Long distance relationship | খণ্ড ১ | অসমীয়া কাহিনী | অসমীয়া গল্প | অসমীয়া কবিতা :: অসমীয়া সাহিত্য চৰ্চা

           Long distance relationship
                                    খণ্ড :- ১
আজিৰ পৰা প্ৰায় ১৩ বছৰ আগৰ কথা তেতিয়া সুনীল দশম শ্ৰেণীৰ ছাত্ৰ। ঘৰ পাঞ্জাৱৰ এখন সৰু গাওঁত। ঘৰত মাক দেউতাক দাদাক আৰু সি। বায়েক বিয়া হৈছে ভিনিয়েক আৰ্মিত চাকৰি কৰে। সেই সময়ত ভিনীয়েক চাকৰি সূত্ৰে অসমত থাকে। নলবাৰী জিলাৰ এখন গাঁওত ভাৰা ঘৰ লৈ বায়েক ও নলবাৰীত থাকিব আহিলে। যিখন ঘৰত ভাৰা ললে সিহঁতৰ আছে দুজনী ছোৱালী এজন লৰা। ডাঙৰ ছোৱালী অনিতা দশম শ্ৰেণীৰ ছাত্ৰী এজনী সপ্তম শ্ৰেণীত পঢ়ে। লৰা জন সৰু মাক দেউাকক লৈ এখন সুখৰ পৰিয়াল।
পাঞ্জাৱৰ পৰা সুনীল ৰ বায়েক নিশা এখন নতুন গাঁওত আহি প্ৰথম অৱস্থাত ভয় কৰিছিল যদিও ঘৰৰ মালিকৰ লগতে পৰিয়াল মৰম আদৰ দেখি অভিভূত হল। এনেও আমাৰ অসমৰ মানুহে সোনকালে আপোন কৰিব পাৰে মানুহক। লাহে লাহে ঘৰৰ মালিকৰ লগত আপোন হৈ পৰিল নিশা। বিশেষকৈ অনিতৰ লগত বেছি আপোন হৈ পৰিল। নহব বা কিয় নিজৰ সৰু ভায়েক আছে তাইৰ লগত থাকি ভায়েক হতৰ লগত থকা যেন লাগে। এনেকৈ দিন বোৰ গৈ থাকিল। নিশাই প্ৰয়ে অনিতাৰ আগত ভায়েক সুনীল কথা কয়। সি কি কাঢ়ি ভাল পায় কি খায় কি কৰে। এইবোৰ শুনি আনিতা ৰ মনত সুনীল চিনাকি হৈ পৰিল।( আপোনালোকে বুজিব পৰিছে চাগে ষ্টোৰিৰ নয়ক নায়িকা কোন)।
দুমাহ মান পিছত নিশা ঘৰলৈ গল যোৱা সময়ত অনিতাক নিশাৰ মাকৰ ফোন নম্বৰ দি গল যদি নিশাৰ ফোনত নাপায় তেতিয়া মাকৰ নম্বৰ ত ফোন কৰিব।

   অনিতাই নিশা বা লৈ ফোন কৰিলে। কিন্তু মাকৰ নম্বৰত ফোন লগালে। ফোন উঠালে সুনীল ।
সুনীল _ হেল্লো কোনে কৈছে ?( কথা বতৰা হিন্দীত হৈছিল যদিও মই অসমীয়াতে লিখিম।)
অনীতা _ আপোনাৰ বৌক দিয়কচোন
সুনীল _ বৌ মানে
অনিতা _ মানে নিশা বা
সুনীল _ তেওঁ মোৰ বা হয়
অনিতা_ ক্ষমা কৰিব। তুমি সুনীল নেকি
সি_, হয় । পিছে আপুনি কোন মোক কেনেকে চিনি পায়।( নামৰ ঠাইত সি তাই লিখিম যিহেতু আপোনালোকে এতিয়া বুজি পাব সি তাই কোন)
তাই _ মই অনিতা। তুমাৰ বা আমাৰ ঘৰত ভাৰা থাকে। তুমি ক্ৰিকেট খেলি ভাল পোৱা হয় নে? নিশা বাই তোমাৰ কথা কৈ থাকে।
সি _ হয় মই ক্ৰিকেট খেলি বহুত ভাল পাওঁ। বাৰ মুখত তোমাৰ কথাও শুনিছোঁ।
এনেকৈ কিছু সময় কথা পাতি দুয়ো ফোন ৰাখিলে। এনেকৈ দিন গৈ আছে। সুনীল ৰ নিজৰ ফোন নাই। আনিতাই প্ৰায়ে মাক ৰ নম্বৰত ফোন মেচেজ কৰিব ধৰিলে। সুনীল পাৰিলে মাকৰ ফোন ৰ পৰা অনীতাৰ লগত কথা পাতিব ধৰিলে। দুয়ো নাজানে কিয় কথা পাতি ভাল লাগে। লাহে লাহে এনেকুৱা হল সুনীল স্কুলত যাওঁতে যি ২০ টকা  দিয়ে তাৰে ১৫ টকা পি চি ও ৰ পৰা অনীতাক ফোন কৰে ৫ টকাৰ কুলচা খায়।
সিহঁতৰ ভাল বন্ধুত্ব স্থাপন হল আচলতে বন্ধুত্বৰ পিছত প্ৰেম লুকাই আছিল।
এনেকৈ দিন বোৰ ভালে গৈ আছিল।
চাওঁতে চাওঁতে সিহঁতৰ মেট্ৰিক পৰীক্ষা শেষ হল।
সুনীল ৰ বা নিশা ও তাতে আছিল কিয়নো তেওঁ এটি কন্যা সন্তান জন্ম দিছিল।
নিশা সুষ্ট হৈ উঠাৰ পিছত আকৌ অসমলৈ অহাৰ কথা চিন্তা কৰিলে এইবাৰ সুনীল ক লৈ আহিব পৰীক্ষা শেষ যিহেতু। কথা মতে কাম হল।
এইফালে ভিনিয়েকে নতুন ৰোম লৈছিল নলবাৰী চহৰত। ঘৰত নতুন আলহী আহিছে কোনো ফালৰ পৰা যাতে কষ্ট নহয় তাকে ভাবি ভিনীয়েকে সকলো যোগাৰ নিশা হত আহি পোৱাৰ আগতে কৰী ৰাখিছে।
সুনীল ৰ মনত বহুত আনন্দ কিয়নো অসমত আহিব যত তাৰ বন্ধুত্বৰ মাজত লুকাই থকা প্ৰীয়াশি জনি আছে।
অৱশেষত সেই দিনটো আহিল।

আগলৈ…

লেখা:- ৰুমি দাস



Next part Link (2) :- Click here

Post a Comment

1 Comments