প্ৰেম বিচ্ছেদ জীৱন | খণ্ড ১৫

নিলে কোনোমতে খোজ বোৰ দিছে।। ৰিয়া নীলৰ ৰুমৰ খিড়িকীখনৰ কাষত ৰৈ মেঘে আৱৰি ৰখা কলা আকাশখনৰ মাজত নিজৰ অস্তিত্ব বিচাৰি ফুৰিছে।। নিলে ৰিয়াক তাৰ ৰুমত দেখি অলপো আচৰিত হোৱা নাই। কাৰণ নীল সুৰাত মগন। সি ভাবিছে সুৰাৰ নিচাত সি সকলোতে কেৱল ৰিয়াক দেখিছে। ৰিয়াৰ উপস্থিতি সি কেৱল মনৰ ভ্ৰম বুলি ভাবিছে। কিন্তু সি আগবাঢ়িব নোৱাৰা হৈ পৰিছে। ৰিয়াই অনুভৱ কৰিলে নীলৰ উপস্থিতি। তাই ঘূৰি চাই দেখিলে নিলে দৰ্জা খনত ধৰি তাইলৈ চাই আছে একেথৰে। সি ভাবিছে এইয়া সপোন নে বাস্তৱ।। নীলক দেখি তাই আগবাঢ়ি আহিছে তাৰ কাষলৈ।। ৰিয়াই তেতিয়ালৈকে শাৰীখন সলনি কৰা নাছিল। শাৰীখন তিতি থকাৰ বাবে তাইৰ গাত আকাশী লতাৰ দৰে মেৰ খাই লাগি ধৰিছে। তাৰ ফলত ৰিয়াৰ যৌৱনৰ দুলাত নীল আকৌ এবাৰ বিচলিত হৈ উঠিছে। তাইৰ তিতি থকা চুলিখিনি পিঠিত লাগি আছে।। তাৰেই দুডালমান কপালৰ আগেৰে নাচি নাচি বতাহৰ গতিত শুকুৱাবলৈ চেষ্টা কৰিছে নিজৰ দেহাটো। ৰিয়াৰ চকুৰ কাজলখিনিয়ে নীলক বাৰে বাৰে আঘাত কৰিছে। তাই আগবাঢ়ি আহি নীলৰ ওচৰ পালেহি। নীলৰ মুখৰপৰা বতাহৰ গাত ভেজা দি ওলাই আহিছে বিলাতী সুৰাৰ গোন্ধবোৰ।। নিলে তেতিয়ালৈকে ৰিয়াক সপোন বুলিয়ে ভাবি আছিল। কিন্তু ৰিয়াই তাক মাত লগালে..
ৰিয়া-- তুমি drinks কৰিছা নীল??
ৰিয়াৰ মাতত হে সি গম পালে এইয়া বাস্তৱ। কথাটো জনাৰ লগে লগে নীলৰ দৰ্জাত ধৰি থকা হাতখন ঢিলা হৈ গল। সি পৰিব খুজিছিল। কিন্তু ৰিয়াই তাক ধৰি ধৰি নি বিছনাত বহাই দিলে।। তাই আকৌ সুধিলে..
ৰিয়া: নীল কিবা এটা সুধিছো তোমাক।। তুমি drinks কৰিছা নীল।। মইতো তোমাক মানা কৰিছিলোঁ খাবলৈ।।
নীল: আজি নিজকে ৰখাব নোৱাৰিলোঁ।। ৰিয়া pls ইয়াৰ পৰা যোৱা।।
ৰিয়া: কি হৈছে নীল?? কিয় এনেকুৱা কৰিছা তুমি।।।
নীল: যোৱা তুমি ৰোহনৰ ওচৰলৈ মোৰ লগত থাকিব নালাগে।।
ৰিয়া: মই ৰোহনৰ ওচৰলৈ গলে তুমি অলপো বেয়া নোপোৱা।।
নীল: নাপাওঁ।।
ৰিয়া: এই কথাটো মোৰ চকুলৈ চাই কোৱা নীল।।
নীলৰ মাত বন্ধ হৈ গল...সি ৰিয়াৰ চকুলৈ চাইছে। কিন্তু সি নিজক আৰু বুজাই ৰাখিব নোৱাৰিলে।। সি ৰিয়াক তাৰ বুকুৰ মাজলৈ টানি নি সাৱটি ধৰিলে। ৰিয়াই তাক সাৱটি ধৰি হুকহুকাই কান্দি উঠিল। ৰিয়াই নীলৰ বুকুৰ মাজত সোমাই বিচাৰি পাইছে  নীলৰ মৰম। অনুভৱ কৰিব পাৰিছে নীলৰ তাইৰ প্ৰতি থকা মৰম বোৰ।। তাই মনতে ভাবিলে কিয় তাই ৰোহনৰ বাহুৰ মাজত  সেই অনুভৱ বিচাৰি পোৱা নাই যি অনুভৱ তাইৰ নীলৰ বুকুৰ মাজত সোমাই কৰিছে???নীলে তাইক কলে..
নীল: ৰিয়া মই তোমাক বহুত ভালপাওঁ মোক এৰি নাযাবা।।
ৰিয়াই নীলৰ উত্তৰ নিদিলে কিন্তু তাই নীলক আৰু জোৰকৈ সাৱতি ধৰিলে।। নীলও  পাগল হৈ পৰিছে ৰিয়াক বুকুৰ মাজত পাই। মৰমত আত্মহাৰা হৈ নীলৰ দুয়ো হাত ৰিয়াৰ গাভৰু দেহাত বগাই পৰিছে পৰিস্থিতিৰ সমাধান বিচাৰি। নীলৰ বুকুৰ মাজত সোমাই ৰিয়া জনীও আকুল হৈ পৰিছে নীলৰ মৰম পাবলৈ। নীলৰ দুহাত ৰিয়াৰ গাভৰু দেহৰ কুমলতাক অনুভৱ কৰি আগুৱাই গৈছে প্ৰাপ্তিৰ সন্ধানত। ৰিয়াও নীলৰ প্ৰেমত আউলি বাউলি হৈ পৰিছে।। নীলৰ স্পৰ্শবোৰে তাইৰ উতনুৱা যৌৱনক ব্যাকুল কৰি তুলিছে।। তাই আৰু নিজক বান্ধি ৰাখিব নোৱাৰি নীলৰ ওঁঠত বহুৱাই দিলে নিজৰ উঠযুৰি। ৰিয়াই দুচকু মুদি অনুভৱ কৰিছে নীলৰ প্ৰতিটো স্পৰ্শ। থান বাণ হৈ গৈছে যৌৱন। ৰিয়াৰ কোমল দেহৰ ভাঁজে ভাঁজে নীলৰ প্ৰতিটো স্পৰ্শই তাক উন্মাদিনী কৰি তুলিছে। নীলৰ প্ৰতিটো চুম্বনত তাই পাইছে জীৱনৰ মাদকতা। তাইক আজি নীলক বাধা দিবলৈ শক্তি নাই। তাই নিজে দুৰ্বল হৈ পৰিছে নীলৰ ওচৰত আজি। তাই একোৱে নাজানে,,, এই মুহূৰ্তত কেৱল তাই অনুভৱ কৰিছে নীলৰ মৰমবোৰ।। ৰিয়াৰ ওঁঠৰ স্পৰ্শ পাই নীলৰ মৰমে পূৰ্ণ গতিত আগবাঢ়িল। সিহঁতৰ এই স্পর্শবোৰে গৈ গৈ চৰম পৰিণতিত উপনীত হলগৈ। প্ৰেমত জুৰুলা হোৱা দুটি পৃথক আত্মাৰ দুটি দেহা এক হৈ সপোন পৃথিৱীৰ বাটত শেৱালিৰ সুবাস বুটলিছে। ৰিয়া অস্থিৰ হৈ পৰিছে। তাই আৰু একো ভাবিবলৈ সময় নাই। তাইও নীলৰ মৰম পাবলৈ ব্যাকুল হৈ পৰিল। মুক্ত কৰি দিলে নীলৰ মৰমৰ মাজতে নিজক। লাহে লাহে ৰিয়াৰ দেহৰ তিতা শাৰীখন নীলৰ হাতৰ পৰশ পাই লাজতে আঁতৰি আহিল।   নিলে তাৰ চাৰ্ট তো খুলি আঁতৰাই পঠালে। মুক্ত দুটা প্ৰেম তৃষ্ণাত  আতুৰ দুটি দেহা। লাহে লাহে  গভীৰৰ পৰা গভীৰলৈ গতি কৰিলে মৰমবোৰ।। আজি পূৰ্ণতা পাইছে গাভৰু মৰমে। জীৱনৰ চৰম সুখৰ জুৱাৰত আজি জুৰুলা হৈ পৰিছে দুটি দেহা।।  প্ৰেমৰ সাগৰত দুয়ো এনেকৈ খেলি খেলি কেতিয়া সিহঁতৰ দুচকুলৈ টোপনি নামি আহিল সিহতি গমেই নাপালে......

নীলৰ মাক দেউতাকৰ অহা দেৰি হ'ল।। সেয়েহে তেওঁলোকে আহিয়েই নিজৰ ৰুমত সোমাই শুই থাকিল।। তেওঁলোকে বাহিৰতে dinner কৰি আহিলে।  ৰাতিপুৱা যেতিয়া ৰিয়াই সাৰ পালে তাই নিজকে নীলৰ দুবাহুৰ মাজত পালে।। ৰাতি ঘটি যোৱা ঘটনাতোৰ কাৰনে তাই অলপো guilty feel নাইকৰা। নীল তেতিয়াও টোপনিত।। ৰিয়াই নীলৰ কপালত আঁকি দিলে মৰমৰ চুমা।। এতিয়া তাইৰ আৰু নীলৰ মাজত লাজৰ সকলো আৱৰণ নাইকিয়া হ'ল।। তাই কেৱল নীলৰ দুচকুলৈ চাই আছে।। তাই ওচৰতে থকা নীলৰ shirt তো পিন্ধি ললে।। তাইৰ কাৰণে কালি ৰাতিটো জীৱনৰ আটাইতকৈ memorable day।। আজি 5 বছৰে তাই ৰোহনৰ লগত এই সম্পৰ্ক তাই স্থাপন কৰিব নোৱাৰিলে।। ৰোহনে বিচাৰিলেও তাই মাথোঁ এইবোৰ মই ভাল নাপাওঁ কয়।। কিন্তু ৰোহনক তাই বহুতেই ভাল পাইছিল।। তাইৰ মতে ভালপোৱা আছিল মনৰ সম্পৰ্ক শাৰীৰিক সম্পৰ্ক নহয়।। তাইৰ আজি এই ধাৰণা যেন তাই নিজেই মানি চলিব নোৱাৰিলে।। নাজানে তাই এইয়া কেনেকৈ হ'ল।। কিন্তু তাই দুখ কৰা নাই ।। তাই মাথোঁ আজীৱন তেনেকৈয়ে নীলৰ বুকুত থাকিব বিচাৰে।। কথাবোৰ ভাবি থাকোতেই ৰিয়ালৈ ৰোহনৰ ফোন আহিল।। ৰোহনৰ ফোনটো দেখি তাই উচপ খাই উঠিল।। তাই ৰোহনক কি ক'ব এতিয়া ।। তাই ৰোহনৰ ফোনটো rcv কৰিলে..
ৰিয়া: কোৱা...
ৰোহন: মই কালি ৰাতিটো শুব পৰা নাই ৰিয়া।। কেৱল তোমাৰ কথাকেই ভাবি আছোঁ।। pls যি হ'ল সকলো পাহৰি যোৱা।। আমি নতুনকৈ আৰম্ভ কৰিম।। আৰু মই ঘৰত কৈ দিছোঁ তোমাৰ আৰু মোৰ কথা।।
ৰিয়াৰ দুচকুৱেদি চকুপানী ওলাই আহিল।  তাই নীলৰ ফালে চাই আছে।। যিটো কাৰণে তাই wait কৰিছিল আজি সেইটো হৈছে ।।। মই বেলেগৰ কথা ভাবিব নোৱাৰো।। সকলোতো  selfish য়েই হয়।। মইও হম আজি।। তাই ৰোহনক সুধিলে...
ৰিয়া: পূজা???
ৰোহন: কালি তাইৰ লগত breakup কৰিলোঁ।। তুমি মোক address দিয়া মই তোমাক আনিব যাম।।
ৰিয়া: তুমি নালাগে মই নিজেই  যাম।। দীঘলীপুখুৰী লৈকে আহিবা।।
ৰোহন: ohh ৰিয়া মই বহুত happy।।আঁচলতে মই পূজাৰ লগত আছিলোঁ যদিও আমাৰ মাজত সেই camestry নাছিল।। যিটো আমাৰ মাজত আছে।। চোৱা ভগৱানে আমাক আকৌ মিলাই দিলে । we r made for each other.. I am waiting for u my love .. come soon..
ৰিয়া: okkey।।
ৰিয়াই ফোনটো কাটি নীলৰ ওচৰলৈ আহিল। তাইৰ দুচকুৰে চকুপানী বৈ আহিল।। তাই জানে এইটো কামে তাইৰ ভালপোৱাক কষ্ট দিব।।কিন্তু তাই আৰু ভাবিব নোৱাৰে বেলেগৰ কথা।। তাই নীলৰ কপালত আকৌ যাঁচি দিলে মৰমৰ চুমা।। তাই নীলৰ ৰুমৰ পৰা ওলাই আহি নিজৰ ৰুমলৈ গৈ গা ধুই  কাপোৰ chng কৰি ললে।। কাপোৰ chng কৰি তাই আকৌ নীলৰ ৰুমলৈ আহিল নীলৰ shirt তো ঘূৰাবলৈ।। তাই shirt তো থৈ গুচি গ'ল।।নীল তেতিয়াও টোপনিত।। নীলে সাৰ পাওঁতে 10 তা বাজিল।। তাৰ মূৰটো ঘূৰাই আছে।  তাৰ ইমানেই নিচা যে সি কালিৰ কথাবোৰ ভালকৈ মনত পেলব পৰা নাই। মাথোঁ অলপ অলপ কথাহে তাৰ মনলৈ আহিছে।। সি মনত পেলাবলৈ চেষ্টা কৰিছে কথাবোৰ। নীলৰ যেতিয়া ৰাতিৰ কথাবোৰ মনত উচপ খাই উঠিল।। সি ৰিয়াৰ শাৰী খন তলত পৰি থকা দেখি সকলো বুজি পালে কালি সিহঁতৰ মাজত কি হৈছিল।। কিন্তু সি অলপ ভয় খালে।। ৰিয়াই বাৰু বেয়া পালে নেকি?? তাৰ চিন্তা হ'ল সি নিচাত তাইক force কৰা নাইতো।। সি লাহেকৈ উঠি মুখ হাত ধুই ফ্ৰেশ হৈ ৰিয়াৰ ৰুমলৈ ৰিয়াক sry কবলৈ গ'ল।। কিন্তু সি ৰিয়াক ৰুমত নাপালে।। সি মাকক ও মাতিলে..
নীল: মা ৰিয়াক দেখিছিলা।
মাক: ৰুমতে আছে চাগে।
নীল: মই চাই আহিছোঁ নাই তাত মা।।
মাক: আছে চাগে ভালকৈ চাচোন ক'ত যাবনো।।
তেনেকুৱাতে নীললৈ পূজাৰ ফোন আহিল....

নীল: hellow..
পূজা: সকলো শেষ হৈ গ'ল নীল দা ( পূজাই কান্দি কান্দি কলে)
নীল: কি কৈছ মই একো বুজি পোৱা নাই আৰু তই কান্দিছ কিয়??
পূজা: মোক ৰোহনে ফোন কৰিছিল।। সি মোক কালি breakup দিলে তাকো তাৰ ex gf জনীৰ কাৰনে।।
 কথাষাৰ শুনি নীলৰ মুখৰ মাত বোল নাইকিয়া হৈ গ'ল।। তাৰ বুকুখন বিষাব ধৰিলে।। তাৰ দুচকুৱেদি চকুপানী বাগৰি আহিল।। মাকে একো ধৰিব পৰা নাই কি হৈছে পুতেকৰ।। মাকে পুতেকক সুধিলে..
মাক: সোন কি হৈছে ?? কিয় কান্দিছা??
কিন্তু তাৰ কোনো উত্তৰ নাই।। ইফালে পূজাই নীলৰ মাত নুশুনি hello hello কৈ চিঞঁৰিছে।। নীলে থুকা থুকী মাতেৰে কলে..
নীল: শুনি আছোঁ ক'..
পূজা: নীল দা ৰোহনৰ ex gf বেলেগ কোনো নহয় ৰিয়া বা জানা।। কালি সি পাৰ্টি ৰ পিছত মোক কলে সি relationship ত থাকিব নোৱাৰে।। মই একো বুজি পোৱা নাছিলো হঠাতে কিয় এইবোৰ কৈছে।। ভাবিলোঁ কিবা কথাত মোক বেয়া পাইছে।। মই sry ও কৈছিলোঁ কিন্তু সি নুশুনিলে ।। মোক তাতে এৰি সি গুছি আহিলে।।  মই গোটেই ৰাতি ফোন কৰিলোঁ কিন্তু সি মোৰ ফোন rcv নকৰিলে ।।আজি ৰাতিপুৱা ফোন কৰি কৈছে মই তাক পাহৰি যাব লাগে কাৰন ৰিয়া বা ঘূৰি গৈছে তাৰ জীৱনলৈ।। মই নোৱাৰো তাৰ অবিহনে থাকিব। তুমি ৰিয়া বাক বুজোৱা না pls।। তাই তোমাৰ কথা শুনিব।। pls নীল দা মোক help কৰা মই মৰি যাম তাৰ অবিহনে ।
নীলৰ একো উত্তৰ নাই কি বুজাব সি পূজাক তাৰ নিজৰ অন্তৰ খনেই ভাঙি গ'ল যেতিয়া।। ফুল পাহ কলিতেই মৰহি যোৱাৰ দৰে তাৰ সপোনবোৰো মৰহি গ'ল আৰম্ভ নহওঁতেই।। নীলে ভাবিলে যদি তাই ৰোহনক ভাল পাই তেন্তে কালি মোৰ লগত মানে আমাৰ মাজত যি হ'ল সেইবোৰ কি আছিল।  তাই নিজক মোক সঁপি দি কেনেকৈ আকৌ ৰোহনৰ ওচৰলৈ যাব পাৰিলে।। তাইৰ দুচকুত মোৰ বাবে যি দেখিছিলোঁ সেইবোৰ মিছা আছিল সকলো।। সি ফোনটো কাটি দিলে। পূজাই নীলকফোন ৰ ওপৰত ফোন কৰিছে কিন্তু নীলে। উঠোৱা নাই।। মাকে নীলক সুধিলে..
মাক: কি হৈছে নোকোৱা কিয় সোন।। মোৰ বহুত চিন্তা হৈছে।।
নীলে মাকক সাৱটি ধৰি হুকহুকাই উঠিল। সি নোৱাৰে আৰু মনে মনে ৰাখিব।। সি মাকক কলে..
নীল: সকলো শেষ হৈ গ'ল।। মই তাইক ভালপাইছিলোঁ, বহুত ভালপাইছিলোঁ কিন্তু তাই গুছি গ'ল মা।। একেবাৰে গুছি গ'ল।। তাই কেনেকৈ ইমান selfish হ'ল মা।। মই কেনেকৈ থাকিম তাইৰ অবিহনে।।
মাকে এতিয়াও একো বুজি পোৱা নাই কথাবোৰ।। কিন্তু এটা কথা বুজিছে ৰিয়া যে কৰবালৈ গ'ল।। মাকৰ হৃদয়ে মানিব পৰা নাই কথাবোৰ ।। ৰিয়াৰ চকুত মাকে নীলৰ প্ৰতি ভালপোৱা দেখিছে তাই কেতিয়াও নীলক ইমান দুখ দিব নোৱাৰে।। কিন্তু হঠাতে কিয় এনেকুৱা হ'ল।। মাকে নীলক সকলো কথা খুলি কবলৈ কলে।। নীলেও মাকক সকলো কলে।। মাকে কথাবোৰ শুনি অবাক হৈ পৰিল।। কেনেকৈ যে শান্তনা দিব পুতেকক ভাবি পোৱা নাই।। মাকে ভগৱানক মাথোঁ সুধিছে...
মাক: কিয় বাৰে বাৰে লৰাটোৰ পৰীক্ষা লৈ আছা ভগৱান।। অলপমান সুখী হয় হে আকৌ দুখ বোৰ উপচি পৰে। কাবৌ কৰিছোঁ তাৰ সুখ বোৰ কাঢ়ি নিনিবা ভগৱান ..

আগলৈ...

লেখা:- পল্লৱী দত্ত
               (Photo credit:- pixabay.com)

Post a Comment

0 Comments