Asaamese Sad Poem :: উদং কপালেৰে তাই

* উদং কপালেৰে তাই *

তাই উদং কপালেৰে
আহিনৰ আকাশলৈ চায় .....
স্মৃতিত দুলি থাকে
মিনা কৰা দিনবোৰ ।

মূৰে-কপালত , হাত থৈ
দূৰণিলৈ চায় ,
ঢৌবোৰে সাউদৰ নাৱত খুন্দিয়ায়.......

ঘৰলৈ উভতি যায়
উৰুখা ছালত নিগনি এটাই
অকলশৰে অহা-যোৱা কৰে..!
তাইৰ দুখৰ শব্দহীন হাতৰ ইঙ্গিতত
হালধীয়া চৰাই জাকৰ দৰে
মানুহবোৰ আহে ।।
   
        ✍️ Sikha Moni Choudhury


Post a Comment

0 Comments