অসমীয়া দুখৰ কবিতা :: বহু বাৰ সুযোগ দিলো তোমাক

বহু বাৰ সুযোগ দিলো তোমাক

*****************************
তুমি মাথো মোৰ হৈ থাকিবৰ বাবে
বহুবাৰ তোমাৰ ভুলবোৰ
আওকান কৰি ক্ষমা কৰি দিছিলো ৷
কিন্তু প্ৰতিবাৰেই তোমাৰ ভুলবোৰে
মোক ইমানেই কষ্ট দিয়ে যে
নিজৰ অস্তিত্বই পাহৰি থাকো ৷
তথাপিও
এটা সপোন বুলি সকলো পাহৰি
তোমাক মোৰ হৈ থকাৰ
আশাত বহুবাৰ সুযোগ দিলো ৷
মই যে তোমাৰেই আছিলো সদায়
হয়তো তুমি অনুভৱেই নকৰিলা ৷
এখন ক’লা আৱৰণৰ আঁৰত
মোৰ প্ৰতিটো কাৰ্য সন্দেহৰ
তুলাচালনীৰে জুখিব ধৰিলা ৷
অজুহাতৰ গইনা লৈ
প্ৰতিদিনেই মোৰ লগত
এখন অঘোষিত প্ৰতিযোগিতাত
তুমি মাথো জয়ী হ’ব বিচাৰিলা ৷
বহুদিন অপেক্ষা কৰিলো
তুমি সলনি হ’বা বুলি ৷
কিন্তু সেই দিন নাহিল ৷
এতিয়া মই নিজেই সলনি হৈছো
একমাত্ৰ তোমাৰ বাবেই ৷
আঁতৰি আহিছো বুলি নাভাবিবা ৷
ভালপোৱাবোৰ মোৰ
ক্ষন্তেকীয়া নহয় ৷
মাথো বুজাবুজিৰে সুন্দৰ কৰিব
বিচাৰিছো আমাৰ জীৱন ৷
মই বিহীনতাত তোমাক এবাৰ
উপলব্ধি কৰাব বিচাৰিছো
তোমাৰ জীৱনত মোৰ প্ৰয়োজনীয়তা ৷

                    ✍️পাল্কি প্ৰিয়া


Post a Comment

0 Comments