Assamese Poem || অসমীয়া জীৱনৰ কবিতা || অসমীয়া দুখৰ কবিতা

জীৱন

জীৱনটো তেনেকুৱাই হৈ পৰিল
আয়ে, নোবোজাৰ দৰে
পিতায়ে ,নভৱাৰ দৰে...

জীৱন জীৱনৰ নহয় যেন
মহাজনৰ হাতৰ হিচাপৰ ভৰুণ বহী...

দুখৰ নিশাবোৰ যোগ হল,
সুখৰ মুহুৰ্তবোৰ চুটি
চিধা দেখা পথটোও খলা বলা
নৈপথ্যত বাজি থাকিল
এটি মাথোঁ সৰল উচুপনি...

অনুভৱৰ আঁচনিখন দীৰ্ঘম্যাদী
মৰম,চেনেহৰ চুক্তিখন হৰলুকি
ডুবি ডুবি জীয়াই থকাৰ কছৰৎ
বুকুৰ ভিতৰত চাকনৈয়াৰ হেন্দোলনি...
 
          ✍️ মৰমী মুদৈ


                      

Post a Comment

0 Comments