Long Distance Relationship | খণ্ড ৪

               Long Distance Relationship
                                 খণ্ড:-৪
সুনীল দুখ মনেৰে ঘৰ গৈ আছে। অনিতা ৰ ফোন আহিছে কথা নাপাটো বুলি ভাবিছিল যদিও সি নোৱাৰে তাইৰ লগত কথা নপতাকৈ থাকিব।
অনিতা  _ সোণ মোক ভুল নুবুজিবা। মোৰ তোমাক লগ পোৱাৰ বহুত হেঁপাহ আছিল।পিছে ঘৰত আমাৰ কথা গম পালে।মোক বহুত গলি পৰিছে মায়ে মাৰিছে ও। ঘৰৰ পৰা ওলাব দিয়া নাই। মই তোমাক বহুত ভাল পাওঁ। তোমাক লগ নাপলেও তুমি মোৰ মনতে আছা সোণ। এবাৰ মোক মাফ কৰা ইয়াৰ পিছত তুমি যেতিয়া লগ কৰিব বিচৰা মই লগ কৰিম। তেনেকৈ কৈ তাই কান্দি দিলে।
     সুনীল নোৱাৰে তাইৰ চকুত চকু পানী দেখিব। তাৰ সকলো অভীমান পলকাতে নোহোৱা হৈ গল। মই আগতে কৈছোঁ সুনীল ৰ এটা ভাল মন আছে। বহুত বেছি ভাল পায় সি তাইক।
  সুনীল_  জানু তুমি নকান্দিবা মই তোমাক বেয়া পাই থকা নাই। তুমি জানা মই তোমাক কিমান ভাল পাওঁ তোমাৰ চকু পানী মই সহ্য কৰিব নোৱাৰো। যোৱা বাৰৰ দৰে এইবাৰো আমাৰ কপালত নাছিল লগ পোৱাৰ সুবিধা। জানা ভগৱানে যেন আমাৰ প্ৰমাণ সাইছে লগ নোপোৱাকৈ আমি ইজনে সিজনক ভাল পায় থাকিব পাৰোঁ নে নোৱাৰোঁ। মই আকৌ সোনকালে আহীম তোমাক লগ পাবলৈ। আমি দুয়ো মিলি ভগৱানক প্ৰমাণ দেখুৱাই দিম যে আমি হাৰ নামানো। আৰু চাবা আমি জিকিম এদিন। ভাল পাওঁ তোমাক বহুত বেছি। এনেকৈ দুয়ো বহুত কথা পাতিলে।
        বেলেগ লৰা হোৱা হলে হয়তো তেতিয়া অলপ হলেও তাইৰ ওপৰত সন্দেহ উপজিলে হয়। পিছে সুনীল বহুত বেছি সৰল মনৰ লৰা আছিল। যাৰ বাবে সি হয়টো অলপ বেছি বিশ্বাস কৰিছিল তাইৰ কথাবোৰ। সি গৈ ঘৰ পালে। লাহে লাহে আকৌ আগৰ দৰে হল। কথা বতৰা চলি থাকে দুয়োৰে । এনেকৈ আৰু এটা বছৰ গল। সিহঁত গ্ৰেজুৱেচন কম্প্লিত কৰিলে। সকলো ঠিকে আছে দুয়োটাৰ মাজত। লগ পোৱাৰ সুযোগ বিচাৰি আছে।
       অনিতা এতিয়া গুৱাহাটীত থাকে। গুৱাহাটী মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা কৰ্চ এটা কৰিব। এতিয়া লগ পোৱাৰ বিশেষ অসুবিধা নাই। সুনীল ও টকা যোগাৰ কৰিলে অসম আহিব। এইবাৰ সি তাইক লগ কৰিব যেনেকৈ নহওঁক। দুয়ো মিলি দিন ঠিক কৰিলে সেই মতে ৰেলৰ টিকট কাটিলে। অৱশেষত সেই দিনটো আহিল সুদীৰ্ঘ 5 বছৰৰ পিছত আজি সিহঁত লগ পাব। সুনীল ৰ এনেকুৱা লাগিছে কেতিয়া যে ৰেল গুৱাহাটী ৰেল ষ্টেচনত ৰাখিব। কল্পনাৰ সাগৰত ডুব গৈ থাকোঁতে ৰেল আহি ষ্টেচনত ৰাখিলে। সুনীল বহুত সপোন লৈ নামিল। সি আনিতাক ফোন কৰিলে কত আছে। দুয়ো দুয়োকে বিচাৰি থাকোঁতে আধা ঘণ্টা মান গল। পিছত বিচাৰি পালে। সুনীল অনিতাক দেখি ইমান সুখী হৈছিল যে সি কত আছে পাহৰি গৈছে তাইক গৈ জোৰকৈ সাৱটি ধৰিলে। তাই একো গমকে নাপালে। এনেকৈ কিছু সময় সি তাইক ধৰি ৰাখিছে। পিছত তাই লাহেকৈ কলে এৰি দিয়া মানুহে চাই আছে। তেতিয়া হে ভাবিলে হয় সিহঁত ষ্টেচনত আছে। সি তাইক এৰি দিলে আৰু দুয়ো তাইৰ ৰুমলৈকে যাব ওলাল। এইবাৰ সি 4 দিন থাকিব গুৱাহাটীত। অনিটায় থকাৰ যোগাৰ কৰিছে তাই যত ভাৰা থাকে সিহঁতৰ এটা ৰূম খালি আছে তাতে 5 দিনৰ বাবে তাই ভাৰা কৰিছে তাতে থাকিব সুনীল। তাৰ ফুৰ্তিৰ যেন সীমা নাই তাইৰ ইমান ওচৰত থাকিব। সিহঁত গৈ ফ্ৰেছ হল।

   অনিতা ঘৰৰ মালিকৰ লগত সুনীল ৰ চিনাকি ভাল বন্ধু বুলি দিলে কলে অসম ফুৰিব আহিছে। অনিটাৰ লগত থকা বান্ধৱী জনিৰ লগত ও চিনাকি হল। চাহ খাই তিনিও বহুত কথা পাতিলে। সন্ধিয়া নামি আহিছিল ধৰাৰ বুকুলৈ। সুনীল ক জিৰণি লব কৈ দুয়ো ভাতৰ যোগাৰ কৰিব গল। সুনীল ও শুই গল ইমান দুৰ আহিছে ভাগৰ লাগিছে। সেই দিনা অলপ সোনকালে ভাত বনালে সুনীল ৰ বাবে। ভাত বনাই অনিতা ভাত বাঢ়ি লৈ আহিল সুনীল ৰ ৰুমত। টোপনিত যেন সুনীল বৰ মৰম লগা হৈছে। অনিতা অলপ সময় তাক চাই থাকিল। তাৰ মেজত ভাত থাকে। তাৰ ওচৰত গৈ কপালত মৰমৰ চুমা আঁকি দিলে সুনীল থতমত খাই সাৰ পালে। ওচৰত প্ৰেমিকাক দেখি তাৰ মন চঞ্চল হয় উঠিল। সি তাইক নিজৰ গা ৰ ওপৰলৈ টানিলে তাই সুনীল ৰ ওপৰত পৰিলে। সি তাইক জোৰকৈ সাৱটি ধৰিলে তাইৰ বুকু কপি উঠিল উশাহ বোৰ চুটি হয় আহিল। দুয়ো দুয়োৰে উশাহ ৰ শব্দ সুনিছে। অজানিতে অনিতা  চকু মুদি দিছে তাই অনুভৱ কৰিছে সুনীল ৰ হাতৰ পৰশ তাইৰ দুগলত ওচৰ চাপি গৈছে সুনীল ৰ দুটি ওঁঠ তাইৰ দুটি ওঁঠ। সুনীল ৰ উশাহ ৰ গৰম ভাৱ তাইৰ দুগালত লাগিছে। বিলিণ হৈ গৈছে দুয়ো দুয়োৰে ওঁঠত। কিছু সময়ৰ বাবে সিহঁতে যেন সপোনত ডুবি গৈছে। তেনেতে দৰ্জাত কাৰোবাৰ টোকুৰীয়া শব্দ পালে তেতিয়া হে সিহঁত বস্তাবলৈ ঘূৰি আহিল।দুয়ো নিজকে সংযত কৰী ললে তেতিয়াহে মনলৈ আহিল কি কৰিব গৈ আছিল সিহঁত। অনিতা ৰ বান্ধৱী নেনা সোমাই আহিল ৰূম ত। কথা পাতি পাতি সুনীল ভাত খাই ললে। কিছু সময় কথা পাতি তাক শুৱলে দি সিহঁত ও ভাত খাব গল। ৰাতিটো তেনেকৈ কটালে। ৰাতি পুৱা উঠি অনিতা সুনীল ক উঠাব গল তাই বাহিৰৰ পৰা তাক মাতিলে। সি সাৰ পায় দৰ্জা খুলি দিলে। মৰমৰ আলিংগন কৰিলে মৰমৰ চুমা আঁকি দিলে ইজনে সিজনৰ কপালত। ফ্রেছ হব কয় অনিতা গল খোৱাৰ যোগাৰ কৰিলে। সুনীল অনিত ৰ ৰূম ত গৈ তিনিও মিলি খায় ললে। লগতে দিনত কত ফুৰিব যাব ঠিক কৰিলে। দুয়ো ১০ মান বজাত ওলাই গল ফুৰিবলে। গুৱাহাটীৰ বহু ঠাই ঘুৰিলে বহুত সুখী সিহঁত। দিনটো তেনেকৈ পাৰ কৰিলে। দুপৰীয়াৰ আহাৰ বাহিৰতে কৰিলে। সন্ধিয়া 7 মান বজাত ৰূম পালে দুয়ো ফ্ৰেচ হৈ কথা পাতি পাতি ৰাতিৰ আহাৰৰ যোগাৰ কৰিলে। ১০ মান বজাত ৰাতিৰ আহাৰ খায় তিনিও নিজৰ নিজৰ বিছনা ত শুই পৰিলে। ৰাতিপুৱা উঠি আগৰ দিনাৰ দৰে খায় বয় উঠি ফুৰিব গল। সুনীল অনিতা ৰ আচৰণ দেখি ঘৰৰ মালিকৰ অলপ সন্দেহ উপজিল। সিহঁত গধূলি যেতিয়া ঘূৰি আহিল মালিকে অনিতাক মাতি কলে ৰাতিপুৱা লৰা জনৰ থকাৰ ব্যবস্থা বেলেগ কৰিবা ইয়াত নালাগে। হব বুলি কয় তাই সুনীল ৰ ওচৰত গৈ কথা খিনি কলে তাৰ বহুত দুখ লাগিল হলেও সি বুজি পাইছে সি হোটেল ত থাকিম কলে।
     পিছ দিনা পুৱা দুয়ো কিছু সময় অকলে কটাই ব্ৰেক ফাষ্ট কৰিলে আৰু সি হোটেল যাব ওলালে । দুয়ো হোটেল ত তাৰ বস্তু বোৰ থয় আকৌ ফুৰিব গল ৰাতি দুয়ো বাহিৰতে খায় আহিলে। পিছত সি হোটেল গল তাই নিজৰ ৰূম। এনেকৈ আৰু এদিন পাৰ কৰিলে। পিছ দিনা দিনৰ 3 বজাত সুনীল ঘৰ যাব। ৰাতিপুৱা সোনকালে লগ কৰিলে ব্ৰেক ফাষ্ট লান্স বাহিৰতে কৰিলে। 2 বজাত গুৱাহাটী ষ্টেচন পালে দুয়োৰে চকুত চকুপানী। সুনীল ৰ যাব মন নাই হলেও যাব লাগিব ঘৰত মিছা কয় আহিছে। সময় বোৰ যেন সোনকালে গৈছে তিনি বাজিবৰ হৈছে এনাউন্স কৰিছে কিমান নম্বৰ প্লেট ফৰ্মত ৰেল আহিব। কিছু সময় পিছত ৰেল আহি পালে। নিজৰ দব্বা বিচাৰি দুয়ো খোজ ললে। ৰেলত উঠি নিজৰ বস্তু বোৰ নিজৰ ঠাইত থলে। আকৌ নামি আহিল ৰেলৰ পৰা জোৰকৈ সাৱটি ধৰিলে অনিতাক দুয়ো কাণ্ডিছে। ৰেল উকি মাৰিলে সি যাব ওলাল। কিছু সময় পিছত ৰেলৰ গতি আৰম্ভ হল। নেদেখা হোৱা লৈকে সি তাইক চাই গল। কিছু সময় পিছত আকৌ ফোনত কথা পতা আৰম্ভ হল। তেনেকৈ তিনি দিন পাৰ কৰে। তিনি দিন পিছত নিজৰ ঘৰ পালে। ঘৰত মন বহাব পৰা নাই বাৰে বাৰে অনিতা ৰ লগত কটোৱা মূহুৰ্ত বোৰ চকুৰ আগত আহিবলে ধৰিলে। কিছু দিন পিছত সকলো আগৰ দৰে হল। এনেকৈ আকৌ 6 মাহ পাৰ কৰিলে।
     6 মাহ পিছত ভগৱানে নিজে যেন সিহঁতক লগ পাবলৈ সুবিধা কৰিলে। সুনীল ৰ দাদৰ পৰীক্ষা এটা আছে পশ্চিম বংগ ত। সুনীল ৰ দাদাক অকলে বাহিৰত গৈ পোৱা নাই সেয়ে দুয়ো ভায়েক ক আহিব দিলে। পিছে সুনীল ভায়েক ৰ লগত চৰ্ত ৰাখিলে দুয়ো অসম আহিব পশ্চিম বংগৰ পৰা। কেনেকৈ কি কব লগে ঘৰত সি কব। ভায়েকে মানিলে তাৰ চৰ্ত। কথা মতে কাম হল আকৌ এবাৰ সি অসম আহিলে ঘৰত কলে কলে পৰীক্ষা 3 দিন পিছত হব। সেই তিনি দিন অসমত কটালে। দাদাক হোটেল ত থয় সি অনিতাক লগ কৰিব আহিলে। এনেকৈ দুদিন কটালে দুদিন পিছত আকৌ যাব ওলাল ঘৰত তাই ও আহিছে ষ্টেচনলৈ সিহঁতক থব। দাদাক আগত সিহঁত পিছত যোৱাৰ সময়ত দাদা ৰ সন্মুখতে কান্দি দিলে সি। কান্দি কান্দি আৰু এবাৰ বিদায় ললে। দুই তিনি মাহ সকলো ঠিকে আছিলে। পিছে লাহে লাহে অনিতা ৰ গাত মহানগৰীৰ বতাহ অলপ বেছিকৈ লাগিব ধৰিলে।

  দিন যোৱাৰ লগে লগে অনিতা যেন সলনি হব ধৰিলে। সুনীল ৰ লগত কথা পাতিব নিবিচাৰে কিবা নহয় কিবা অজুহাত দেখুৱাই কথা কম কৈ পাতে। প্ৰথমে সুনীল তাইৰ কথা বোৰ মানি লৈছিল। পিছত সি বুজিলে তাৰ মৰমৰ প্ৰেয়সী যেন সলনি হৈছে। তাৰ মনত তাইক হেৰুয়াৰ ভয় আহিল কিজানি তাই তাক এৰি আনৰ হয়।সি তাইক এদিন কলে তুমি সলনি হলা। তাই কলে নহয় জান তুমি ভুল বুজিছা মই আগৰ দৰে আছোঁ। এতিয়া অলপ ব্যস্ত থাকোঁ পঢ়িব লগে লগতে ভাত বনোৱা সকলো কাম কৰা বহুত কিবা কিবী কলে তাই। অজলা সুনীল তাইৰ কথাত ভোল গৈ থাকিল।
      এনেকৈ আৰু দুমাহ মান পাৰ হল।এদিন হঠাৎ এটা অচিনাকী নম্বৰৰ ফোন আহিল সুনীল তাত। সি ফোন ৰীচিভ কৰিলে। হেলো হেলোঁ কৈ থাকিল পিছে একো সঁহাৰি নাপায় ফোন কাটিলে। নম্বৰ টো ভাল কৈ চাই সি গম পালে সেইটো অসমৰ নম্বৰ। সি অনিতা ক ফোন কৰিলে সুধিলে সেই নম্বৰ টো তাইৰ নেকি বা তাই কাৰোবাৰ পৰা ফোন কৰিছিল নেকি। তাই কলে নাই তাই কৰা নাই। সুনীল সেই নম্বৰত ফোন কৰিলে পিছে ৰিচীভ নকৰে। এনেকৈ মাজে মাজে কাজিয়া কৰা হল দুয়ো। তথাপিও সি তাইক বহুত ভাল পায়। এদিন সেই অচিনাকী নম্বৰত সুনীল বেলেগ নাম্বাৰৰ পৰা ফোন কৰিলে কাৰণ তাৰ অলপ সন্দেহ হৈছিল সেই নম্বৰ টো অনিতা ৰ বুলি। অচিনাকী নম্বৰ ফোন দেখি সেইবাৰ ফোন ৰিছিভ্ হল। এজনী ছোৱালী হেল্য কলে সেই মাত টো তাৰ চিনাকি লাগিল। সেই ফালৰ পৰা মাত লগালে তুমি কোন। সুনীল ৰ মাত শুনি ফোন কাটি গল। আৰু ফোন কৰিলে নাই নুঠাই। কিছু সময় পিছত সুনীল অনিতাক ফোন কৰিলে।
সুনীল _ কি কৰিছা কিবা খালা নে
অনিতা _ এনে অলপ পঢ়ি আছোঁ তুমি কি কৰিছা
সুনীল _ মই ও এনে আছোঁ। বাৰু মোক এটা সঁচা কথা কোৱা তোমাৰ বেলেগ নম্বৰ আছে নেকি
অনিতা _ নাই মোৰ নতুন নম্বৰ থাকিলে তোমাক নিদিম নেকি কি যে কোৱা তোমাৰ চাগে মোৰ ওপৰত বিশ্বাস নাই।
সুনীল _ তোমাৰ ওপৰত বিশ্বাস আছে মানে মই এদিন যে তোমাক সুধিছিলো এটা অসমৰ নম্বৰ ৰ ফোন আহিছে তুমি কৰিছা নেকি তুমি নাই কৰা কৈছিলা। আজি সেই নম্বৰ টোত ফোন কৰিছিলোঁ এজনী ছোৱালী উঠাইছিল মাত টো তোমাৰ দৰে। সেয়ে সুধিলোঁ।
অনিতা _ নাজানো কোন বা একে মাতৰ বহুত ছোৱালী আছে। তোমাৰ সপত মোৰ নহয়। মই তোমাক ইমান ভাল পাওঁ মিছা কম নেকি।
সুনীল_ ঠিক আছে দিয়া বেয়া নাপাবা শুধা বাবে। আৰু কিছু কথা পাতি ফোন ৰাখিলে।
  দিনবোৰ গৈ আছে অনিতা সলনি হৈ গৈ আছে। লাহে লাহে তাৰ মনত ও সন্দেহ হব ধৰিলে সি যেতিয়া অনিতা ৰ নম্বৰ অফ বা সংযোগ সীমাৰ বাহিৰত পায় তেতিয়া সেই অচিনাকী নম্বৰত ফোন কৰে আৰু সেই নম্বৰ টো বিজি পায়। আকৌ কেতিযাবা সি যেতিয়া আনিত ৰ লগত কথা পাতি থাকে মাক ৰ নম্বৰ ৰ পৰা সেই অচিনাকী নম্বৰত ফোন লগায় আৰু সেই নম্বৰ টো সংযোগ সীমাৰ বাহিৰত পায়। তেতিয়া তাৰ সন্দেহ বিশ্বাসত পৰিণত হল।কিয়নো এটা ফোনত দুখন চিম ব্যবহাৰ কৰিলে একে সময়তে দুখন ছিম একেলগে উপলব্ধ নাথাকে । বহু বাৰ অনিতাক সুধিলে নাই তাই মানি নলয়। মিছা বেছি দিন ঢাকি ৰাখিব নোৱাৰি বুলি কথা এশাৰ আছে নহয় তাকে যেন প্ৰমাণ হল। দুদিন পিছৰ কথা অনিতা ফোন কৰিলে সুনীল ক। সি ফোন উঠা লে।
অনিতা _ কি কৰিছা দৰলিং
সুনীল_ প্ৰথমতে চাই লোৱা কোন খন চিমেৰে ফোন কৰিছা। অনিতা ঠতমত খাই উঠিল।
অনিতা _ মই জানি বুজি কৰিছোঁ তোমাক surprise দিবলে। (আচলতে তাই ধৰা পৰা বাবে হে তেনেকৈ কৈছিল)
সুনীল _ কিয় আগতে মিছা কয় অচিলা। দুয়োৰে মাজত অলপ কাজিয়া হল। হলেও সুনীল তাইক বেছি দেৰি বেয়া পায় থাকিব নোৱাৰে। আৰু কিছু দিন তেনেকৈ গল সিহঁতৰ কাজিয়া অলপ বেছি হব ধৰিলে। তাইৰ সেই নতুন নম্বৰ টো বেছিকৈ বিজী পোৱাক লৈ কাজিয়া হয়। সি শুধে তাইৰ জীৱনত বেলেগ কোনোবা আহিছে নেকি নাই তাই কোনো পদ্ধে মানি নলয়। মিছাৰ পিছত মিছা কৈ গল। সিহঁতৰ কাজিয়া আৰু বাঢ়িব ধৰিলে। এদিন তাই ঘৰত আছিল দুয়োৰে কাজিয়া হৈছিল বহুত বেছি। তাই ফোন কাটি দিলে। সি ফোন কৰিব এৰা নাই। বহুত বাৰ ফোন কৰাৰ পিছত সি তাইক মেচেজ দিলে ফোন নুঠালে মাৰ নম্বৰত কৰিম। সেইবাৰ ও তাই নুথালে তাৰ ইমান বেছি খং উঠিল যে সঁচাকৈ তাইৰ মাকক ফোন কৰিলে অনিতাক বিচাৰি। মায়েকে অলপ টান কৈ কথা শুনালে তাক আৰু ফোন নকৰিবলৈ কয় আৰু যাতে অনিতাক ও আমনি নিদিয়ে নহলে কথা বেয়া হব বুলি কয় ফোন ৰাখিলে। সি মনৰ দুখত গতে ৰাতি কান্দি পাৰ কৰিলে। আগলৈ....

লেখা:- ৰিমা দাস


Post a Comment

0 Comments