অপৈনত ভালপোৱা

🍂"অপৈনত ভালপোৱা" 🍂

কাৰোবাক প্ৰাপ্তিয়ে ভাল পোৱা নুবুজায়।কাৰোবাৰ মুখৰ অলপ হাঁহি বা মনৰ শান্তিখিনি যেতিয়া অান কাৰোবাৰ ওচৰত পায় তেতিয়া কেৱল তেঁওৰ সুখৰ  বাবে নিজৰ ধৰি থকা হাত খন অলপ পিছ হুহুুকাই দিয়াটো নিজৰ একপক্ষীয় ভালপোৱা। নাম থাকক বা নাথাকক হেজাৰ ব্যস্তাৰ মাজত মনলৈ অহা চবি এখনিয়ে ভালপোৱাখিনি বুজায় যায়।বল প্ৰয়োগ কৰি বা চল-কৌশল কৰি কোনোৱে কাৰো অন্তৰৰ ভাল পোৱাখিনি পাব নোৱাৰে যদিও পায় সময়ে তাৰ উচিত ব্যৱস্থা লয়।সঁচা অৰ্থত অপৈনত ভালপোৱাবোৰৰ মাজত সোমাই থকা অনুৰাগ আৰু অনুভৱৰ কৰনি সমূহ বিচিত্ৰ সাঁথৰ।কাৰোবাৰ কথাত ভোল গৈ নিজৰ ভালপোৱাখিনিৰ ওপৰত বিশ্বাস হেৰুয়াই পেলোৱাটো যানো সুস্থ প্ৰেম হব পাৰে??? ইয়াৰ সজ্ঞা অপৰিহিম আৰু এটা মৰিচিকাৰ বাট। যিহেতু অপৈনত ভালপোৱা বঠা নাইকীয়া এখন নাঁওৰ দৰে,ক'ত কেতিয়া মাজ সাগৰত ইয়াৰ ডুব যাবলৈ সময় আহিব সেয়া কোনেও নাজানে মাত্ৰ কিছুমান বিচ্ছেদৰ যান্ত্ৰণা সৰু সৰু কাজত এটা সময়ত লিপিবদ্ধ হৈ ৰয় গৈ।
(ভালপোৱা কিছু ভিতৰুৱা কথা প্ৰকাশ কৰা হ'ল পঢ়ি কেনেকুৱা পালে জনাব)

       লেখা:-দীক্ষা শইকীয়া

Post a Comment

0 Comments