Assamese Sad Poem :: অস্তগামি কিৰণৰ তুমি এক সুখৰ চানেকি

অস্তগামি কিৰণৰ তুমি এক সুখৰ চানেকি

সন্ধিয়াৰ অস্তগামি কিৰণে আজিও তোমাৰ কথাকে সোঁৱৰাই
বেলি লহিয়া দুপৰ বেলিকা নৈ পাৰ ভাঙি আহিছিলা তুমি এজাক শীত কালৰ বাৰিষাৰ বৰষুণ জাক হৈ ।
তুমি অহাৰ লগে লগেই চাৰিওফালে যেন সুখৰ চানেকি প্ৰৱাহিত হৈছিল ।
পশ্চিমৰ সেই পছোৱা বতাহজাকৰ ৰে পৰা আৰম্ভ কৰি শিমলু ,কৃষ্ণাচূড়া, মদাৰ ফুল সকলোৰে মুখৰ দিন নিতৌ তোমাৰে গুণ গান।
তোমাৰ আৱাহনে গছৰ শুকান  লঙঠাপৰা  পাতবোৰো প্ৰাণ  পাই উঠিল আৰু প্ৰাণ উঠিল .....কহুৱা ,বিৰিশা পাত সকলোৱে।
নদীৰ পানীৰ কুল কুল শব্দৰ লগতে তাত অকলে  চৰি থকা ৰাজ  হাঁহ জনীও যেন এক সুখৰ বাৰ্তালাপ লাভ কৰিলে।
 তাইও যেন তাইৰ এজনী
 সংগীনি বিচাৰি পালে ।
চাৰিওফালে উখল মাখল
এক সুখৰ চায়াই বিৰাজমান কৰিলে
তোমাৰ আগমনে‌  কিছুসময়ৰ বাবে হলেও যেন  সকলোকে আনন্দ উত্ৰাৱলেৰে বিভোৰ কৰি পেলালে   ।

                ✍️ ভাগ্যশ্ৰী কাশ্যপ

Post a Comment

0 Comments