long distance relationship | খণ্ড ৩ | অসমীয়া কাহিনী । অসমীয়া কবিতা :: অসমীয়া সাহিত্য চৰ্চা

                   long distance relationship
                                    খণ্ড:-৩
   সুনীল গৈ ঘৰ পালে অলপ জিৰণি লৈ মাকৰ ফোনৰ পৰা অনিতা লৈ ফোন লগালে। তাইৰ ও অপেক্ষাৰ অন্ত পৰিল আজি তিনি দিনে ৰৈ আছিল এই ফোন টোৰ বাবে। সুখ দুখ সকলো কথাই পাতিলে দুয়ো কথাৰ মাজত আৱেগিক হয় দুয়ো কেতিয়াবা কান্দিছে কেতিয়াবা হাহিছে। এনেকৈ কিছু সময় কথা পাতি ফোন ৰাখিলে।
     এনেকৈ দিনবোৰ গৈ আছে পৰীক্ষাৰ ফলাফল ওলালে নতুনকৈ মহাবিদ্যালয় ৰ জীৱন আৰম্ভ কৰিলে। সুনীল আৰু অনিতা ৰ প্ৰেম তেনেকৈ চলি আছে দূৰত থাকিও যেন ওচৰত আছে। কথা মাজে মাজে কেতিয়াবা নাপাতে কিয়নো সুনীল তেতিয়া লৈকে নিজৰ ফোন দিয়া নাই। ঘৰৰ পৰা কৈছে দ্বাদশ শ্ৰণীৰ পিছত হে দিব। এনেকৈ দুয়ো দুটা বছৰ পাৰ কৰিলে। তেতিয়ালৈকে সিহঁতৰ সম্পৰ্ক ভালে গৈ আছে দূৰত্ব ৰ বাবে একো আপত্তি নাই সিহঁতৰ। চাওঁতে চাওঁতে দ্বাদশ উৰ্ত্তীণ হল দুয়ো। সুনীল ও নিজৰ ফোন পালে। অনিতা ও ঘৰৰ পৰা হোষ্টেল আহিলে পঢ়িবৰ বাবে। দুয়োৰে কথা বতৰা এতিয়া সদায় হয়। যিমান মন যায় কথা পাতে। এনেকৈ আৰু এটা বছৰ পাৰ কৰিলে। মাজে মাজে অভিমাৰ কাজিয়া হয় পিছত দুয়ো দুয়োকে মৰমৰ মতেৰে বুজায়। এনেকৈ বহুত মধুৰ সম্পৰ্ক গঢ়ি উঠিল।
        সুদীৰ্ঘ 3 বছৰ পিছত সুনীল অসম অহাৰ সুবিধা পালে। কিয়নো নিশা এতিয়া অসমত নাথাকে চাকৰি পালে নিজৰ গাঁওৰ বিদ্যালয় ত। সেয়ে এই তিনি বছৰত সুনীল এবাৰ ও অসম অহা সুবিধা নাপালে। পিছে ভগৱানে যেন অলপ কৃপা কৰিলে। সুনীল ৰ মামাকৰ লৰা এজনৰ চাকৰীৰ ইণ্টাৰ্ভিও আছে গুৱাহাটীত। সুনীল যিহেতু এবাৰ অসম আহিছে ঘৰৰ মানুহে মিলি দুয়োকে অসমলৈ আহিব দিলে। সুনীল ৰ যে কিমান ভাল লাগিল দুদিন পিছত আহিব অসম। অনিতা ক ফোনত জনাই দিলে দুদিন পিছত অসম আহিব তাইক লগ কৰিব। দুয়োৰে ভাল লাগিল। দুদিন পিছত ৰেলৰ যাত্ৰা আৰম্ভ হল। যথা সময়ত গুৱাহাটী আহি পালে তাত আহি গম পালে আচলতে ইন্টাৰ্ভিও গুৱাহাটীত নহয় মণিপুৰত হব। দুখ মনেৰে আকৌ যাত্ৰা কৰিলে মণিপুৰ। অনিটাক কলে মণিপুৰ ৰ পৰা আহি লগ কৰিব। মণিপুৰ ৰ কাম শেষ হোৱাৰ পিছত ৰেল ষ্টেচনত ৰাতিটো কটাব লগা হল কিয়নো ৰেল নাছিল গুৱাহাটী অহা। ষ্টেচনত সিহঁতৰ টোপনি গল কিছু সময়ৰ বাবে। যেতিয়া সাৰ পালে দেখিলে যে সুনীল ৰ মানিবেগ আৰু ফোন নাই কোনোবাই চুৰ কৰিলে। মন ভাঙি পৰিল কিয়নো কিছু দিন আগত অনিতা ফোন নম্বৰ সলনি কৰিছিল যিটো সুনীল ৰ মনত নাই। এই ফালে টকা ও নাই। ঘৰত মামকৰ লৰা ৰ ফোনৰ পৰা জনাই দিলে আৰু ভনীয়েক ক ফোন লগালে সকলো কলে তেওঁ তেতিয়া ৰঙিয়া ত চাকৰি কৰে। তেওঁ গুৱাহটীলৈ আহিব কলে ৰঙিয়া ৰ পৰা গৈ তেওঁ গুৱাহাটীত সিহঁতক লগ কৰে আৰু টকা অলপ দি ৰেলৰ টিকট কাটি পাঞ্জাৱ পঠায় দিয়ে। ভগৱানে এইবাৰ সিহঁতৰ যেন পৰীক্ষা হে ললে অসম আহি ও লগ কৰিব নোৱাৰিলে। ঘৰ গৈ সুনীল কিতাপ এখন বিচাৰিলে যত অনিতা ৰ নম্বৰ লিখা আছিল মাকৰ ফোনৰ পৰা ফোন যোগে অনিতা ক সকলো জনাই দিলে। তাই ও বুজি পালে। আকৌ আগৰ দৰে কথা বতৰা চলি থাকিল।
       6 মাহ পিছত সুনীল নিজৰ জমা টকাৰে আকৌ অসম আহিব ওলাল অকল প্ৰীয়াশিক লগ কৰিম বুলি। চাওঁতে চাওঁতে 4 বছৰ হবৰ হল লগ নোপোৱা। এইবাৰ ঘৰত মিছা কৈ হলেও আহিব তাইক লগ কৰিব। বন্ধুৰ লগত ফুৰিব যাম বুলি সুনীল আহিল অসম। অনিতা ক ফোন কৰিলে তাই নুথাই। অনেকে কিছু সময় ফোন কৰাৰ পিছত তাই নিজে ফোন কৰী কলে যে তাই তাক লগ কৰিব আহিব নোৱাৰিব কিয়নো ঘৰত সকলো গম পাইছে। সুনীল ৰ মূৰত যেন সৰগ ভাগি পৰিল। সুদূৰ পাঞ্জাৱৰ পৰা অকল তাইক লগ পাবৰ বাবে আজি তিনি দিন ৰেলত যাত্ৰা কৰিছে। বৰ্তমান সি গুৱাহাটী ৰেল ষ্টেচনত প্ৰেমিকাৰ অপেক্ষাত পিছে কি শুনা পালে সি যেন নিজৰ কাণক বিশ্বাস কৰিব পৰা নাই। যিমান দুখ পালে সিমান খং ও উঠিল। নুঠিব বা কিয় তাৰ ইমান দিন অপেক্ষা কষ্ট এনে গল। ইফালে অনিতা চৰী কই ফোন ৰাখিলে। সুনীল ৰ যেন মূৰে কাম কৰা নাই নামনি মুৱা ৰেলৰ খবৰ লৈ টিকট কাটিলে অনিতা ৰ গাওঁ লৈ। ৰেল ত গৈ বহিলে সময় মতে ৰেল ৰ গতি আৰম্ভ হল। সি এতিয়াও ভবা নাই সি কি কৰিব গৈ আছে। মনত এটাই আশা এবাৰ তাইক লগ পোৱা।

   সুনীল গৈ আছে অনিতা ৰ গাওঁ লৈ।পিছে সি চিন্তা কৰা নাই গৈ ৰাতি কত থাকিব কি কৰিব। অনিতা কোনো চহৰৰ বাসিন্দা নহয় যত ৰাতি থাকিবলৈ হোটেল ৰ ব্যৱস্থা আছে। সেই সময়ত সুনীল ৰ এইবোৰ কথাত ভ্ৰূক্ষেপ নাই মনত মাথোঁ এটা চিন্তা তাইক লগ পাব লগে। সন্ধিয়া 5 মান বজাত সি ৰেলৰ পৰা নামিলে অনিতা ৰ গাঁওত। তাইক ফোন কৰিলে উঠা নাই মেচেজ কৰিলে মই তোমালোকৰ গাঁওৰ ষ্টেচন ত আছোঁ তুমি অহা। তাই ফোন কৰিলে কিয় আহিলা এতিয়া কত থাকিবা মই তোমাক লগ কৰিব নোৱাৰোঁ। এটা কাম কৰিবা ৰাতি 9 মান বজাত ৰেল আছে গুৱাহাটী যোৱা গুচি যাবলৈ। সন্ধিয়া নামি আহিছিল লাহে লাহে সুনীল ৰ অলপ চিন্তা আহিল এতিয়া কি কৰিব কত যাব নতুন ঠাই চিনি নাপায়। ঘৰৰ পৰা ইমান দূৰত আছে তাকো মিছা কৈ আহিছে। সকলো চিন্তাই যেন বেৰি ধৰিছে। ভাবি ভাবি ষ্টেচনত বহি আছে। হঠাৎ এখন বাইক আহি তাৰ ওচৰত ৰল উচপ খাই উঠিল সি।
   এজন অচিনাকী লৰা বাইক ৰ পৰা নামি তাক সুধিলে তুমি সুনীল হয় ন ? এই লৰা জন যেন সেইদিনাৰ বাবে ভগৱান ৰূপত আহিছিল। সুনীল আচৰিত হল কেনেকৈ চিনি পালে। হয় মই সুনীল পিছে তুমি কোন মোক কেনেকৈ চিনি পোৱা? কলে মই অনিতা ৰ সম্পৰ্কীয় দাদা তোমাৰ ফেচবুক একাউণ্টটো আছোঁ। আৰু তোমালোকৰ সম্পৰ্কৰ কথা মই জানো। পিছে তুমি ইয়াত অকলে কি কৰিছা তাইক লগ কৰিব আহিছ নেকি? সুনীল ৰ যেন অলপ সাহস আহিল সি সকলোঁ কথা খুলি কলে। লৰা জনৰ বেয়া লাগিল তাৰ কথা শুনি। লৰা জনে কলে চিন্তা কৰিব নালাগে মই আছোঁ তোমাৰ লগত বলা এটা চিগাৰেট খাওঁ। সুনীল দোকানৰ পৰা এক পেকেট চিগাৰেট কিনি দিলে নিজে নাই খোৱা। এনেকৈ বহুত কথা পাতিলে । সুনীল ৰ লৰা জনৰ ওপৰত বিশ্বাস হল ভাল বুলি আৰু বেলেগ উপায় ও নাছিল বিশ্বাস কৰাৰ বাহিৰে। সুনীল কলে মই আজি ৰাতি তোমালোকৰ ঘৰত থাকিব পৰিল নেকি?
দিগন্ত (লৰা জনৰ নাম)_ হয় পাৰিবা কিন্তু আমি দুখীয়া মানুহ ভাল সুবিধা নাই থকাৰ । তথাপিও যদি তুমি থাকিব বিচৰা পাৰিবা থাকিব।
সুনীল _ মোৰ অসুবিধা নহয় যেনেকুৱা হলেও মই থাকিব পাৰিম মাথোঁ অলপ ঠাই দিলে হব মাটিত হলেও থাকিম ।
দিগন্ত _ ঠিক আছে তুমি ইমান চিন্তা কৰিব নালাগে বলা যাওঁ ঘৰত উঠা বাইক ত।
   সুনীল বাইকত উঠি গল সিহঁতৰ ঘৰত। গৈ ভালে পালে মানুহ ঘৰ ধনৰ দুখীয়া হলেও মনৰ ধনী । ঘৰৰ সকলোৰে লগত চিনাকি কৰিলে দুজন ভায়েক আৰু মাক দেউতাক নাই। মাক জনীও বহুত মৰম কৰিলে। চাহ খাই ফুৰিব গল দুয়ো। দিগন্ত ড্ৰিংক কৰে সুনীল কিনি দিলে। সুনীল তেতিয়া দ্ৰিংক নকৰে। ফুৰি আহি ভাত খায় সৱে মিলি কথা পাতিলে। ৰাতি দিগন্তৰ নাম্বৰৰ পৰা অনিতা ক ফোন কৰিলে আৰু সকলো কলে কত আছে কি কৰিছে। তাই কলে ৰাতিপুৱা আমাৰ বাটেৰে ষ্টেচন জাবা মই ঘৰৰ পৰা তুমাক চাম। সুনীল হব বুলি কলে। আৰু ৰাতি শুই থাকিল। ৰাতিপুৱা সোনকালে উঠি গুৱাহাটী যাব ওলাল। দিগন্ত আৰু ভায়েক মিলি থবো যাব ওলাল ষ্টেচন লৈ। অনিতা কোৱা মতে সিহঁতৰ বাটেৰে গল। সি অনিতাক দেখা নাপালে। দুখ মনেৰে গৈ গুৱাহাটী পালে। পাঞ্জাৱৰ টিকট কাটি দুপৰীয়া 2 বজাত ঘৰ অভিমুখে ৰাওনা হল। বহুত কন্দিলে কি আশাত আহিছিল কি হল। তেনেকৈ সি যাৰ বাবে আহিছিল তাইক লগ নকৰাকৈ যাব লগা হল।   আগলৈ....

লেখা:- ৰিমা দাস

 part 4 Link :- Click here



Post a Comment

0 Comments