মই অপেক্ষা কৰিম || অসমীয়া প্ৰেমৰ কবিতা || Assamese Sad Love Poem

❤মই অপেক্ষা কৰিম❤

মই তোমাৰ বাবে অপেক্ষা কৰিম
জানো তুমি উভতি আহিবা,
অপেক্ষা কৰিম সৰ্বশক্তি দি
বৰষুণত ভিজি, ৰদত পুৰি।

যেতিয়া হালোঁবাই হাল এৰি
অপেক্ষাৰ কষ্ট বুকুত লৈয়েই ঘৰলৈ উভতিম

তেতিয়াও মই তোমাৰ অপেক্ষাৰ থাকিম ।

মই অপেক্ষা কৰিম
জানো তুমি উভতি আহিবা

যদি কোনোবাই পাহৰি যাবলৈ কয়
সিহঁতৰ কথাত কণ্ঠ দৃঢ়

হয়টো বন্ধু সকলে অপেক্ষা কৰি কৰি ক্লান্ত অসীম
তথাপিও মই অপেক্ষাত থাকিম

জানো তুমি উভতি আহিবা
ঠাণ্ডা গৰমৰ, কিম্বা ধুমুহা বৰষুণত ।
অভিমানৰ চকুৰে
যি সকলে তোমাৰ বাবে
অপেক্ষা কৰা নাই
সিহঁতে বুজিব কেনেকৈ ?
প্ৰিয় জনৰ অপেক্ষাৰ উত্তাপ

মই জানো তুমি উভতি আহিবা
শিল, বৃষ্টি ধুমুহাৰ মাজত

মই ৰৈ থাকিম তোমাৰ অপেক্ষাত

মোৰ বিশ্বাস তুমি এদিন
উভতি আহিবাই ।।

           ✍️ Kuhi kashyap           

                  

Post a Comment

0 Comments