Assamese Sad Love Poem :: বিশ্বাস

*বিশ্বাস *

বিশ্বাস এটি মাথোঁ শব্দ নহয়
ই এক সুখৰ মিঠা অনুভূতি
বিশ্বাসৰ আঁত ধৰিয়েই
পাৰ কৰি আহিলো ল'ৰালি।

সৃষ্টিত ৰং, আকৃতি, ধ্বনি থকা দৰেই
জীৱনতো বিশ্বাসৰ এটা
সুকীয়া মাদকতা আছে
যি কঢ়িয়াই ফুৰিছো এতিয়াও।

জীয়াই থাকিবলৈ যেনেকৈ নিশ্বাস লাগে
সম্পৰ্কৰ বাবেও প্ৰযোজ্য বিশ্বাসৰ
লাগিলে সম্পৰ্কৰ নাম যিয়েই নহওঁক
সকলোতে আৱশ্যক মাথোঁ বিশ্বাসৰ |

           ✍দীপশিখা বৰা শইকীয়া
                মাজগাঁও, তেজপুৰ
                 23-6-2020




Post a Comment

0 Comments