assamese break up poem :: হৃদয়খন তেওকেই সঁপি দিম

হৃদয়খন তেওকেই সঁপি দিম

**************************
হৃদয়খন মই তেওঁকেই সঁপি দিম
যিজনে মোক বেদনাবোৰ আঁতৰাই দি
দেখুৱাব পাৰিব এক সপোনৰ নতুন জগত
য'ত নাথাকিব কোনো ঠগ-প্রতাৰণা
থাকিব মাথোঁ বিশ্বাস আৰু প্রেম।
হৃদয়খন মই তেওঁকেই সঁপি দিম
যাৰ চকুযুৰিলৈ চালেই পাহৰি যাম
সমস্ত ক্লান্তিৰ কথা,
আৰু যিয়ে বুজি পাব মোৰ
অভিমানত ঠেহ পতা।
হদয়খন তেওঁকেই দিম
মোৰ সফলতাত যি জনে নিজতকৈয়ো বেছি
সুখী অনুভৱত কিৰীলি পাৰিব
 দুখত তেওঁৰ হৃদয়খন আর্তনাদ কৰিব
আৰু বুজিপাব মোৰ মৌন ওঁঠৰ ভাষা ।
হয়, হৃদয়খন মই তেওঁৰ ভাৱেই সাঁচি থৈছো
মিছাতে চুবলৈ হেঁপাহ নকৰিব আপুনি,
এই কবিৰ ব্যতিক্রমী নষ্ট হৃদয়টো
 যে বৰকৈ অভিমানী ।

     ✍️ ৰিছামনি আকতাৰা




Post a Comment

0 Comments