Assamese Poem :: কেনে আছা বাৰু তুমি ?

কেনে আছা বাৰু তুমি ?

অসংখ্যজনে শুনা পোৱাকৈ
চিঞৰি চিঞৰি সুধিবৰ মন যায়
কেনে আছা তুমি প্ৰিয়তমা ?
কিন্তু নোৱাৰোঁ… মই যে বাকৰুদ্ধ,
হৃদয়ত অহৰহ লৈ ফুৰা তুমিজনী
দুচকুৰ আগত থাকিও আজি অচিনাকি ৷

তুমি সেই গান
যাক গাও বুলিলেই গাব নোৱাৰি,
তুমি সেই আকাশ
যাক চুওঁ বুলিও চুব নোৱাৰি
তথাপিও জানা……
বাৰে বাৰে তোমাৰ প্ৰেমতেই পৰোঁ,
কিয়…? নুসুধিবা মোক ৷

পাহৰোঁ বুলিয়েই কেনেকৈনো পাহৰিম কোৱা
জীৱনৰ প্ৰথম শিহৰণকাৰী স্পৰ্শ,
কেনেকৈ সুখী হ’ব পাৰোঁ তুমিহীন জীৱন,
অভিনয়… ওঁঠত এমোকোৰা কৃত্ৰিম হাঁহিৰে
সুখী হোৱাৰ অভিনয় কৰি কৰি
জীৱনটোকেই অভিনয় যেন লাগে আজি ৷

এতিয়া জানা……
জীয়াই থকাৰ হেপাঁহকনো নোহোৱা হ’ল
নাজানো কেতিয়া নিথৰ হয় দেহা
যদি পাৰা, মোক ক্ষমা কৰিবা
জীৱনত স্থান নিদিলা যদিও আক্ষেপ নাই
শব্দৰ মায়াজালত মোক
সদায় আলফুলে জীয়াই ৰাখিবা ৷

                   ✍ ইলিয়াচ আহমেদ 



Post a Comment

0 Comments