অসমীয়া গল্প :: উপলব্ধি

                      উপলব্ধি 

              জীয়াই থকাৰ প্ৰেৰণা, অসীম ভালপোৱা,অযুত প্ৰতিশ্ৰুতি ; এই সকলোবোৰ যেন আজি ক'ৰবাত হেৰাই গ'ল । মৰমৰ বাণত থকাসৰকা হ'ল মোৰ কোমল কলিজা। এতিয়া আকৌ তাত ঘঁহিব খুজিছা বিচ্ছেদৰ মলমৰ প্ৰলেপ? শুকাব নে সেই ঘাঁ? হ'ব নে আগৰ দৰে মসৃণ ,দাগবিহীন? উপলব্ধি কৰিছোঁ আজি। মিছা সপোনত ডুব গৈ আছিলো। এয়া মাথো মনৰ ধাৰণা। নহয় জানো? তুমিয়েই কৈছিলা এয়া মাথো মনৰ ধাৰণা। প্ৰেম কি মাথো মনৰ ধাৰণা? তোমাৰ বাবে এয়াই নেকি প্ৰেমৰ সংজ্ঞা ? দেখিছিলা নে মোৰ দুচকুত তোমাৰ প্ৰতি থকা আকুলতা? চেষ্টা কৰিম নানিবলে এই দুচকুত তোমাৰ ছৱি। মোহাৰিবলৈ চেষ্টা কৰিম হৃদয়ত চেকাৰ দৰে লাগি ধৰা তোমাৰ কলিজাৰ তেজৰ দাগবোৰ। কেনেকৈ বিচ্ছেদ কৰো অাঁকোৱালি থকা দুই কলিজাক? থাকিব নে বাৰু আগৰ দৰেই আকাৰ? টানি আনোতে টুকুৰা টুকুৰকৈ এৰাই যায় যদি পাৰিবানে জোৰা লগাব? পাৰিবা চাগে তুমি! তোমাৰ হৃদয়খন জোৰা লগাই ল'বা দেই। তাত আকৌ বেলেগ হৃদয়ক ঠাই দিব লাগিব নহয়॥ মোৰ খনৰ কথা চিন্তা নকৰিবা। ই আৰু জোৰা নালাগে। এনেকৈয়ে থাকি যাব চিৰ জীৱন। তোমাৰ কলিজাৰ এটুকুৰা অংশ কিন্তু মই ৰাখি থম মনে মনে। বিচাৰি নাহিবা দেই। গোটেইখন নালাগে এটুকুৰা দিলেই হ'ব। তাকেই লৈ জীয়াই থাকিম আজীৱন আমৰণ।

     ✍️ Neha Devi


Post a Comment

0 Comments