বৰষুণ ভালপাওঁ যদিও
বৰষুণ ভালপাওঁ যদিওমৰম বোৰ বানপানীৰ দৰে হোৱাটো কেতিয়াওঁ নিবিচাৰোঁ
এবাৰতে আহি
লৈ যায় আধা মৰা বুকুৰ সাঁচতীয়া হাঁহি
বৰষুণ ভালপাওঁ যদিও
মৰম বোৰ নিয়ৰৰ দৰে হোৱাটো কামনা কৰোঁ
যদিও সৰু সৰু টোপাল
প্ৰেমে ভৰা বুকুৰ বাবে একোটা মুকুতাৰ সমান
বৰষুণ ভালপাওঁ যদিও
নামনিৰ প্ৰেমিক বুকুত উজানৰ বিষ অহাটো কেতিয়াওঁ নিবিচাৰোঁ
যেতিয়াই নামনিৰ প্ৰেমিক বুকুক উজানৰ বিষে পায়
তেতিয়াই উজনিৰ গাভৰু হৃদয় বোৰ
চকুলোত ডুবি যায়
✍️বসন্ত নিবিড় ।
0 Comments