Assamese Sad Poem -তুমি বিহীন জীৱন | অসমীয়া কবিতা :: অসমীয়া পদ্য চৰ্চা

তুমি বিহীন জীৱন

তুমিবিহীন জীৱনটো বৰ জটিল
সময় কাৰো বাবে থমকি নৰয়
পাৰ হৈ যায় প্ৰতিটো ক্ষণ প্ৰতিটো পল
আহিবানে তুমি আকৌ
ধুলিকণা হৈ বৰষুণৰ টোপাল হৈ
বহুতো দিন বহুতো মাহ
পাৰ হৈ গ'ল তোমাৰ লগত কটোৱা
 সুখ-দুখ, হাঁহি ধেমালিৰ দিনবোৰ
ভবাতো নাছিলো তুমিবিহীন
এটা জীৱন কটাব লাগিব
ভবাতো নাছিলো জীৱনটো আউল হৈ উঠিব
বৰ কঠিন হৈ পৰিল জানানে..?
তুমিবিহীন এটা জীৱন কটাবলৈ
পামনে আকৌ তোমাৰ সুভাস
য'ত তোমাৰ সানন্নিধ্যই আকৌ
নমাই আনে এজাক প্ৰেমৰ বৰষুণ
তোমাৰচোন অৱকাষবোৰ
মোৰেই বুকুৰ মাজত
তথাপিও তুমি কিয় আঁতৰি গ'লা
আহিবানে আকৌ সেই শাওণৰ
বৰষুণ জাকৰ দৰে
এটা অসম্পূৰ্ণ আশা পূৰণ কৰিবলৈ ||
       
 ✍️ প্ৰতিমা গগৈ বড়া
       তিতাবৰ ||




শব্দ যেতিয়া নিঃশব্দ হয় 

নিঃশব্দতাত
যেতিয়া ডুব যায় শব্দ
খামুচি ধৰো
মোৰ শিপা ।

শিপাৰ স'তে
কথা পাতো
এখন হ্নদয়ৰ পৰা 
আন এখন হ্নদয়ত
বিচাৰি চাঁও
মোৰ স্থিতি

কেতিয়াবা বেদনাহত
বোকোছাত  তিতি থাকে
মোৰ শিপা 
নিঃশব্দ হয় মোৰ
শব্দৰ দলিচা

                     ✍️Riba hazorika


আন্ধাৰৰ 

==============
অমানিশাৰ আন্ধাৰে আপোনাক খেদিছে নেকি কেতিয়াবা
আন্ধাৰৰ হিংস্ৰতাক ভয় কৰে নেকি আপুনি

আন্ধাৰৰ ৰজাক চিনি পায় নেকি আপুনি
আান্ধাৰত দেখিছেনে কেতিয়াবা নিজৰ মুখ

আন্ধাৰৰ আতংকত আপুনি প্ৰাণটাকি দৌৰিছেনে পিছলৈ উভতি নোচোৱাকৈ
শীতৰ নিশাও খুউৱ ঘামিছে
চকু কেইটা মুদি দিছে সজোৰে
আন্ধাৰ ৱোৰে চকুৰ আগত কিল বিলাই ফুৰিছে
খেপিয়াই চাইছে আপোনাৰ সমস্ত দেহ

বিছনাত বাগৰ দিছে
কাণ পাতি শুনিছে আন্ধাৰৰ বক্ষত কুমতি উঁইচিৰিঙাৰ মাত
কিবা যেন জয়াল পৃথিৱী ৷
---------------------------------------------
✍️লোহিত বৰুৱা
লখিমপুৰ

Post a Comment

0 Comments