Long Distance Relationship | খণ্ড ৫

                Long Distance Relationship
                                খণ্ড :- ৫
 দুখৰ ৰাতি এটি পাৰ কৰিলে পুনৰ এটি ভাল দিনৰ অপেক্ষাত।ৰাতি পুৱা 8 মান বজাত আৰু এবাৰ ফোন কৰিলে অনিতাক তাই ফোন নুতুলিলে। তাৰ মন বহুত বেয়া লাগিলে কি বা হল তাইৰ মাকক ফোন কৰি ভুল কৰিলে সি নিজকে দোষী সাব্যস্ত কৰিলে। দিনটো  একো এটা ভালকৈ নাখালে সি। গধূলি তাৰ ফোন বাজি উঠিল সি দৌৰি যোৱা দি গল ঘৰৰ ভিতৰত হয় যিটো অপেক্ষাত আছিল সেই অপেক্ষাৰ অন্ত পৰিল অনীতায় তাক ফোন কৰিছে । ফোন উঠাই সি সকলো পাহৰি কলে চৰি জান মই ফোন কৰিব নালাগিছিল নাজানো কি হল মোৰ বহুত খং উঠি গল তুমি মোক কিয় আগৰ দৰে মৰম নকৰা।
অনিতা_ মই তোমাক কথা এটাৰ বাবে ফোন কৰিছোঁ। মা মোক কৈছে মোক আৰু ফোন লব নিদিয়ে। গতিকে মই তোমাক সদায় ফোন কৰিব নোৱাৰিম।
 সুনীল কি কব  ভাবি পোৱা নাই। তথাপিও সি তাইক হেৰুৱাব নোৱাৰে।
সুনীল_ ঠিক আছে মোক সদায় ফোন কৰিব নালাগে মই তোমাৰ অপেক্ষা কৰিম মাথো মোক পাহৰি নাজাবা আৰু সুবিধা পালে ফোন কৰিবা।
অনিতা যেন এই দিনটোৰ অপেক্ষাত আছিল। তাই কলে ঠিক আছে মই সুবিধা পালে ফোন কৰিম। তেনেকৈ অলপ কথা পাতি ফোন ৰাখিলে।
   কিছু দিন তেনেকৈ পাৰ হল কেতিয়াবা তিনি দিন পিছত কেতিয়াবা পাঁচ দিন পিছত অলপ সময় কথা পাতে। সুনীল তথাপিও হাৰ মনা নাই সি ভাবিলে তাই এতিয়াও তাকে ভাল পায়। পিছে তাৰ ধাৰণা ভুল আছিল। অনিতা ৰ বৰ্তমান ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়ি থকা বা চাকৰী কৰা লৰা হে ভাল লগে। আৰু ইমান দূৰত থকা লৰা ও পছন্দ নহয় যাক যেতিয়া বিচাৰে লগ কৰিব পাৰে চপিং কৰিব পাৰে তেনেকুৱা লৰা পছন্দ হয়। আন ফালে সুনীল অপেক্ষাত আছে আকৌ সকলো আগৰ দৰে হব লগ পাব। সুনীল ৰ সময় পাৰ নোহোৱা হৈছে সি ফেচবুকত তাইৰ নামৰ ফেচবুক একাউণ্ট বিচাৰি থাকে তাৰ যেন অনিতা নামটো আপোন। যিটো অনিতা ৰ একাউণ্ট আছে সেইটো দুয়ো পাচ ৱৰ্ড জানে পিছে তাই এতিয়া সেই একাউণ্ট নচলায়। এদিন হঠাৎ এনেকৈ অনিতা নামৰ ফেচবুক একাউণ্ট বিচাৰি থাকোঁতে দেখিলে সেই একাউণ্ট টোৰ যি বিশেষ তথ্য দিয়া আছে সকলো অনিতা ৰ লগত মিলিছে কেৱল উপাধিটো বেলেগ সি ফ্ৰেইণ্ড ৰেকুৱেষ্ট পঠালে নাই accept নকৰে। হলেও সি মাজে মাজে মেচেজ কৰে চাই কিন্তু একো উত্তৰ নাই। তেতিয়া তাৰ সন্দেহ হল এই জনী তাৰ অনিতা হয় চাগে নহলে বেলেগ হলে এবাৰ হলেও উত্তৰ দিলে হয়। যেতিয়া অনিতাই তাক ফোন কৰে সি সুধিছিল ফেচবুক ৰ কথাটো পিছে আগৰ দৰে তাই মিছা কলে। তাই ফোন তেনেকৈ নাপায় কেতিয়াবা পালে তালৈ ফোন কৰে। তাইৰ কথা শুনি কিছুমান কথা জানিও তাইক হেৰুওৱাৰ ভয় ত একো আপত্তি নকৰে। এনেকৈ আৰু তিনি মাহ মান গল আকৌ তাইক ফোন লব দিয়া বুলি কলে।কিন্তু তাৰ লগত সম্পৰ্ক ৰাখিব মানা কৰিছে সেয়ে তাই ঘৰত আহিলে তাৰ লগত কথা পাতিব নোৱাৰে সি ও হব বুলি কলে।তেনেকৈ কিছু দিন গৈ আকৌ সিহঁতৰ কাজিয়া হল সেইদিনা সি কলে মই দুদিন মান ফোন অফ ৰাখিম নকৰোঁ তোমাক ফোন। আজি মই বা ৰ ঘৰত যাম তাতে থাকিব দুদিন মান। তেনেকৈ কয় সি ফোন ৰাখিলে আৰু ফোন অফ কৰি দিলে। সি কিছু ঘণ্টা ফোন অফ ৰাখিলে পিছে আৰু নোৱাৰে সি অফ ৰাখিব কিজানি তাৰ প্ৰেয়সী ফোন কৰিছে। পিছে নাই ফোন অন কৰা 1 ঘণ্টা হল ফোন কৰা নাই সি ও সেইদিনা ৰাতি ফোন নকৰিলে। পিছ দিনা আকৌ তাইক ফোন কৰিলে ফোন অফ কিছু সময় পিছত আকৌ কৰিলে নাই ফোন অফ তেনেকৈ দিনত বহুত বাৰ ফোন কৰিলে নাই ফোন অফ। ৰাতিও কৰিলে ফোন অফ। সুনীল যেন পাগল হৈ যাব কি হৈছে তাইৰ কিয় ফোন অফ। আজি দুদিন হল তাইৰ ফোন অফ। উপায় নাপায় সি নেনাক ফোন কৰিলে তাইক সুধিলে অনিতা ৰ কথা তাই কলে নাজানে অনিতা ৰ কথা কিয়নো সিহঁত এতিয়া একেলগে নাথাকে। নতুন নম্বৰ তাইৰ লগত নাই। সুনীল যেন পাগল হৈ গল এতিয়া কি কৰিব সি কত খবৰ লব তাৰ প্ৰেয়সী ৰ। আজি 5 দিন হল এতিয়া লৈ সি তাইক পাঁচ হাজাৰ বাৰ তকৈ বেছি ফোন লাগিছে আকে উত্তৰ ফোন অফ। উপায় নাপয় সি প্ৰথম বাৰ বন্ধুৰ লগত ৰাতি থাকিম বুলি ঘৰত কয় হোটেল আহিছে drinks কৰিব সি আজি লগত আৰু দুজন বন্ধু আহিছে।

   সুনীল সেই ৰাতি অলপ মদ খালে যদিও তাৰ নিচা বেছি হল হয়টো প্ৰথম কৰাৰ বাবে। দুটা চিগাৰেট ও হুপিলে। তাৰ পিছত সি বন্ধু দুজনৰ আগত অনিতা ৰ কথা কয় কান্দিলে সিহঁতে তাক সান্তনা দিলে হয়টো ফোন বেয়া হৈছে নহলে ঘৰত কিবা অসুবিধা হৈছে। তেনেকৈ অলপ সময় পিছত তাৰ টোপনি আহিল। ৰাতিপৱা সাৰ পায় তাৰ বহুত মূৰ বিষাইছে ৰাতি মদ খোৱা বাবে হয়টো তেনেকুৱা হৈছে। সি উঠি বাথাৰুম ত গৈ মুখ হাত ভাল কৈ ধুই ললে মূৰত ও অলপ পানী দিলে। লগত দুজন তেতিয়া শুই আছে সি সিহঁতৰ ওচৰত বহি লৈ কথা বোৰ ভাবিব ধৰিলে কি হব এতিয়া তাৰ জীৱনত তাই আকৌ তাক ফোন কৰিব নে তাই ঠিকে আছেনে তেনেকৈ ভাবি থাকোঁতে আকৌ তাৰ দুচকুৰে পানী নিগৰিল উচুপি উঠিল সুনীল তাৰ যেন মূৰে কাম নকৰা হৈছে। লগৰ দুজনে সাৰ পায় তাক আকৌ বুজালে সকলো ঠিক হব ভাগি নপৰিবি। তাতে সিহঁতে ব্ৰেক ফাষ্ট কৰিলে সুনীল ৰ মন নাই হলেও সিহঁতৰ জোৰত অলপ খালে। ঘূৰি আহিল ঘৰলে। এনেকৈ আৰু কিছু দিন গল সি সদায় দিন ৰাতি অনিতাক ফোন লগায় নাই নালাগে।ঘৰৰ পৰা লুকাই সি প্ৰায়ে মাদক দ্ৰৱ্য সেৱন কৰিবলৈ ধৰিলে। ঘৰত গম পাব বুলি বেছি কৰিব ও নোৱাৰে। তেনেকৈ সি দেৰ মাহ পাৰ কৰিলে। ঘৰত থাকি তাৰ শান্তি নোপোৱা হৈছে তাৰ মন যায় মদ খায় মাতাল হৈ থাকিব কিন্তু নোৱাৰে ঘৰত গম পাব বুলি। সি ঘৰৰ পৰা মুক্ত হব বিচাৰে তাকে ভাবি তাৰ বন্ধু অমিত ক ফোন লগালে চাকৰী সূত্ৰে হায়দৰাবাদ ত অকলে থাকে তাক কলে সি এমাহ মান থকাকৈ যাব ঘৰত থাকি তাৰ অশান্তি লাগিছে। অমিতে কলে ঠিক আছে আহি যা মোৰ ইয়াতে। সুনীল ঘৰত কথাটো কলে প্ৰথমতে মানি লোৱা নাই যদিও পিছত তাৰ কথাত মান্তি হল। দুনিন পিছত সি গল অমিত ৰ ওচৰত। তাক ও সকলো কলে অমিতেও তাক সান্তনা দিবলৈ চেষ্টা কৰিলে নাই সি শান্ত নহয়। ৰাতি দুয়ো মদ খালে। ৰাতিপৱা অমিত কামলৈ ওলাই যায় সুনীল অকলে ৰুমত থাকে বেছি মদ খায় পাৰ কৰে তাৰ মাজত অমিত ফোন কৰি কিবা এটা খাবলে কয় কেতিয়াবা খায় কেতিয়াবা নাখায় দিনক দিনে তাৰ স্বাস্থ্য বেয়া হব ধৰিলে। তেনেকৈ সি দিন কটায় আছে এদিন তালৈ ফোন আহিল দিগন্তৰ।
দিগন্ত _ কি খবৰ তোমাৰ। মই শুনিছোঁ অনিতা ৰ লগত এতিয়া যোগাযোগ নাই
সুনীল _ হয় তাইৰ নম্বৰ অফ থাকে নাজানো কি হল কিয় এনেকুৱা কৰিলে। বহুত মন যায় তাইৰ লগত এবাৰ কথা পাতিব। এবাৰ সুধিব মন যায় কিয় এনেকুৱা কৰিলে কান্দি দিলে সি
দিগন্ত _ তুমি চিন্তা কৰিব নালাগে মই কিবা এটা কৰিম মই বৰ্তমান কেৰেলাত আছোঁ দুদিন পাছত ঘৰ যাম মই যেনেকৈ নহওঁক কথা পতাই দিম।
সুনীল _ সঁচাকৈ দিবা তাইৰ লগত কথা পতায়। আশাৰ কিৰণ জাগিল সুনীল ৰ মনত।
দিগন্ত _ ঠিক আছে মই দিম তোমাক তাইৰ লগত যোগাযোগ কৰি। ভাই মই এটা বিপদত পৰিছোঁ তোমাৰ সহায় লাগিছিল।
সুনীল_ মোক কোৱা কি সহায় লগে মই কৰিম মাথোঁ মোক অনিতা ৰ লগত যোগাযোগ কৰায় দিবা।
দিগন্ত _ ঠিক আছে দিম বাৰু। মোৰ এ টি এম খন ব্লক হৈছে মোক টকা দু হেজাৰ পঠাই দিয়া মই নম্বৰ এটা দিম।
সুনীল _ ঠিক আছে নম্বৰ টো দিয়া মোক। সেই সময়ত সুনীল যি হলেও কৰিব অনিতা ৰ লগত কথা পাতিবলৈ।
 দিগন্ত নম্বৰ দিলে সেই মতে সুনীল গৈ দুই হেজাৰ ৰ ঠাইত তিনি হেজাৰ পঠাই দিলে মাথো সি তাইৰ লগত যোগাযোগ কৰায় দিলে হয়।
    5 দিন পিছত সুনীল দিগন্ত ক ফোন কৰিলে দিগন্তই কলে অহা কালি মই গধূলি তাইৰ লগত কথা পাতায় দিম। সুনীল অপেক্ষাত আছে পিছ দিনা গধূলি দিগন্ত ফোন কৰা নাই বাবে সি নিজে কৰিলে নাই ফোন তোলা নাই। আৰু অলপ পিছত কৰিলে নাই সেইবাৰো নুটুলিলে। পিছত এবাৰ নিজে ফোন কৰি কলে আজি নোৱাৰিলোঁ কালি দিম। পিছ দিনা ও কোনো খবৰ নাই কেতিয়াবা ফোন অফ কেতিয়াবা নুঠায়। এনেকৈ আৰু এদিন গল তেতিয়া আৰু সুনীল ৰ বুজিবলৈ বাকী নাথাকিল যে দিগন্ত ই তাক থগিলে। এনেকৈ সি অমিত ৰ ৰূম ত এমাহ পাৰ কৰিলে। পিছত সি ভাবিলে এনেকৈ থাকিলে একো নাপাব নিজৰ জীৱন ও ধংশ হব অনিতা ৰ একো উত্তৰ নাপাব কিয় এনেকুৱা কৰিলে তাক অনিতা ৰ উত্তৰ লগে। সি মনতে ঠিক কৰিলে সি ঘৰত যাব ঘৰৰ পৰা যেনেকৈ নহওঁক আকৌ অসম আহিব অনিতাক বিচাৰি তাৰ সকলো উত্তৰ বিচাৰি। অমিত ক সি কলে মই ঘৰ যাম। অমিতে ভালে পালে সি ও বিচাৰে সুনীল ভালে থকাটো। পিছ দিনা পুৱা সি উভতি আহিল ঘৰত। ঘৰত আহি সি তাৰ ভাল বন্ধু এজনক লগ ধৰিলে অসম আহিবলৈ দুয়ো আহিব অসম লগৰ জনেও হব কলে। দহ দিন পিছত সিহঁত অসম আহিব ৰেলৰ টিকট কৰিলে। আগলৈ.....

লেখা:- ৰিমা দাস



Post a Comment

0 Comments