Long Distance Relationship | খণ্ড ২ | অসমীয়া কাহিনী | অসমীয়া কবিতা :: অসমীয়া সাহিত্য চৰ্চা

               Long Distance Relationship

                                    খণ্ড:- ২

সুনীল আহি অসমৰ নলবাৰী পালে। আজি দুদিন হল আহি পোৱা পিছে মনত শান্তি পোৱা নাই। পায়নো কেনেকৈ ইমান দিনে মনতে কল্পনা কৰা বান্ধৱী জনীক লগ পোৱাৰ হেপাহে মন খেলিমেলি কৰী আছে। যিহেতু ভনীয়েকে ৰূম সলনি কৰিছে সেয়েহে এতিয়া আনিতা ৰ মাজত দূৰত্ব ৩০/৩৫ কি:মি। যোৱা দুদিন ধৰি সুযোগ পালে বায়েকৰ ফোনৰ পৰা সুনীল আনিতা লগত কথা পাতিছে। আনিতা ৰ ও একে অৱস্থা লগ পোৱাৰ হেপাহ। দুয়োৰে মনত এটাই চিন্তা কেনেকৈ লগ পাব পাৰি। আনিতা তেতিয়া ইমান ডাঙৰ নহয় কৰবাত অকলে যাব দিব মাক দেউতাকে। সেয়ে অনিতায় ভাবিলে যিহেতু নিশাৰ লগত অনিতা ৰ ঘৰৰ মানুহৰ ভাল সম্পৰ্ক আছে ইফালে নিশাৰ ছোৱালী এজনী জন্ম পাইছে তাইক লগ পোৱাৰ অজুহাত লৈ অনিতা মাকক কলে_ মা নিশা বা যিহেতু নলবাৰী আহিছে আমি লগ কৰিব যাম দিয়া ছোৱালী জনী চাব মন গৈ আছে মোৰ।
মা _ ঠিক আছে দিয়া মই ও কথাটো ভাবিছোঁ। অহা কাইলৈকে যাম দিয়া।
    মাকৰ কথা শুনি আনিতা ৰ কিমান যে ফুৰ্তি। ফোন লগালে নিশা লৈ বা কাইলৈ মা মই তোমালোকৰ ৰুমত যাম মাইনক চাব মন গৈ আছে। কথা শুনি নিশা ভালে পালে। ইফালে সুনীল ৰ মন উগুল থুগুল। বায়েক কামত ব্যস্ত থকাৰ সুযোগ লৈ ফোন লগালে অনি লৈ।
দুয়ো কথা পাতিলে বহুত সুখী দুয়ো কালি লগ পাব। অলপ ভয় লাজ ও লাগিছে। যোৱা ৭,৮ মাহ দুয়ো ফোনত কথা পাতিচে তেতিয়া ইমান বেছি স্মাৰ্ট ফোনৰ ব্যৱহাৰ নাছিল সেয়ে দুয়ো দুয়োকে দেখা নাই। অলপ কথা পাতি ফোন ৰাখিলে।

দুয়োৰে মনৰ আওল বাওল লাগিছে কেতিয়া যে সময় বোৰ পাৰ হব। ৰাতি যেন নাযায় নুপুয়াই। কিমান যে কল্পনা সিহঁতৰ কালি সিহঁতে ইজনে সিজনক দেখিবলৈ পাব ইমান দিনে সিহঁতে মনতে কল্পনা কৰিছিল দেখিবলৈ কেনেকুৱা হব। দুয়ো হইটো অলপ হলেও বুজি পাইছে আচলতে সিহঁত বন্ধু বান্ধৱী নে আৰু কিবা বেলেগ ভাল লগা আছে সিহঁতৰ মাজত। যেনে তেনে ৰাতি পুৱাল। ৰাতি নহয় যেন এটা যুগ হে পাৰ কৰিলে সিহঁতে। ৰাতিপুৱা সোনকালে উঠি গা ধুই ললে সুনীল। লগ পোৱাৰ ইমান হেঁপাহ যেন ৰূম আহালৈ ৰাখিব নোৱাৰে। বায়েকক কলে ভিনদেউৰ পুৰণি ফোন টো ভাল কৰিব যাম মই। প্ৰথমতে বাধা কৰিলে যদিও পিচত বায়েকে যাবলৈ দিলে। লগত বায়েকৰ ফোন দিলে কিবা অসুবিধা হলে ভিনীয়েক ক ফোন কৰিব যিহেতু নতুন ঠাই। ৯:৩০  মানত অনিতা আহি নলবাৰী ৰেল ষ্টেছন পাব। সুনীল যাব ওলাল নিশাই কলে অনিতা আৰু মাক আহিব। ফোন কৰিব পাৰে ঠিকনাটো দিবি। সুনীল যেন একো নাজানে কলে ফোন কৰিলে কম বাৰু। ৰুমৰ পৰা ওলাই ফোন লগালে অনিতা ক তাই কোৱা মতে সুনীল ৰিক্সা ত উঠি গল ষ্টেচনৰ ফালে। আৰু কিছু সময় অপেক্ষাৰ পিছত দেখিব ইজনে সিজনক। ৰেল আহি নলবাৰী ৰেল ষ্টেচনত ৰাখিলে। সুনীল ষ্টেচনৰ পৰা দূৰত আছিল কিয়নো দুয়ো সকলো জানি বুজি কৰিছিল যদিও ঘৰৰ মানুহৰ যাতে সন্দেহ নহয়। সেয়ে দুয়ো অলপ অভিনয় কৰিব লগা হল। দুয়োৰে বুকুৰ ঢপ ধপনি বাঢ়িবলৈ ধৰিলে। ৰেলৰ পৰা নামি অলপ আগ বাঢ়ি আহি অনীতাই মাকক শুধি নিশক ফোন লগালে । ফোন উথালে সুনীল।
আনি _ হেল্লোঁ বা
সুনীল _ মই সুনীল নিশাৰ ভাইটী। মই বাৰ ফোন লৈ আহিছোঁ বাহিৰত অলপ কাম আছিল।
অনি _ ও মই অনিতা মা আৰু মই আহিছোঁ বাক লগ কৰিব ষ্টেচনৰ পৰা কত যাম।
সুনীল _ ও মই ও ৰেল ষ্টেচনৰ অলপ দূৰত আছোঁ যদি বেয়া নোপোৱা মই লৈ যাব পাৰিম বা কৈছিল মোক আহিবা বুলি।
অনিতা _ ঠিক আছে কত আছা কোৱা মা মই গৈ আছোঁ।
সুনীল সকলো বিবৰি কলে কত আছে কি পিন্ধিছে। আৰু কেইটামান মূহুৰ্ত পিছত অনী আহি সুনীল ৰ ওচৰ পাব। বুকুত যেন ধান বন্ধা দি বান্ধিছে বুকুৰ ধপ ধপনী।
অৱশেষত অপেক্ষা ৰ অন্ত পৰিল অনিটাই আৰু এবাৰ ফোন লগালে। দুয়ো দুয়োকে চিনি পালে মাকক চিনাকি কৰী দিলে। দুয়ো দুয়োৰে চকুলে চাব পৰা নাই। এক অবুজ সিহৰণ দুয়োৰে মনত। দুয়ো দুয়োৰে ওচৰত যদিও কথা পাতিব পৰা নাই। কিয়নো লগত মাক আছে।
দুখন ৰিস্কা লৈ ৰূম অভিমুখে গতি কৰিলে।

    সুনীল অনিতা যিহেতু দেখা দেখি হল।সিহঁতে ভৱাৰ দৰে হয় নে নহয় অলপ জানিব লাগিব নহয় জানো। যদিও প্ৰেম বাহ্যিক ৰূপ নহয় কিছুমানে আকৌ বাহ্যিক ৰূপ ক গুৰুত্ব দিয়া দেখা যায়। অনিতা দেখিবলৈ বহুত ধুনীয়া নাছিল। একেবাৰে বেয়া ও নহয় বাৰু। সুনীল কিন্তু বাহ্যিক ৰূপ চাই প্ৰেম কৰা লৰা নহয়।সি কল্পনা কৰাৰ দৰে অনিতা নহয়। হলেও তাৰ একো আপত্তি নাই। সুনীল এটা ভাল মনৰ গৰাকী এখন সঁচা অন্তৰ আছে যত বাহ্যিক ৰূপ ৰ গুৰুত্ব ইমান নাই। ৰিক্সাত আহি থকাৰ সময় ত দুয়ো দুয়োৰে কথা ভাবি আহি আছে ইমান দিন কথা পতা পিছত দেখিছে। প্ৰথম প্ৰেমৰ সুবাস পাইছে দুয়ো। কথা বোৰ ভাবি ভাবি আহি ৰূপ পালে।
  নিশা ও ৰৈ আছিল বহুত দিন পিছত লগ পাইছে বহুত কথা পাতিলে। সুনীল অনিতা দুয়ো কথা পতা নাই এদিনৰ চিনাকিৰ দৰে অভিনয় কৰিছে দুয়ো যাতে ঘৰত গম নাপায়। ৪,৫ ঘণ্টা কটালে তেনেকৈ চাহ খালে ভাত ও খালে নিশা অনিতা আৰু মাক বহুত কথা পাতিলে। সুনীল কেৱল শুনি থাকিল কথা বোৰ। সময় বোৰ সোনকালে পাৰ হল অনিতা হত যাব ওলালে। সুনীল ভাগিনী ক লৈ বেলেগ ৰুমত গল। সেই সুযোগতে অনিতা  যাব ওলাই কলে এবাৰ মাইনাক চাই আহো। তাই ভিতৰত সোমাই গল সুনীল ক কলে লাহেকৈ কাণৰ কাষত গৈ কলে গধূলি ফোন কৰিবলৈ। তাৰ পিছত সিহঁত ঘৰত গল।
        সুনীল ৰ বাবে যেন গধূলি নহব হে কিমান যে অপেক্ষা গধূলি লৈকে। গধূলি হল কেনেবাকৈ সি অলপ বাহিৰত যাওঁ বুলি বায়েকৰ ফোন লৈ ওলাই আহিল। ফোন লগালে অনিতা লৈ। ফোনৰ ৰিং যিমান গৈছে তাৰ বুকুৰ ধিপ ধিপনি সিমান বাঢ়িছে। এক অবুঁজ সংকা মনত কিয় নাজানে। ফোন ৰিচিভ কৰিলে অনিতা ই।
তাই _ হেল্ল কোৱা
সি _ কি কব কি নকবো যেন লাগিল। অলপ সময় মনে মনে থাকিল। দুয়ো যেন দুয়োৰে মনৰ কথা বুজি পাইছে। কলে ঘৰ পালা ?
তাই _ উম পালোঁ। তাইৰ ও মন গৈছে কৈ দিবলৈ ভাল পাওঁ তোমাক। কিন্তু কব পৰা নাই।ভাল লাগিছে তোমাক লগ পায়। তোমাৰ কেনেকুৱা লাগিল
সি _ মোৰ ও বহুত ভাল লাগিছে। আৰু লগ পাব মন গৈছে।
তাই _ লাজ লাজ কৈ মুৰো মন গৈছে।
সি _ সঁচা কৈছে নে ? আৰু কেতিয়া আহিব নলবাৰী মই দুমাহ থাকিম ইয়াত।
তাই _ সোনকালে যাম কিবা উপাই উলিয়াই।
দুয়ো প্ৰেমৰ প্ৰস্তাৱ দিয়া নাই হলেও ইজনে সিজনৰ প্ৰেমত পৰিছে। সঁচা প্ৰেমত হেনো শব্দৰ প্ৰয়োজন নাই নকলেও বুজি পায়। সিহঁতৰ লগত ভালকৈ মিলিছে কথা শাৰ। নোকোৱাকৈ হৈ গৈছে ইজনে সিজনৰ প্ৰেমিক। বহুত কথা পাতিলে সিহঁতে যৌৱনৰ প্ৰথম প্ৰেম কথা বহুত আছে কিন্তু সময় যে কম। ফোন ৰাখি আহিলে ৰুমলৈ। সুনীল আজি বহুত সুখী প্ৰথম প্ৰেমৰ প্ৰথম সুবাশ। দুয়ো দুয়োৰে কথা ভাবি ৰাতি পাৰ কৰিলে।
ৰাতি পুৱা উঠি সকলো নতুন যেন লাগিল। সুনীল ৰাতি পোৱা গাখীৰ আনিব যায় ৰুমৰ পৰা অলপ দূৰত ২০ মিনিট মান লাগে অহা যোৱা কৰোঁতে। সি বায়েকৰ ফোন লৈ গল আৰু ফোন কৰিলে তাৰ প্ৰিয়সিক তাই ও যেন অপেক্ষাত আছিল ৰিং হোৱাৰ লগে লগে ৰিছিভ কৰিলে আকৌ আৰম্ভ হল সিহঁতৰ প্ৰেমৰ বাৰ্তা পিছে ২০ মিনিট হে কথা পাতিব পালে। তেনেকৈ দিন পাৰ হল গধূলি আৰু এবাৰ ফোন কৰী কথা পাতিলে। নতুন প্ৰেম কোনো কাজিয়া নাই অভিমান নাই কেৱল মৰম। দিন বোৰ এনেকৈ গৈ আছে। লগ পোৱাৰ হেঁপাহ মনত বান্ধি কেইদিন মান পিছত অনিতা লগৰ ছোৱালীৰ কিবা কাম আছে বুলি কৈ এজনী বান্ধৱী ৰ লগত নলবাৰী আহিল। এই ফালে সুনীল ও বায়েকক কলে মোক এটা জিন্স লগে আনিব যাম সোনকালে আহিম। বায়েকেও হব বুলি কলে।
  অনিতা কোৱা মতে সুনীল আহিল নলবাৰী পুলিচ থানৰ ওচৰলৈ। যথা সময়ত দুয়ো লগ হল। লগত তাইৰ বান্ধৱী জনী আছে হোটেল ত বহি কিবা কিবি খাই ১ ঘণ্টা মান থাকি সুনীল যিহেতু জিঞ্চ আনিম বুলি কৈ গৈছে সিহঁত গল কাপোৰ কিনিব। প্ৰথম উপহাৰ হিচাপে টি চাৰ্ত এটা কিনি দিলে অনিতা ক। তেনেকৈ অলপ সময় পাৰ কৰিলে তাৰ পিছত নিজৰ নিজৰ ঘৰ অভিমুখে। আকৌ আগৰ দৰে ৰাতি পুৱা উঠি গাখীৰ আনিব যাওঁতে কথা পাতে আৰু গধূলি এবাৰ।
 কিছু দিন পিছত আকৌ অনিতা সম্পৰ্কীয় ভনীয়েক এজনীৰ লগত নিশাৰ ৰূম ত আহিলে এই বাৰ সুনীল ক সিহঁতৰ ঘৰত ফুৰাব নিব বুলি আহিলে পিছে নিশা সুনীল ক যাব নিদিলে। কিছু সময় থাকি তাই গল ঘৰলে।এনেকৈ এদিন দুদিন কৈ দুমাহ পাৰ হল। অহা কালি সুনীল যাব গৈ অসমৰ পৰা পাঞ্জাৱ। পিছে যোৱাৰ আগত এবাৰ প্ৰয়াসী ক লগ কৰাৰ হেঁপাহ। অনিতা ও বিচাৰিলে লগ কৰিব। পিছ দিনা দুপৰীয়া 3 বজাত ৰেল ত যাব। ৰাতিটো দুখ মনেৰে পাৰ কৰিলে সদায় লগ নাপালেও ওচৰত থকা যেন লাগিছিল দুয়োৰে। পিছে কালিৰ পৰা তেনেকুৱা নহয়। দুয়ো ঠিক কৰিলে ৰাতিপুৱা এবাৰ লগ কৰিব। তাই ৰেলত আহিব ৯:৩০ পোৱাকৈ। কথা মতে কাম শুই উঠি গা ধুই সুনীল এ কলে মোক এটা ঘড়ী লাগে আনিব যাওঁ। বায়েকে টকা দিলে কিনিব। ওলাই গল নলবাৰী ষ্টেচনত ঘড়ী কিনিব। যথা সময়ত ৰেল আহি পালে। অনিতা আহি সুনীল ৰ ওচৰ পালে দুয়োৰে চকুত চকুপানী আৰু বা কেতিয়া লগ পাব। ইজনে সিজনৰ লগত বেছি কথা পাতিব নোৱাৰিলে। হেৰুওৱাৰ ভাই দুয়োৰে। দূৰত গলে পাহৰি যাব নেকি দুয়ো দুয়োকে শুধিলে আৰু দুয়ো দুয়োকে কথা দিলে দূৰত থাকিলেও মনত সদায় থাকিব ইয়াতকৈ বেছি মৰম দিব ইজনে সিজক এই প্ৰতিশ্ৰুতি দিলে দুয়ো দুয়োকে। এনেকৈ দুঘণ্টা পাৰ কৰিলে গমে নাপালে সময়ৰ ওচৰত যেন হৰ মনিব বাধ্য দুয়ো। আশ্ৰুসিক্ত নয়নেৰে বিদায় ললে ইজনে সিজনৰ পৰা। সুনীল ৰুমত আহি নিজৰ কৰিব লগীয়া কাম শেষ কৰিলে। দুপৰীয়া ভাত খাই যাব ওলালে নিজৰ ঘৰ পাঞ্জাৱ অভিমুখে। বায়েক ভিনিয়েক মিলি নলবাৰী ৰেল ষ্টেচনত গল। সময় যিমান ওচৰ চাপিছে মনত বিষাদ বাঢ়িছে। ৰেল আহি নলবাৰী ৰেল ষ্টেচনত ৰাখিলে। সুনীল ৰ চকু পানী ওলাব যেন হৈছে হলেও ধৰি ৰাখিছে। নিজৰ সিত বিচাৰি ৰেলত উঠিলে। কিছু সময় পিছত ৰেলৰ গতি আৰম্ভ গল লগতে সুনীল ৰ চকু পানী। খিৰিকিৰে বায়েক ভিণীয়েক ক হাত জোঁকাৰি বিদায় দিলে। দুদিন এনেকৈ গৈ থাকিল তৃতীয় দিনা গৈ পালে ঘৰ। এই দুদিন এবাৰ ও কথা পাতিব পৰা নাই অনিতা ৰ লগত। তাই ও অপেক্ষাত আছে তাৰ ফোন ৰ।  আগলৈ....

লেখা:- ৰুমি দাস

 Next part Link (3):- click here


Post a Comment

0 Comments