঁ কান্দিছে।। নীলেও তাইক সাৱতি লৈছে দুবাহুৰ মাজত।। শান্তনা দিছে সি যিমান পাৰে।। কিন্তু নীলে একো বুজা নাই কি হৈছে।। সি বহুত ভয় খাইছে।। ৰিয়াক এনেকৈ কন্দা সি নাইদেখা।। তাৰ মনত বহুত প্ৰশ্ন।। ৰোহনে ৰিয়াৰ হাতখন ধৰিবলৈ সাহস ক'ত  পালে??? ৰিয়াই কিয় অলপো আপত্তি কৰা নাছিল?? অচিনাকি ল'ৰা হলেতো ৰিয়াই কেতিয়াও হাতত ধৰিব নিদিয়ে।। তাৰমানে ৰিয়াই কি ৰোহনক আগৰ পৰাই চিনি পায় নেকি???হঠাতে তাৰ মনলৈ আহিল।। পূজাৰ bf ৰ নামো ৰোহন আৰু ৰিয়াৰ ex bf ৰ নামো ৰোহন তাৰমানে ৰোহন সেইটো ল'ৰা নেকি যাক ৰিয়াই পাগলৰ দৰে ভাল পায়।। সি ৰিয়াক সুধিলে..
নীল: ৰিয়া এইটো ৰোহন তোমাৰ প্ৰথম ভালপোৱা ৰোহন নহয়তো??
কথাষাৰ সোধোতে নীলৰ বুকু কঁপি উঠিছে কাৰন এফালে  তাৰ ভনীয়েক আনফালে ৰিয়া। কাৰ হৈ মাতিব সি।। সি মাথোঁ ভগৱানক প্ৰাৰ্থনা কৰিছে সি ভবাবোৰ যাতে সঁচা নহয়।।...

ৰিয়াৰ কিন্তু কোনো উত্তৰ নাই।। তাই ভাবিবই পৰা কি কৰিব এতিয়া।। নীললৈ তাইৰ বহুত বেয়া লাগিল নীলে এতিয়া কাক সহায় কৰিব।। নিজৰ ভনীয়েকৰ পৰা bf তোক আঁতৰাই আনি কে কেনেকৈ তাইক দিব।। আৰু পূজাৰ তো একো দুখ নাই ।। তাই তো নাজানেই চাগে ৰোহনৰ অতীতৰ কথা বা জানিলেও কিমান আৰু কেনেকৈ জানে বা।। ৰোহনে কৈছিল তাৰ present gf য়ে নিদিয়ে তাইৰ লগত contact ৰাখিবলৈ।। সেইয়া তাৰমানে পূজাই আছিল।। তাইতো মোৰ কথা বুজি নাপালে কিমান কষ্ট হয়।। মই কিয় ভাবিছো তাইৰ কথা।। নীলৰ কাৰণে নে নীলৰ ভনীয়েক বুলি??? নীলে মোৰ কাৰনে বহুত কৰিছে।। মই তাক কষ্ট দিব নোৱাৰো।। এজনী সৰু ছোৱালীৰ দৰে নীলৰ বুকুত সোমাই ৰিয়াই হিয়া উবুৰীয়াই কান্দিছে।। নিজৰ ওপৰতে তাইৰ খং।। কিয় আহিছিল তাই ইয়ালৈ।। নহা হেঁতেন কিজানি তাই এইবোৰ দেখিবলৈ নাপালেহেঁতেন। ৰিয়াৰ উত্তৰ নাপায় নীলে আকৌ সুধিলে..
নীল: নাকান্দিবা চোন মোক কোৱা কি হৈছে।।
তাই নীলে সুধিলত বেছি হে কান্দিছে।। তাইৰ হৃদয়ত যেনেকৈ গাজনী মাৰিছে থিক তেনেকৈ অকাশটো মেঘে গীৰগিৰাই উঠিছে।। আগজাননী দিছে বৰষুণৰ আগমনৰ।। ৰিয়াৰ কান্দোন শুনি যেন মেঘে ও কান্দি উঠিছে ৰিয়াৰ শোকত।। বৰষুণ জাক যেন সেই দুখৰেই চিন।।আৰু গাজনীবোৰ যেন ৰিয়াৰ বুকুৰ ধপধপনী। বৰষুণজাকে নীল আৰু ৰিয়া দুয়োকে তিয়াই লৈ গ'ল।। নিজে লৰালৰিকৈ গাড়ীত বহিব বিচাৰিছিল যদিও ৰিয়াই তাক এখন্তেকৰ কাৰণেও এৰি নিদিলে।। ওচৰৰ মানুহবোৰে চাব ধৰিলে।। তিতা কাপোৰ খিনি তাইৰ শৰীৰত লেপেট খাই লাগি ধৰিলে।। তাইৰ সুন্দৰ শৰীৰটো আৰু বেছি আকৰ্ষণীয় হৈ পৰিছে।। ইফালে ৰোহনৰ party ত অকণো মন বহা নাই।। যি নহলেও ৰিয়া তাৰ ভালপোৱা আছিল ।। বেলেগ লৰাৰ লগত দেখি সি জ্বলি পুৰি মাৰিছিল।। সি সহজ ভাবে লব পৰা নাই নীল আৰু ৰিয়াৰ সম্পৰ্কতো।। সি ফোন আহিছে বুলি মিছাকৈ কৈ ৰিয়া গ'ল নে নাই চাবলৈ আকৌ তললৈ আহিল।। যেতিয়া সি আহি ৰিয়াক নীলৰ বুকুৰ মাজত দেখিলে সি সহ্য কৰিব নোৱাৰিলে।। সি আহি ৰিয়াক নীলৰ মাজৰ পৰা আজুৰি আনিলে।। হঠাতে কোনোবা আহি ৰিয়াক তেনেকৈ টানি অনাত নীল আৰু ৰিয়া উচপ খাই উঠিল।। ৰোহনে এটা হাতে ৰিয়াৰ কঁকালত ধৰি আনটো হাতে আঙুলিতোৱাই নীললৈ লক্ষ্য কৰি কলে...
ৰোহন: how dare u to touch my gf।।
নীল এতিয়া আঁচৰিত হোৱা নাই মাথোঁ তাৰ বুকুখন  ত শোকে খুন্দা মাৰি ধৰিছে।। সি ভবা বোৰ তাৰমানে সঁচা আছিল।। বৰষুণজাক ক্ৰমান্বয়ে বাঢ়ি আহিল।। তিনিওটা বৰষুণত তিতি জুৰুলি হৈ পৰিছে।। নীলে চকুপানী খিনি বৰষুণজাকে বোৱাই দিছে।। সেয়েহে নীলৰ চকুপানী কোনেও ধৰিব পৰা  নাই।। মনৰ দুখ বোৰ মনতেই ৰাখি সি ৰোহনক ক'লে...
নীল: তোমাৰ gf তো পূজা হয়।। ৰিয়াৰ লগত কি সম্পৰ্ক তোমাৰ।।
ৰোহন: ৰিয়া মোৰ হয়।। মই তাইক ভালপাওঁ ।। বাকী কিবা উত্তৰ দিব লাগে বুলি মই নাইভবা।।।
ৰিয়াই মাথোঁ ৰোহানলৈ চাই ৰ'ল।। তাই হৈছে ভবাৰ শক্তি তাই হেৰুৱাই পেলালে।। নীলে situation বেয়া হ'ব বুলি ভাবি ৰিয়াক তাৰ পৰা লৈ যাওঁ ভাবিলে।। সি ৰিয়াক কলে..
নীল:  ৰিয়া ঘৰ যাওঁ বলা।।
নীলে তাৰ হাতখন ৰিয়ালৈ আগবঢ়াই দিলে।।সেইসময়ত ৰিয়াই যদি কাৰোবাক বিশ্বাস যোগ্য বুলি ভাবিলে সেয়াই তাই নীলকে ভাবিলে। তাই নীলৰ লগত আহিবলৈ মান্তি হ'ল।। তাই নীলৰ হাতত ধৰি আহিব লওঁতেই ৰোহনে ৰিয়াৰ ইখন হাত জোৰত টানি দিলে যিখন হাতত তাই দুখ পাইছিল।। তাই দুখ পাই চিঞঁৰি উঠিল। তাই ৰোহনক কলে..
ৰিয়া: ৰোহন এৰি দিয়া দুখ পাইছোঁ।।
কিন্তু ৰোহনে শুনা নাই এইবাৰো।। এইবোৰ দেখি নীলৰ বহুত খং উঠিলে।। অথনি পা সি কোৱা নাছিল ৰিয়াৰ কথা ভাবি।। কিন্তু এতিয়া আৰু মনে মনে নাথাকে সি।। সি ৰোহনক কলে...
নীল: leave her.. অথনি পা তোমাৰ কথা শুনি আছোঁ একমাত্ৰ ৰিয়াৰ কথা ভাবি। কিন্তু ৰিয়াক কষ্ট দিয়াৰ অধিকাৰ মই কাকো দিয়া নাই।।
কথাবোৰ ৰোহনৰ ego ত লাগিল।। সিও নীলক বহুত বেয়াকৈ কলে।। নীলে খঙতে ৰোহনক এক থাপৰ মাৰি দিলে।। ৰিয়াই ও ভবা নাছিল তেনেকুৱা কিবা হ'ব।। ৰোহনে নীলক উলতাই মাৰিব যাওঁতে ৰিয়া নীলৰ আগত থিয় হৈ দিলে।। তাই কলে..
ৰিয়া: pls ৰোহন তুমি ভিতৰলৈ যোৱা ।। পূজা ৰৈ আছে তোমাৰ কাৰনে।। আৰু drama create নকৰিবা।। মোক অলপ শান্তিত থাকিব দিয়া।।
ৰোহন: pls ৰিয়া মোক ক্ষমা কৰি দিয়া। আজি যেতিয়া তোমাক মই বেলেগৰ লগত দেখিলোঁ তেতিয়া হে মই বুজি পাইছোঁ মই কি ভূল কৰিছিলোঁ।। মই নোৱাৰো তোমাৰ অবিহনে থাকিব।। মনত পেলোৱা সেই প্ৰতিটো সময় যি সময়ত আমি একেলগে আছিলোঁ।। মই জানো তুমি মোক এতিয়াও বহুত ভাল পোৱা..

নীলে কি ক'ব একো ভাবি পোৱা নাই।। সিহঁতৰ মাজত সোমাবও বেয়া পাইছে কাৰন সি জানে ৰিয়াই ৰোহনক বহুত ভালপায়।। যিমান সহজে সি ৰিয়াক কৈছিল সি সহায় কৰিব আজি সিমানেই কঠোৰ লাগিছে তাৰ এই ক্ষণতো।। নীলে কথাষাৰ কৈছিল যদিও ইমান সোনকালে ৰোহনৰ লগত ৰিয়াৰ দেখা দেখি হ'ব বুলি সি নাইভবা।। হঠাতেই কি যে হৈছে এইবোৰ সি ভাবি পাৰ পোৱা নাই।। ৰোহন ৰিয়াৰ জীৱনলৈ ঘূৰি আহিছে সি সেইটো কাৰণে সুখী হ'ব লাগে কিন্তু কিয় সি নাইপৰা সুখী হ'ব???  সি ৰিয়া আৰু ৰোহনক এৰি গাড়ীলৈ গুছি গ'ল।। সেইটো মুহূৰ্তত সি সেইখিনিত ৰৈ থকাটো ভাল হ'ব ভাবিলে।। ইফালে ৰোহনৰ কথা শুনি ৰিয়াই কি react কৰিব ভাবি পোৱা নাই ।।যাৰ কাৰণে তাই ইমানদিনে অপেক্ষা কৰি আছিল সেইজন মানুহ আজি তাইৰ চকুৰ সন্মুখত আছে ।। কিন্তু তাই সিদ্ধান্ত একো লব পৰা নাই।। যিমান সুখী হব লাগে তাই যেন হ'ব পৰা নাই।। তাই ৰোহনক কলে...
ৰিয়া: মোক সময় লাগিব ভাবিবলৈ। মই তোমাক কাইলৈ ফোন কৰিম।। pls মোক এৰি দিয়া ।।
নীল গাড়ীৰ পৰাই চাই আছে ৰিয়ালৈ।। কিন্তু সিহঁতি কি পাতিছে সি শুনা নাই।। ৰোহনে তাইৰ হাত খন এৰি তাইক সাৱতি ধৰিলে।। ৰিয়া মাথোঁ প্ৰাণহীন বস্তুৰ দৰে থিয় হৈ আছে।। ৰোহনে তাইক কলে..
ৰোহন: মই জানো তুমি উভতি আহিবা।। মই বাট চাম ৰিয়া।
ৰিয়া: উমমম বাই।।
ৰোহনে ৰিয়াক সাৱতি ধৰা দেখি নীলৰ চকুপানী ওলাই গ'ল।। সি নোৱাৰে সহ্য কৰিব ৰিয়া আনৰ হোৱাৰ।। ৰিয়া আহি নীলৰ ওচৰ পালেহি।। ৰিয়া গাড়ীখন খুলি বহি লৈ নীললৈ চালে।। নীলে কিন্তু তাইৰ ফালে নাইছোৱা।। সি নোৱাৰে তাইৰ চকুলৈ।। গোটেই ৰাস্তাটো নীল মনে মনে থাকিল।। সদায় কথাপতা লৰাটো আজি নিমাত দেখি ৰিয়া অলপ আঁচৰিত হ'ল।। নীলে ৰিয়াক gate ৰ ওচৰত নমাই তাইক কলে..
নীল: তুমি যোৱা।। মোৰ কাম এটা আছে।।
ৰিয়া: কাপোৰ খিনি chng কৰি যোৱা নীল।।
গা বেয়া হ'ব এনেকৈ।।
নীল: মোৰ কাৰনে তুমি চিন্তা নকৰিবা।।
নীলে কথাটো কৈ গাড়ী ঘূৰাই গুছি গ'ল।। ৰিয়াৰ চকুপানী ওলাই আহিল। আজিলৈকে নীলে কেতিয়াও তাইক ইমান rough কে নাইকোৱা।। তাই ভিতৰলৈ সোমাই আহিল।। নীলৰ মাক দেউতাক আহি পোৱাহি নাই।। তাই নিজৰ ৰুমলৈ গ'ল।। ৰুমত সোমাই অলপ বহি তাই বাথৰুমলৈ গ'ল।। বাথৰুমৰ চাৱাৰ তো খুলি তাই তলত বহি দিলে। কাপোৰ যোৰ সলাবলেও তাইৰ যেন ধ্যান নাই।। তাই মাথোঁ চিঞৰি কান্দিছে..
ৰিয়া: আ আ আ.... কিয় ভগৱান কিয় কৰিছা এইবোৰ মোৰ লগত। কি কৰিম মই এতিয়া।। কিয় মোৰ কপালত দুখ লিখি থৈছা।। কি ভূল কৰিলোঁ মই।।নীল বহুত ভাল ল'ৰা।। মই কেনেকৈ তাৰ ভনীয়েকৰ bf তোক কাঢ়ি আনো।।
ৰিয়াই ভাবিব পৰা নাই তাইক আচলতে কি লাগে।। ৰোহনক লাগে বুলি ইমানদিনে সপোন ৰচি থকা তাইজনীয়ে আজি ৰোহনক পায়ও কিয় সুখী হ'ব পৰা নাই।। ৰোহনে তাইক সাৱটি ধৰোঁতে তাই কিয় সেই আগৰ মৰম বোৰ feel কৰিব পৰা নাই।। কিয় এনেকুৱা লাগিছে তাইক কোনোবাই জবৰদস্তি কৰিছে।। কিন্তু নীলৰ লগত কটোৱা প্ৰতিটো সময় তাইৰ কিয় ইমান ভাল লাগে ।। কিয় ইমান কষ্ট হৈছে এটা সিদ্ধান্ত লবলৈ।। কথা বোৰ ভাবি ভাবি তাই মাথোঁ কান্দিছে।। ইফালে নীলে মনৰ দুখতে baar ত গৈ মদ খাই আছে।। কষ্ট বোৰ সি সদায় এইবোৰৰ জৰিয়তে পাতল কৰিব বিচাৰে।। সি জানে কাইলৈ ৰিয়া তাৰ জীৱনৰ পৰা আঁতৰি যাব।। সি ভাবিলে তাইক ইয়ালৈ ননাহেঁতেন আজি situaton বেলেগ হ'লহেঁতেন।। এটা দুটাকৈ সি 4 তা বটল খাই পেলালে।। সি কোনোমতে গাড়ী চলাই ঘৰ আহিল।। ঘৰ আহি সি  নিজৰ ৰুমলৈ সোমাই গ'ল।। সোমাই গৈ সি দেখে ৰিয়া তাৰ ৰুমৰ খিৰিকীৰ ওচৰত আকাশলৈ চাই ৰৈ আছে ।। কিন্তু সি সেইয়া ৰিয়া বুলি ভবা সি মাথোঁ ভাবিছে তাৰ কল্পনা।। সি ভাবিলে ৰিয়া কিয় আহিব তাৰ ৰুমলৈ।। তাই ৰোহনক পাইছে যেতিয়া.....

আগলৈ...

লেখা:- পল্লৱী দত্ত
              (Photo credit:- pixabay.com)

Post a Comment

0 Comments