Assamese sad poem :: সপোন | অসমীয়া কবিতা

"সপোন"
◆◆◆◆◆◆

সপোন!সপোন
তোমাৰ ৰূপ কেনেকুৱা
তাকে ভাবি মই শুই পৰিলোঁ।
হঠাৎ তুমি মোৰ সম্মুখত
এয়াই নেকি তুমি,
যাক মই দিঠকত নাপাওঁ
চিলমিল টুপনিতহে পাওঁ।

সপোন দেখিছিলোঁ সৰুতে
এদিন ডাঙৰ মানুহ হোৱাৰ
আজি লৈকে বুজি নাপালোঁ
এই ডাঙৰ মানুহ মানেনো কি?
ডাঙৰ মানুহৰ সংজ্ঞা কি?

সপোন দেখিবলৈ
নাই কোনো বাধা
কিন্তু তাক বাস্তৱত
ৰূপায়িত কৰিবলৈ
যাওঁতে বাধাৰ এখন
দীঘল প্ৰাচীৰ বগাব লাগে।
যিয়েই সেই প্ৰাচীৰ
বগাই সিপাৰলৈ পাৰ
হ'ব তেওঁৱেই সপোনৰ
বাস্তৱ মুখ দেখিব
পাব তেওঁ সন্তুষ্টিৰ আশ্বাস।

কিন্তু মোৰ সপোন দেখোন
বাস্তৱ নহ'ল ,
মই নাজানিলো
বাধাৰ প্ৰাচীৰখন বগাব
তথাপিও অবিৰত
চেষ্টাৰ জৰীডাল টানিয়েই
থাকিম সদায় কিজানি
বাস্তৱক ঢুকি পাওঁয়েই কেতিয়াবা।
●●●●●●●●●●●●●●●●●●●●●●●●●●

বৰ্ণালী ডি.বৰঠাকুৰ।
মালিগাঁও, গুৱাহাটীৰ।
২৩ /০৬/২০২০




সপোন  

==

পলকতে ভাঙি চুৰমাৰ হয় 

টুলটুলীয়া এটি মিঠা সপোন 
ঠিক---
কনমানী চৰাই জনীৰ বাহটো 
হঠাতে অহা এজাক ধুমুহাত
মাটিত ঠুপুককৈ সৰি পৰাৰ দৰে,,
তাই কনমানী ঠোঁট দুটিৰে 
পুনৰ কুটা কঢ়িয়াই 
সপোনৰ ঘৰ সাজে,,

সপোন ভঙা 
সপোন ৰচাঁ 
পুনৰ ভঙা 
এই খেল বোৰ আৰু 
কিমান খেলিবা 
অসহ্য যন্ত্ৰণা আৰু 
কিমান সহিবা 

হ'ব দিয়া 
খেল খন ইমানতে 
সামৰি লোৱা 
হাঁহি আৰু কান্দোনৰ 
জীৱনটো আকোঁৱালি লোৱা 

সপোন বিহীন জীৱনটো 
উদাসী হৃদয়ৰ অব্যক্ত বেদনাৰে ভাৰাক্রান্ত 
তথাপিও ভাল 
বাৰে বাৰে শৰবিদ্ধ হোৱাতকৈ,,,,,,
_______________________
       
                                      ✍️Mitalee Borsaikia


ঠিকনা বিহীন এটি সপোন

তোমাৰ প্ৰতি মোৰ  ইমানখিনিয়েই ভালপোৱা..!
তোমাক বিচাৰি কেতিয়াও ভগৱানৰ ওচৰত প্ৰাৰ্থনা নকৰো..!
কিন্ত,
তোমাক যাতে কুশলে ৰাখে ইয়াৰ বাবে নিতৌ প্ৰাৰ্থনা কৰোঁ...!!

 ভাবিব পাৰা তুমি...!
মই হয়তো অহংকাৰী মতগৰ্বী এজনী নষ্ট ছোৱালী..!বুজিয়েই যে নোপোৱা তুমি মোক...!
মই নকওঁ তোমাক ভাল পাওঁ বুলি..!
যদি ইয়াৰ বাবে যাব খুজিছা..!
যোৱা আতৰি....!
মাথো মনত ৰাখিবা মোৰ প্ৰতিটো উশাহত কেৱল..! তোমাৰ নামেই লিখা আছে..!!

তোমাৰ প্ৰতি মোৰ ভালপোৱা মাথো ইমানেই ..!
কিয় জানো তোমাক নোপোৱাৰ ভয়ত...!
উশাহবোৰ থমকি যোৱা যেন লাগে..!!

 থাকিব পাৰে তোমাৰ তাত বহুত কিবা কিবি..!
 যিবোৰ বিচাৰি তোমাৰ আগে-পিছে ঘূৰিব পাৰে বহুতেই..!
 মোৰ তাত যে একোৱেই নাই..!
তোমাক ভালপোৱাৰ বাহিৰেই..!!

কেতিয়াবা অহংকাৰবোৰ নেওচি..!
মোৰ অভিমানৰ দুৱাৰখুলি..!
হৃদয় নামৰ কোঠালিতলৈ আহিবচোন..!
তেতিয়া দেখা পাবা তাৰ প্ৰতিখন দেৱালত..!
তোমাৰ ফটোবোৰ উলমি আছে..!
বিশ্বাস নহব পাৰে তোমাৰ..!
ভাষা যে নাই বুজাব তোমাক..!!

মোৰ কোমল অনুভৱবোৰৰ লগত খেলিব চেষ্টা নকৰিবা
সহিব নোৱাৰিম মই ইমান গধুৰ বেদনা..!
বিচৰা নাই তোমাৰ পৰা বহুত কিবা- কিবি..!
মাথো অলপ মৰম বিচাৰো..!
যদি বিশ্বাস হোৱা নাই..!
এবাৰ হৃদয়খনক সুধি চোৱা...!!

কেতিয়াও আমনি নকৰোঁ তোমাক..!
মোক ভাল পোৱা বুলি..!
মই নিবিচাৰো তোমাক বন্দী কৰি ৰাখিব..!
ভুল ক'ত বাৰু মোৰ..?
তুমিয়েই কোৱাচোন..!
মই যে নোৱাৰিলো হৃদয়খনক বাধা দি ৰাখিব..!
তোমাক ভাল নাপাবলৈ..!!

মোৰ ভাল পোৱাৰ কোনো প্ৰমাণ নাই...!
ইয়াৰ গভীৰতা জুখিব গৈ..!
মোৰ প্ৰেমৰ থাপনাখনিক অপমান নকৰিবা তুমি..!
নাভাৱিবা কেতিয়াৱা তোমাক ..!
আমনি কৰিব যাম বুলি..!
তোমাৰ অৱহেলাবোৰে যে মোক..!
ভাঙি পেলালে কেতিয়াৱাই..!
সুখী হোৱা তুমি তোমাৰ মতেই..!
অভিমানেৰে ভৰা মোৰ কথাবোৰ কবলৈ নাযাওঁ কেতিয়াও ..!
তোমাৰ ঠিকনা বিচাৰি...!
অহংকাৰ নাই মোৰ..!
অহংকাৰৰ ঠিকনা সুধি আমনি নকৰিবা মোক..!
স্বভিমানহে যে  জীৱনৰ সংগী মোৰ...!!

                                  ✍️ অনামিকা দাস

Post a Comment

0 Comments