Long Distance Relationship | অন্তিম খণ্ড

                Long Distance Relationship
                            খণ্ড:- অন্তিম খণ্ড
সুনীল আৰু ৰিয়া ৮ বজালৈ তাত কটালে ওলাই আহি ৰিয়া ক তাইৰ বান্ধৱী ৰ ৰূম ত থয় সি হোটেল গল আকৌ ৰাতিপুৱা সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি ৰে। সিহঁত ৰূম ত গৈ কিছু সময় আগত ঘটি যোৱা কথা বোৰ ভাবি বহুত ভাল লাগিছিল এটি মিঠা হাঁহি দুয়োৰে ওঁঠত লাগি ধৰিছিল। ৰিয়াৰ হাঁহি দেখি বান্ধৱী জিনা জুকাবো ধৰিলে কি হল কিবা ৰোমান্টিক মূহুৰ্ত মনত পৰিল নেকি।তাই হাঁহি সকলো জিনাক কলে কি হল লগ পোৱা সময় খিনি। তেনেতে সুনীল ৰ ফোন আহিল ৰিয়াৰ পৰা জিনাই ফোন টো ললে আৰু সুনীল ক অলপ জুকালে সি অলপ লাজ পাইছিল আৰু পিছ দিনা তাইৰ ৰুমত ভাত খাব মাতিল। ৰিয়াক ফোন দি তাই ৰাতিৰ ভাত বনাব গল। দুয়ো বহুত কথা পাতিলে ফোনত আৰু কলে ৰাতিপুৱা ব্ৰেক ফাষ্ট একেলগে কৰিব। তাই হব বুলি কলে আৰু তাক শুৱ কলে ইমান দুৰ আহিছে যিহেতু। টাইও ভাত খায় শুই থাকিল।
  পিছ দিনা পুৱা সোনকালে উঠি দুয়ো আকৌ লগ কৰিব ওলাই আহিল জীনা শুই আছিল তাইক কৈ গল ৰিয়া ওলাই সুনীল অতো লৈ তাইক আনিব গৈছিল। সিহঁত তাৰ পৰা ওলাই আহি এনে ফুট পাথ ত খোজ কাঢ়ি ফুৰিছিল কিয়নো ৰাতিপুৱাৰ সময় আছিল বেছি মানুহ নাছিল দোকান বোৰ খোলা নাছিল দুখন এখন সৰু ফুট পাঠ ৰ চাহৰ দোকান আছিল তাতে সিহঁতে চাহৰ আমেজ লৈছিল। প্ৰিয় জনৰ লগত সকলো ভাল লগে। অলপ দূৰত গৈ বাছ আস্থান বহি সিহঁতে কথা পাতিছিল কিমান যে ভাল লগা মূহুৰ্ত সিহঁতৰ বাবে। লাহে লাহে ব্যস্ত নগৰীৰ মানুহ বোৰ ব্যস্ত হব ধৰিলে মানুহৰ সমাগম বাঢ়িবলৈ ধৰিলে। সিহঁত তাৰ পৰা গৈ ৰেষ্টোৰেণ্ট এখনত সোমাল ব্ৰেক ফাষ্ট কৰিবলৈ। ব্ৰেক ফাষ্ট কৰি জীনাক ফোন কৰি কলে তাই ওলাই আহিব নালাগে সিহঁতে বজাৰ কৰি নিব কি কি লাগে লিষ্ট খন দিব দিলে তাই সকলো কলে সেই মতে সিহঁত বজাৰ কৰিলে। তাইৰ বাবে কিবা কীবী খোৱা বস্তু ললে।সুনীল ফল খায় ভাল পায় বাবে কল আপেল ললে তাত আম ও আছিল যদিও সেই সময়ৰ আম খায় ইমান ভাল নালাগে তথাপিও ৰিয়াৰ বাবে ললে। সিহঁত জীনাৰ ৰূম পালে সুনীল ক চিনাকি কৰি দিলে। জিনা চাহ বনাব যাব ওলাল সুনীল কলে নালাগে চাহ নাখাও এখন চুৰি দিয়া মই আম কাতিম তাই নিজে কাটি দিম কলে। সি কলে নাই সি নিজে কাটি খুয়াৱ ৰিয়াক। সি আগতে জিনা ক দি ৰিয়াক নিজ হাতেৰে খুৱাই আছিল আৰু বাকলী ত ৰৈ যোৱা খিনি সি খাইছিল। ৰিয়া ই তাক খাৱ দিছিল পিছে সি তাইক আগতে খুৱাই সি খাব কলে তেতিয়া ৰিয়াৰ ফোন আহিল অফিচাৰ পৰা তাই কথা পাতিব ধৰিলে আৰু সুনীল তাইক খুৱাই থাকিল তাই খায় খায় কথা পাতি থাকোতে আম শেষ হল আৰু সুনীল ৰ বাকলি খাওঁতে গল।পিছত তাইৰ বেয়া লাগিল কিন্তু সুনীল ৰ ভাল লাগিছে তাই যে গোটেই খিনি খালে। তিনিও বহি কথা পাতিলে কিছু সময় তাৰ পিছত খোৱাৰ যোগাৰত লাগিল ৰিয়া বনাব আজি সুনীল ও বিচাৰে তাইৰ হাতৰ এসাজ খাব। পাকাঘৰত গৈ দেখিলে নিমখ কম আছে জীনাই কলে মই লৈ আহু তয় বনাই থাক তাই ওলাই গল সুনীল ৰিয়াৰ ওচৰ পালে সি পিছৰ পৰা গৈ তাইক সাৱটি ধৰিলে ৰিয়া এৰি দিব কলে সি নিদিলে তাই ও বেছি জোৰ নকৰিলে দুয়োৰে এইটো এটা সপোন আছিল তাই ভাত বনাই থাকিলে সি গৈ এনেকৈ পিছ ফালৰ পৰা ধৰি থাকিব। দুয়ো দুয়োকে মৰমৰ চুমা আঁকি দিছিল তেনেতে জিণা অহাৰ শব্দ পায় সুনীল ৰিয়াক এৰি দিলে তাই ও বনোৱাত লাগিল। জীণা দুয়োকে তাত দেখি কলে মই অলপ দেৰীকৈ আহিব লাগিছিল নেকি বাৰু তিনিও হাহিলে। কথা পাতি পাতি ভাত বনোৱা হল। ভাত বাঢ়ি দিলে যিনাই পিছে সুনীল চামুচেৰে ভাত খায় তাক চামুচ লাগে ৰিয়া ই কলে নহব হাতেৰে খাব লাগিব তাই খোৱা চাই সি ও চেষ্টা কৰিলে পিছে ভাল কৈ নাজানে অসুবিধা হৈছে ।তাৰ ভাত খোৱা চাই দুয়ো হাঁহি ৰখাবো নোৱাৰিলে। ৰিয়া চামূচ আনিব গল পিছে সি কলে নালাগে হাতেৰে খাব। তেনেকৈ খায় উঠি অলপ জিৰণি ললে। অলপ দেৰীকৈ সিহঁত ওলাই গল ফুৰিব গোটে দিনটো দুয়ো একেলগে কটায় ৰাতি নিজৰ নিজৰ ৰূম গল। ৰাতি সিহঁত ফোন ত কথা পাতি শুই গল।
        পিছ দিনা আকৌ সিহঁত লগ পালে আকৌ কিছুমান ভাল লগা মূহুৰ্ত কটালে তেনেকৈ 4 দিন কেতিয়া পাৰ হল গোঁমে নাপালে পিছ দিনা সি আকৌ উৰা মাৰিব পাঞ্জাৱ। পিছ দিনা ৰাতপুৱাই দুয়ো আকৌ লগ কৰিলে দিনটো কটালে গধুলি 7 বজাত ফ্লাইট আছে দুয়ো আহিলে বিমান বন্দৰ লৈ কিছু সময় বাহিৰত অপেক্ষা কৰিলে সময় বোৰ যে বৰ নিষ্ঠুৰ ইমান সোনকালে পাৰ হৈছে।সুনীল বহুত আবেগিক সি কান্দি দিলে তাই তাক বুজালে আকৌ সোনকালে সিহঁতে লগ পাব তাইক অলপ সময় সাৱটি ধৰিলে তাই ও তাক সাৱটি ধৰিলে আৰু কন্দিবলৈ মানা কৰিলে নহলে তাই ও কন্দিব বুলি কলে সি চকু পানী মূচি কলে মোক পাহৰি নোযোৱা ন সোনকালে মোক লগ কৰিবা নে? তাই কলে যিমান পাৰে সোনকালে লগ কৰিব। তাৰ বিমান বন্দৰৰ ভিতৰত সোমোৱাৰ সময় হল সি আকৌ এবাৰ আলিংগন কৰি তাইৰ পৰা বিদায় ললে। তাই ও তাৰ পৰা উভতি আহিল। আকৌ সি তাইক ফোন কৰিলে অলপ সময় কথা পাতিলে সি তেতিয়াও কান্দি আছিল। ফ্লাইট উৰিবৰ সময় হল ফোন অফ হল। ৰাতি 9 মান বজাত সি ফোন কৰি কলে সি ভালে ভালে গৈ পাইছে।

   সি গৈ ঘৰ পালে ৰিয়া নিজৰ কৰ্ম স্থান পালে প্ৰথম কেই দিন কৰোঁ কামত মন বহা নাই। ফোনত আগতকৈ বেছি কথা পাতে দুয়ো। লাহে লাহে দুয়ো আগৰ দৰে হল। আৰু 6,7 মাহ পিছত সি আহিব কৈছে তাই ও হব বুলি কৈছে। তেনেকৈ সিহঁতৰ মৰম দিনক দিনে বঢ়ি গল। এই ফালে অনিতা কথা বোৰ জানি থাকিব পৰা নাই। এদিন তাই সুনীল ক ফোন কৰিলে আৰু কলে যে ৰীয়াক মই চিনি পাও তাই মোৰ লগত আছিল। তাই ভাল ছোৱালী নহয় বেলেগ প্ৰেমিক আছে তাইৰ আৰু ভাল লৰা পালে তোমাক এৰি বিয়া হয় যাব আৰু বহুত কিবা কলে পিছে সি তাইৰ কথা শুনি কলে মই বেলেগ ৰ কথা শুনা লৰা নহয় নিজৰ মূৰ এটা আছে মোৰ আৰু মই ৰিয়াক লগ পায় আহিছোঁ তাই কেনে জানো। পিছে তাই হাৰ মনা নাই তাক প্ৰায় সদায় ফোন কৰে তাই কি কয় সকলো ৰেকৰ্ড কৰি সুনীল ৰীয়াক পঠায়। আচলতে সি তাইৰ লগত কথা পাতিব নিবিচাৰে ৰিয়াই কৈছে তাই কি নো কয় শুনি লোৱা তাইৰ কথা মতে সি অনিতা ৰ লগত কথা পাতে।
  এনেকৈ 10 দিন মান যোৱাৰ পিছত ৰিয়া এদিন অনিতা ক ফোন কৰিলে ভাল কৈ কথা পাটিছে ৰিয়াই যেন একো গোমে নাপায় তাই ও ভাল কৈ পাতিচে কথা। তাৰ পিছত অনিতাই সুনীল ক ফোন কৰি কলে সি যাতে আৰু ৰিয়াৰ লগত কথা নাপাটে আৰু বেয়া বেয়া কৈ ৰিয়াৰ কথা কলে তেতিয়া আৰু তাৰ সহ্য নহল সি তাইক অলপ বেয়া কৈ কলে আৰু সি যে সকলো কথা ৰিয়াক কৈছে সেইটো ও কলে।সি যে ৰিয়াই তাইৰ লগত কথা পাতিব কোৱা বাবে পাতে তাকো কলে। তাই তেতিয়া লাজ পায় ফোন কাতিলে সুনীল ৰিয়াক ফোন কৰি কলে সি আৰু অনীতার লগত কথা নাপাতে নোৱাৰে সি ৰিয়াৰ কথা বেয়াকৈ শুনিব। ৰিয়াই কলে ঠিক আছে নালাগে আৰু কথা পাতিব তাই নিজে ফোন কৰি অনীতাক কব ফোন নকৰিবলৈ। তাই আকৌ অনিতা লৈ ফোন লগালে পিছে তাই নুথায় ফোন দুবাৰ তিনিবাৰ কৰিলে পিছে ফোন ৰিচিব নকৰিলে। তেতিয়া ৰিয়া ই আনিতাক মেচেজ কৰি কলে মোৰ কথা মিছাকৈ সুনীল ক কৈ লাভ নাই মই তাৰ পৰা একো লুকুৱাই ৰখা নাই। আৰু এতিয়া তাৰ লাইফট অকল ৰিয়া আছে অনিতা নাই। অনিতা ৰিপলায় কৰিলে ডেখিম কিমান দিন থাকা আৰু নকৰোঁ তোৰ সুনীল ক ফোন আৰু তয় ও মোক ফোন মেচেজ নকৰিবী। ৰিয়া ই ওকে বুলি কলে।
  সেই দিনাৰ পৰা সুনীল আৰু অনিতা ৰ কথা হোৱা নাই। সুনীল আৰু ৰিয়া আকৌ লগ পালে তেনেকৈ সিহঁত তিনি বছৰ পাৰ কৰিলে। এই ফালে ৰিয়াৰ বিয়াৰ কথা ঘৰত চলিছে লৰা ও আহিছে পিছে তাই বেলেগ ৰ লগত সুখী নহয়। দুয়ো আলোচনা কৰি ঘৰত কথা বোৰ কলে সুনীল ৰ ঘৰৰ পৰা একো আপত্তি নকৰিলে ঘৰৰ সকলোৱে ৰিয়াৰ লগত কথা পাতিলে আৰু বহুত পছন্দ হল তেওঁ লোকৰ। পিছে ৰিয়াৰ ঘৰৰ পৰা ইমান দূৰৰ লৰা বিশ্বাস নকৰে। দুয়ো তথাপিও হাৰ মনা নাই চেষ্টা কৰি আছে ঘৰত বুজাবলৈ। দুয়ো দুয়োৰে লগত আছে আৰু সদায় থাকিব বিচাৰে। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছে যাতে সোনকালে ঘৰত বুজাব পাৰে। আৰু অনিতা এতিয়া অকলশৰীয়া কোনো প্ৰেমিক নাই বহুত মনত পেলাই সুনীল ক পিছে এতিয়া তাই বুজে পাইছে সুনীল ৰ জীৱনত এতিয়া তাইৰ স্থান নাই। টিনাৰ পৰা খবৰ লয় মাজে মাজে ৰিয়াই অনিতা ৰ এতিয়াও সিহঁত দুটা একে লাগে গুৱাহাটীত আছে। দুয়ো প্ৰাইভেট যব কৰি আছে। তিনাই ৰিয়াক কৈছে এতিয়া অনিতা বহুত পষ্টায় তাই কৰা ভূল ৰ বাবে। সমাপ্ত,,,,,

       ( শব্দৰ ভূল হব পাৰে, তাৰ বাবে ক্ষমা কৰিব )

লেখা:- ৰিমা দাস


Post a Comment

0 Comments