Long Distance Relationship | খণ্ড ৮

                  Long Distance  Relationship
                                   খণ্ড:- ৮
সুনীল ৰ খং দেখি ৰিয়াৰ অলপ বেয়া লাগিল তাই জানে ভুল কৰিছে তাৰ খং উঠা টো স্বাভাৱিক। তাই লাহেকৈ কলে মই জানো ভুল কৰিছোঁ কিন্তু মই বাধ্য আৰু মোৰ এই মিছা কথাৰ বাবে কৰোঁ ক্ষতি হোৱা নাই ন সেইবাবে মই লুকুইছো তাই তেতিয়া সকলো সঁচা কথা কয় দিলে। তেতিয়া সুনীল অনিতা ৰ কথা সুধিলে এতিয়া কি কৰে তাই প্ৰেমিক আছে নে নাই। ৰীয়ায় সেইবোৰ কব বিচৰা নাছিল কিন্তু সি নামানে কবই লাগিব কলে মোক কলে কি হব মই তাইক এতিয়া একো নকওঁ মই তোমাৰ লগত আছোঁ তাই ও কোনোবা ৰ লগত আছে মোৰ একো আপত্তি নাই এনে জানিব বিচাৰো তাই কিমান মিচলীয়া তাৰ শপত দি দিলে সি ৰিয়া বাধ্য হল কব আৰু কিছু কথা কলে। এনেকৈ সিহঁত কিছু তাইৰ কথা পাতি সুনীল কলে আৰু যাতে একো মিছা নোকোৱা মই মিছা কলে বহুত বেয়া পাওঁ। তাই ও কলে ঠিক আছে মোৰ নিজৰ ও ভাল লগা নাছিল তোমাৰ পৰা কথা লুকুৱাই, পিছে তুমি মোৰ বিশ্বাস নাভাগিবা। সি কলে ঠিক আছে তোমাৰ বিশ্বাস কেতয়াও নাভাগো।

   প্ৰায় এবছৰ সিহঁত তেনেকৈ কথা পাতি পাৰ কৰিলে সুনীল ৰ আধৰুৱা পঢ়া সম্পূৰ্ণ হল, সিহঁত দুয়োটা লগ পাব বিচাৰিলে সি ফ্লাইটৰ টিকট বুক কৰিলে। ৰিয়াৰ বহুত ভাল লাগিছে কিয়নো এতিয়া সি নিজে অসম আহিব কৈছে মানে সি অনিতা ৰ ঠাই তাইক দি দিলে। ৰিয়া অনিতাক নুকোৱা নহয় কথা টো সি যে আহিব। তাই কলে ভালে হৈছে দে আগতে অহকে দে। ৰীয়ায় তাইৰ কথা বুজিও একো নকলে। সিহঁত লগ পাব জুলাই মাহত টিকট দুমাহ আগেয়ে কৰিছে। ৰিয়ায় সুনীল ক কলে তুমি ঘৰত এনে থকাত কৈ কিবা যব কিয় নকৰা সি অলপ আপত্তি কৰিছিল যদিও পিছত ৰিয়াৰ কথা শুনি পাঞ্জাৱৰ প্ৰখ্যাত কোম্পানী এটাত ইনটাৰ্ভিও দিবলৈ গল ৰিয়াই ভগৱান ৰ ওচৰত প্ৰাৰ্থনা কৰিলে সি যেন সফল হয়। ৰিয়াৰ প্ৰাৰ্থনা আৰু সুনীল ৰ কষ্ট সাৰ্থক হল । সেইদিনা 2 মান বজাত তালৈ ফোন আহিল কোম্পানীৰ পৰা পিছ দিনা ৰাতিপুৱা সকলো দকোমেন্ত লৈ যাব দিলে। সি লগা লগ ৰিয়াক ফোন কৰি জনালে তাই ভগৱানক ধন্যবাদ দিলে। পিছে সিহঁতৰ লগ পোৱা নহব নতুন কৈ কাম ত সোমাই চুটি বিচাৰিলে হয়টো বেয়া পাব পাৰে। ৰিয়াই কলে একো নাই আমি এবছৰ লগ পোৱা নাই তেনেকৈ ভাল পোৱা হৈছে আৰু কেইমাহ মান ৰখিলে একো নহয়। জীৱন গঢ়াৰ বাত এটা মুকলি হৈছে সেইটো ডাঙৰ কথা। মনত দুখ ও লাগিছিল দুয়োটাৰে পিছে ৰিয়া বহুত প্ৰেক্টিকেল ছোৱালী মানুহ চলিবলৈ টকা ও লাগে। তাই সুনীল ৰ টকা নিবিচাৰে কিন্তু সুনীল সদায় ঘৰৰ পৰা টকা লৈ থকা টো ভাল নাপায়। তাই নিজেও নিজৰ ভৰিত থিয় হবলৈ চেষ্টা কৰা ছোৱালী। সুনীল নতুন এটা জীৱনৰ পাতনি মেলিলে ৰাতিপুৱা 9 বজালৈকে শুই থকা লৰা2 এতিয়া 7 বজাত উঠে ফ্ৰেচ্ হৈ ব্ৰেক ফাষ্ট কৰি অফিচলৈ ওলাই যায়। ৰিয়া আৰু সুনীল আগতকৈ অলপ কথা পতা কমিলে কিন্তু মৰম কমা নাই। খবৰ টো অনিতাক দিছে ৰিয়া তাই ভালে পালে লগ নাপায় বাবে। এনেকৈ তিনি মাহ মান যোৱাৰ পিছত আকৌ এটা ভাল খবৰ আহিল ৰিয়াৰ সপোন পুৰ হল নিজক প্ৰতিষ্ঠিত কৰাৰ সপোন যিটো সপোন তাই বহু দিনৰ পৰা বুকুত বান্ধি ৰাখিছিল। ৰিয়াৰ চাকৰী হল অসম চৰকৰৰ অধীনত। ৰিয়া বহুত সুখী আছিল সেই দিনা কিয়নো স্বাৱলম্বী হোৱাটো অকল তাইৰ সপোন নাছিল দেউতাকৰ ও আছিল দেউতাকক সুখী কৰিব পাৰি তাই বেছি সুখী হৈছিল। কিয়নো দেউতাকে পঢ়া নাম ত কেতিয়াও কৃপনালি কৰা নাই। সেই ফালে সুনীল খবৰ পায় লগৰ সকলো বন্ধুৰ লগত পাৰ্টিৰ আয়োজন কৰিলে ৰিয়াত কৈ বেছি সি সুখী। গুৱাহটীৰপৰা পৰা নগাঁও গৈ তাই অফিচত যইন কৰি আহিলে আৰু ঘৰ গল ঘৰত দুদিন থাকি ঘৰৰ মানুহৰ লগত গল নিজৰ কৰ্তব্য স্থানলৈ। দাদাক বায়েক গৈ থয় আহিলে লগত কেইদিনমান মা ক থাকিল। সুনীল আৰু ৰিয়াৰ প্ৰেম একে আছে তাই চাকৰী পাইছে বাবে তাৰ মৰম বাঢ়িছে তেনেকুৱা নহয় সি ও ৰিয়াৰ টকা নিবিচাৰে বিচাৰে মাথোঁ মৰম। সিহঁত আকৌ লগ পোৱাৰ পৰিকল্পনা কৰিলে। সিহঁত লগ কৰিব ডিচেম্বৰ মাহত টিকট ও বুক হল ফ্লাইতৰ এমাহ পিছত সিহঁত প্ৰথম বাৰৰ বাবে দেখা দেখি হব।

  সুনীল ৰ কিমান যেন সপোন কেতিয়া যে সেই দিনটো আহিব দিন গণি গণি পাৰ কৰিছে সি ৰাতিপুৱা ৰিয়াক ফোন কৰি সদায় কয় আৰু কিমান দিন বাকী আছে কিমান ঘণ্টা কিমান মিনিট কিমান ছেকেণ্ড সকলো সদায় হিচাপ কৰি ৰিয়াক কয়।সি কি পিন্ধি আহিব ছান গ্লাচ পিন্ধিব নে নাই ঘড়ী কি পিন্ধিব জোতা যেকেট কি পিন্ধিলে ভাল লাগিব কিমান যে কি আশা।তাৰ কথা শুনি তাইৰ হাঁহি উঠে ভালোঁ লাগে তাৰ সেই শিশু সুলভ কথা বোৰ। অৱশেষত সেই দিনটো পাবলে মাত্ৰ এদিন বাকী সি পাঞ্জাৱৰ পৰা দিল্লী লৈ ৰেলত আহিব তাৰ পৰা ফ্লাইট ত আহিব । সি ৰাতিপুৱা 7 বজাত দিল্লী পালে কিছু সময় ষ্টেচনত কটায় বিমান বন্দৰৰ ফালে গতি কৰিলে। ৰিয়াক ফোন কৰি কলে সময়ত গুৱাহাটী বিমান বন্দৰত উপস্থিত হবলৈ সি বাহিৰত আহি তাইক দেখা পাব লাগিব তাই ও হব বুলি কলে। তাৰ বাবে আলু পৰথা বনালে সি কৈছিল খায় ভাল পায় তাইৰ প্ৰথম বাৰৰ বাবে বনাইছে সুনীল ৰ বাবে। তাই 2:30 গুৱাহাটী পোৱাকে গুৱাহাটী আহিব ওলাল দুয়োৰে সময় বোৰ নাযায় নাযায় লাগিছে।সেই দিনা দেও বাৰ দুপৰীয়া 12:30 ত তাৰ ফ্লাইট গুৱাহাটী পাব 3 বজাত। সি ফ্লাইট ত বাঁহৰ আগত এবাৰ ফোন কৰি কলে এতিয়া ফোন অফ হব আৰু এবাৰ কলে সময়ত বিমান বন্দৰ পাবলৈ তাই হব বুলি কলে। দুয়ো আহিছে গুৱাহাটী বিমান বন্দৰ লৈ সেই সময় খিনি এটা এটা ক্ষণ এটা দিনৰ দৰে হৈছিল সিহঁতৰ বাবে।
  তেতিয়া সময় ২:৪৫ হৈছিল তাই গুৱাহাটী বিমান বন্দৰ আহি পাইছে বাৰে বাৰে ঘড়ী চাইছে কেতিয়া ৩ বাজিব আৰু তাইৰ সুনীল ক দেখিব ফোন লগালে তাক নাই নালাগে আকৌ অলপ পৰা পিছত লগগে ৰিং হল তাইৰ বুকু কপি উঠিল ৰিং হৈছে মানে তাইৰ ৰাজ কুমাৰ জন আহি অসম পাইছে সি ফোন উঠাই কলে আৰু ৫ মিনিট পিছত তোমাক দেখিম তাই অলপ দূৰত আছিল তাই প্ৰস্থান দুয়াৰৰ ফালে গতি কৰিলে। পিছে তাই গৈ পোৱাৰ আগত সি ওলাই আহিল ফোন কৰিলে কত আছা দুয়ো দুয়োকে বিচাৰি আছে পোৱা নাই সি কলে বাছ এখন ৰ কাষত আছে তাই দূৰৰ পৰা দেখিছে তাক তাই কলে মই দেখিছোঁ তোমাক। তাই অলপ সময় তাক দূৰৰ পৰা চালে পিন্ধনত ব্লু জীন্স পাতল মেৰুন ৰঙৰ লেদাৰ ৰ যেকেত ছান গ্লাচ বহুত স্মাৰ্ট লুক তাই তাক চাই ৰল সি ফোনত মতিলে কি হল কোৱা মোক দেখিছা যদি অহা ওচৰত তেতিয়া হে তাই ভাবিলে হয় টো তাই কি কৰি আছে তাই বহুত নাৰ্ভাছ হৈছিল সি ফটোত দেখাত কৈ বেছি স্মাৰ্ট আছিল। তাই লাজ লাজ কৈ আগুৱাই গৈছিল সি ও তাইক দেখিলে তাই ডাৰ্ক ব্লু যিন্স আৰু জেকেত পিন্ধুচে সি ও তাইক দূৰৰ পৰা চাই লৈছে ভাল কৈ। লাহে লাহে ওচৰ চাপি আহিল দুয়ো সি হাত আগ বঢ়ায় দিলে তাই ও দিলে তাৰ পৰশ পায় তাই আৰু বেছি নাৰ্ভাচ হল সি হলে অলপ ও নাৰভাচ হোৱা নাই পকেটৰ পৰা এটা ডাঙৰ দায়াৰি মিল্ক চকলেট ওলাই দিলে তাই লৈ ললে । দুয়ো তাত সময় নষ্ট নকৰি কেৱ বুক কৰি মহানগৰীৰ ফালে আগ বাঢ়িল গাৰী ত বহি সি পৰধা বিচাৰিলে তাই বেগৰ পৰা ওলাই দিলে সি বহুত যেন ভুকত আছিল অলপ তাইক খুয়াই দি নিজে খায় ললে। তাই লুকাই লুকাই তাক চাই আছে। আহি সি বুক কৰা হোটেল পালে তাই বাহিৰতে ৰল সি নিজৰ বেগ থৈ আকৌ ওলাই আহিল দুয়ো শ্ৰদ্ধাঞ্জলি পাৰ্ক ত বহিল সি একেবাৰে ওচৰত বহিছিল। তাই আৰু বেছি নাৰভাছ হৈছিল তাৰ সেইবোৰ লক্ষ্য নাই সি বহুত সুখী তাইক পায়।সি তাইৰ বাবে অনা উপহাৰ বোৰ ওলাই দিলে বহুত মৰম লগা উপহাৰ আনিছে তাই ভাল পোৱা পাঞ্জাৱী সেলৱাৰ কামিজ এযোৰ ও আছিল সেইবোৰ দেখি তাইৰ ও বহুত ভাল লাগিল তাই ও তাৰ বাবে অনা উপহাৰ তাক দিলে সি ও বহুত আনন্দিত হল মৰমট দিয়া বস্তু ৰ মূল্য নাথাকে কেৱল মৰম থাকে।লাহে লাহে আন্ধাৰ নামি আহিছিল ধৰাৰ বুকূলৈ সেই সেগতে সি তাইৰ গালত আঁকি দিছিল মৰমৰ এটি চুমা তাই একো ধৰিব নোৱাৰিলে চকু দুটা ডাঙৰ কৰি তাৰ ফালে চালে সি কাণত ধৰি কলে স্বৰি বিমান বন্দৰ ত দেখাৰ পৰা মনটো বান্ধি আছিলোঁ আৰু নোৱাৰিলোঁ। বহুত ভাল পাওঁ তোমাক তুমি মোক এৰি জাবা নেকি মোক কথা দিয়া কেতিয়াও মোক এৰি নোযোৱা বাবেগিক হৈ পৰিল সি চকুত চকু পানী তাইৰ হাতত যোৰ কৈ ধৰিলে যেন তাই হেৰায় যাব এৰি দিলে। তাই কেৱল তাৰ ফালে চাই থাকিল একেবাৰে শিশু এটাৰ দৰে লাগিছে তাক নিজৰ একেবাৰে প্ৰিয় বস্তু এটা যেনেকৈ আনে নিব বুলি ধৰি ৰাখে সেই সময়ত সি ৰিয়াক তেনেকৈ ধৰি ৰাখিছে। তাই ও আৱেগিক হল আন খন হাতেৰে তাই ও তাৰ হাত খন খামুচি ধৰি কলে মই আছোঁ তোমাৰ লগত আৰু সদায় থাকিম। আগলৈ,,,,,

লেখা:- ৰিমা দাস


Post a Comment

0 Comments