নীলা খামৰ চিঠি || Assamese Love Latter || হৃদয় ভঙাৰ চিঠি

                   নীলা খামৰ চিঠি

মৰমৰ,
হিয়াৰ আকুলতাই লিখা মৰমবোৰ লবা । তোমাক যোৱা নিশা সপোনত দেখিলো খুউব ভাল লাগিল বৰ হাহি মাতি জীৱন টো উপভোগ কৰিছা নিচিনা লাগিল । তোমাৰ কি নাজানো মই তোমাৰ খবৰ ৰাখি ভাল পাও । তুমি হাজাৰবাৰ কলেও মোৰ আশাশুধীয়া মনটোক বাধা দিব  পৰা নাই  ।অজানিতে হোৱা ভুল বোৰ ক্ষমা কৰিবা ।মই তোমাৰ আপোন হ'ব নোৱাৰিলো যদিও আজিও তোমাক নিজৰ বুলি মোৰ আপোন বুলিয়ে ভাবো । ইমান বেছি ভাল পোৱা টো যদি ভুল অ' তেনে মই ভুল কৰিছো উপায়ো নাই মইও জীয়াই থাকিব বিছাৰো । তোমাৰ দুচকুত চকু পানীৰ কেতিয়াও নিবিচাৰো বাবেই তোমাৰ চকু পানী বোৰো মোৰ চকুত জাপি লৈছো এতিয়া তুমি মাথো হাঁহি থাকিবা আৰু মই এবাৰ তোমাৰ হৈ , এবাৰ মোৰ হৈ কান্দিম  মাথো তোমাৰ গোপন অনুভূতিৰে কেতিয়াবা ব্যস্ততাৰ আৰত মোৰ কথা বোৰ এটা অশান্ত হুমুহিয়া হৈ ৰব । তুমি কাৰ লগত কিমান সুখত আছা নাজানো কিন্তু তোমাৰ দুখৰ দিনত মই থাকিম দেখিবা বাৰে বাৰে মনত পৰিব মোৰ কথা বোৰ আৰু তেতিয়া হয়তো বুজিবা তুমি যাৰ লগতে নাথাকা লাগিলে তোমাৰ মনৰ মাজত কোন আছে সেইটো হে আছল কথা । তুমি বিশ্বাস কৰিব টান পাবা আজিকালি মই সলনি হৈছো মই জীয়াই থাকিবৰ বাবে নহয় তুমি সুখী হোৱাৰ বাবে যজ্ঞ কৰিছো । ক্ৰমশঃ নষ্ট কৰিছো মোৰ বৰ্ধিত হৃদয়ৰ আকোলতা তুমি শুনি সুখ পালেও মই বৰ কষ্ট অনুভৱ কৰিছো আৰু নোৱাৰা হৈ পৰিছো please  ভুল নুবুজিবা ।
তুমি পাহৰিলেও তুমি কোৱা মনত আছে মই হেনো তোমাৰ বাবে বিশেষ আৰু সদায় বিশেষ হৈ থাকিম ।  মই কিন্তু তোমাক বিশেষ কৰিয়ে ৰাখিছো আৰু , তুমি  ?? বাৰু সেইবোৰ বাদ দিয়া তুমি কুশলে আছাতো কোনোবা ক্ষনত অনুভৱ কৰা ছাগে মোৰ ।মই বৰ হেপাহত কাষ চাপিছিলো মৰমৰ ঢৌবোৰ এতিয়াও হেণ্ডলনি তুলি থাকে কলিজা কুৰুকি।আকৌ কৈছো ভুল নুবুজিবা মই সলনি হ'ব পৰা নাই ছাগে তুমি বিচৰা দৰে কিন্তু সকলো সলনি হৈ গ'ল জীৱনৰ বাকীবোৰ । তুমি সুখি হ'ব পৰাকৈ কিবা এটা কৰিম কিন্তু নুসুধিবা কি কৰিম , মই কব নোৱাৰিম কাৰন তোমাৰ দুখ সহ্য কৰিবপৰা সাহস মোৰ নাই ।শেষত আকৌ কৈছো একো  ভুল নুবুজিবা মই সলনি হোৱা নাই আৰু ভুলো কৰা নাই           
----------------------
     
ইতি
তোমাৰ মৌচুম
Note : Sory তোমাৰ হ'ব নোৱাৰিলো নহয় !!


Post a Comment

0 Comments