Assamese Sad poem :: বিদায় বেলাৰ আহ্বান

বিদায় বেলাৰ আহ্বান

ঐ পামনে এবাৰ লগ,
জীৱনৰ দীঘলীয়া যাত্ৰা পথত।
পাৰিমনে থব মোৰ মুৰটো
তোৰ বিশাল বুকুৰ মাজত॥॥
মন আছে জান,আকৌ এবাৰ লগ পোৱাৰ,,
তোৰ বুকুত মুৰ থৈ হেঁপাহ পলোৱাই কন্দাৰ,,
গটাবলে তোক আনৰ হাতত
কৰিব লাগিব নিজকে তৈয়াৰ॥
অন্তিমটো আলিংগন কৰিবিনে মোক
হাঁহি হাঁহি গটাম আনৰ বুকুলৈ তোক

আকৌ লম হাতত কলম ;
লিখিবলৈ আমাৰ আধৰুৱা মৰম;
ইয়াৰ মাজতেই তোক বিচাৰি পাম ;
নিৰৱে চাই মই চকুলো বোৱাম॥
কিন্ত্ত এবাৰ মাথো পাব খোজো তোৰ সান্নিধ্য,,
নাপালেই যেন হৈ যাম নিজকে
 শেষ কৰিবলৈ বাধ্য॥

ঐ,, পামনে এবাৰ  চুবলে তোক,
দীঘল চুলিখিনিৰ মাজেৰে বুলাবলে হাত।
পাৰিমনে দিবলে অন্তিমটো চুমা
নোৱাৰিলে যাব মই কৰিবি ক্ষমা॥
সদায় সুখত থাকিবলৈ কৰিছো আশীৰ্বাদ ;
বিদায় বেলাৰ মৰমেৰে কৰিছো প্ৰণিপাত॥🙏🙏

                ✍️ Neha Devi




Post a Comment

0 Comments