Assamese Sad Poem :: অপেক্ষা

অপেক্ষা

আজিও তোমাৰ অপেক্ষাত ……
হৃদয়ৰ প্ৰেম
জালত পেলাই
ক'তনো আতৰি গ'লা ?
নাজানিছিলো প্ৰেমৰ অৰ্থ,
হাঁহিছিলো প্ৰেমৰ কথা শুনি ।
প্ৰেমনো কি ?
তুমিয়ে শিকাইছিলা মোক
প্ৰেমৰ অৰ্থ কি ?
হঠাতে গ'লা আঁ‌তৰি
অচিনাকি কোনোবা  বুলি?
আজিও তোমাৰ অপেক্ষাত …..
গোলাপ পাঁ‌হ দেখি
ববলৈ ধৰে অশ্ৰু ধাৰ
তোমাৰ কথাকে সুঁৱৰি।
আহিবানে তুমি
অপেক্ষাৰত মনক সান্তনা দিব ?
পাৰিবানে তুমি
আগৰ দিনবোৰ ঘূৰাই দিব ?
আজিও তোমাৰ অপেক্ষাত ....,

                   ✍️তিলক নাথ


Post a Comment

0 Comments