Long Distance Relationship | খণ্ড ৭

               Long Distance Relationship
                                  খণ্ড:-৭
 চাওঁতে চাওঁতে প্ৰায় এবছৰ হল সুনীল আৰু অনিতা ফোনত কথা নপতা। সুনীল কেতিয়াবা ফোন নম্বৰ বিচাৰে তাই কয় মই নিজে ফোন কৰিম সি অপেক্ষাত থাকে নাই নকৰে। এই ফালে ৰিয়া আৰু অনিতা একে লগে থকা দুমাহ হল কিন্তু অনিতা বেছি ৰুমত নাথাকে কেতিয়াবা ঘৰত কেতিয়াবা বেলেগ বান্ধৱী আৰু কেতিয়াবা বৰ দেউতাকৰ ঘৰত থাকে। ৰিয়া ব্যক্তিগত খণ্ডত চাকৰী কৰে। দুমাহ মান যোৱাৰ পিছত অনিতা আহি কলে আৰু তাই বেছিকৈ ঘৰত নাযায় ৰূম ত থাকিব কিবা যব পালে কৰিব। ৰীয়া ভালে পালে অকলে থাকি আমনি লাগে। এদিন দুয়ো অতীতৰ কথা পাতিলে অনিতা ৰ কথা বোৰ শুনি তাইৰ বেয়া লাগিলে সুনীল ৰ বাবে আৰু কথাবোৰ শুনি কিবা চিনেমা যেন লাগিছিল কিয়নো তাই তেনেকুৱা লৰা পোৱা নাই বাস্তৱ জীৱনত। কথা বোৰ শুনি তাইৰ সুনীল ৰ প্ৰতি বহুত ভাল ভাব জাগীল আৰু তাই অনিতা ক কলে সি যদি এতিয়াও তোৰ বাবে ৰৈ আছে এবাৰ ভাবি চা এনেকুৱা লৰা পোৱা2 বহুত টান তই লাকী যাৰ বাবে এনেকুৱা লৰা পাইছ। আচলতে অনিতা এই বোৰ কথা বহুত প্ৰাউদ ত কৈছিল হয় ও ইমান ভাল পোৱা লৰা পাইছে পিছে তাইৰ সেই প্রাউদ নিজক লৈ হে তাই ভাবে তাইৰ তাত এনেকুৱা কিবা এটা আছে যাৰ বাবে সি ইমান ভাল পায়। অনিতা ই কলে সি এতিয়াও বেলেগ ছোৱালী নাচায় মই যি কওঁ এতিয়াও শুনে মই তাক বেলেগ ছোৱালী চাব মানা কৰিছোঁ আৰু তাৰ বেলেগ ছোৱালী প্ৰতি তেনেকুৱা ফিলিং নাই। ৰিয়া তেতিয়া তাইক কলে তয় বহুত বেয়া কাম কৰিছ নিজে হলে প্ৰেমিক লৈ লৈছা আৰু তাক মানা কৰা নিজে তাৰ জীৱনত নোযোৱা আৰু বেলেগ ও আহিব নিদিয়া মানুহ ইমান স্বাৰ্থপৰ হব নাপায়। তাই হাঁহি মাৰি কলে মই তাক বেলেগৰ লগত চাব নোৱাৰোঁ আৰু মই কলেওঁ সি বেলেগ ছোৱালী নাচায় সি মোক বহুত ভাল পায়। ৰিয়াৰ মন টো বহুত বেয়া লাগিছিল তাৰ বাবে। তাই ভাল কৈ বুজে ভাল পোৱা হেৰুওৱাৰ বেদনা কিমান কিয়নো তাই ও সেই দুখ পাইছে। কিন্তু তাই হাৰ মানা ছোৱালী নহয় এদিন তাই নিজক প্ৰতিষ্ঠিত কৰিব যিয়ে তাইৰ লগত প্ৰতাৰণা কৰিছে সি এদিন নিজে ক্ষমা বিচাৰিব তাইৰ নিজৰ ওপৰত বিশ্বাস আছে।
  অনিতা আৰু ৰীয়া প্ৰায়ে সুনীল ৰ কথা পাতে কেতিয়াবা ফেচবুকৰ মেচেজ দেখায় চা সি মোক কিমান ভাল পায়। তাইৰ কথা শুনি ৰিয়াৰ যেন আৰু সহ্য নহয় তাই নোৱাৰে সুনীল ৰ লগত ইমান অন্যায় সহিব। তাই অনিতাক কৈ দিলে টয় ভবা নহয় সি সদায় তোৰ কথা শুনিব আৰু টয় সদাই তোৰ মতে চলাই যাবি মই এনেকুৱা হব নিদিওঁ সি ও আগ বাঢ়ি যাওক জীৱনত মই কথা পাতিম তাৰ লগত। অনিতাও কলে পাতি চা কথা যদি সি পাতে। পিছে ৰীয়াৰ চিন্তা ও লাগে সিহঁতৰ মাজত সোমাব। দুদিন মান তাই তেনেকৈ চিন্তা কৰি থাকিল পিছে তাইৰ এবাৰ সুনীল ৰ লগত কথা পাতিব বহুত মন আছে ইমান ভাল লৰা। এদিন তাই ফেচবুকত বিচাৰি ফ্রেইণ্ড ৰেকোৱেষ্ট পঠাই দিলে এক্সেপ্ত কৰা নাই।পিছ দিনা ফেচবুক খুলি দেখিলে সুনীল ৰ ফ্ৰেইন্দ ৰেকোৱেস্ত পঠাইছে  তাই অনিতাক দেখালে অনিতা মানা কৰিলে একচেপ্ত কৰিব পিছে তাই নামানিলে আৰু একছেপ্ত কৰিলে। অলপ পিছত মেচেজ আহিল হাই তাইও ৰিপ্লায় দিলে এনেকৈ দুয়ো নিজৰ নিজৰ চিনাকি পৰ্ব শেষ কৰিলে। সুনীল ৰ অসমৰ কোনোবা পালে কথা পাতে কিজানি অনিতা ৰ খবৰ পায়। আৰু ৰিয়াৰ লগত কথা পাতি তাৰো যেন কিবা এটা ভাল লাগিছে। সি ৰীয়াৰ ফটো বিচাৰিলে তাই চেণ্ড কৰি দিলে কিয়নো তাই সুনীল ৰ কথা জানে সি বেয়া লৰা নহয়। পিছে সুনীল নাজানে তাই তাৰ কথা জানে বুলি। সুনীল ৰ ৰিয়াক বিশ্বাসী যেন লাগিল কিয়নো সি এবাৰ কওঁতে ফটো চেন্দ কৰিলে সি ভাবিলে ছোৱালী জনী বহুত সহজ। তেনেকৈ সিহঁতে বহুত সময় কথা পাতিলে। দুদিন পিছত সি তাৰ অতীতৰ কথা বোৰ তাইক কলে। কথাই কথাই তাই কলে যে অনিতা ক চিনি পায় তাই কিন্তু একেলগে থাকে বুলি কোৱা নাই অনিতা ৰ কথা ও ৰাখিব লাগে। সি ৰীয়াক অনুৰোধ কৰিলে এবাৰ তাৰ কথা পাতিব তাইক তাৰ জীৱনত ঘূৰি যোৱাৰ বাবে কবলৈ তাই কথা পাতিম বুলি কলে। তাই অনিতা ৰ লগত কথা পাতিলে বুজালে তাৰ জীৱনত ঘূৰি যোৱাৰ বাবে পিছে নাই অনিতা ক বুলে তেনেকুৱা পিছত পৰা লৰা নালাগে নতুন প্ৰেমিক জনে লাগে। পিছে সুনীল ৰ আগত তাইৰ লগত কথা পতা বুলি কোৱা ৰ সাহস হোৱা নাই ৰিয়াৰ । সুনীল মেচেজ কৰি সুধিছে কথা পাতিলে নে ৰিয়া কি বুলি কব তাক কিমান অগ্ৰহত ৰৈ আছে। তাই ভাবিলে কাৰোবাৰ ভালৰ বাবে মিছা কলে একো নহয় তাই কলে মোৰ তাত যিটো নম্বৰ আছে সেইটোত লগা নাই ফোন পিছে মই তাইৰ নম্বৰ লব পাৰিম আৰু কথা পাতিলে তোমাক জনাম। সি ও হব বুলি কলে। এই ফালে অনিতা ও তাক আগত কৈ বেছি মেচেজ কৰা হল কিয়নো তাই নিবিচাৰে সি ৰিয়াৰ লগত কথা পতাটো। ৰীয়াই প্ৰায়ে কয় সুনীল ক তুমি তাক গুৰুত্ব দিয়া যুনে তোমাক দিয়ে। তাই অতীতত কাৰোবাক বেছি গুৰুত্ব দি পষ্টায় থৈছে যে। জীৱনত আগ বাঢ়ি যোৱাৰ কথা কয় সুনীল ক। তাই তাক বুজাই যি তোমাৰ নহল সি তোমাৰ নাছিল। ৰিয়াৰ কথা শুনি সুনীল ৰ অলপ সাহস আহিল। সি অনিতাক কলে যদি তুমি মোক এতিয়াও ভাল পোৱা তেনেহলে মোক তোমাৰ নম্বৰ দিয়া আৰু যদি নিদিয়া মই জানিম তুমি মোক এতিয়া ভাল নোপোৱা। তাই এটা দিন দিলে যে সেইদিনা তাই তাক নিজৰ নম্বৰ দিব। এইবোৰ কথা সুনীল ৰিয়াৰ আগত কলে যে তাই মোক নম্বৰ দিম কৈছে। সুনীল ৰ কথা শুনি ৰিয়াৰ ভাল লাগিছে তাৰ বাবে কিন্তু অজানিতে অলপ বেয়াও লাগিছে তাই নাজানে কিয়।

   ৰিয়া আৰু সুনীল কথা পতা দেখি অনিতা ৰ জ্বলন হৈছে। তাই সুনীল ক মেচেজ কৰে তুমি যিকোনো ছোৱালী ৰ লগত কথা নাপাতিবা আৰু যিমান ছোৱালী ফেচবুকত আছে ব্লক কৰি দিয়া।সি কলে কিয় দিব লাগে তুমি মোৰ জীৱনত ঘূৰি আহিলে দিম যি কোৱা তাকে শুনিম আগত ঘূৰি আহিব লাগিব। তাই বহুত কলে তাই নিবিচাৰে সি বেলেগ ছোৱালী ৰ লগত কথা পাতাটো পিছে এই বাৰ সি তাইৰ কথাত মান্তি নহল।
   এই ফালে সুনীল আৰু ৰিয়া ৰ বন্ধুত্ব ভাল কৈ গড়ি উঠিছিল অনিতা ৰ লগত কি কথা পাতে সকলো কয় তাই ও তাক সহায় কৰে মনত সাহস দিয়ে।সুনীল ৰীয়াক নিজৰ ফোন নম্বৰ দিলে আৰু কলে যদি মোক বিশ্বাস কৰা এবাৰ ফোন কৰিবা। ৰিয়াৰ বিশ্বাস আগৰ পৰা আছে তাই কলে গধূলি 5 বজাত ফোন কৰিম। সি হব বুলি কলে। ৰিয়া অনিতাক কলে এই নম্বৰত টো চিনি পাইছা নে তাই উম্ বুলি কলে তাত কে বেছি একো কোৱা নাই। ৰিয়া কলে তই কৈছিলী নহয় সি বেলেগ ৰ লগত কথা নাপাতে এতিয়া চাবি মই তাক কেনেকৈ জীৱনত আগ বঢ়ায় নিম আৰু যদি তই তাৰ জীৱনত যাব বিচৰা মই এনেকুৱা একো নকৰোঁ সি এতিয়াও তোক ভাল পায় যা ঘূৰি তাৰ জীৱনত ভাল লৰা এটা এনেকুৱা মদাহী হল অলপ ও বেয়া নালাগে তোৰ তাই কলে তোৰ যদি ইমান বেয়া লাগিছে তই যা তাক প্ৰেমীক বনায় ল। ৰিয়া ই কলে এদিন তই পষ্টাবি যেতিয়া তোৰ জীৱনত এনেকুৱা হব। তাই কলে মোৰ বাবে লৰাৰ অভাৱ নাই কিমান প্ৰেমৰ প্ৰস্তাৱ আহে। ৰিয়া মনতে ভাবিলে নাজানো তোক লৰা বোৰে সঁচাকৈ ভাল পাওঁ বুলি কয় নে এনে কয় সুনীল ভাল লৰা বাবে তোক ইমান ভাল পায় নহলে তোৰ গাত এনেকুৱা একো গুণ দেখা নাই যাৰ বাবে লৰা তোৰ পিছত পাৰিব।
    5 বাজিব হল তাই সুনীল ৰ নম্বৰ ডাইল কৰিলে সি ও চাগে ৰৈ আছিল ফোন টোৰ বাবে। সুনীল ৰ বহুত ভাল লাগিল কিয়নো তাই কোৱা মতে 5 বজাত ফোন কৰিছে সুনীল ও সময়ৰ পাক্কা লৰা সেইবাবে ৰিয়াৰ এই গুণ টো বহুত ভাল লাগিছে। দুয়ো অলপ লাজ লাজ কৈ কথা পাতিলে প্ৰথম বাৰ ফোনত কথা পাতিলে যিহেতু। দুয়ো কিছু সময় কথা পাতি ফোন ৰাখিলে। কথাৰ মাজতে ৰিয়া সুনীল ক শুধিছিল সি এতিয়াও মদ খায় নেকি সি মিছা মতা নাছিল খায়  বুলি কলে ৰীয়া সেই দিনা একো নকল।পিছে তাই মনতে ভাবিলে তাই সুনীল ক মদ খোৱা বন্ধ কৰিব। দুদিন তিনিদিন পিছত অনিতাই কোৱা সেই দিনটো আহিল যিদিনা তাই সুনীল ক নম্বৰ দিব। সুনীল ৰিয়াক কলে আজি নম্বৰ দিয়া কথা যদি নিদিয়ে মই আৰু তাইৰ অপেক্ষা নকৰোঁ। ৰিয়াই তাক শুভেচ্ছা দিলে ভাল কৈ কথা পাতিব। দিনটো গল সন্ধিয়া হল ফোন নকৰিলে অনিতাই আৰু মেচেজ ও কৰা নাই। সুনীল  ৰিয়া ক ফোন কৰি কলে তাই এতিয়াও ফোন কৰা নাই। অনিতা সেই দিনা মাকৰ লগত ফেন্সী বজাৰ গৈছে ৰীয় জানে সেই কথা পিছে সুনীল ক কলে কিয় বা নকৰিলে। সি কলে আজি চাই লওঁ কি কৰে। সি ৰাতিও ৰাখিলে পিছে তাই ফোন নকৰিলে। পিছ দিনা তাই তাক মেচেজ কৰিলে কি কৰি আছা সি সুধিলে আগতে কোৱা কালি কিয় ফোন নকৰিলে। তাই কলে ছৰি চনা মোৰ দেউতাৰ হাৰ্ট এটেক্ত আহিছিল হস্পিটেল লৈ আহিব লগা হল। সুনীল খবৰ ললে দেউতাকৰ এতিয়া ভাল পালে নে নাই। পিছে অনিতা ৰ ওপৰত বিশ্বাস কমিছে। অলপ সময় মেচেজ কৰিলে সিহঁতে। পিছত সি ৰিয়াক ফোন কৰি কথা খিনি কলে। কথা বোৰ শুনি ৰিয়া আচৰিত হল কিয়নো এজনী ছোৱালী দেউতাকক বহুত বেছি ভাল পায় তেনে ঠাইত কেনেকৈ নিজৰ দেউতাকক লৈ ইমান ডাঙৰ মিছা কব পাৰে। তাইৰ অনিতা ক বহুত বেছি মিচলিয়া ছোৱালী বুলি জানিলে তাইৰ মনত তেতিয়া ভাৱ হল অনিতা সুনীল ৰ যজ্ঞ নহয়। ভগৱানে ভালে কৰিছে দুয়োটাকে আঁতৰাই দিছে এতিয়া মাত্ৰ সুনীল ক এইবোৰৰ পৰা বাহিৰত আনিব পাৰিলে হল। ৰিয়া বিচাৰে এনেকুৱা সকলো সুনীল এনেকুৱা অনিতা ৰ মায়াৰ পৰা বাহিৰত অহা2।
  ৰিয়া আৰু সুনীল প্ৰায়ে কথা পাতে। তাইৰ এটাই লক্ষ্য সুনীল ক এইবোৰ ৰ পৰা বাহিৰত অনা। সুনীল ৰ ও ৰিয়াৰ কথা বোৰ ভাল লাগে সাহস পায়। অনিতা ও সুনীল ক মেচেজ কৰে কিন্তু এতিয়া সি ইমান বেছি গুৰুত্ব নিদিয়ে। তেনেকৈ কিছু দিন ৰিয়া আৰু সুনীল কথা পাতিলে এদিনাখন ৰাতি দুয়ো দেৰিলৈকে কথা পাতি আছিল সুনীল কিবা এটা কব বিচাৰি আছিল পিছে কব পৰা নাই। ৰিয়া বুজি পালে আৰু সুধিলে কিবা কবা সি কলে যদি বেয়া নোপোৱা কম। তাই কলে নাপাওঁ কোৱা। সি কলে তোমাক ভাল লাগে মোৰ বহুত সহায় কৰিছা মোক গোটে জীৱন তোমাৰ সহায় বিচাৰো লগতে মৰম বিচাৰো আগৰ সকলো পাহৰি যাব বিচাৰো ভাল পোৱা হৈ গল তোমাৰ লগত। ৰিয়া ৰ কথা সাৰ শুনি বুকু কপি উঠিল কি কব তাই। কৰবাত নহয় কৰবাত তাইৰ হৃদয়ত সুনীল ঠাই লৈছে। হলেও তাই অতীতত কাৰোবাক ভাল পাইছিল। তাই সুনীল ক কলে তাই  কাৰোবাক ভাল পাইছিল অতীতত। তাইৰ অতীতৰ কথা নজনকৈ সি তাইক কেনেকৈ ভাল পাব পাৰে। তেতিয়া সুনীল কৈছিল মোক তোমাৰ অতীত নালাগে বৰ্তমান আৰু ভবিশ্বত লাগে। মোৰ ও অতীত তুমি জানা তাৰ বাবে তোমাৰ আপত্তি নাই যদি মোৰ তোমাৰ অতীত জানিব লগা নাই। তুমি সময় লোৱা মই অপেক্ষা কৰিম।

   সুনীল ৰ কথা শুনি ৰিয়া ৰ তাৰ প্ৰতি বেছি আকৰ্ষিত হল তাই ও কৈ দিলে ঠিক আছে মই তোমাৰ প্ৰস্তাৱ মানি লৈছোঁ কিন্তু তুমি জানো পাৰিবা মোক অনিতা ৰ ঠাই দিব।
সুনীল _ সঁচা কবলৈ গলে মোক অলপ সময় লাগিব তাইক পাহৰাত কিন্তু মই তোমাক কথা দিছোঁ মোৰ পৰা কেতিয়াও তুমি মৰমৰ কমি নোপোৱা। হয় তাই মোৰ প্ৰথম প্ৰেম সময় লাগিব তাইৰ ঠাই তোমাক দিয়াত ।পিছে তুমি যদি মোক মৰম দিয়া তাইতকৈ বেছি তোমাক ভাল পাম। নাজানো তোমাক কিয় ভাল লাগিছে  মোৰ মনে কয় তুমি সদায় মোৰ কাষত থাকিবা। তুমি মোৰ জীৱনত অহাৰ আগত মোৰ পৃথিৱী খন অকল অনিতা আছিল মই বেলেগ চাবলৈ চেষ্টা কৰা নাছিলোঁ। এনেকুৱা লাগিছিল মোৰ জীৱন যেন তাইৰ অবিহনে অসাৰ। তুমি মোক নতুন কৈ জীৱন গড়াৰ বাত দেখাইছা। মই জীৱনত আগ বাঢ়ি যাব বিচাৰো তোমাৰ সঁহাৰি পালে মই পাৰিম। কোৱা থাকিবা নে তুমি মোৰ লগত।
সুনীল ৰ কথা শুনি ৰিয়ায় কথা দি দিলে তাৰ লগত সদায় থকাৰ। এনেকৈ আৰম্ভ হল এক নতুন প্ৰেমৰ। অনিতা চেষ্টা নকৰা নহয় সিহঁতক বেলেগ কৰাৰ পিছে পৰা নাই। এনেকৈ দিন বোৰ গৈ আছে অনিতা ৰ আকৌ ব্ৰেক আপ হল। তাৰ কিছু দিন পিছত আকৌ নতুন প্ৰেমিক ললে পিছে সেইজন ৰ বাবে হোষ্টেল ৰ সন্মুখত গৈ লগ কৰিব ৰ বাবে মাৰিম বুলি ভয় দেখুৱাব লগা হল।
   সুনীল ৰিয়াৰ সম্পৰ্ক হোৱা ৩ মাহ মান পিছৰ কথা অনিতা ৰ নতুন প্ৰেমিকৰ লগত সম্পৰ্ক হোৱা এমাহ মান হৈছে তেতিয়া অনিতা সকলো কথা ৰিয়াক খুলি নকয় কাষৰ ৰুম ত থকা বান্ধৱী তিনা ৰ লগত হে সকলো কথা পাতে। কৰবাত যাব লগা হলে তিনিও একেলগে যায় কিন্তু এদিন গধূলি সময়ত ৰিয়াক এৰি দুয়ো বাহিৰত ওলাই গল ৰিয়াৰ মন বেয়া লাগিছিল এনেকুৱা কৰা বাবে পিছে অনিতা ই ৰিয়া ক কোৱা নাই নতুন প্ৰেমিক ৰ কথা তিনাৰ পৰা হে জনিছে। দুয়ো ওলাই গল সন্ধিয়া ৭:৩০ মানত ৰুমত আহিল অনিতা ৰ ভৰি ত তেজ ওলাই আছে কিবাকে তিনাই ধৰি ধৰি লৈ আহিছে। ৰীয়াই শুধাত কলে শিলত লাগি হল।পিছত তাই একো নুসুধিলে। পিছ দিনা তীনাই সকলো কলে যে কালি সিহঁত অনিতা ৰ নতুন প্ৰেমিক ক লগ কৰিব গৈছিল আচলতে সি অনিতাক লগ কৰিব বিচৰা নাছিল তাই যোৰ কৰিছিল সি নামানিল বাবে তাৰ হোষ্টেল ৰ সন্মুখত গৈ তাই আত্মহত্যা ৰ ভাবুকি দিছিল আৰু তাতে তাই ইটা এটা ভৰিৰে লাথ মাৰি দিয়া বাবে ভৰিত দুখ পাইছিল। তীনাৰ বহুত ভয় লাগিছিল কীবাকৈ বুজায় লৈ আহিছে তাইক। ৰিয়াই ভাবিলে সুনীল ৰ লগত প্ৰতাৰণা কৰা বাবে হয়টো এনেকুৱা হৈছে। ৰিয়াৰ অনিতা ৰ বাবে এতিয়া দুখ নালাগে। কিয়নো অনিতাই সুনীল ক দিয়া মেচেজ তাই নিজে দেখিছে সুনীল ৰিয়াৰ বিশ্বৰ বাবে তাৰ ফেচবুকৰ পাছ ৱৰ্ড দি দিছে। যত অনিতাই লিখিছিল সুনীল তুমি কোনোবা ছোৱালীৰ লগত কথা পতা নেকি মই নিবিচাৰোঁ তুমি যি টি ফাল্টো ছোৱালীৰ লগত কথা পতা। তাই খুলি কব পৰা নাছিল ৰিয়াৰ নাম কিয়নো তেতিয়া সি গম পাব অনিতা আৰু ৰিয়া একেলগে থাকে যিটো তাই কেতিয়াও নিবিচাৰে। ৰিয়াও কোৱা নাই সুনীল ক বান্ধৱী ৰ খাতিৰত। আৰু এইটো মিছা ৰ পৰা কৰি ক্ষতি নহয় যিহেতু। যি টি ছোৱালী বুলি যে ৰিয়া ৰ কথা কৈছে তাই ভাল কৈ বুজি পাইছে হলেও তাই অনিতাক একো সুধা নাই। ৰিয়াঁই অনিতাক কেতিয়াবা কয় সুনীল ৰ কথা সি তাইক লগ কৰিব বিচৰাৰ কথা। অনিতাই ফিতাহি মাৰি কয় সি কেতিয়াও অসম নাহে। তেনেকৈ কলে ৰিয়াৰ মন টো বেয়া লাগে। পিছে এটা কথা মিছা ও নহয় সুনীল লগ কৰিম কৈছে হয় অসম আহিব কোৱা নাই ৰিয়াক মাতিছে লগ কৰিব দিল্লী লৈকে। তেতিয়া লৈকে সুনীল ৰ মনত অনিতা আছিলে। যদিও ৰিয়াক ভাল পাওঁ কৈছিল। ৪ মাহ মান পিছত এদিন সুনীল কৈয়ে দিলে সি তাইক অনিতার ঠাই দিব পৰা নাই। ৰিয়াৰ বহুত দুখ লাগিছিল কিন্তু তাই দেখুৱায় নাছিল। তাই কলে ঠিক আছে আমি আগৰ দৰে বন্ধু হয় থাকিম। তাই বুজি পাইছিল সুনীল অনিতা ক কিমান ভাল পায়। আচলতে সি ৰিয়া তাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ অনুভৱ কৰিব পৰা নাছিল তেতিয়ালৈকে। ৰিয়া তাৰ কথা শুনি সেই মূহুৰ্তত নিজক সলনি কৰা অভিনয় কৰিলে এজন বন্ধুৰ লগত যেনেকৈ কথা পাতে তেনেকৈ পাতিব আৰম্ভ কৰিলে তাইৰ যেন একো হোৱা নাই। মই আগতে কৈছোঁ ৰিয়া জেদী ছোৱালী অহংকাৰী নহয় কিন্তু আত্ম সন্মান থকা ছোৱালী। সেই দিনা তাই সুনীল ক ফোন মেচেজ নিজে একো কৰা নাই সি কৰিলে উত্তৰ দিছে। পিছে সুনীল ৰিয়াৰ ব্যৱহাৰ সহিব পৰা নাই। সি নোৱাৰে তাইৰ তাৰ প্ৰতি ইগ্নৰেঞ্চ সহ্য কৰিব। উপায় নাপায় সি ৰাতি কয় দিলে ৰিয়া এনেকুৱা নকৰিব মই নোৱাৰোঁ তোমাৰ লগত এনেকৈ থাকিব। মোৰ ভুল হল নিজক বুজাত তুমি মোৰ হৃদয়ত স্থান লৈচা মই হে দেৰিকৈ বুজিলো। মোক এবাৰ ক্ষমা কৰি দিয়া আৰু কেতিয়াও এনেকুৱা নহয়। ৰিয়া নামানে সি বহুত অনুৰোধ কৰিলে শেষত তাই মান্তি হল। আচলতে তাই ইমান সময় অভিনয় কৰি আছিল আগলৈ যাতে সি ভুল নকৰে।
    দিন বোৰ ভালে ভালে গৈ আছিল সুনীল এতিয়া ৰিয়াৰ কথা মতে মদ খোৱা আগতকৈ বহুত কমাইছে একেবাৰে এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে সি মাত্ৰ অলপ সময় বিচাৰিছে। নিজৰ আধৰুৱা ডিপ্লমা কৰ্চ আকৌ আৰম্ভ কৰিছে। টিনাই কোৱা মতে অনিতা প্ৰেমিক ক পাবলৈ কলা যাদু কৰিছে। ৰীয়া আৰু অনিতা ৰ সম্পৰ্ক বেয়া হোৱা নাই যদিও ভিতৰি ভিতৰি অলপ বেয়া ও পায়। এদিনাখন ৰাতি ৰীয়া আৰু সুনীল ফোনত কথা পাতি আছিল কাষৰ বিছনা ত অনিতা ও কোনোবা লৰাৰ লগত কথা পাতি আছিল। ৰিয়া বেছি দেৰিলৈ কথা পাতিব নোৱাৰে তাইৰ টোপনি বেছি। অনিতা অলপ ডাঙৰ কৈ কথা পাতি আছিল সুনীল শুনা পাইছিল পিছে সি নাজানে সেয়া তাৰ এসময়ৰ প্ৰেমিকা। সি কলে দেখিচা তোমাৰ বান্ধৱী কিমান ধুনীয়া কৈ নিজৰ প্ৰেমিকৰ লগত কথা পাতি আছে আৰু তুমি ৰাতি হলে টোপনি। ৰিয়াৰ বহুত হাঁহি উঠিল সি সুধিলে কিয় হাহিচা তাই এনে বুলি কলে পিছে সি নামানে শেষত ৰিয়া কবলৈ বাধ্য হল আৰু সঁচা কথা কয় দিলে। ইমান দিন মিছা কোৱা বাবে সি ৰিয়াক অলপ খং কৰিলে। আগলৈ,,,,,


লেখা:- ৰিমা দাস



Post a Comment

0 Comments