প্ৰেমৰ বেদনা :: মই জনীক মই হৈয়ে থাকিবলৈ দিয়া

" মই জনীক মই হৈয়ে থাকিবলৈ দিয়া "

  মই নোৱাৰিলোঁ অ'....
  তোমাৰ দৰে হ'বলৈ ,
  মই নিশিকিলোঁ অ'.....
  তোমাৰ দৰে উচ্চাকাংক্ষাৰ
  পিছে পিছে দৌৰিবলৈ ;
        মই যে....
  কণমানি টিপ'চি জনীৰ লেখিয়া অ'...
 এধানি এধানি কৈ হাঁহি বোৰ
  বুটলি আনি , চকুৰ পানী
  টোপালকো মুকুতাৰ দৰে সজাবলৈ
                বিচাৰোঁ ।
  এমুঠি এমুঠি কৈ পোৱা
  মৰম বোৰকো সামৰি
  আনি , অভিমান বোৰেৰে
  পলসুৱা কৰি ৰাখিব
             বিচাৰোঁ ।
  আৰু.....
  জীৱন বাটৰ আলি কেকুঁৰিত
  দেও দি ফুৰা..
  দুখৰ টুকুৰা বোৰকো
  মই সুখৰ সেউজীয়া
  বসন পিন্ধাবলৈ প্ৰয়াস
          কৰোঁ ।
  সেয়ে....
  নকৰা চোন তোমাৰ-মোৰ তুলনা ?
  তুমি আৰু মই যে
  নৈ খনৰ ইটোপাৰ-সিটোপাৰ ;
  মই জনীক মই হৈয়ে
  থাকিবলৈ দিয়া চোন ।।

           ✍️ Subhadra Kathar


Post a Comment

0 Comments