প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ১০ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

নীল: এনেকৈ sofar pillow দি ভাগ ভাগ কৰি থকাতকৈ মই বাহিৰতে শুই যাম।। তুমি চিন্তা নকৰিবা। I can adjust।।।
ৰিয়া: নাই মোৰ বেয়া লাগিব।। এনেও তুমি মোৰ কাৰণে ইমানবোৰ কৰিছা।। হ'ব pillow নালাগে এনেকৈ য়ে শুই থাকো।।
নীল: r u sure??
ৰিয়া: উমমম।। I trust u so একো অসুবিধা নহয় মোৰ।।
নীলে তাইৰ কথা শুনি হাঁহিলে।। ৰিয়া আৰু নীল দুইটা একেখন বিচনাত কিন্তু দুইটাৰে মাজত বহুত ব্যৱধান।। দুইটা দুইমুৰত শুই আছে।। ৰিয়াই নীলক সুধিলে..
ৰিয়া: মা-দেউতাক যে তুমি নিশাক কবলৈ মানা কৰিলা বহুত বহুত thank u।।
নীল: তুমি গুছি গলে মোৰ কি হ'ব সেইকাৰণে আকৌ ।।
ৰিয়া: মানে..
নীল: তুমি গুছি গলে মই ভাল friend এজনী হেৰুৱাম যে।।
ৰিয়া: অ সেইটো কথা মই আকৌ..
নীল: তুমি কি ভাবিছিলা ??
ৰিয়া: সেইবোৰ বাদ দিয়া।। এতিয়া কোৱা next step কি??
নীল: next step??
ৰিয়া: তুমিতো কৈছিলা তুমি মোক  ৰোহনক ঘূৰাই অনাত সহায় কৰিবা।।
নীল: অহ সেইটো কথা।। আগতে তুমি থিক হৈ লোৱা।। সেইবোৰ পিছত ও হ'ব।। এতিয়া শোৱা।।
ৰিয়াৰ টোপনি নাইধৰা কিন্তু তাই ভাবিছে  নীলৰ হয়তো ভাগৰ লাগিছে তাইও শুবলৈ চেষ্টা কৰিলে।। নীল ৰ অলপ পিছতেই টোপনি আহিল।। ৰিয়া শোৱা নাই ।। তাই কল্পনাৰ সাগৰত উটি আছে।। তাইৰ মনত কেৱল এটাই কথা ৰোহন ঘূৰি অহাৰ।। সি ঘূৰি আহিলেও প্ৰথম কেইদিনমান কথা নাপাতে তাই কাৰণ তাই ও বহুত কষ্ট পাইছিল সি কথা নপতাৰ কাৰনে।। বহুত অভিমান কৰিব তাৰ ওপৰত আৰু ৰোহনে মৰমেৰে সেই অভিমান বোৰ গুচাব।। আকৌ তাইৰ প্ৰেমে পূৰ্ণতা পাব।। এইবাৰ  তাই ৰোহনক কেতিয়াও আঁতৰি যাব নিদিয়ে।। সকলো কথা শুনিব তাৰ।। ৰিয়াই কথাবোৰ কল্পনা কৰি থাকোতেই তাইৰ চকুতো নীলৰ ফালে গ'ল।। তাক দেখি তাইৰ মনটো বেয়া লাগিল।। নীল ইমান ভাল তাৰ পিছতো তাই কেনেকৈ এৰিলে নীলক।। তাই কেতিয়াও নীলৰ সমান ভাল ল'ৰা নাপায়।। জীয়া এজনী মহা মূৰ্খ নীলৰ দৰে ল'ৰা এটাক প্ৰতাৰণা কৰিছে। নীলে নকলেও মই বুজিছোঁ সিও যে কষ্টত আছে ।  সি মোক সহায় কৰিছে মই তাৰ কাৰণে ভাল ছোৱালী এজনী চাই দিম।। সি যাতে সুখত থাকে সদায়।। জীয়াই নীলক deserve নকৰে।। আৰু জিয়াক accept নকৰি বহুত ভাল কাম কৰিলে ।। মই তাইক কেতিয়াও আহিবই নিদিওঁ।। হঠাতে নীলৰ ফোনটোত call এটা আহিল । ফোনটো vibrationত আছিল সেয়ে নীলে সাৰ পোৱা নাই।। ৰিয়াই নীলে বেছি দেৰি বাজি থাকিব বুলি ভাবি ফোনটো নিজৰ ওচৰলৈ লৈ আহিলে।। ফোনটো rcv কৰিব লওঁতে তাই দেখিলে সেইটো জীয়াৰ ফোন।। তাই ভাবিলে এই কিয় ফোন কৰিছে ।। তাই লাহেকৈ ফোন তো rcv কৰিলে।। নীলে সাৰ পাব বুলি তাই লাহেকৈ উঠি গৈছে..
ৰিয়া: তুমি নীলক কিয় ফোন কৰিছা??
জীয়া: তুমি কোন??
ৰিয়া: মই যিয়েই নহওঁ তোমাৰ মতলব নাই।। next time নীলক ফোন নকৰিবা।।
জীয়া: who the hell are u?? মই নীলৰ gf হয় তাক ফোন দিয়া তুমি।।
ৰিয়া: gf নহয় ex gf ।। আৰু সি নিজৰ life ত move on কৰিছে so তাক disturb দি নাথাকিবা।। তাক ইমান দুখ দি তুমি শান্তি নাপালা এতিয়া আকৌ তাক contact কৰিছা যে।।
জীয়া: মই কি কৰোঁ মোৰ কথা।। আৰু নীল আৰু মোৰ মাজত সোমাবলৈ তই কোন হা।।
ৰিয়াক কোনোবাই তই কলে তাই একদম সহ্য কৰিব নোৱাৰে।। ৰিয়াৰ বহুত খং উঠিল।। তাই খঙতে জিয়াক কৈ দিলে...
ৰিয়া: মই নীলৰ gf হয়।।
জীয়া: মই কেতিয়াও blv নকৰোঁ ।।সি মোক পাগলৰ দৰে ভাল পায় ।। breakup হোৱাৰ ইমান। বছৰ পিছতো সি single আছে ।। so stop this nonsense।।
ৰিয়া: blv নকৰিলে নাই ।। তোমাক blv কৰুৱাবলৈ মই কোৱা নাই ।। যিটো সঁচা সেইটো কৈছোঁ।।
জীয়া: মই কথাত blv নকৰোঁ ।। u have to show me proof।।
ৰিয়া: okk wait।।।
ৰিয়াই জীয়াৰ number তো নিজৰ ফোনত save কৰি ললে ।। তাৰ পিছত তাই জীয়াৰ ফোনটো কাটি নীলৰ ওচৰলৈ গ'ল।। তাই নাজানে কি proof দিব কিন্তু নীলক কেতিয়াও তাইৰ ওচৰলৈ যাব নিদিয়ে তাই ।। তাই বিচনাত উঠি নীলৰ একেবাৰে কাষ পালেহি।। তাইৰ বুকুখন ধপ ধঁপাইছে।।যদি নীলে সাৰ পাই কি হ'ব।। তাই ভগৱানক কলে...
ৰিয়া: হে ভগৱান বচাবা মোক।। first time এনেকুৱা কিবা কৰিব লৈছোঁ।।
তাই নীলৰ একেবাৰে কাষ চাপি গ'ল।। নীল গভীৰ নিদ্ৰাত।। ৰাতি টোপনি খতি তাৰ সেয়েহে সি একো গম পোৱা নাই।। ৰিয়াই লাহেকৈ নিজৰ মূৰটো নীলৰ বুকুৰ মাজত থলে।। নীলে  কিন্তু এইবাৰ সাৰ পালে।। ৰিয়াই গম নাপায় নীলে যে সাৰ পালে।। নীল অলপ আঁচৰিত হ'ল ৰিয়াই কি কৰিছে ভাবি।। তথাপিও সি মাত বোল নাইকৰা।। ৰিয়াৰ পাতল মিহি চুলিখিনিয়ে তাৰ মুখ খনত পৰি নাছি আছে।। তাৰ উশাহ বোৰ ছুটি হৈ আহিছে।। যি জনী ছোৱালীৰ প্ৰতি সি ইমান দুৰ্বল হৈ পৰিছে ।। সেইজনী ছোৱালী তাৰ বুকুৰ মাজত এতিয়া।। সি যেন সাৱটি লব তাইক দুবাহুৰ মাজত কিন্তু সি সেইয়া কৰিব নোৱাৰে।। ৰিয়াই তাৰ ফালে এবাৰ চাইছে নীলে লাহেকৈ চকুযুৰি জপাই দিলে।। সি জানিব দিব বিচৰা নাই সি যে সকলো গম পায়।। ৰিয়াই লাহেকৈ সিহঁতৰ ফতো এখন মাৰি জীয়া লৈ এনেকৈ send কৰিলে যাতে তাই অলপ বেলেগকৈ ভাবে আৰু নীলৰ জীৱনৰ পৰা আঁতৰি যায়।। এইবাৰ ৰিয়ালৈ ফোন আহিল।। ৰিয়াই জানে জীয়াই তাইলৈ ফোন কৰিব।। তাই আকৌ লাহেকৈ উঠি বাহিৰলৈ গ'ল।। তাই জীয়াৰ লগত কথা পতাত ব্যস্ত।। নীলে নিজৰ ফোনটো চাব লওঁতে দেখিলে সি থোৱা জেগাত ফোনটো নাই।। সি উঠি বাহিৰলৈ গ'ল...
নীল: তুমি অকলে কি কৰিছা।।
ৰিয়াই ভাবিলে এতিয়া তাই জীয়াৰ ফোনটো কাটি দিব নোৱাৰে কিন্তু নীল তি থাকিলে পাতিবও নোৱাৰে।। সিগম পালে দিগদাৰ হ'ব।। ইফালে জীয়াই শুনি আছে নীলৰ কথা।।
ৰিয়া: তুমি সাৰ পাবা বুলি ইয়াত আহিলোঁ কথা পাতিব।।
নীল: বিচনালৈ ব'লা।। মই উঠিলো নহয় তাতে পাতিবা।। এনেকৈ অকলে উঠি আহিব মানা কৰিছিলো নাই তোমাক।।
ৰিয়া: উমমম ব'লা।।
নীল: মোৰ ফোনটো দেখিছিলা?
ৰিয়াই এতিয়া কি ক'ব কাৰণ নীলৰ ফোন তাইৰ হাতত ।। লুকুৱাব ও নোৱাৰে ডাঙৰ ফোন।। তাই লাহেকৈ ফোন তো নীলক দি দিলে।। নীলে কিবা সুধিম ভবাৰ আগতেই ৰিয়াই কলে..
ৰিয়া: ফোনটো বাজি আছিল তুমি সাৰ পাবা বুলি লৈ আহিলোঁ।।
নীল: কোনে কৰিছিল??
ৰিয়া: নাজানো ।। মোৰ মূৰটো ঘূৰাইছে মোক লৈ যোৱা ৰুমলৈ।।
নীলে ৰিয়াক একো কথা নুসুধিলে।। সি তাইক ধৰি নি বিচনাত লৈ গ'ল।। ইফালে জীয়াই সকলো কথা শুনি খঙত পাগল হৈ গৈছে ।। তাই নীলৰ whatsapp বহুত msg দিলে।। কিন্তু নীলৰ reply নাই। কাৰণ নীলে phone জেপত ভৰাই থৈছে।। আৰু সি ৰিয়াৰ care লোৱাত ব্যস্ত।। তাৰ reply নাপায় জিয়াই নীলক ফোন কৰিলে...

জীয়াৰ ফোন দেখি নীল অলপ আঁচৰিত হ'ল।। বিনা স্বাৰ্থত জীয়াই কেতিয়াও ফোন নকৰে এতিয়া বা কি লাগে তাইক।। ৰিয়াই নীলক সুধিলে..
ৰিয়া: কোনে ফোন কৰিছে নীল??
নীলে জীয়াৰ নামতো কবলৈ বেয়া পালে।। কাৰন তাই যদি ভূল বুজে তেতিয়া কি হ'ব।। জীয়া তাৰ অতীত সেই অতিতে যদি তাৰ বৰ্তমান তোক বেয়া কৰে তেতিয়া কি হ'ব।। ex gf ৰ লগত contact ত থকাটো কোনো ছোৱালীয়ে সহ্য কৰিব নোৱাৰে।। তাই যদি ভূল বুজে মই এতিয়াও contact ত আছোঁ ? নাই নাই মই ক'ব নোৱাৰিম কোনে ফোন কৰিছে।। নীলৰ উত্তৰ নাপায় ৰিয়াই আকৌ সুধিলে..
ৰিয়া: কি হ'ল?? একো নকলা যে??
নীল: লগৰ এটাৰ ফোন।। তুমি rest লোৱা চোন মই পাতি আহোঁ।।
ৰিয়াই ভয় খাইছিল কিজানি জীয়াই ফোন কৰিছে।। লগৰ কোনোবা বুলি জানি ৰিয়া relax হ'ল। তাই আকৌ বিচনাত শুই দিলে।। নীলে জিয়াৰ ফোন rcv কৰি তাইক কলে..
নীল: কিয় ফোন কৰিছা মোক।।
জীয়া: মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ কোন হয় তাই।।
নীল: কাৰ কথা কৈছা।।
জীয়া: stop behaving like an innocent.. এজনী ছোৱালীয়ে তোমাৰ ফোন rcv কৰি মোক তোমালৈ ফোন নকৰিব কৈছে আৰু তুমি একো নাজানা।।
নীল অলপ আঁচৰিত হ'ল।। তাৰ ফোন ছোৱালীয়ে rcv কৰিছে !!তাৰমানে ৰিয়াই তাৰ ফোন rcv কি কৰিছিল।। সি জীয়াক সুধিলে..
নীল: কি কৈছে তাই??
জীয়া: তাই কৈছে তাই তোমাৰ gf হয় আৰু মই blv নকৰি তাইক proof দিব কলো কাৰণ মই জানো তুমি মোক পাহৰিব নোৱাৰা।। কিন্তু তাই মোক যি দেখুৱালে তাৰ পিছত মোৰ তোমাৰ প্ৰতি থকা বিশ্বাস নাইকিয়া হ'ল।।
নীল: কি দেখুৱালে তাই??
জীয়া: চাই লোৱা নিজে।
জীয়াই নীলক whatsapp ত ৰিয়াই দিয়া ফটো খন দি দিলে।। সি ফতো খন হাঁহিব নে খং কৰিব একো ভাবি পোৱা নাই।। এতিয়া হে সি ধৰিব পৰিছে ৰিয়াই কি কৰি আছিল।।
নীল: জীয়া এতিয়া গম পালা নহয় তাই কোন আৰু তাই নিবিচাৰে তোমাৰ লগত contact কৰাটো তুমি মোক ফোন কৰি নাথাকিবা।। নহলে মই ব্লক কৰিবলৈ বাধ্য হম।।
জীয়া: তাৰমানে তোমাৰ মোৰ প্ৰতি থকা ভালপোৱা শেষ হৈ গ'ল।। সঁচা ভালপোৱা নহয় মই তোমাৰ এতিয়া কি হ'ল??
নীল: তোমাৰ এইবিলাক কবলৈ লাজ লগা নাই।। মই তোমাক cheat নাই কৰা।। তুমি কৰিছিলা।। এতিয়া সি এৰি যোৱা কাৰণে মোলৈ মনত পৰিল ।।
নীলে আৰু কিবা কোৱাৰ আগতেই জীয়াই ফোনটো কাটি দিলে।। হয়তো তাই লাজ পালে নীলৰ কথাবোৰত।। এনেও মানুহে সঁচা কথাবোৰ শুনিবলৈ টানেই পায়।। জীয়াৰ কথাত নীলৰ অলপ মনটো বেয়া লাগিছিল যদিও ৰিয়াৰ কাণ্ড বোৰে তাক পাগল কৰি তুলিলে।। মানুহজনী হে ডাঙৰ হৈছে কিন্তু কামবোৰ সৰু ছোৱালীৰ দৰে।।।তাৰ ভাল লাগিল যেনেকৈ হলেও ৰিয়াই নিজকে gf বুলি যে কৈছে।। সি ভাবিলে সি নজনাৰ দৰে থাকিব কথাবোৰ ।। তাইক একো নোসোধে।। হঠাতে তাৰ ফোনত 7 তাৰ alarm বাজিল।। সময়বোৰ কেনেকৈ গৈছে সি গমেই নাপালে। মোবাইলৰ alarm ত হে গম পালে সি 7 তা বাজিল বুলি।। ৰিয়াৰ দৰৱ ৰ সময় ।।সি গৈ ৰিয়াক দৰৱ খাবলৈ দিলে।। দৰৱ খাই তাইক শুবলৈ দি নীল তাইলৈ soup বনাব সোমালে।। ৰিয়ালৈ মাকৰ ফোন আহিল তাই মাকৰ লগত কথা পতাত ব্যস্ত।। কিন্তু মাকক তাই অলপো জানিব নাই দিয়া তাইৰ accident ৰ কথা।। তেনেতে calling bell তো বাজি উঠিল।। নীল পাকঘৰত আছে কানত headphone লগায়।। সি নাইশুনা।। ৰিয়াই নীলক মাত লগাই আছে।। সি একো মতা নাই।। ৰিয়া মাকৰ ফোনটো কাটি নিজে গ'ল খুলিব।। তাই দৰ্জা খন খুলিলে…
নিশা: ইমান দেৰি লাগিল যে।। নীল ক'ত??
ৰিয়া: মই কি কম।। নিজে চাগে।।
নিশা: আছে ক'ত??
ৰিয়া: পাকঘৰত ।। মানস ক'ত???
নিশা: আহিছে তোৰ bag বোৰ লৈ মই নীলক পঠিয়াই দিওঁ help কৰিবলৈ।।
ৰিয়া: উমমম যা।।
নিশা গৈ kitchen পালেগৈ।। তাই নীলক পিছফালৰ পৰা হাত লগাই পাতিলে।। নীল উচপ খাই উঠিল ।। সি ঘূৰি চাই দেখিলে সেইয়া নিশা।। সি সুধিলে...
নীল: কেতিয়া আহিলা???
নিশা: হ'ল অলপ time।। ইমান bell বজাইছোঁ তুমি খোলা নাই।।ৰিয়াই গৈ হে খুলিছে।।।
নীল: m sry দেই।। শুনা নাপালোঁ একো।।
নিশা: হ'ব এতিয়া যোৱা মানসে ৰিয়াৰ বস্তু আনিছে।। তাক help কৰি দিয়া।। মই soup খিনি বনায় দিছোঁ।।
নীল: okkkkk.....

নীল ওলাই গ'ল ৰিয়াৰ বেগ আনিবলৈ।। ৰিয়া sofat বহি থকা দেখি সি কলে...
নীল: তুমি কিয় উঠি আহিলা।। মোক কৈ দিয়া হ'লেই  হয়।।
ৰিয়া: অহ হয় নেকি মই গম নাপাওঁ যে।। এনেই মই তিনিবাৰ মান গৈ মাতিছিলোঁ তোমাক।। আৰু মাতিব লাগে বুলি গম নাপালোঁ।।
নীল: তুমি মোক মাটিছিলা নেকি? ধেৎ তেৰি এই headphone ডাল লগাই থোৱা বাবে নুশুনিলোঁ।। pls বেয়া নাপাবা।।
ৰিয়াই হাঁহিলে..
ৰিয়া: হ'ব ..যোৱা এতিয়া মানস ৰৈ আছে।।
নীল: okk।।
নীল তললৈ গ'ল ।। নিশাই ৰিয়াক আহি  soup খাবলৈ দিলে..
ৰিয়া: thank u
নিশা: thank u কব নালাগে।।
ৰিয়া: তই যে ইয়াত living ত আছ মোক কোৱা নাছিলি কিয়??
নিশা: ইয়াত কবলৈ নো কি আছে।। মানুহে living relation কলে chracter বেয়া বুলি ভাবে ।। so কাকো কোৱা নাই।।
ৰিয়া: মোক তো ক'ব পাৰ আৰু।। মই এইবোৰ নাভাবোঁ।।
নিশা: এতিয়া গম পালি নহয়।। বাদ দে।। মই care taker এজনী চাবলৈ নীলক কৈছোঁ।। সি চাইছে।। কাইলৈ মানে আহিব পাৰে।। তোৰ কাপোৰ বোৰ তাইক দি দিবি ধুবলৈ।। নীলে বাকী কাম কৰিলেও কিছুমান কাম দিবলৈ অসুবিধা হয়তো।।
ৰিয়া: উমমম সেইটো হয় বাৰু।। কিন্তু নীলে মোৰ সম্পূৰ্ণ care লৈছে।।
নিশা: সি এইবোৰত ভাল ।। ঐ শুন আমি বেছি দেৰি নাথাকো অফিচৰ কাম অলপ আছে।। তই ভালকৈ থাকিবি।। মোৰ প্ৰজেক্ট শেষ হলে তোক লৈ যাম।।
ৰিয়া: মই কথা এটা ভাবিছোঁ।।
নিশা: কি??
ৰিয়া: মই ইয়াতে থাকোঁ মানে তোৰ কাম বোৰ শেষ হলেও মই নীলৰ লগত থাকিব বিচাৰিছোঁ।। নাজানো নীলৰ লগত থাকিলে মোৰ মনটো ভাল লাগি থাকে।। আৰু মই থাকিলে নীল ও chng হ'ব।। মানে নীলে নিজৰ past তো পাহৰিব পাৰিব।।
নিশাই ৰিয়া আৰু নীলৰ এইবোৰ কথাৰ একো মুৰ নাপায়।। একো সম্পৰ্ক নাই অথচ এটাৰ আনটোৰ কাৰনে চিন্তা অকল।।। এই নামবিহীন সম্পৰ্ক বোৰ সঁচাই  মধুৰ ।। নিশাই ৰিয়াক সুধিলে..
নিশা: মই বাৰু একো নকওঁ।। পিছে মাহঁতক কি কবি কেতিয়াবাতো মাহঁত আহিব।।
ৰিয়া: আহিলেতো কবই তেতিয়া তোৰ ৰুম গুছি যাম ।। কিন্তু এতিয়া ইয়াতে থাকোঁ।।
নিশা: নীলে গম পাই নে তই ইয়াত একেবাৰে থাকিব বিচাৰিছ।।
ৰিয়া: নাপায়।। গতিকে তই নীলক কবি তাই ইয়াত থাকক ।
নিশা আঁচৰিত হ'ল।। তাই নিশাক হ'ব বুলিয়েই কলে।।  মানস আৰু নীলে তাইৰ কাপোৰৰ বেগবোৰ bed ৰুমলৈ লৈ গ'ল।। ৰিয়াই কাপোৰ বোৰ উলিয়াব লওঁতে নীলে তাইৰ হাত খন ধৰি আঁতৰাই দিলে।। নীলে যেতিয়া তাইৰ হাতখন
ধৰিলে প্ৰথম বাৰৰ বাবে ৰিয়াই এক বেলেগ অনুভৱ কৰিলে।। যি অনুভৱ  নীলৰ আগতীয়াকৈ হৈছিল।। কিন্তু ৰিয়াই এই অনুভৱ বোৰ কিয় হৈছে বুজিব নাইপৰা। তাই নীলৰ ফালে মাথোঁ চাই থাকিল।। নিশাই দুইটাকে চাই আছে।। ৰুমটোৰ অৱস্থা কাঁহ পৰি জিন যোৱাৰ দৰে হ'ল।। তেনেকুৱাতে মানস ৰুমলৈ সোমাই আহিল...
মানস: কি হ'ল?? ইমান চুপচাপ যে সকলো।।
নিশা: নাজানোঁ কি হৈছে একো ধৰিব নাইপৰা।।
মানস: মানে??
নিশা: সেইবোৰ বাদ দিয়া ।। আমি যাওঁ বলা।। মোৰ কাম আছে।।
নীল: ইমান সোনকালে।। dinner কৰি যোৱা।।
নিশা: নাই নীল আজি নোৱাৰো।। বেলেগ এদিন বহুত কাম আছে।
ৰিয়া: তাইক যাব দিয়া নীল।। তাইৰ কাম আছে বোলে।।
নীল: থিক আছে হ'ব তেন্তে।।
নিশা: ৱাহ নীল আজিকালি ৰিয়াৰ কথাহে শুনা নেকি???
ৰিয়া: কি কৈছ এইবোৰ ।। নীল তুমি বেয়া নাপাবা।।
নীল: নাই নাই মই বেয়া নাইপোৱা।।
নিশা: এতিয়া আমি যাওঁ।।
ৰিয়া: okk bye
মানস: bye guys।
নীল: bye bye।।
নীলে সিহঁতি যোৱাৰ পিছত দৰ্জা খন lock কৰি bed ৰুমলৈ আহিল।। ৰিয়াই অলপ আচহুৱা অনুভৱ কৰিছে নীল সোমাই অহাত।। নাজানে তাই কিয় এনেকুৱা হৈছে।। নীল গৈ বিচনাত বহিল।। তাইকও সি বহিব কলে।। তাই গৈ বিচনাত বহিল।। তাই নীলক সুধিলে..
ৰিয়া: অথনি মোৰ হাত খন কিয় ধৰিছিলা মই কাপোৰ উলিয়াব যাওঁতে।।
নীল: অহ sry।।মই পতকে ধৰি দিলোঁ ।। মানে কাপোৰ বোৰ কাইলৈ মই অলমাৰিত ভৰাই দিলোঁ হেঁতেন।। তুমি কষ্ট কৰিব নালাগে সেয়ে মই হাতত ধৰিছিলো।। তুমি বেয়া পালা নেকি??
ৰিয়া: নাইপোৱা।। মানে কিয় ধৰিলা সেইটোহে জানিব খুজিছিলোঁ।।
নীল: উমমম বেয়া নাইপোৱা যদি ৰক্ষা আৰু।।
ৰিয়া মই caretaker এজনীৰ লগত পাতিছোঁ কাইলৈ আহিব তাই।। তোমাৰ কিবা থাকিলে তাইক কবা।। তাইও আমাৰ লগত থাকিব ।। মই কাইলৈ অফিচ যাম ছুটি লৈ আহিব লাগিব so application দি আহিম।। মোৰ file কেইটামান ও আছে লৈ আহিম।। তুমি পাৰিবা নহয় অকলে থাকিব।। caretaker জনীক সোনকালে আহিব কৈছোঁ।।
ৰিয়া: তুমি চিন্তা নকৰিবা মই পাৰিম।। তুমি গৈ আহিবা।। মোৰ কাৰনে সোনকালে আহিব নালাগে।।
নীল: থিক আছে নাহো বাৰু সোনকালে।।
দুইটাই হাঁহিলে।। নীলৰ কথাবোৰ শুনিলে কোনো নহঁহাকৈ থাকিব নোৱাৰে।। এনেদৰে অলপ সময় কথা পতাৰ পিছত ৰিয়া শুই গ'ল।। নীলে ৰিয়া  শোৱাৰ পিছত নিজৰ কাৰনে খানা বনালে।। খানা খাই সকলো ধুই মেলি নীলও শুবলৈ গ'ল।। নীলে শুবলৈ গৈ দেখিলে ৰিয়া বিচনা খনৰ মাজত শুই আছে।। সি কোনফালে শুব একো পাত্তা পোৱা নাই।। তাইক জগাবলৈ সি বেয়া পালে।। সি তাইৰ side তে গৈ শুলেগৈ।। তাৰ আৰু ৰিয়াৰ মাজত আজি ব্যৱধান বহুত নাই।। তাইৰ মুখ খন চাই চাই নীলৰ কেতিয়া টোপনি আহিল সি ক'ব নোৱাৰে।। ৰাতিপুৱা শুই উঠি সি পৰিৰ soup বনাই অফিচলৈ গ'ল।। ৰিয়া শুই আছিল সেইবাবে সি তাইক নুঠালে।। soup বনাই বিছনাৰ কাষৰ সৰু টেবুলত থৈ আহিল তাই ঢুকি পোৱাকে।। ৰিয়া শুই উঠি fresh হৈ soup খাব লওঁতে কলিং বেলটো বাজি উঠিল ।। তাই দৰ্জা খন খুলি দেখিলে এগৰাকী মহিলা ৰৈ আছে।। হাতত এটা trolly বেগ। ৰিয়াই ভাবিলে সেইয়া নীলে কোৱা caretaker জনী।। কিন্তু আচলতে সেইয়া আছিল নীলৰ মাক।। মানুহগৰাকীক দেখি ৰিয়া অলপ আঁচৰিত হ'ল ।। তাই ভাবিলে caretaker য়েও ইমান standard maintain কৰে নে ??? কলকাতাত চাগে এনেকুৱাই।। ইফালে পুতেকৰ ৰুমত ছোৱালী এজনী দেখি মাকৰ চকু থৰ হ'ল।। মাকে কিবা সুধিব লওঁতে ৰিয়াই কলে..
ৰিয়া: সোমাই আহক ।। নীলে কৈছিল আপুনি অহাৰ কথা কিন্তু মই সৰু ছোৱালী বুলি ভাবিছিলোঁ।। আপুনি তো মোৰ মাৰ বয়সৰ।।
মাকে একো ধৰিব পৰা নাই।। মাকে ভাবিলে মইতো নীলক একো কোৱা নাই নীলে কেনেকৈ গম পালে।। মাকে ৰিয়াক কিবা ক'বলৈ বিছাৰিও একো কব পৰা নাই।। কাৰন ৰিয়া direction দিয়াত busy।। তাই গোটেই কাম বোৰ  বুজাইছে মাকক….

আগলৈ....

Part 11 :- Click here

লেখা:- পল্লৱী দত্ত
             (Photo credit:- pixabay.com)

Post a Comment

0 Comments