assamese shayari :: অসমীয়া শ্বায়েৰী - অসমীয়া কবিতা 2021

assamese shayari

শ্বায়েৰী- ১

হৃদয়ৰ দূৱাৰখন জপাই থৈছিলো
অসময়ত কিয় আহি খুলি দিলাহি -২

শুকনি মুৱা হোৱা নগা ঘাঁ টুকুৰা
কিয় তুমি আকৌ এবাৰ খুচৰি দিলাহি ।।।

শ্বায়েৰী - ২

বাৰে বাৰে ভুল  হৈ যায়
জীৱনৰ জটিল অংকটো শুদ্ধকৈ কৰোঁতে –২

সুখবোৰক  দুখেৰে হৰণ কৰোঁতে
পুৰণ হৈ  উত্তৰ ওলাই - ভুলতে ।।।

শ্বায়েৰী - ৩

আটাইতকৈ চহকী সম্পদ হ'ল ইচ্ছা শক্তি
সুৰক্ষাৰ অমোঘ অস্ত্ৰপাট হ'ল আত্মবিশ্বাস  –২

দুয়োটা গুণৰে অধিকাৰী জনেই  তুমি –
সেয়ে আছে তোমাৰ ইচ্ছা শক্তি আৰু আত্মবিশ্বাস।

শ্বায়েৰী  – ৪

হিয়াখন নহয় মোৰ ইমান থুনুকা
অলপ আঘাটতে ভাগি চিগি যোৱা –২

মোৰ হিয়াখন গ্ৰেণাইটেৰে বন্ধোৱা
অলপীয়া আঘাটক কেৰেপকেই নকৰা ।।।

শ্বায়েৰী -৫

তোমাৰ অভাৱ যেতিয়া অনুভৱ কৰোঁ
গোটেই ৰাতিটো মই উজাগৰে থাকোঁ –২

সপোন দেখিবলৈও তেতিয়া নিবিচাৰোঁ
অনুভৱতে কিজানিবা তোমাক লগ পাব পাৰোঁ ।।।

শ্বায়েৰী - ৬

সপোন দেখিব  লাগে  সীমাৰ ভিতৰতে
সীমাৰ বাহিৰলৈ গ'লে হতাশে বেৰি ধৰে  –২

স্বপ্নভংগৰ বেদনাই  যেতিয়া জুৰুলা কৰে
জীৱনৰ ৰংবোৰেই তেতিয়া হেৰাই যাব ধৰে ।।।

শ্বায়েৰী – ৭

ভালপোৱা সকলোবোৰেই নহয় নিজৰ
স্বাৰ্থহীন সকলোবোৰেই হয় সুন্দৰ –২

মোৰ মৰমত নাই কোনো স্বাৰ্থ
সেয়ে হয়তো তুমি মোলৈ সদায় সুন্দৰ ।।।

শ্বায়েৰী –৮

হেৰুৱা খিনিলৈ মনত পেলাই
 হা -হুমুনিয়াহ কাঢ়ি থকাটো নহয় আচল জীৱন –২

এতিয়া যি পাইছা সেইখিনিৰে -
নতুনকৈ সজাই লোৱাটোহে আচল জীৱন ।।।

শ্বায়েৰী –৮

সৰি পৰা ফুল  পাহি পুনৰ ফুল হৈ
গছজোপালৈ নাহিলেও উভতি – ২

 শিপাবোৰ  শক্তিশালী হ'লে
 নতুনকৈ ফুল ফুলি উঠিব উজলি ।।।

শ্বায়েৰী - ১০

সময়ে কাহানিও শিকোৱা নাই
নৰকময় পৰিবেশ সৃষ্টি কৰিবলৈ – ২

সময়ে মাত্ৰ শিকাই যায় -
যন্ত্ৰণাৰ সৈতে বসবাস কৰিবলৈ ।।।

শ্বায়েৰী -১১

মই শিকিছোঁ এতিয়া মনে মনে থাকিবলৈ
সমস্যা সমূহ সমাধানৰ উপায় উলিয়াবলৈ  - ২

মই শিকিছোঁ এতিয়া হাঁহি থাকিবলৈ
সমস্যা সমূহৰ পৰাা আঁতৰি থাকিবলৈ ।।।

শ্বায়েৰী  - ১২

দূৰত্ব হৈ নুঠে কেতিয়াও কাৰক
শেষ কৰি পেলাবলৈ এটা মধুৰ সম্পৰ্ক  – ২

অহংকাৰ, অপমান, স্বাৰ্থপৰতা, বিশ্বাসঘাটকতাই
শেষ কৰি পেলাই এটা মধুৰ সম্পৰ্ক ।।।

শ্বায়েৰী –১৩

যি ৰঙৰেই গোলাপ  নুফুলক কিয়
অনুভৱৰ গোলাপ পাহি ৰঙা হয় সদায় –২

যি ৰঙৰেই গোলাপ তুমি নিদিয়া কিয়
মোৰ বাবে সেইপাহ ৰঙা হয় সদায় ।।।

শ্বায়েৰী – ১৪

 সুন্দৰ  চিন্তা বোৰ উৎপত্তি হয় হৃদয়ত
বেয়া চিন্তাবোৰ উৎপত্তি  হয় মগজুত –২

সময় সাপেক্ষে দুয়োটাকে গুৰুত্ব দিবা
কেতিয়াবা হৃদয়ক , কেতিয়াবা মগজুক ।।।

শ্বায়েৰী –১৫

আগবাঢ়ি যাওঁতে তুমি জীৱনৰ বাটত
সামান্য কঠিন কৰি লবা হিয়াখন – ২

সুবিধা পালেই জ্বলাই মাৰিব অমানুহে
যদি হয় - মমৰ দৰে কোমল হিয়াখন ।।।

শ্বায়েৰী -১৬

ভদ্ৰতাৰ মুখা পিন্ধি থাকোঁতে
সকলো মানুহেই ভদ্ৰলোক –২

মুখা খুলিলেহে ওলাই পৰে
কোনজন প্ৰকৃত ভদ্ৰলোক ।।।

শ্বায়েৰী –১৭

আপোন বুলি  চিনাকি দি
ভালপোৱা যদি সম্পদ কালত –২

অচিনাকিৰ ভাও নুজুৰিবা
আপোন জনৰেই বিপদ কালত ।।।

শ্বায়েৰী –১৮

বিনিময় নিবিচৰাকৈয়ে
পৰক উপকাৰ কৰিবা –২

জীৱনৰ প্ৰকৃত সুখ
তাতেই বিচাৰি পাবা ।।।

শ্বায়েৰী - ১৯

মোৰ সমাধিত আহি
ৰুবানে এটি গছ পুলি –২

সঁচা মৰম বোৰৰ –
এপিটাফ কৰি ।।।

শ্বায়েৰী -২০

বগা পোছাকৰ আঁৰতো
ক'লা হব পাৰে মনটো – ২

লেতেৰা পোছাকৰ আঁৰতো
চফা  হব পাৰে মনটো ।।।

শ্বায়েৰী  – ২১

সৰু কথাতে নকৰিবা কাজিয়া
নকৰিবা কাকো ৰাগ –২

ওলায়েই দেখিবা যাক
শত্ৰু ও নাভাৱিবা তাক  ।।।

শ্বায়েৰী -২২

অলপ দুখতে  -
ইমান বিচলিত হ'লে কেনেকৈ হব – ২

কাঁইটৰ ওপৰেৰে খোজ কাঢ়োঁতে
কষ্টৰ কথা ভাৱিলে তো নহব ।।।।

শ্বায়েৰী  – ২৩

 জুৰি হৈয়ে  বৈ আছিলোঁ
তোমাৰ কথা মতেহে নদী হলোঁ –২

নদী হৈ বৈ সাগৰলৈ যাওঁতে
বাটতে তোমাক হেৰুৱালোঁ ।।।

শ্বায়েৰী -২৪

অভিমান কৰি আঁতৰি নাযাবা
সৰু সৰু কথাতে লাগি –২

মিছা অভিমানবোৰ সঁচা হৈ গ'লে
সম্পৰ্কত পৰিব গৈ ইতি ।।।

শ্বায়েৰী -২৫

এবাৰ বিশ্বাস হেৰালে
জীৱনলৈ অবিশ্বাসী  হয়  –২

এবাৰ সাপে খুটিলে
পাছত- জোকলৈও ভয় ।।।

শ্বায়েৰী -২৬

এন্ধাৰ আছে বাবেই পোহৰৰ  ইমান মাদকতা
দুখ আছে বাবেই সুখ বোৰ ইমান হেঁপেহুৱা –২

জীৱন আছে বাবেই  –
পৃথিৱীখন ইমান ধুনীয়া ।।।

শ্বায়ৰী -২৭

 সঁজাত বন্দী আছিলা যেতিয়া
ভালকৈয়ে আছিলা তেতিয়া -২

পাখি গজিলত উৰিবলৈ শিকি
নিজৰ মৰণ নিজেই মাতিলা ।।।

শ্বায়েৰী -২৮

বেছিকৈ নকৰিবা তুমি
ভালপোৱাৰ নামত অভিনয় –২

ভালপোৱা বোৰ ভাললগা হ'লে
সঁচা হৈ পৰিব অভিনয় ।।।

শ্বায়েৰী - ২৯

প্ৰতিশ্ৰুতি দিছিলা এদিন তুমি
ভাল পাওঁ বুলি কৈ – ২

প্ৰতিশ্ৰুতি বোৰ যে ভুৱাহে আছিল
বুজি পালোঁ এতিয়া ভাল কৈ ।।।

শ্বায়েৰী - ৩০

মূৰৰ ওপৰত আকাশ হবলৈ
ওচৰ চাপিলা সুখৰ দিনত –২

ক'ৰবাৰ কোনোবা মানুহৰ দৰে
আঁতৰি গ'লাগৈ দুখৰ দিনত ।।।

 ✍️ৰশ্মি ৰেখা চলিহা





Post a Comment

0 Comments