Assamese Poem :: বিষ্ণুপ্ৰসাদ ৰাভা

■■■■■বিষ্ণুপ্ৰসাদ ৰাভা■■■■■

বিষ্ণু ৰাভা তোমাক আৰু নুসুধো
এতিয়া কিমান ৰাতি।
আৰু নুসুধো, কিমান উজাগৰী ৰাতিৰ
নৈশব্দৰে সৃষ্টি কৰিব পাৰি একোটা
অমৃতময় গান অথবা নৃত্যৰ ছন্দ।
মাথোঁ তোমাৰ গীত আৰু নৃত্যৰ ছন্দৰে
নিজকে অনুশীলিত কৰি জীয়াই ৰাখিম
তোমাক আমাৰ কণ্ঠত আমাৰ নৃত্যৰ ছন্দত।
তোমাৰ মৃত্যু হোৱা নাই,
তুমি এতিয়াও জীয়াই আছা
অসমৰ আকাশে বতাহে।
এতিয়াওঁ নিনাদিত হয় তোমাৰ সুৰ,লয়
চিফুং বাঁহীৰ সুৰত।
অকল চিফুং বাঁহীতেইনে?
অসমৰ সকলো থলুৱা বাঁহীতেই
প্ৰতিধ্বনিত হয় তোমাৰ সুৰ,লয়,নৃত্যৰ ছন্দ।
তোমাৰ বিপ্লৱী সত্বাৰে আজিওঁ
উজ্জীৱিত আমি অসম সন্তান।
হে মহান,আজি তোমাৰ মৃত্যুতিথিত
জনাইছো শতকৌটি প্ৰণাম।
----------------------------

     ✍️ Sagorika Devi




Post a Comment

0 Comments