প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ৩ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

ৰিয়াক দেখি নিশাই কলে...
নিশা: ৰিয়া তই অলপ rest ল এতিয়া..আমি evng ওলাই যাম অলপ।।
ৰিয়া: মোৰ অলপো মন নাই।। তহঁতী যাবি।।
নিশা: তই অকলে কি কৰিবি।।
ৰিয়া: থাকিম আৰু ইমান চিন্তা কৰিব নালাগে।।
নিশাই জোৰ কৰিব বেয়া পালে।। তাই জানে ৰিয়াৰ মনৰ অৱস্থা।।
আবেলি নিশা, মানস আৰু নীল তিনিওটা ওলাই গ'ল। ৰিয়া flate ত অকলে।। এতিয়াও তাই ৰোহনক পাহৰা নাই।। মাথোঁ পাহৰাৰ অভিনয় কৰে।। মাক-দেউতাকে যাতে তাইক তেনেকুৱা অৱস্থাত নেদেখে সেইকাৰণে তাই ঘৰৰ পৰা দূৰলৈ আহিছে।। fashion designing তাইৰ সপোন হলেও তাই ইয়াত সপোন পূৰাবলৈ নাই অহা।।।
ৰোহনক পাহৰা এই জীৱনত সম্ভৱ নহয় কেতিয়াও।। তাই এতিয়াই তাৰ আশাত জীয়াই আছে।।। সি ঘূৰি আহিব আৰু তাইৰ আধৰুৱা সপোন বোৰক পূৰ্ণতা দিব।। তাই খিৰিকী খনেৰে আকাশ খনলৈ চাই আছে।। মিহি মিহি বতাহ এজাকে তাইৰ দেহাতো সাত পেলাইছে।। তাই মনতে ভাবিলে বাহিৰৰ পৃথিৱী খন বহুত ধুনীয়া কিন্তু বাস্তৱত এই পৃথিৱী খনত জীয়াই থকাটো বহুত জটিল।। ঘৰখনত সদায় মৰমত ডাঙৰ হোৱা ৰিয়াই দুখ কি জনাই নাছিল।। কিন্তু প্ৰেমত পৰাৰ ২ বছৰৰ পৰাই তাই কেৱল দুখেই পাই আছিল।। প্ৰথমতে সকলো ঠিকেই আছিল কিন্তু লাহে লাহে ৰোহনৰ স্বভাৱ সলনি হৈছিল।। তথাপিও তাই ৰোহনক ভাল পায়।। সি শাসন কৰিলেও তাই সেইবোৰত ৰোহনৰ মৰম বিচাৰি পায়।। কথাখিনি ভাবি থাকোতে তাইৰ কেতিয়া চকুপানী ওলাই আহিল তাইও নাজানে।।  খিৰিকী খন জপাই ৰিয়া বিচনাত শুই দিলে, তাইৰ মূৰটো বিষাই আছে।।শুই দিলে কিজানি অলপ ভাল পায়েই।।
ইফালে নীলে বাৰে প্ৰতি নিশাক ৰিয়াৰ কথা সুধি আছে।। নিশাই নীলক কলে...
নিশা: তাই বহুত ডাঙৰ depression এটাৰ পৰা বাহিৰ হৈছে।। এতিয়া তুমি তাইৰ লগত চেনী খোৱাৰ কথা ভাবিব নালাগে।।
নীল: নিশা.. মই flirt কৰো  সঁচা।। কিন্তু তাইক মই তেনেকৈ ভবা নাই। তাইক দেখি প্ৰথমবাৰৰ বাবে বেলেগ কিবা ভাবিব মন গৈছে।। কিন্তু তাইৰ হৈছিল কি??
মানস: নিশা, নীল মোৰ সৰুৰ পৰা ই best friend । তাক তুমি জনা বেছি দিন নাইহোৱা।। সি বাহিৰত যেনেকুৱা তেনেকুৱা সি প্ৰকৃততে নহয়।। সি ভালপোৱা বুজি পায়।। সি serious typ নোহোৱা হলে এজনী ছোৱালীয়ে তাৰ heart break কৰি এৰি থৈ যোৱাৰ পিছত ইমান বছৰ single হৈ নাথাকে।।
মানসে নীলৰ সকলোবোৰ  কথা নিশাক কলে।। কথাবোৰ শুনি তাইৰ বুকুখন কঁপি উঠিল।। বাহিৰত হাঁহি মাটি থকা লৰাটোৰ ভিতৰত ও ইমান দুখ থাকিব পাৰে।। সঁচাকৈ লৰাবোৰ বহুত সাহসী ।।কেতিয়াও জানিব নিদিয়ে মনৰ কথা বোৰ।। দুখ বোৰ মনৰ মাজত সুমুৱাই ৰাখে। আৰু আমি ছোৱালীবোৰে ভাবো সিহঁত heartless।।
নিশাই আগতে এইবোৰ কথা জনাই নাছিল।। তাই নীলক ভাল নাপাইছিল নীল ৰ flirting nature তোৰ কাৰনে।। তাই মানসক ও কয় তাৰ পৰা দূৰত থাকিব কিন্তু সিহঁতৰ বন্ধুত্ব ইমান গভীৰ যে কলেও মানসে নীল ক এৰি নিদিয়ে।। নিশাই ও কৈ কৈ আমনি পালে সেইবাবে নোকোৱা হল।। নীলৰ কথা কিবা কলে মানসৰ লগত হে কাজিয়া হয় তাইৰ।। সেইকাৰণে তাই কবলৈ এৰিলে কিন্তু আজি কথাবোৰ শুনি তাইৰ মনটো বেয়া লাগিল।। ইমান দিনে তাই ভুল বুজি আছিল নীলক।। তাই নীললৈ চাই কলে...
নিশা: I am really sorry নীল।। মই কথাবোৰ নজনাকৈ তোমাক কথা শুনালো।।
নীল: hey cool.. মই এইবোৰ ধৰি নাথাকো।। মোক কোনোবাই বেয়াকৈ কলে মোৰ বেয়া নালাগে after all যি কয় সচাকৈ কয়।। নহলে আৰু মানুহে কিমান যে মিছা কথা কয়।।
সকলোৱে হাঁহিলে।।। নিশাই মনতে ভাবিলে নীল আৰু  ৰিয়াই যদি ইটোৱে সিটোক পছন্দ কৰে তেন্তে দুইটাৰে জীৱনটো সুখৰ হ'ব।।তাই কথাটো আগতে মানস ৰ লগত আলোচনা কৰি লওঁ ভাবিলে।। কাৰন ৰিয়াক এতিয়া কোনোবা ভাল এজন ল'ৰা বন্ধুৰ প্ৰয়োজন যি তাইক অতীতটোক পাহৰাত সহায় কৰিব পাৰিব।। তাই নীলক সুধিলে..
নিশা: নীল তোমাৰ ৰিয়া ক ভাল লাগিছে নেকি??? ইমানকৈ তাইৰ কথা জানিবলৈ মন গৈছে যে।।
নীল: নাজানো কি লাগিছে।। কিন্তু তাইক দেখি তাইৰ কথাবোৰ জানিব মন গৈছে।।। সেইদিনা airport ত তাইক প্ৰথম দেখোঁতে তাইক কিবা tension ত থকা গতে feel হল।। so অলপ তাইৰ বিষয়ে জানিব বিচাৰিছিলোঁ তোমাৰ পৰা।। তুমি যে কৈছিলা তাই কিবা ডাঙৰ depression ৰ পৰা ওলাইছে আচলতে case তো কি??
নিশা: ৰিয়া বহুতেই ভাল ছোৱালী ।। কলেজত পঢ়ি থাকোতে তাই same class ৰ লৰা এটাক ভালপাইছিল।। নামটো ৰোহন।। সি লৰাটো ভালেই আছিল।। নাজনো কি হ'ল সিহঁতৰ মাজত সি বাহিৰত পঢ়িব গল আৰু সিঁহতৰ breakup হল। পিছত গম পাইছোঁ সি নতুন gf বনালে।। আমাৰ লগৰ কেইজনী মানে কৈছিল সি relation ত থাকোঁতেও সেই ছোৱালীজনী ৰ লগত ঘূৰি ফুৰিছিল।। He cheated on her but তাই পাহৰিব পৰাই  নাই। hospitalise ও হব লগা হৈছিল সেই bustard তোৰ কাৰনে।। এতিয়া অলপ ঠিক হোৱা যেন লাগিছে সেইবাবে তুমি সেইদিনা তেনেকৈ কওঁতে খং উঠি গল।। তাই বহুত serious ছোৱালী।।। তাইৰ লগতও flirt কৰিবা বুলি ভাবি  মোৰ ভয় হৈছিল।
নীল: নাই নাই মই সেইবোৰ নকৰোঁ।। তাইৰ দুখ বুজি পাইছোঁ।। মোতকৈ কোনে বুজিব সঁচা ভালপোৱাৰ মূল্য যেতিয়া প্ৰতাৰণা হয়।। নাজানো তুমি মোৰ বিষয়ে কি ভাবি থৈছিলা।। কিন্তু if u don't mind can I tell u something..
নিশা: sure..
নীল: মই তাইক help কৰিব বিচাৰো।। নাজানো কিয় এনেকুৱা লাগিছে তাই এতিয়াও তাইৰ অতীততোক পাহৰিব পৰা নাই।। যদি বেয়া নোপোৱা then মই তাইক move on কৰাত সহায় কৰিব বিচাৰো।।
নিশাই নীল ৰ কথাবোৰ শুনি বহুত ভাল পালে।। ৰিয়া move on হ'ব পাৰিলে uncle aunty ও বহুত সুখী হ'ব।। তাই নীল ক কলে….
নিশা: নীল .. m so happy ।। মই মোৰ আগৰ ৰিয়া জনীক পাব বিচাৰো।। তুমি যি কৰা কৰা মই তোমাৰ লগত আছোঁ।।
নীল: okk।। মোক তোমালোকৰ help ও লাগিব এই ক্ষেত্ৰত ।।
মানস: we always with u।।
নিশা: yeah।।
নীল: বলা এতিয়া ঘৰ যাওঁ তাইৰ লগত time spent কৰিলে হে তাইৰ কথাবোৰ জানিব পাৰিম।।
নিশা: okk ব'লা...

ঘৰলৈ আহি সিহঁতি calling bell তো বজালে কিন্তু ৰিয়াই দৰ্জা খোলা নাই।। নিশাই ৩ বাৰ মান calling bell তো টিপিলে তাৰ পিছতো ভিতৰৰ পৰা কোনো সঁহাৰি নাপালে।। নিশাৰ ভয় লাগিল।। তাই ৰিয়ালৈ ফোন লগালে।। ৰিয়াই ফোনৰো উত্তৰ নাইদিয়া।। তাঁহাতী আৰু ভয় খালে।। নিশা আৰু মানস লিভিংত আছিল সেয়েহে তাৰ ওচৰত চাবি আছিল।। মানসে নিশাক কলে...
মানস: don't worry নিশা মোৰ ওচৰত চাবি আছে।। মই খুলিছোঁ।।
মানসৰ কথা শুনি তাই অলপ সকাহ পালে।। তাই কলে..
নিশা: thank God .. সোনকালে খোলা।। actually ময়েই তাইক ভিতৰৰ পৰা lock কৰিব কৈছিলো..কবই নালাগিছিল মই।।
দৰ্জা খুলি তিনিওটা ৰুমলৈ সোমাল।। সিহঁতি গৈ ৰিয়া শুই থকা ৰুমটোত সোমাল।। ৰিয়াক শুই থকা দেখিহে নিশাৰ মনটো ভাল লাগিল।। কিন্তু তাই অলপ আঁচৰিত হ'ল।। তাই ভাবিলে ইমান calling bell  বজোৱাৰ পিছত কেনেকৈ ৰিয়াই সাৰ নাইপোৱা। তাই ৰিয়ালৈ চাই দেখিলে ফোনটো তাইৰ মূৰৰ শিতানতে আছে।।। তেন্তে ৰিয়াই ফোনৰ মাত কেনেকৈ নুশুনিলে। তাই আকৌ ৰিয়ালৈ ফোন লগালে।। ফোনটো generel ত য়ে আছিল।। ringtone তো ডাঙৰকৈ বাজিছে কিন্তু ৰিয়াই একো feel য়ে কৰা নাই।। তাই যেন শুনাই নাই।। যিমান গভীৰ টোপনি হলেও ফোনতো ইমান ডাঙৰ কৈ বাজিলে সাৰতো পাবই।। কিন্তু ৰিয়াই নাইপোৱা।। তাইৰ ভয় লাগিল।। তাই ৰিয়াৰ কাষলৈ আহিল।। তাই ৰিয়াক জগাবলৈ চেষ্টা কৰিছে কিন্তু ৰিয়াৰ সাৰ সুৰ নাই।। তাই বেছি ভয় খালে ।। তাই মানস আৰু নীলক মাতিলে ।। সিহঁতি নিশাৰ মাত শুনি ঢপলিয়াই আহিলে।। নিশাই কলে...
নিশা: তাইক অথনি পা জগাবলৈ চেষ্টা কৰি আছো একো মাত বোল নাই।। কি হৈছে বাৰু।।
নীল: relax.. আমি তাইক doctor ৰ ওচৰত লৈ যাওঁ সোনকালে।।।
নীলে তাইক কোচত দাঙি ৰুম ৰ পৰা গাড়ীলৈ লৈ গ'ল।। তাইক hospital লৈ যোৱা হ'ল।। নিশাই তাইৰ বিচনাৰ কাষতে কিছুমান teblets ৰ পেকেট পাইছিল।। তাই সেইবোৰ লৈ গৈ doctor ক দেখুৱালে।। doctor য়ে tablets বোৰ দেখি আচৰিত হল।। doctor য়ে নিশাক কলে..
Doctor:  Are you know what is this??
নিশা: No Doctor.. what is this??
Doctor: She takes sleeping tablets ..
Doctor ৰ কথা শুনি নিশাৰ মাতবোল নাইকিয়া হ'ল।। মানসে তাইক শান্তনা দিছে।। নীলে doctor ক সুধিলে...
নীল: Is she out of danger??
Doctor: yeah now she is fine but I can't tell u that she is out of danger..We do our best.. but  if she  continued it then it effect her kidney .. already she took many tablets .. u should take care of her.. she is mentally disturbed.. I think Something botherd her I don't know what it.. u have to find out this.. I think she need extra care ..
নীল: okk doctor.. we will take care of her and thank u so much .. Doctor when u released her??
Doctor: tomorrow morning..
নীল: thank u doctor..
Doctor: welcome..
অলপ পিছত ৰিয়াৰ sense আহিল।। doctor য়ে কেৱল এজনকহে তাইৰ ওচৰলৈ যাব কৈছে।। সেয়েহে নিশা সোমাই গ'ল।। নিশাই তাইৰ ওচৰত বহি তাইৰ হাত খন ধৰি সুধিলে...
নিশা: কেতিয়াৰ পৰা তই এইবোৰ কৰিছ'..
ৰিয়াই বুজিলে সকলো গম পালে চাগে।। ৰিয়াই কলে..
ৰিয়া: pls নিশা মা দেউতাক এইবোৰ নকবি।।
নিশাৰ ৰিয়াৰ ওপৰত খং উঠি আছিলে।। তাই কলে..
নিশা:  কিয় ?? ইমান ভাল কাম কৰি যে আছ সেইকথা কবলৈ আকৌ ভয় কিয়??
ৰিয়া: মা দেউতাই নাজানে এইবোৰ।। বহুত কষ্ট পাব ।।
নিশা: তই সঁচাকৈয়ে মা দেউতাৰ দুখ বুজি পাৱনে??আৰু কাৰবাবে তই নিজকে এনেকৈ শেষ কৰি দিছ পাগলী।
ৰিয়া: breakup ৰ পিছত ৰাতি দিন শুব পৰা নাছিলো।। চকু জপালে কেৱল ৰোহনক দেখোঁ।। মোৰ হাতত কোনো option নাছিল so মই tablets লোৱা start কৰিলোঁ।।
নিশা: এতিয়াও কেৱল ৰোহন ৰ কথা।। 2 years হল breakup হোৱা।। সি কেতিয়াবাই move on কৰিলে ।। তই কিয় পৰা নাই।।
ৰিয়া: মই জানো সি মোক এতিয়াও ভালপাই।। মাথোঁ situation বেলেগ এতিয়া।। সি এদিন ঘূৰি আহিব।।
নিশা: woow।। তোক কেনেকৈ কলে আৰু মূৰত সোমাব হা।। সি বেলেগৰ লগত relationt আছে আৰু সি তোৰ খবৰ এটাও লৈছে নে।। ২ বছৰে সি এবাৰো তোৰ লগত contact কৰা নাই আৰু তই ভাবিছ সি ঘূৰি আহিব।। ৰিয়া pls সঁচা কথাবোৰ মানি ল সোনকালে নহলে বহুত দেৰি হব।। আৰু এটা কথা সি cheat কৰিছিলে তোক কিয় পাহৰি যাৱ তই।। সি বেলেগৰ কাৰনে তোক এৰি থৈ গল।। তোৰ ঠাইত মই হোৱা হলে কেতিয়াও accept নকৰোঁ।। কিন্তু তোক বুজাই চাগে একো লাভ নাই।।
নিশাই খঙতে বাহিৰলৈ ওলাই আহিল।। নিশা ওলাই অহাৰ পিছত ৰিয়াই পাগলৰ দৰে কান্দিব ধৰিলে।। ৰিয়াৰ কান্দোন শুনি নিশাই অনুভৱ কৰিলে হয়তো তাই বেছিকৈ কিবা কৈ আহিলে।। তাই তৎক্ষণাত ৰিয়াৰ ওচৰলৈ গৈ ৰিয়াক সাৱতি ধৰিলে..
নিশা:  m sorry .. pls don't cry.. কথাবোৰ তোৰ ভালৰ কাৰণেহে কৈছিলো।।
ৰিয়া: মই তাক পাহৰিব নোৱাৰোঁ।। i still love him।। I can't live without him..
ৰিয়াৰ কান্দোন শুনি নিশাও কান্দিব ধৰিলে।। ৰিয়াৰ ৰুমটোৰ পৰা কান্দোনৰ মাত অহা শুনি doctor ,nurse, মানস , নীল সকলো সোমাই গ'ল।। ৰিয়াই মাথোঁ কান্দিছে।। doctor য়ে nurse ক  ৰিয়াক injection দিবলৈ কলে আৰু নিশাক কলে...
Doctor: Are u made?? What r u doing.. its not the good time to do anything.. don't put pressure on her .. she is mentally not stable..
নিশা:  sorry doctor...
Doctor য়ে সকলোকে ওলাই যাবলৈ কলে আৰু ৰিয়াক rest দিবলৈ কলে।। নিশা বাহিৰত ওলাই আহি মাথোঁ কান্দিছে।। তাইক কন্দা দেখি মানসে কলে..
মানস: সকলো থিক হৈ যাব।।
নিশা: m so stupid.. তাইৰ এনেকুৱা situationত মই তাইক কথা শুনাই আহিছোঁ।।
নীল: তাইক খঙত কৈ একো লাভ নাই।। আমি তাইক মৰমেৰে বুজাব লাগিব।।।
নিশা: মই uncle ক ফোন কৰি কৈ দিওঁ নেকি ৰিয়াৰ কথাবোৰ।।
নীল: নাই নকবা।।। বহুত tension লব।। আমি তাইক ভাল কৰিম নহয়।। তুমি খালি এনেকুৱা নকৰিবা। যিবোৰ হল সকলো পাহৰি যোৱা।। তাইক এটা normal place দিয়া যত তাই uneasy feel নকৰে।।তাইক কেতিয়াও ৰোহনৰ কথা বেয়াকৈ নকবা।। তাইৰ কথাবোৰত হয় ভৰ দি যাবা। চাবা লাহে লাহে তাই নিজেই ৰোহনৰ কথা নোকোৱা হব।।
নিশা: I hope so..

পিছদিনা ৰিয়াক ৰুমলৈ লৈ অনা হল।। তাই এটা নিথৰ দেহ হৈ বিচনাত পৰি আছে।। নিশাই তাইক তেনেকৈ চাই থাকিব পৰা নাই।। তাই নীলক ফোন কৰি কলে....
নিশা: নীল সোনকালে কিবা এটা কৰিব লাগিব । নহলে তাই এনেকৈয়ে থাকিব।।
নীল: তুমি চিন্তা নকৰিবা।। মই তাইৰ লগত পাতিম।। তুমি তাইৰ নাম্বাৰ তো মোলৈ send কৰাচোন।।
নিশা: okk..
নিশাই ৰিয়াৰ নাম্বাৰ তো নীল ক দিলে।। নীলে তাইলৈ msg কৰিলে।।
নীল: hii..
এটা unknown number ৰ পৰা msg অহা দেখি তাই অলপ আঁচৰিত হ'ল।। তাই মনতে ভাবিলে হয়তো ৰোহনে msg দিছে চাগে। তাই reply দিলে...
ৰিয়া: who r u??
নীল: ইমান সোনকালে মোক পাহৰি যাবা বুলি ভবা নাছিলো।।
ৰিয়াৰ দুচকুৱেদি চকুপানী ওলাই গ'ল।। তাই ভাবিলে ৰোহনৰ number সেইটো।। সি তাইক পাহৰা নাই।। তাৰো মোলৈ মনত পৰিছে চাগে।। তাই লগা লগ উত্তৰ দিলে..
ৰিয়া: ৰোহন... তুমি ইমানদিনে মোৰ খবৰ এটাও কিয় লোৱা নাছিলা।। মই কিমান কষ্টত আছোঁ তুমি জানানে।। সকলোৱে কয় তুমি মোক ভালপোৱাই নাই।। তোমাক পাহৰিব কৈছে।। কিন্তু তুমি কোৱা মই কেনেকৈ পাহৰিম তোমাক।। মই জানো তুমি মোক বহুত ভালপোৱা।।
ৰিয়াৰ msg পঢ়ি নীলে কি উত্তৰ দিব ভাবি পোৱা নাই। সি ভাবিলে ৰোহন ভাবিয়ে তাই কিমান কথা কৈছে।। এনেই তো কথাও নাপাতে।। সি একো উত্তৰ দিব নোৱাৰিলে। ৰোহনৰ উত্তৰ নাপায় ৰিয়াই msg ৰ ওপৰত msg দিলে নীলক কিন্তু তাই নাজানে সেইয়া যে ৰোহন নহয়।। ৰিয়াৰ মনটো অলপ ভাল লাগিল।। যি নহওঁক ৰোহনে msg দিছে ইমান বছৰৰ পিছত ।।। সি তাইক আজিও মনত ৰাখিছে। তাই কথাটো কবলৈ নিশাক বিচাৰি ফুৰিছে।। নিশাই তাইলৈ soup বনাই আছে।। তাই নিশাক গৈ কলে..
ৰিয়া: জাননে মোক কোনে msg দিছিল।।
নিশা ই ভাবিলে নীলে msg কৰিছে চাগে অলপ আগতে তাই তাক ৰিয়াৰ number দিছিলে।। কিন্তু নীলৰ msg ত ৰিয়াৰ ইমান excitement দেখি নিশা অলপ আঁচৰিত হ'ল।। তাই কলে..
নিশা: গম পাইছোঁ।। কিন্তু তই এনেকৈ react কৰিছ যে। ময়েই তাক দিছিলোঁ তোৰ number।।
নিশাৰ কথাবোৰ ৰিয়াই বুজি নাইপোৱা।। তাই নিশাক সুধিলে..
ৰিয়া: তই কাক মোৰ number দিলি আৰু মইতো ৰোহনৰ কথাহে কব আহিছোঁ।।
নিশা: কি ??? সি তোক msg দিছে।।
ৰিয়া: উমমম।। বেছি কথা নাপতিলে।। কৰবাত চাগে ব্যস্ত হৈ আছে নেকি।।
নিশা: ইমান বছৰৰ মূৰত কি মনত পৰিলে তাৰ??
ৰিয়া: মই কৈছিলোঁ নহয় সি মোক বহুত ভালপায়।।
নিশা: হমমম।। নাজানো তই কি ভাবিছ।। কিন্তু মই ভাবোঁ তই তাৰ লগত কথা নপতাকে থাক নেকি।
ৰিয়া: কিন্তু কিয়?
নিশাই কিবা কম ভাবোঁতেই ৰিয়াৰ ফোন বাজি উঠিল।। তাই নিশাৰ কথা নুশুনাকৈয়ে ফোন তো rcv কৰিবলৈ দৌৰিলে।। তাইৰ এনে লাগিছে ৰোহনে তাইলৈ ফোন কৰিছে।। ফোনটো সেই unknown number তোৰ পৰাই আহিছে তাই অলপো পলম নকৰি ফোনটো rcv কৰিলে...
ৰিয়া: তুমি ক'ত গৈছিলা।। মই ৰৈ আছোঁ তোমাৰ msg ৰ rply লে।।
নীলে ভাবিলে কথাবোৰ বঢ়াৰ আগতে সি কৈ দিয়াই ভাল হব সি যে ৰোহন নহয়।।
নীল: তুমি যি বুলি ভাবিছা মই সেইজন নহয়। মই নীল হে।। নিশাৰ পৰা তোমাৰ number লৈছিলো।। ভাবিলো তোমাক অলপ ভয় খুৱাওঁ কিন্তু তুমি বেলেগ কাৰোবাক ভাবিলা কাৰনে মই ভাবিলো ফোন কৰি কৈ দিওঁ।।
সেইটো নাম্বাৰ ৰোহন ৰ নহয় বুলি জানি ৰিয়াৰ মনটো সেমেকি গ'ল।।  তাই নীল ক কলে..
ৰিয়া: sorry.. actually মই number তো বেলেগ লৰা এজনৰ বুলি ভাবিছিলোঁ।।
নীল: বেলেগ মানে ৰোহন নহয় জানো।।
ৰিয়া: তুমি কেনেকৈ জানিলা???
নীল: আৰে বাবা তুমিয়েই দেখোন msg ত ৰোহন বুলি কৈছিলা।।
ৰিয়া: অহ...পাহৰিছিলোঁ।।
নীল: ইমান সোনকালে পাহৰিলে কি হ'ব আৰু।। bdw ৰোহন কোন হয়।।
(যদিও ৰোহনে নিশাৰ মুখত সকলো গম পাইছিল তথাপি সি নজনাৰ  দৰে তাইক সুধিলে)
ৰিয়া: ৰোহন মোৰ bf মানে ex bf ।।
নীল: ohh..পিছে breakup কিয় হ'ল???
সাধাৰণতে ৰিয়াই কেতিয়াওঁ নিজৰ ব্যক্তিগত কথা বেলেগৰ আগত নকয়।।কিন্তু  তাই নীল ক কথাবোৰ কবলৈ বেয়া নাপালে….

আগলৈ....

লেখা:- পল্লৱী দত্ত

Part 4 :- Click here


Post a Comment

0 Comments